Thursday, 2 December 2021

ৰাজ্যৰ একমাত্ৰ চিৰিয়াখানা খন ন-ৰূপত

 বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ভীড-১৯ ব বাবে গুৱাহাটীস্থিত অসম ৰাজ্যিক  চিৰিয়াখানা ও বহুদিন ধৰি দৰ্শনাৰ্থীৰ বাবে বন্ধ ৰখা হৈছিল ৷ জীৱ জন্তুক  এই মৰাত্মক ভাইৰাছৰ পৰা সুৰক্ষিত কৰি ৰাখিবৰ বাবে বিশেষ সাৱধানতা গ্ৰহণ কৰিছিল কতৃপক্ষই ৷ এতিয়া ক’ভীডৰ আতংক আংশিকভাবে হলেও শাম কটাৰ পিছত ৰাইজৰ দৰ্শনৰ বাবে কিছূদিনৰ পূৰ্বে পুণৰ মুকলি কৰা হ’ল ৷ দৰ্শনাৰ্থীৰো সমাগম আৰম্ভ হৈছে ৷ অৱশ্যে   পূৰ্বতে থকা জীৱজন্তু ; উভচৰ প্ৰাণী থকা বহুকেইটা গড়াল খালিহৈ থকা দেখা গ’ল ৷ চিৰিয়াখানালৈ দুটা নতুন জিৰাফ অনাৰ লগতে বিশেষ কাৰণ বশত কিছূসংখ্যক জীৱজন্তু ৰাইজৰ দৰ্শকৰ বাবে অনুমতি দিয়া নাই ৷ এক সূত্ৰে জানিব পৰা গৈছে ৷ ইয়াৰ ভিতৰত পৃথিৱীৰ ভিতৰত সবাতোকৈ সৰু আকাৰৰ বান্দৰো আছে ৷ চিৰিয়াখানাৰ কতৃপক্ষই ৰাজ্যৰ একমাত্ৰ  চিৰিয়াখানা খন ন-ৰূপত


সজাই তোলাৰ বিশেষভাবে সক্ৰীয় হোৱা পৰিলক্ষিত হৈছে ৷ ::


প্ৰকাশ শৰ্মা গোলাঘাট নৰ্থইষ্ট নিউজ ইণ্ডিয়া।

Wednesday, 1 December 2021

*মৃতকৰ আত্মাৰ প্ৰতি শ্ৰদ্ধা জনাই শ্রীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ গোলাঘাট জিলাৰ গোলাঘাট আঞ্চলিক শাখাৰ সকলো গৃহস্থি আৰু নামঘৰত বন্তি প্ৰজ্বলন* ।

*মৃতকৰ আত্মাৰ প্ৰতি শ্ৰদ্ধা জনাই শ্রীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ গোলাঘাট জিলাৰ গোলাঘাট আঞ্চলিক শাখাৰ সকলো গৃহস্থি আৰু নামঘৰত বন্তি প্ৰজ্বলন* । 

গোলাঘাট,১ ডিচেম্বৰ:

 ২৯ নবেম্বৰ ২০২১ তাৰিখে যোৰহাটৰ মাজমজিয়াত সংঘটিত হোৱা মানৱতাক লজ্জানত কৰা যি ঘটনাতিত প্ৰাণ হেৰুৱা  অনিমেষ ভূঞাৰ আত্মাৰ প্ৰতি সন্মান জনাই 
শ্রীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ গোলাঘাট জিলাৰ, গোলাঘাট আঞ্চলিক শাখাৰ সকলো গৃহস্থিয়ে,আজি ইং ১ ডিচেম্বৰ ২০২১ তাৰিখ বুধবাৰে আজি সন্ধিয়া ৫ বজাত সকলোৰে গৃহত মৃতকৰ আত্মাৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ লগতে সমাজৰ পৰা দুস্কৃতি বিনাশৰ বাবে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাই  এগছি কৈ বন্তি প্ৰজ্বলন কৰে। 

