Friday, 17 December 2021
*ক'ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ উত্তৰাধিকাৰীক ৫০,০০০ টকাৰ এককালীন সাহায্য প্ৰদানৰ ব্যৱস্থা গ্ৰহণ গোলাঘাট জিলা প্ৰশাসনৰ*
Wednesday, 15 December 2021
Tuesday, 14 December 2021
Golaghat Breaking
Monday, 13 December 2021
Sunday, 12 December 2021
মোৰ শ্ৰদ্ধাৰ গোটৰ সকলো সদস্য তথা আমাৰ পৰিয়াললৈ, এটা বিশেষ আহ্বান।
ৰাইজৰ সমাদৰ লাভ কৰিছে কছাৰিহাট হাইস্কুলৰ ছাত্ৰছাত্ৰীৰ বাটৰ নাটে
ৰাইজৰ সমাদৰ লাভ কৰিছে কছাৰিহাট হাইস্কুলৰ ছাত্ৰছাত্ৰীৰ বাটৰ নাটে
এখন বিদ্যালয়ৰ ছাত্ৰছাত্ৰীয়ে শিক্ষাগুৰু সকলৰ সহযোগত অনুষ্ঠিত কৰা বাটৰ নাটে যথেষ্ট সমাদৰ লাভ কৰিছে ৷ কছাৰিহাট হাইস্কুলৰ “ সেউতী পৰিবেশ সংঘ” ৰ সদস্য সকলে ৩ ৰ পৰা ৫ ডিচেম্বৰৰ লৈ পৰিবেশ সজাগতা মূলক সভা অনুষ্ঠিত কৰাৰ লগতে কালি (১০ ডিচেম্বৰত) এখনি বাটৰ নাট অনুষ্ঠিত কৰে ৷ ৩ ডিচেম্বৰৰ পৰা বিভিন্ন সজাগতা মূলক কায্যসূচীৰ পিছত ৫ ডিচেম্বৰত বিদ্যালয়ত এখনি সজাগতা সভা অনুষ্ঠিত হয় ৷বিদ্যালয়ৰ প্ৰধান শিক্ষক উক্ত সভাত আদৰণি ভাষণ দিয়ে সভাত বিশিষ্ট ব্যক্তি হিচাবে অংশ গ্ৰহণ কৰে ড° সঞ্জয় পাটগিৰী ; ড° দিপাঙ্কৰ শইকীয়া ; আৰু চানমাৰি হাইস্কুলৰ সহ শিক্ষয়িত্ৰী ৰিঞ্জুমণি বৰুৱাই ৷ সহ শিক্ষক ইমদাদ আলিয়ে পৰিবেশ সংৰক্ষণৰ বিষয়বস্তু হিচাবে লৈ ৰচনা কৰা নাটকখনৰ আতঁ ধৰে সহ শিক্ষয়িত্ৰী বুলবুলি
কলিতাই ; সব্দ যন্ত্ৰত আছিল সহ শিক্ষক মৌচুম মিত্ৰ বৰদলৈ ৷ একেদিনাই এই নাটকখন উক্ত বিদ্যালয়ৰ লগতে কমাৰবন্ধা হায়াৰ ছেকেণ্ডাৰী ; আৰু তৰফাৎ হাইস্কুলতও অনুষ্ঠিত কৰি স্থানীয় ৰাইজৰ লগতে ছাত্ৰছাত্ৰীৰো সমাদৰ লাভ কৰে ৷ সমগ্ৰ কায্যসূচীত বিদ্যালয়খনৰ প্ৰধান শিক্ষক প্ৰশান্ত কুমাৰ ডেকা ; সকলো ছাত্ৰছাত্ৰী ; শিক্ষাগুৰু আৰু কৰ্মচাৰী সকলে সহযোগিতা আগবঢ়ায় ৷ ::
জয় প্ৰসাদ গুপ্তা ৰিপ’ট নথ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...