Sunday, 5 December 2021

*গোলাঘাট জিলাত হৰ ঘৰ দস্তক কাৰ্যসূচীৰ প্ৰতি ব্যাপক সঁহাৰি**পূৰ্বে প্ৰতিষেধক ল'বলৈ অমান্তি হোৱা ৫০৫৪ জন লোকৰ ভিতৰত ৪৯২৫ জন লোকে স্বেচ্ছাই ল'লে ক'ভিডৰ প্ৰতিষেধক* *এতিয়ালৈকে ১২লাখ পালিৰো অধিক প্ৰতিষেধক প্ৰদান*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ২১৬

*গোলাঘাট জিলাত হৰ ঘৰ দস্তক কাৰ্যসূচীৰ প্ৰতি ব্যাপক সঁহাৰি*

*পূৰ্বে প্ৰতিষেধক ল'বলৈ অমান্তি হোৱা ৫০৫৪ জন লোকৰ ভিতৰত ৪৯২৫ জন লোকে স্বেচ্ছাই ল'লে ক'ভিডৰ প্ৰতিষেধক* 

*এতিয়ালৈকে ১২লাখ পালিৰো অধিক প্ৰতিষেধক প্ৰদান*
গোলাঘাট, ৫ ডিচেম্বৰঃ ক'ভিড প্ৰতিষেধক প্ৰদান ব্যৱস্থা সম্পূৰ্ণ কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা "হৰ ঘৰ দস্তক" কাৰ্যসূচীৰ অধীনত গোলাঘাট জিলাত যোৱা ছটা দিনত ৫০,৪৮০ জন লোকক ক'ভিডৰ প্ৰতিষেধক প্ৰদান কৰা হয় । ইয়াৰে ২২,৩৪৮জনক প্ৰথম পালি আৰু ২৮,১৩২জন লোকক দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হয় । জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি "হৰ ঘৰ দস্তক" কাৰ্যসূচীৰ অন্তিম দিনা জিলাখনত এই অভিযানৰ ফলাফল সন্দৰ্ভত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সচিব তথা গোলাঘাট জিলাত এই অভিযানৰ পৰ্যবেক্ষক দেৱজ্যোতি দত্ত আৰু জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই এখন সংবাদমেল সম্বোধন কৰি এই বিষয়ে প্ৰকাশ কৰে । দুয়োগৰাকী বিষয়াই প্ৰথমেই ক'ভিড প্ৰতিষেধক প্ৰদানৰ এই অভিযান সফল কৰাৰ ক্ষেত্ৰত চিকিৎসক, স্বাস্থ্যকর্মী, শিক্ষক আৰু ইয়াৰ সৈতে জড়িত প্ৰতিগৰাকী লোকক ধন্যবাদ জ্ঞাপন কৰে । তেওঁলোকে লগতে সংবাদ মাধ্যমক প্ৰতিষেধকৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰাৰ বাবে বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে । দুয়োগৰাকী বিষয়াই কয় যে গোলাঘাট জিলাত ২৯ নৱেম্বৰৰ পৰা ৪ ডিচেম্বৰলৈকে এই অভিযানকালত প্ৰতিষেধক ল'বলৈ অমান্তি হোৱা ভালেসংখ্যক লোকক ঘৰে ঘৰে গৈ চিকিৎসক, স্বাস্থ্যকর্মী, শিক্ষক আৰু চৰকাৰী বিষয়া-কৰ্মচাৰীৰ দলে দুৰ্গম অঞ্চল, শোচনীয় বাট-পথ আৰু বহু প্ৰতিকূল পৰিস্থিতিৰ মাজতো বুজাই-বঢ়াই প্ৰতিষেধক ল'বলৈ সৈমান কৰায় । জিলাখনত প্ৰতিষেধক ল'বলৈ অমান্তি হোৱা ৫০৫৪ জন লোকৰ ভিতৰত ৪৯২৫ জন লোকক এই সময়ছোৱাত প্ৰতিষেধক প্ৰদান কৰা হয় । অৱশ্যে কালিলৈকে তথ্য অনুসৰি ১২৯ জন লোকে এতিয়াও প্ৰতিষেধক ল'বলৈ মান্তি হোৱা নাই । বোকাখাত স্বাস্থ্য খণ্ডৰ অধীনত প্ৰতিষেধক ল'বলৈ অমান্তি হোৱা ৭৮৯জন লোকৰ ভিতৰত ৭৭৪জনে, সৰুপথাৰত ৬৫৭জনৰ ভিতৰত ৬৩৯জনে, কমাৰবন্ধা আলিত ১৩৯০জনৰ ভিতৰত ১৩৫৬জনে, চাৰিঙিয়া খণ্ডত ৮৬০জনৰ ভিতৰত ৮৪৪জনে, মিছামৰাত ৫৬০জনৰ ভিতৰত ৫৪৬জনে, মৰঙি স্বাস্থ্য খণ্ডত ৬৮৬জনৰ ভিতৰত ৬৬৬জনে আৰু গোলাঘাট নগৰত প্ৰতিষেধক গ্ৰহণ কৰিবলৈ অমান্তি হোৱা ১১২জন লোকৰ ভিতৰত ১০০জন লোকে এই ছটা দিনত প্ৰতিষেধক গ্ৰহণ কৰে । তেওঁলোকে কয় যে গোলাঘাট জিলাত কালিৰ দিনটোলৈকে প্ৰথম পালি প্ৰতিষেধক ১০১.৪৮ শতাংশ লোকক দিয়া হৈছে আৰু ৬৩.৩৭ শতাংশ লোকক দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে । জিলাখনত কালিৰ দিনটোলৈকে ১২,৪০,৮৬০পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে । ইয়াৰে ৭,৬৩,৬৬৪টা প্ৰথম পালি আৰু ৪,৭৭,১৯৬ টা দ্বিতীয় পালি প্ৰতিষেধক । বিষয়া দুগৰাকীয়ে লগতে কয় যে এই অভিযানৰ সময়ত কৰ্তব্য সমাপন কৰি উভতি অহাৰ পথত দুগৰাকী আশা কৰ্মী দুর্ঘটনাত পতিত হয় যদিও বৰ্তমান তেওঁলোক বিপদমুক্ত ।  

*তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

*গ্ৰামাঞ্চলৰ মহিলাসকলক আত্মনিৰ্ভৰ কৰি গঢ়ি তোলাৰ লক্ষ্যৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান*

*গ্ৰামাঞ্চলৰ মহিলাসকলক আত্মনিৰ্ভৰ কৰি গঢ়ি তোলাৰ লক্ষ্যৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান*
গোলাঘাট, ৫ ডিচেম্বৰ: মহিলা সবলীকৰণ আৰু গ্ৰামাঞ্চলৰ মহিলাসকলক আত্মনিৰ্ভৰ কৰি গঢ়ি তোলাৰ লক্ষ্যৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ দক্ষিণ গোলাঘাট উন্নয়ন খণ্ডৰ, খণ্ড অভিযান পৰিচালনা শাখাৰ উদ্যোগত আজি নাওজান সাপ্তাহিক বজাৰ চৌহদত এখন মহিলা সাপ্তাহিক বজাৰ মুকলি কৰা হয় । এই উপলক্ষে আয়োজিত অনুষ্ঠানত সৰুপথাৰ সমষ্টিৰ বিধায়ক শ্ৰী বিশ্বজিৎ ফুকনে মহিলা বজাৰখন আনুষ্ঠানিকভাৱে মুকলি কৰে ।  অনুষ্ঠানত জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী ধীৰাজ দাস, ধনশিৰি মহকুমাৰ মহকুমাধিপতি শ্ৰী ৰাহুল সুৰেশ জাভীৰ, জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক শ্ৰী অবিনাশ শইকীয়া, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাটৰ জিলা প্ৰকল্প বিষয়া শ্ৰী মাধুৰ্য প্ৰসাদ বৰা, দক্ষিণ গোলাঘাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শ্ৰী লোকনাথ দাস আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাটৰ বিষয়া-কৰ্মচাৰী আৰু বিভিন্ন মহিলা আত্মসহায়ক গোটৰ সদস্যসকল উপস্থিত আছিল । 

উল্লেখযোগ্য যে এই মহিলা বজাৰত বিভিন্ন আত্মসহায়ক গোটৰ সদস্যই নিজে উৎপাদন বা তৈয়াৰ কৰা সামগ্ৰীৰ উপৰি অন্য সামগ্ৰীও বিক্ৰী কৰিব পাৰিব । প্ৰতি দেওবাৰে এই মহিলা বজাৰ খোলা থাকিব । আজি প্ৰথমদিনাই মহিলা ব্যৱসায়ীসকলে ১৪৬ খন বিপনীত ১,৭০০০০টকাৰ সামগ্ৰী বিক্ৰী কৰে ।

*মাধৱ গগৈ গোলাঘাট*
*NORTHEAST NEWS INDIA*

Friday, 3 December 2021

accident yesterday on her way home after Har Ghar Dastak Covid Vaccination survey.

Mamoni Gogoi, ASHA worker of Chawdang Pothar Toranichuk under Merapani CHC met with an accident yesterday on her way home after Har Ghar Dastak Covid Vaccination survey. Honourable Deputy Commissioner Sri Mrigesh Narayan Baruah visited her this morning at SKKCH to take stock of her health and provided with a financial assistance.