শ্রীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ গোলাঘাট জিলাৰ, গোলাঘাট আঞ্চলিক শাখাৰ, বেঙেনাখোৱা স্থিত শংকৰী সংস্কৃতি কেন্দ্ৰত নামঘৰ প্ৰাংগণত  আই, বাপ সকলৰ লগতে, গোলাঘাট জিলাৰ গোলাঘাট আঞ্চলিক সেৱাবাহিনীৰ সহযোগত আজি সন্ধিয়া ৫ বজাত  বন্তি প্ৰজ্বলন কৰে । 

*গোলাঘাটৰ পৰা মাধৱ গগৈ ৰিৰ্পত নৰ্থইষ্ট নিউজ ইণ্ডিয়া*।

Golaghat COVID-19🦠😷 Details

*গোলাঘাটত বিশ্ব এইডছ দিৱস উদযাপন**মহাবিদ্যালয়সমূহত এইডছ সম্পৰ্কীয় আলোচনাচক্ৰ অনুষ্ঠিত কৰি সজাগতা সৃষ্টিত গুৰুত্ব আৰোপ উজনি অসমৰ আয়ুক্তৰ*

জনসংযোগ গোলাঘাট  প্ৰেছ বিজ্ঞপ্তি নং : ২১০

*গোলাঘাটত বিশ্ব এইডছ দিৱস উদযাপন*

*মহাবিদ্যালয়সমূহত এইডছ সম্পৰ্কীয় আলোচনাচক্ৰ অনুষ্ঠিত কৰি সজাগতা সৃষ্টিত গুৰুত্ব আৰোপ উজনি অসমৰ আয়ুক্তৰ*

গোলাঘাট, ১ ডিচেম্বৰঃ গোলাঘাট জিলা এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত আজি পৌৰ সভাৰ কাৰ্যালয়ৰ সভাকক্ষত বিশ্ব এইডছ দিৱস উপলক্ষে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় । সভাত অংশ লৈ উজনি অসমৰ আয়ুক্ত সিদ্ধাৰ্থ সিঙে কয় যে এইডছৰ বিৰুদ্ধে ব্যাপক জনসজাগতা সৃষ্টিৰ প্ৰয়োজন আছে । এইক্ষেত্ৰত মহাবিদ্যালয়সমূহত এইডছ সম্পৰ্কীয় আলোচনাচক্ৰ, সভা আদি অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰীসকলক সজাগ কৰিবলৈ তেওঁ আহ্বান জনায় । ভাৰতত এইডছত আক্ৰান্ত লোকৰ হাৰ মুঠ জনসংখ্যাৰ দশমিক ২ শতাংশ বুলি উল্লেখ কৰি তেওঁ কয় যে ছাত্ৰ-ছাত্রীসকলে সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলক এই সন্দৰ্ভত বিশেষভাৱে সজাগ কৰাৰ ক্ষেত্ৰত গুৰুদায়িত্ব বহন কৰিব পাৰে । এইডছৰ বিৰুদ্ধে যুঁজ দিবলৈ কোনো অকৰ্তৃত্বশীল উৎসৰ পৰা তেজ নল'বলৈ তেওঁ ৰাইজৰ প্ৰতি আহ্বান জনায় । অনুষ্ঠানত জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই কয় যে এইডছত আক্ৰান্ত হ'লেও হতাশ হোৱাৰ কাৰণ নাই । এইডছ আক্ৰান্ত লোকসকলক সমাজৰ মূল সুঁতিৰ পৰা আঁতৰাই নথৈ তেওঁলোকক আমিয়েই সুন্দৰ জীৱনৰ পথ দেখুৱাই দিব লাগিব বুলি তেওঁ মন্তব্য কৰে । তেওঁ এই ৰোগৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিবলৈ ব্যাপক সজাগতা সৃষ্টিত গুৰুত্ব আৰোপ কৰে । অনুষ্ঠানত কেইবাগৰাকীও জ্যেষ্ঠ চিকিৎসক ডাঃ তৌফিক হুছেইন, ডাঃ ৰূপক বৰা, ডাঃ ৰবীন তামুলী, ডাঃ ৰঞ্জিত হাজৰিকা আদিয়ে এইডছৰ ভয়াৱহতা আৰু ইয়াৰ বিৰুদ্ধে কেনেকৈ যুঁজ দিব লাগিব এই বিষয়ে ব্যাখ্যা আগবঢ়ায় । অনুষ্ঠানত অংশ লৈ জ্যেষ্ঠ নাগৰিক জিয়াজ্যোতি গগৈয়ে যোগাভ্যাস আৰু ল'ৰা-ছোৱালীৰ মাজত কিছুমান বিষয় মুকলিকৈ পাতিলে এইডছ নিয়ন্ত্ৰণত যথেষ্ট সহায় হ'ব বুলি মত প্ৰকাশ কৰে । অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত মুন গগৈ, মহকুমাধিপতি (সদৰ) ডঃ সংগীতা বৰঠাকুৰ আৰু ভালেসংখ্যক চিকিৎসক, নাৰ্ছ আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশ লয় । অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা এইডছ নিয়ন্ত্ৰণ বিষয়া ডাঃ সুনীতা এক্কাই । অনুষ্ঠানটোত ৰণ্ডিয়া য়ুথ চেণ্টাৰে সহযোগিতা আগবঢ়ায় ।

