Friday, 3 December 2021

accident yesterday on her way home after Har Ghar Dastak Covid Vaccination survey.

Mamoni Gogoi, ASHA worker of Chawdang Pothar Toranichuk under Merapani CHC met with an accident yesterday on her way home after Har Ghar Dastak Covid Vaccination survey. Honourable Deputy Commissioner Sri Mrigesh Narayan Baruah visited her this morning at SKKCH to take stock of her health and provided with a financial assistance.

NORTHEAST NEWS INDIA

*গোলাঘাট জিলাত "ন' হেলমেট ন' পেট্ৰ'ল" নীতি কঠোৰভাৱে মানি চলিবলৈ পেট্ৰ'ল পাম্পসমূহক প্ৰশাসনৰ নিৰ্দেশ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ২১৩

*গোলাঘাট জিলাত "ন' হেলমেট ন' পেট্ৰ'ল" নীতি কঠোৰভাৱে মানি চলিবলৈ পেট্ৰ'ল পাম্পসমূহক প্ৰশাসনৰ নিৰ্দেশ*

গোলাঘাট, ৩ ডিচেম্বৰঃ গোলাঘাট জিলা প্ৰশাসনে জিলাখনত হেলমেট পৰিধান নকৰাকৈ মটৰ চাইকেল চলোৱা লোকসকলক নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে পেট্ৰ'ল পাম্পসমূহক "ন' হেলমেট ন' পেট্ৰ'ল" নীতি কঠোৰভাৱে মানি চলিবলৈ নিৰ্দেশ দিছে । জিলা উপায়ুক্তই জাৰি কৰা এটা নিৰ্দেশযোগে কোৱা হৈছে যে একাংশ পেট্ৰ'ল পাম্পে ২০১৮ চনৰ বিভাগীয় স্থায়ী সমিতিৰ বৈঠকত হোৱা সিদ্ধান্ত মানি নচলাৰ বিষয়টো প্ৰশাসনৰ দৃষ্টিগোচৰ হৈছে । সেয়েহে মটৰ চাইকেলৰ হেলমেট পৰিধান নকৰা গ্ৰাহকক পেট্ৰ'ল নিদিবলৈ নিৰ্দেশ দিয়া হৈছে । লগতে "ন' হেলমেট ন' পেট্ৰ'ল" বুলি লিখা বেনাৰ পেট্ৰ'ল পাম্পৰ সন্মুখত আঁৰিবলৈ নিৰ্দেশনাটোত কোৱা হৈছে ।

*তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

NORTHEAST NEWS INDIA

Golaghat COVID-19🦠😷 Details

Golaghat COVID-19🦠😷 Details

*গোলাঘাটত এপাৰ্টৰ অধীনত কৃষিক্ষেত্ৰত ব্যৱহৃত যন্ত্ৰ-পাতি আৰু সা-সামগ্ৰী বিতৰণ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ২১৫

*গোলাঘাটত এপাৰ্টৰ অধীনত কৃষিক্ষেত্ৰত ব্যৱহৃত যন্ত্ৰ-পাতি আৰু সা-সামগ্ৰী বিতৰণ*

গোলাঘাট, ৩ ডিচেম্বৰঃ গোলাঘাট জিলাৰ বনগাঁও কৃষি উন্নয়ন বিষয়া চক্ৰৰ অধীনৰ মিছিমিআটি গাঁৱৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্মাৰছ প্ৰডিউচাৰছ কোম্পানীক আজি জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মাই কৃষিক্ষেত্ৰত ব্যৱহৃত যন্ত্ৰ-পাতি আৰু সা-সামগ্ৰী বিতৰণ কৰে । এই উপলক্ষে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ চৌহদতে আয়োজিত এটা অনুষ্ঠানত শ্ৰী শৰ্মাই কয় যে কৃষকৰ উপাৰ্জন দুগুনলৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে কৃষি খণ্ডত আধুনিক আহিলা-পাতি আৰু সা-সামগ্ৰী ব্যৱহাৰৰ বিষয়ত অধিক গুৰুত্ব আৰোপ কৰিছে । অনুষ্ঠানত জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া (এগ্ৰ') তথা এপাৰ্টৰ জিলা ন'ডেল বিষয়া ৰঞ্জন বৰুৱাই কয় যে আধুনিক যন্ত্ৰ-পাতিৰ অধিক ব্যৱহাৰৰ দ্বাৰা কৃষি খণ্ডলৈ ৰূপান্তৰ অনাৰ লগতে কৃষকৰ উপাৰ্জন দুগুণ কৰাটোৱেই ৰাজ্য চৰকাৰ তথা এপার্ট প্ৰকল্পসমূহৰ লক্ষ্য । আজিৰ অনুষ্ঠানত এপাৰ্টৰ অধীনত কঠিয়া ৰোৱা আৰু ধান কটা যন্ত্ৰ বিতৰণ কৰা হয় । 

