Tuesday, 16 November 2021

গোলাঘাটত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ১৯৭

*গোলাঘাটত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন*

গোলাঘাট, ১৬ নৱেম্বৰঃ গোলাঘাট জিলা প্ৰশাসন আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয় । এই উপলক্ষে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ এইবাৰৰ বাণী "সংবাদ মাধ্যমক সমীহ নকৰে কোনে" শীৰ্ষক বিষয় লৈ এটা আলোচনা অনুষ্ঠিত হয় । জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিক আৰু বিশিষ্ট ব্যক্তিয়ে ভাষণ দিয়ে । সভাত সাংবাদিক পেঞ্চনাৰ তথা জ্যেষ্ঠ সাংবাদিক দ্বীপেন দত্তই কয় যে সংবাদ মাধ্যমে মুক্তভাৱে আত্মসংযমেৰে নিজৰ দায়বদ্ধতাৰ পৰিচয় দি স্বাধীনতা উপভোগ কৰিব লাগে যাতে গণতান্ত্ৰিক ব্যৱস্থাটো শক্তিশালী হয় । চৰকাৰ আৰু জনসাধাৰণৰ মাজত সংবাদ মাধ্যমে এটা সেঁতুৰ দৰে কাম কৰে বুলি উল্লেখ কৰি তেওঁ বাক স্বাধীনতা আৰু দায়িত্বৰ মাজত ভাৰসাম্য ৰক্ষা কৰি চলিবলৈ সাংবাদিকসকলৰ প্ৰতি আহ্বান জনায় । সভাত আন এগৰাকী সাংবাদিক পেঞ্চনাৰ তথা জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীয়ে গোলাঘাট জিলাৰ কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিকক স্মৰণ কৰি কয় যে মফচলীয় বহু সাংবাদিকে যথেষ্ট নিষ্ঠা আৰু একাগ্ৰতাৰে কাম কৰি আছে । তেওঁ সাংবাদিকসকলৰ স্বাৰ্থত গ্ৰহণ কৰা বিভিন্ন আঁচনি বা সা-সুবিধাসমূহৰ বাবে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে । সভাত তথ্য আৰু জনসংযোগ বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক জিতেন কাকতিয়ে কয় যে সংবাদ মাধ্যমৰ সৈতে জড়িত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোৱে হৈছে দায়বদ্ধতা । কলমৰ শক্তি আৰু দায়বদ্ধতাই এজন সাংবাদিকৰ নিষ্ঠা আৰু সততাৰ পৰিচয় দিয়ে বুলি তেওঁ কয় । অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক মাখন লাল বাঢ়ৈয়ে চাহ বাগিচাৰ লোকসকলৰ বিভিন্ন সমস্যাৰাজি উলিয়াই অনাৰ লগতে চৰকাৰ-প্ৰশাসনৰ আগত উপস্থাপন কৰাৰ ক্ষেত্ৰত সাংবাদিকসকলক নিজৰ দায়বদ্ধতাৰ পৰিচয় দিবলৈ সাংবাদিকসকলৰ প্ৰতি আহ্বান জনায় । সভাত জিলা উপায়ুক্তগৰাকীয়ে সভাপতিৰ আসনৰ পৰা কয় যে ৰাইজ আৰু চৰকাৰৰ মাজত সংযোগ স্থাপনৰ আটাইতকৈ সহজ মাধ্যম হৈছে সাংবাদিকসকল । তেওঁ লগতে প্ৰতিটো পক্ষৰে মতামত বা প্ৰতিক্ৰিয়াক গুৰুত্ব আৰোপ কৰি এটা বাতৰি প্ৰকাশ কৰিলেহে সেই বাতৰি নিৰপেক্ষ হয় বুলি মত প্ৰকাশ কৰে । তেওঁ বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ৱেব পৰ্টেলসমূহৰ বাবেও অনাগত সময়ত নীতি-নিৰ্দেশনা যুগুত কৰা হ'ব বুলি আশা প্ৰকাশ কৰে । সভাত সাংবাদিক পেঞ্চনাৰ দুগ্ধ দত্ত, জ্যেষ্ঠ সাংবাদিক ভৱানন্দ কলিতা, নবীন গোহাঁই, দ্বীপমনি খাটনিয়াৰ আৰু কেইবাগৰাকীও সাংবাদিকে বক্তব্য আগবঢ়ায় । অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত কুলদীপ হাজৰিকা আৰু ভালেসংখ্যক সাংবাদিকে অংশ লয় । সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্জলন কৰাৰ পাছত জিলা তথ্য আৰু জনসংযোগ বিষয়া পম্পী দেৱীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে । 