ইয়াৰ পূৰ্বে বিশ্ব এইডছ দিৱস উপলক্ষে গোলাঘাট জিলা এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত গোলাঘাট নগৰৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা পৌৰ সভাৰ কাৰ্যালয়লৈকে এটা সজাগতা শোভাযাত্ৰা উলিওৱা হয় । সমদলত চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকর্মী, এন চি চি কেডেট, এন এছ এছ আৰু ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে । গোলাঘাট জিলা ও সত্ৰ ন্যায়াধীশ শ্ৰী বিনোদ কুমাৰ চণ্ডকে এই শোভাযাত্ৰা পতাকা জোকাৰি শুভাৰম্ভ কৰে ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

*গোলাঘাট জিলাৰ ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়াৰ বুজ ল'লে উজনি অসমৰ আয়ুক্ত তথা ভোটাৰ তালিকাৰ পৰ্যবেক্ষক সিদ্ধাৰ্থ সিঙে*

জনসংযোগ গোলাঘাট  প্ৰেছ বিজ্ঞপ্তি নং : ২১১

*গোলাঘাট জিলাৰ ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়াৰ বুজ ল'লে উজনি অসমৰ আয়ুক্ত তথা ভোটাৰ তালিকাৰ পৰ্যবেক্ষক সিদ্ধাৰ্থ সিঙে*

গোলাঘাট, ১ ডিচেম্বৰঃ উজনি অসমৰ আয়ুক্ত তথা ভোটাৰ তালিকাৰ পৰ্যবেক্ষক সিদ্ধাৰ্থ সিঙে আজি গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত গোলাঘাট জিলাৰ ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়া সন্দৰ্ভত জিলা প্ৰশাসন আৰু বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে এক আলোচনাত মিলিত হয় । জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাৰ উপস্থিতিত অনুষ্ঠিত সভাত আয়ুক্তগৰাকীয়ে ৰাজনৈতিক দলসমূহক প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰৰ বিপৰীতে বুথ পৰ্যায়ৰ এজেন্ট চমুকৈ বি এল এ নিয়োগ কৰিবলৈ আহ্বান জনায়, যাতে এজনো যোগ্য ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ নপৰে সেয়া সুনিশ্চিত কৰিব পৰা যায় । তেওঁ লগতে ক'ভিড 19ৰ বিৰুদ্ধে অব্যাহত থকা ব্যাপক প্ৰতিষেধক প্ৰদান অভিযান "হৰ ঘৰ দস্তক" সফল কৰাৰ বাবে ৰাইজক সজাগ কৰাৰ ক্ষেত্ৰত ৰাজনৈতিক দলসমূহক প্ৰশাসনক সহায় কৰিবলৈ আহ্বান জনায় । অনুষ্ঠানত অংশ লৈ জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই ভোটাৰ তালিকাৰ সংশোধনী প্ৰক্ৰিয়াটো সুচাৰুৰূপে সম্পাদন কৰাৰ ক্ষেত্ৰত বি এল এ সকলে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰি প্ৰশাসনক সহায় কৰিব পাৰে বুলি মন্তব্য কৰে । সভাত অংশ লোৱা ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত নিজ নিজ দলৰ বি এল এ নিয়োগ কৰাৰ লগতে প্ৰতিষেধক প্ৰদান অভিযানত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । সভাত অতিৰিক্ত উপায়ুক্ত মুন গগৈ, নিৰ্বাচন বিষয়া সুলক্ষণা বৰপাত্ৰগোঁহাই আৰু বিজেপি, অসম গণ পৰিষদ আৰু এ আই ইউ ডি এফ দলৰ প্ৰতিনিধিসকল উপস্থিত আছিল । 