অনুষ্ঠানত মহকুমা কৃষি বিষয়া, গোলাঘাট (সদৰ) কৃষ্ণ ৰঞ্জন শইকীয়া, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া জয়া গোস্বামী, এপার্টৰ জিলা পৰিৱেশ সমন্বয়ক ডঃ বনশ্ৰী শৰ্মা, এপাৰ্টৰ বিষয়া অনুপম গগৈ আৰু আত্মা-এপাৰ্ট আৰু জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত আছিল । 

*তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

NORTHEAST NEWS INDIA

*গোলাঘাটত আন্তৰ্জাতিক দিব্যাংগ দিৱস পালন*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ২১৪

*গোলাঘাটত আন্তৰ্জাতিক দিব্যাংগ দিৱস পালন*

গোলাঘাট, ৩ ডিচেম্বৰঃ গোলাঘাট জিলা প্ৰশাসন আৰু সমাজ কল্যান বিভাগ, গোলাঘাটৰ উদ্যোগত, সংহত শিশু উন্নয়ন প্ৰকল্প আৰু বেচৰকাৰী সংস্থাৰ সহযোগত আজি গোলাঘাট নগৰৰ শিশুৰ ওমলা ঘৰৰ সভাকক্ষত আন্তৰ্জাতিক দিব্যাংগ দিৱস উদযাপন কৰা হয় । এই উপলক্ষে জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰীৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় । সভাত অংশ লৈ জিলা উন্নয়ন আয়ুক্তগৰাকীয়ে ইউ ডি আই ডি কাৰ্ডৰ বাবে কেনেকৈ নাম পঞ্জীয়ন কৰিব লাগে এই বিষয়ে সবিশেষ ব্যাখ্যা কৰে । তেওঁ লগতে জিলাখনত দিব্যাংগসকলৰ বাবে থকা বিভিন্ন সা-সুবিধা সম্পৰ্কেও উপস্থিত লোকসকলক অৱগত কৰে । অনুষ্ঠানত অংশ লৈ মহকুমা চিকিৎসা স্বাস্থ্য বিষয়া ডাঃ হীৰেণ শইকীয়াই কয় যে দিব্যাংগ লোকসকলো আমাৰ সমাজৰ এটা গুৰুত্বপূৰ্ণ অংশ আৰু তেওঁলোকে কেতিয়াও নিজকে আনতকৈ কম বুলি ভবা উচিত নহয় । আজিৰ অনুষ্ঠানতে জিলাখনৰ ৩০ গৰাকী দিব্যাংগ লোকক ইউ ডি আই ডি কাৰ্ড প্ৰদান কৰাৰ লগতে একোখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যান বিষয়া গৌৰীপ্ৰিয়া দেউৰীয়ে । আজিজুল হুছেইনে আঁত ধৰা অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় জুপি শইকীয়াই । অনুষ্ঠানত জিলা তথ্য আৰু জনসংযোগ বিষয়া পম্পী দেৱী আৰু সমাজ কল্যান বিভাগৰ কৰ্মচাৰী তথা বিভিন্ন ঠাইৰ পৰা অহা দিব্যাংগ লোক আৰু তেওঁলোকৰ পৰিয়ালৰ লোকে অংশগ্ৰহণ কৰে । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

NORTHEAST NEWS INDIA

Thursday, 2 December 2021

Golaghat COVID-19🦠😷 Details

*অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনি-২০২১( ক্ষীপ্ৰ আদায়কাৰী শিতান)ৰ অধীনত গোলাঘাট জিলাৰ ৫,০০৪ গৰাকী ঋণগ্ৰস্ত মহিলাক চেক্ প্ৰদান**অসমত অচিৰেই মুকলি হ'ব ১০ খন কৰ্কট ৰোগৰ চিকিৎসালয়, গোলাঘাট জিলাকে ধৰি ৮খন জিলাত কৰ্কট ৰোগৰ নতুন চিকিৎসালয় নিৰ্মাণৰ প্ৰস্তাৱ**ঋণ লোৱা মহিলাসকলক ভৱিষ্যৎ সময়ত নিয়মীয়াকৈ ওভতাই দিয়াৰ আহ্বান বিত্তমন্ত্ৰীৰ**ৰাজ্য চৰকাৰে ১লাখ নিবনুৱা যুৱক-যুৱতীক অহা মে' মাহৰ ভিতৰতে নিযুক্তি দিয়াৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছেঃ অতুল বৰা*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ১১২

*অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনি-২০২১( ক্ষীপ্ৰ আদায়কাৰী শিতান)ৰ অধীনত গোলাঘাট জিলাৰ ৫,০০৪ গৰাকী ঋণগ্ৰস্ত মহিলাক চেক্ প্ৰদান*

*অসমত অচিৰেই মুকলি হ'ব ১০ খন কৰ্কট ৰোগৰ চিকিৎসালয়, গোলাঘাট জিলাকে ধৰি ৮খন জিলাত কৰ্কট ৰোগৰ নতুন চিকিৎসালয় নিৰ্মাণৰ প্ৰস্তাৱ*

*ঋণ লোৱা মহিলাসকলক ভৱিষ্যৎ সময়ত নিয়মীয়াকৈ ওভতাই দিয়াৰ আহ্বান বিত্তমন্ত্ৰীৰ*

*ৰাজ্য চৰকাৰে ১লাখ নিবনুৱা যুৱক-যুৱতীক অহা মে' মাহৰ ভিতৰতে নিযুক্তি দিয়াৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছেঃ অতুল বৰা*

গোলাঘাট, ২ ডিচেম্বৰঃ গোলাঘাটৰ সমন্বয় পথাৰ (ৰাজহুৱা খেলপথাৰ)ত আজি "অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনি-২০২১" ( ক্ষীপ্ৰ আদায়কাৰী শিতান)ৰ অধীনত গোলাঘাট জিলাৰ ৫,০০৪ গৰাকী ঋণগ্ৰস্ত মহিলাক চেক্ প্ৰদান কৰা হয় । এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ মন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে এই আঁচনিৰ দ্বাৰা কেৱল অসমৰ মহিলাসকলক ঋণমুক্ত কৰাই নহয়, বৰং দুঃচিন্তামুক্ত কৰি এটা সুস্থ জীৱনৰ বাট দেখুওৱাৰ প্ৰয়াস কৰিছে । তেওঁ কয় যে বৰ্তমানৰ চৰকাৰখনে শিক্ষা, স্বাস্থ্য, কৃষি আদি সকলো দিশতে অসমক লেখত ল'বলগীয়া ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে কাম কৰি আছে । তেওঁ কয় যে ৰাজ্য চৰকাৰে ইতিমধ্যে গোলাঘাটকে ধৰি ৫খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কথা ঘোষণা কৰিছে । নতুন চিকিৎসা মহাবিদ্যালয়কেইখন অতি কম সময়ৰ ভিতৰতে নিৰ্মাণ হৈ উঠিব আৰু অন্য চিকিৎসা মহাবিদ্যালয়ৰ তুলনাত অধিক সা-সুবিধাযুক্ত হ'ব বুলি তেওঁ উল্লেখ কৰে । তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰে অহা মাৰ্চ মাহৰ ভিতৰত কৰ্কট ৰোগৰ ছখন চিকিৎসালয় উদ্বোধন কৰিব । আনহাতে, এই বছৰৰ শেষলৈ অহা বিত্তীয় বৰ্ষৰ ভিতৰত আৰু ৪ খন মুঠতে ১০ খন কৰ্কট ৰোগৰ চিকিৎসালয় নিৰ্মাণ কৰা হ'ব । তাৰ উপৰি আন ৮ খন কৰ্কট ৰোগৰ চিকিৎসালয়ৰ বাবে প্ৰস্তাৱ লোৱা হৈছে, ইয়াৰে এখন গোলাঘাট জিলাত নিৰ্মাণ কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে । তেওঁ ক'ভিডৰ নতুন ভেৰিয়েন্ট সন্দৰ্ভত ৰাইজক পূৰ্বতকৈ অধিক সজাগ হ'বলৈ আহ্বান জনাই কয় যে সজাগতা আৰু প্ৰতিষেধক গ্ৰহণৰ বাহিৰে ইয়াৰ বিৰুদ্ধে যুঁজ দিয়াৰ অন্য কোনো উপায় নাই । 