*জনসংযোগ, গোলাঘাট*
NORTHEAST NEWS INDIA

Sunday, 14 November 2021

*গোলাঘাটত ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনীৰ অংশৰূপে ১৩ আৰু ১৪ নৱেম্বৰত বিশেষ অভিযান, কুইজ প্ৰতিযোগিতা*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ১৯৬

*গোলাঘাটত ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনীৰ অংশৰূপে ১৩ আৰু ১৪ নৱেম্বৰত বিশেষ অভিযান, কুইজ প্ৰতিযোগিতা*

গোলাঘাট, ১১ নৱেম্বৰঃ গোলাঘাট নিৰ্বাচনী জিলাৰ বাবে ২০২২ চনৰ ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনীৰ অংশৰূপে অহা ১৩ আৰু ১৪ নৱেম্বৰত বিশেষ অভিযান চলোৱাৰ দিহা কৰা হৈছে । সেই অনুসৰি ১৩ নৱেম্বৰত গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ত থকা নিৰ্বাচন শাখাত অথবা সংশ্লিষ্ট ভোটগ্ৰহন কেন্দ্ৰত পুৱা ১০ বজাৰ পৰা দিনৰ ১২ বজালৈকে নতুন ভোটাৰসকলে তেওঁলোকৰ নাম পঞ্জীয়ন কৰিব পাৰিব । ভোটগ্ৰহন কেন্দ্ৰসমূহত বি এল অ'সকল উপস্থিত থাকিব । আনহাতে ১৪ নৱেম্বৰত গোলাঘাটৰ আৱৰ্ত ভৱনৰ সমীপত থকা আম্বেদকাৰ ভৱনৰ চৌহদত বিশেষ নাম পঞ্জীয়ন শিবিৰৰ আয়োজন কৰা হৈছে । এই শিবিৰত এখন আন্তঃ মহাবিদ্যালয় পৰ্যায়ৰ কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব । একাদশ শ্ৰেণীৰ পৰা স্নাতক পৰ্যায়লৈকে ছাত্ৰ-ছাত্রীসকলে এই কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব । প্ৰতিযোগিতাৰ প্ৰতিটো দলত দুজনকৈ সদস্য থাকিব । 

*জনসংযোগ, গোলাঘাট*
NORTHEAST NEWS INDIA

Saturday, 13 November 2021

বিশ্বৰ সকলোলৈ আহ্বান

বিশ্বৰ সকলো মানৱ জাতিলৈ আহ্বান। আহক আমি সকলো মিলি মানৱ জাতি হিচাপে এই পৃথিবীত প্ৰতিষ্ঠা হওঁ। আহক আমি সকলো মা আৰু প্ৰকৃতি ৰ সন্তান হিচাপে সুস্থ মানসিকতাৰে জীয়াই থাকো। 

মা আৰু প্ৰকৃতি  (Mother and Nature) ( मा और प्रकृति)

Email- mother.and.nature2021@gmail.com

বিশ্বৰ সকলোলৈ আহ্বান। মা, দেউতা, বাই, ভনী, ককাই, ভাই, বংশ, পৰিয়াল , মোৰ সকলোলৈ আহ্বান। সকলো অঞ্চলতে এখনকৈ সকলোকে সামৰি মঞ্চ গঠন কৰিবলৈ অনুৰোধ জনালো। 

মা আৰু প্ৰকৃতি  (Mother and Nature) ( मा और प्रकृति)