ইয়াৰ পূৰ্বে আয়ুক্তগৰাকীয়ে কুৰালগুৰি, ৰহধলা আদি কেইবাটাও স্থানত ছটা ভোটগ্ৰহন কেন্দ্ৰ পৰিদৰ্শন কৰি বি এল অ'সকলৰ সৈতে মত বিনিময় কৰাৰ লগতে সমগ্ৰ প্ৰক্ৰিয়াৰ বুজ লয় । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Tuesday, 30 November 2021

*গোলাঘাটত সুলভ মূল্যৰ দোকানত অনিয়ম, গোচৰ ৰুজু*

জনসংযোগ গোলাঘাট  প্ৰেছ বিজ্ঞপ্তি নং : ২০৯

*গোলাঘাটত সুলভ মূল্যৰ দোকানত অনিয়ম, গোচৰ ৰুজু* 

গোলাঘাট, ৩০ নৱেম্বৰ : গোলাঘাট জিলাৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ এটা অভিযানকাৰী দলে যোৱা ২৯ নৱেম্বৰত বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্য আৰু অভিযোগৰ ভিত্তিত জিলাখনৰ বনগাঁও, জ্যোতিনগৰত থকা ৰমেন গগৈ নামৰ সুলভ মূল্যৰ ব্যৱসায়ীজনৰ দোকানত চলোৱা অভিযানত ভালেমান অনিয়ম পোহৰলৈ আহে । অভিযানকাৰী দলটোৱে লাভ কৰা তথ্যৰ ভিত্তিত সুলভ মূল্যৰ দোকানখন জব্দ কৰা হয় । সেই অনুসৰি এই অভিযানকালত সামগ্ৰী মজুতকৰণ সম্পৰ্কীয় তথ্যসম্বলিত ব'ৰ্ড আৰু মজুত থকা সামগ্ৰীৰ মাজত ব্যাপক ব্যৱধান থকাৰ লগতে যোৱা ছমাহ ধৰি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আৰু প্ৰধানমন্ত্ৰী গৰীব কল্যান অন্ন যোজনাৰ চাউল আৰু অন্য সামগ্ৰীৰ মজুতকৰণৰ পঞ্জীয়ন বহী নৰখা, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ বিক্ৰী পঞ্জীয়ন বহীত খেলিমেলি, বিক্ৰী আৰু পাৰ্মিট বুকত প্ৰধানমন্ত্ৰী গৰীব কল্যান অন্ন যোজনাৰ অধীনত আগষ্ট মাহৰ চাউলৰ তথ্য অন্তৰ্ধান হোৱা আদি বিসংগতি পোহৰলৈ আহে । অভিযানকাৰী দলটোৱে বিক্ৰীৰ তথ্য-পাতি পৰীক্ষা কৰাৰ পাছত সুলভ মূল্যৰ দোকানখনৰ চৌহদত অতিৰিক্তভাৱে প্ৰায় ১৫ কুইণ্টল চাউল উদ্ধাৰ কৰা হয় । ইতিমধ্যে ঘটনা সংক্ৰান্তত গোচৰ ৰুজু কৰা হৈছে । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Notifications

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...