অনুষ্ঠানত অংশ লৈ বিত্ত আৰু সমাজ কল্যান মন্ত্ৰী অজন্তা নেওগে মুখ্যমন্ত্ৰীক এই ঋণ ৰেহাই আচঁনিখনৰ বাবে ধন্যবাদ জনাই কয় যে মহিলাসকলক সমাজৰ ভেঁটি হিচাপে গণ্য কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদায় তেওঁলোকক সমাজত আগস্থান দি আহিছে । এই আচঁনিখনৰ দ্বাৰা অসমৰ ২৪ লাখ মহিলা উপকৃত হ'ব বুলি উল্লেখ কৰি তেওঁ ভৱিষ্যতে ঋণ ল'লে মহিলাসকলক নিয়মীয়াকৈ ওভতাই দিবলৈ আহ্বান জনায় । তেওঁ কয় যে যিটো কামৰ বাবে ঋণ লোৱা হয় সেই কামটো সম্পূৰ্ণ কৰিব পাৰিলেহে নিজৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল হোৱাৰ লৱতে বেংকিং ব্যৱস্থাটো সুচাৰুৰূপে চলি থাকিব । তেওঁ লগতে ক'ভিডৰ ১০০ শতাংশ প্ৰতিষেধক প্ৰদানৰ লক্ষ্যত উপনীত হ'বৰ বাবে সকলোকে সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় । 

অনুষ্ঠানত কৃষি, পশুপালন আদি বিভাগৰ মন্ত্ৰী অতুল বৰাই কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি চৰকাৰখনে শাসনলৈ অহাৰ ছমাহৰ পাছতেই পূৰণ কৰিলে । এই আঁচনিৰ বাবে ৰাজ্য চৰকাৰখনৰ ১২ হাজাৰ কোটি টকা ব্যয় হ'ব আৰু এই আচঁনিয়ে মহিলা সবলীকৰণত যথেষ্ট সহায় কৰিব বুলি তেওঁ উল্লেখ কৰে । আনহাতে যিসকলে ঋণ লৈ ওভতাই দিয়া নাই তেওঁলোকক ভৱিষ্যতে এনে ভুল নকৰিবলৈও তেওঁ আহ্বান জনায় । তেওঁ কয় যে ৰাজ্য চৰকাৰে ১লাখ নিবনুৱা যুৱক-যুৱতীক অহা মে' মাহৰ ভিতৰতে নিযুক্তি দিয়াৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে । চৰকাৰখনে ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ বাবে সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোককে সামৰি লৈ বিকাশৰ নতুন গতিৰে আগবাঢ়িছে বুলি তেওঁ মত প্ৰকাশ কৰে । 

অনুষ্ঠানত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনেও ভাষণ দিয়ে । অনুষ্ঠানৰ আৰম্ভণিতে আজি অসম দিৱস উপলক্ষে বৰ অসমৰ ভেঁটি গঢ়োতা আহোম স্বৰ্গদেউ চাওলুং চ‍্যুকাফাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জলন কৰি শ্ৰদ্ধা নিবেদন কৰা হয় । জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই আদৰণি ভাষণ দিয়া অনুষ্ঠানত লীড ডিষ্ট্ৰিক্ট মেনেজাৰ সজীৱ কুমাৰ বৰায়ো ভাষণ দিয়ে । 

উল্লেখযোগ্য যে অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনিৰ অধীনত গোলাঘাট জিলাৰ মুঠ ৩৪,১৬২ গৰাকী মহিলা উপকৃত হ'ব । আজি ১২ গৰাকী হিতাধিকাৰীক মঞ্চত আনুষ্ঠানিকভাৱে চেক্ প্ৰদান কৰি এই কার্যসূচীৰ শুভাৰম্ভ কৰাৰ পাছতেই মুঠ ১৯টা বেংকৰ ৫,০০৪গৰাকী হিতাধিকাৰীক চেক্ প্ৰদান কৰা হয় । একোগৰাকী হিতাধিকাৰীক সৰ্বাধিক ২৫ হাজাৰ টকাপৰ্যন্ত চেক্ প্ৰদান কৰা হয় ।

আজিৰ অনুষ্ঠানতে স্বাস্থ্য বিভাগে ক'ভিডত স্বামীহাৰা হোৱা মহিলাসকললৈ আগবঢ়োৱা আঢ়ৈ লাখ টকাৰ আৰ্থিক সাহায্যৰ চেক্ গোলাঘাট জিলাৰ ২৮ গৰাকী মহিলাক প্ৰদান কৰা হয় । 

*তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...