আমাৰ এই মঞ্চত সকলোৱে ঠাই পাৱ। আমাৰ মহান উদ্দেশ্য হৈছে  বিশ্বত চিৰ শান্তি, সুস্থ বাৰ্তাবৰণ, সুস্থ পৰিবেশ , সুস্থ সমাজ গঢ় লৈ উঠে। সমগ্র বিশ্বত মানৱ জাতি সত্য পথত অগ্রসৰ হয়। শান্তি বিৰাজ কৰে সমগ্র পৃথিবীত। 

মা আৰু প্ৰকৃতি  (Mother and Nature) ( मा और प्रकृति)

আমাৰ লক্ষ্য আৰু উদেশ্যে :-🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩

🚩আমাৰ ইয়াৰ সকলোৱে এখন সুস্থ পৰিয়ালৰ দৰে কাম কৰি যাব লাগিব। 

🚩আমি সকলো মা, দেউতা, আই, বোপাই, বাই, ভনী, ককাই, ভাই, বংশ, পৰিয়াল হিচাপে কাম কৰি যাব লাগিব। 

🚩আমাৰ কোনো জাতি ধৰ্ম বুলি নাথাকিব। যেনেকৈ মা আৰু প্ৰকৃতিৰ কোনো ধৰ্ম বা জাতি নাই। 

🚩আমাক বিশ্বত মানৱ জাতি বুলি হে জানিব। 

🚩 আমাৰ কৰ্মই ধৰ্ম হব। 
 
🚩 সকলো মানৱ জাতি প্ৰতি আমি সমভাৱ ৰাখিব লাগিৱ। 

🚩 শান্তি সম্প্রতি ভাতিত্ববোধ একতা আমি সকলোৱে বৰ্তাই ৰাখিব লাগিব। তেতিয়াহে আমি এখন সুস্থ পৃথিবী লাভ কৰিম।

🚩আমাৰ সকলোৱে এটা পৰিয়াল হৈ থাকিব লাগিব।  যদি আমাৰ কাৰোবাৰ কিবা বিপদ সমস্যা হয়, তেন্তে সকলোৱে মিলি সেই পৰিয়াল টোক বা ব্যক্তি গৰাকীক সহায় সহযোগিতা কৰিব লাগিব।

🚩 আমাৰ সকলোৱে ইজনে সিজনক - মা, দেউতা, আই, বোপাই, বাই, ভনী, ককাই, ভাই, বংশ, পৰিয়াল হিচাপে সন্মান কৰিব লাগিব। 

🚩 আমাৰ লক্ষ্য আৰু উদ্দেশ্য সুস্থ বিশ্ব গঢ়াৰ। পৃথিবীৰ সকলোকে সমান চকুৰে চোৱা আৰু সকলোকে সম অধিকাৰ দিয়াৰ আহ্বান।

মা আৰু প্ৰকৃতি য়ে দিছে আমাক শক্তি। আমি সকলো মানৱ জাতি হৈ পৰো মা আৰু পৃথিবীৰ দৰে। সকলো ভেদাভেদ লুভ,মোহ,অংহকাৰ ত্যাগ কৰি, জীৱ শ্ৰেষ্ঠ মানৱ জাতি ৰূপে, তাৰে মোৰ কামনা, সকলো মানৱ জাতি লৈ। 
ধন্যবাদেৰে মাধৱ গগৈ।। 

  আহক আমি সকলো হাতে হাত ধৰি আগবাঢ়ি যাওঁ আৰু এখন সুন্দৰ সব্বাঙ্গীন পৃথিবী নিমার্ণ কৰো  ।।

MADHOB GOGOI
মা আৰু প্ৰকৃতি  (Mother and Nature) ( मा और प्रकृति) Founder (CEO),  প্ৰতিষ্ঠাপক ,মূখ্য কাৰ্যবাহী ।
Email- mother.and.nature2021@gmail.com -  
WhatsApp - 9859593814