NORTHEAST NEWS INDIA

*গোলাঘাট জিলাত "ন' হেলমেট ন' পেট্ৰ'ল" নীতি কঠোৰভাৱে মানি চলিবলৈ পেট্ৰ'ল পাম্পসমূহক প্ৰশাসনৰ নিৰ্দেশ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ২১৩

*গোলাঘাট জিলাত "ন' হেলমেট ন' পেট্ৰ'ল" নীতি কঠোৰভাৱে মানি চলিবলৈ পেট্ৰ'ল পাম্পসমূহক প্ৰশাসনৰ নিৰ্দেশ*

গোলাঘাট, ৩ ডিচেম্বৰঃ গোলাঘাট জিলা প্ৰশাসনে জিলাখনত হেলমেট পৰিধান নকৰাকৈ মটৰ চাইকেল চলোৱা লোকসকলক নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে পেট্ৰ'ল পাম্পসমূহক "ন' হেলমেট ন' পেট্ৰ'ল" নীতি কঠোৰভাৱে মানি চলিবলৈ নিৰ্দেশ দিছে । জিলা উপায়ুক্তই জাৰি কৰা এটা নিৰ্দেশযোগে কোৱা হৈছে যে একাংশ পেট্ৰ'ল পাম্পে ২০১৮ চনৰ বিভাগীয় স্থায়ী সমিতিৰ বৈঠকত হোৱা সিদ্ধান্ত মানি নচলাৰ বিষয়টো প্ৰশাসনৰ দৃষ্টিগোচৰ হৈছে । সেয়েহে মটৰ চাইকেলৰ হেলমেট পৰিধান নকৰা গ্ৰাহকক পেট্ৰ'ল নিদিবলৈ নিৰ্দেশ দিয়া হৈছে । লগতে "ন' হেলমেট ন' পেট্ৰ'ল" বুলি লিখা বেনাৰ পেট্ৰ'ল পাম্পৰ সন্মুখত আঁৰিবলৈ নিৰ্দেশনাটোত কোৱা হৈছে ।

*তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

NORTHEAST NEWS INDIA

Golaghat COVID-19🦠😷 Details

Golaghat COVID-19🦠😷 Details

*গোলাঘাটত এপাৰ্টৰ অধীনত কৃষিক্ষেত্ৰত ব্যৱহৃত যন্ত্ৰ-পাতি আৰু সা-সামগ্ৰী বিতৰণ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ২১৫

*গোলাঘাটত এপাৰ্টৰ অধীনত কৃষিক্ষেত্ৰত ব্যৱহৃত যন্ত্ৰ-পাতি আৰু সা-সামগ্ৰী বিতৰণ*

গোলাঘাট, ৩ ডিচেম্বৰঃ গোলাঘাট জিলাৰ বনগাঁও কৃষি উন্নয়ন বিষয়া চক্ৰৰ অধীনৰ মিছিমিআটি গাঁৱৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্মাৰছ প্ৰডিউচাৰছ কোম্পানীক আজি জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মাই কৃষিক্ষেত্ৰত ব্যৱহৃত যন্ত্ৰ-পাতি আৰু সা-সামগ্ৰী বিতৰণ কৰে । এই উপলক্ষে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ চৌহদতে আয়োজিত এটা অনুষ্ঠানত শ্ৰী শৰ্মাই কয় যে কৃষকৰ উপাৰ্জন দুগুনলৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে কৃষি খণ্ডত আধুনিক আহিলা-পাতি আৰু সা-সামগ্ৰী ব্যৱহাৰৰ বিষয়ত অধিক গুৰুত্ব আৰোপ কৰিছে । অনুষ্ঠানত জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া (এগ্ৰ') তথা এপাৰ্টৰ জিলা ন'ডেল বিষয়া ৰঞ্জন বৰুৱাই কয় যে আধুনিক যন্ত্ৰ-পাতিৰ অধিক ব্যৱহাৰৰ দ্বাৰা কৃষি খণ্ডলৈ ৰূপান্তৰ অনাৰ লগতে কৃষকৰ উপাৰ্জন দুগুণ কৰাটোৱেই ৰাজ্য চৰকাৰ তথা এপার্ট প্ৰকল্পসমূহৰ লক্ষ্য । আজিৰ অনুষ্ঠানত এপাৰ্টৰ অধীনত কঠিয়া ৰোৱা আৰু ধান কটা যন্ত্ৰ বিতৰণ কৰা হয় । 

অনুষ্ঠানত মহকুমা কৃষি বিষয়া, গোলাঘাট (সদৰ) কৃষ্ণ ৰঞ্জন শইকীয়া, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া জয়া গোস্বামী, এপার্টৰ জিলা পৰিৱেশ সমন্বয়ক ডঃ বনশ্ৰী শৰ্মা, এপাৰ্টৰ বিষয়া অনুপম গগৈ আৰু আত্মা-এপাৰ্ট আৰু জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত আছিল । 

*তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

NORTHEAST NEWS INDIA

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...