Friday, 12 November 2021

Notifications

গোলাঘাট পৌৰ সভালৈ স্বচ্ছ সৰ্বেক্ষণ -২০২১ বঁটা**

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ১৯৭

*গোলাঘাট পৌৰ সভালৈ স্বচ্ছ সৰ্বেক্ষণ -২০২১ বঁটা*

*২০নৱেম্বৰত নতুন দিল্লীত ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব বঁটা*

গোলাঘাট, ১২ নৱেম্বৰঃ কেন্দ্ৰীয় চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে স্বচ্ছতাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা পাৰদৰ্শিতাৰ ভিত্তিত অসমৰ নখন পৌৰ সভালৈ ২০২১ চনৰ স্বচ্ছ সৰ্বেক্ষণ বঁটা আগবঢ়াইছে । গোলাঘাট পৌৰসভায়ো এইবছৰৰ স্বচ্ছ সৰ্বেক্ষণ বঁটা লাভ কৰিছে । অহা ২০ নৱেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত স্বচ্ছ অমৃত মহোৎসৱ শীৰ্ষক এটা বঁটা প্ৰদান অনুষ্ঠানত এই বঁটাসমূহ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব । ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সেইদিনা আন আঠখন পৌৰসভাৰ উপৰি গোলাঘাট পৌৰ সভাক এই বঁটা প্ৰদান কৰিব । গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, গোলাঘাট পৌৰসভাৰ কাৰ্যবাহী বিষয়া ডঃ সংগীতা বৰঠাকুৰ আৰু পৌৰসভাৰ বিষয়া-কৰ্মচাৰীসকলে এই সাফল্যত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে গোলাঘাট নগৰখনক পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ বাবে জনসাধাৰণক ধন্যবাদ কৰিছে । 

*জনসংযোগ, গোলাঘাট*
NORTHEAST NEWS INDIA

Thursday, 11 November 2021

*গোলাঘাটত ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনীৰ অংশৰূপে ১৩ আৰু ১৪ নৱেম্বৰত বিশেষ অভিযান, কুইজ প্ৰতিযোগিতা*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ১৯৬

*গোলাঘাটত ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনীৰ অংশৰূপে ১৩ আৰু ১৪ নৱেম্বৰত বিশেষ অভিযান, কুইজ প্ৰতিযোগিতা*

গোলাঘাট, ১১ নৱেম্বৰঃ গোলাঘাট নিৰ্বাচনী জিলাৰ বাবে ২০২২ চনৰ ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনীৰ অংশৰূপে অহা ১৩ আৰু ১৪ নৱেম্বৰত বিশেষ অভিযান চলোৱাৰ দিহা কৰা হৈছে । সেই অনুসৰি ১৩ নৱেম্বৰত গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ত থকা নিৰ্বাচন শাখাত অথবা সংশ্লিষ্ট ভোটগ্ৰহন কেন্দ্ৰত পুৱা ১০ বজাৰ পৰা দিনৰ ১২ বজালৈকে নতুন ভোটাৰসকলে তেওঁলোকৰ নাম পঞ্জীয়ন কৰিব পাৰিব । ভোটগ্ৰহন কেন্দ্ৰসমূহত বি এল অ'সকল উপস্থিত থাকিব । আনহাতে ১৪ নৱেম্বৰত গোলাঘাটৰ আৱৰ্ত ভৱনৰ সমীপত থকা আম্বেদকাৰ ভৱনৰ চৌহদত বিশেষ নাম পঞ্জীয়ন শিবিৰৰ আয়োজন কৰা হৈছে । এই শিবিৰত এখন আন্তঃ মহাবিদ্যালয় পৰ্যায়ৰ কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব । একাদশ শ্ৰেণীৰ পৰা স্নাতক পৰ্যায়লৈকে ছাত্ৰ-ছাত্রীসকলে এই কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব । প্ৰতিযোগিতাৰ প্ৰতিটো দলত দুজনকৈ সদস্য থাকিব । 

*জনসংযোগ, গোলাঘাট*
NORTHEAST NEWS INDIA

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...