কালী পূজা আৰু দিপাৱলী উপলক্ষে অহা ৫ নৱেম্বৰত গোলাঘাট জিলাত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে । সেইদিনা ৰাজ্য চৰকাৰৰ অধীনৰ জিলাখনৰ সকলো কাৰ্যালয়, শিক্ষানুষ্ঠান আদিৰ লগতে ৰাজহ আৰু দণ্ডাধীশ (কাৰ্যবাহী) কাৰ্যালয়ো বন্ধ থাকিব ।
Monday, 1 November 2021
*গোলাঘাট নিৰ্বাচন জিলাৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ**৩০ নৱেম্বৰৰ ভিতৰত শুধৰণি, নাম অন্তৰ্ভূক্তি, নাম কৰ্তন আদিৰ বাবে দাখিল কৰিব পাৰিব দাবী আৰু ওজৰ-আপত্তি*
জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ১৯১
*গোলাঘাট নিৰ্বাচন জিলাৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ*
*৩০ নৱেম্বৰৰ ভিতৰত শুধৰণি, নাম অন্তৰ্ভূক্তি, নাম কৰ্তন আদিৰ বাবে দাখিল কৰিব পাৰিব দাবী আৰু ওজৰ-আপত্তি*
গোলাঘাট, ১ নৱেম্বৰঃ নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি আৰু ০১-০১-২০২২ ক ভিত্তি তাৰিখ হিচাপে লৈ গোলাঘাট নিৰ্বাচন জিলাৰ অন্তৰ্গত দুয়োটা সমষ্টি ৯৫ নং গোলাঘাট আৰু ৯৬ নং খুমটাই বিধানসভা সমষ্টিৰ ২০২২ বৰ্ষৰ খচৰা ভোটাৰ তালিকাখন আজি প্ৰকাশ কৰা হয় । নিৰ্বাচন বিষয়াৰ কাৰ্য্যালয়ৰ পৰা প্ৰকাশ কৰা তথ্য অনুসৰি নতুন খচৰা ভোটাৰ তালিকা মতে গোলাঘাট নিৰ্বাচন জিলাত মুঠ ভোটদাতাৰ সংখ্যা ৩,৪৬,৩৫০ জন । ইয়াৰে ১,৭২,৯০৩ জন পুৰুষ আৰু ১,৭৩,৪৪৭ গৰাকী মহিলা ভোটদাতা । নতুন ভোটাৰ তালিকা অনুসৰি ৯৫ নং গোলাঘাট সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২,০৫,৩৫৮ জন । ইয়াৰে ১,০২,৫৫১জন পুৰুষ আৰু ১,০২,৮০৭গৰাকী মহিলা ভোটদাতা । একেদৰে ৯৬নং খুমটাই সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১,৪০,৯৯২জন । ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৭০,৩৫২জন আৰু মহিলা ভোটাৰৰ সংখ্যা ৭০,৬৪০গৰাকী । এই খচৰা ভোটাৰ তালিকাত নতুন ভোটদাতাৰ সংখ্যা ১,৪০৫ জন বৃদ্ধি পাইছে ।
আজি প্ৰকাশিত খচৰা ভোটাৰ তালিকাত যদি কোনো যোগ্য ব্যক্তিৰ নাম অন্তৰ্ভূক্ত হোৱা নাই আৰু অন্তৰ্ভুক্ত কৰিব বিচাৰে, অন্তৰ্ভুক্ত হোৱা নাম কৰ্তন, শুধৰণি আদি সন্দৰ্ভত দাবী আৰু আপত্তি আদি অহা ৩০ নৱেম্বৰলৈকে দাখিল কৰিব পাৰিব । আবেদনকাৰীসকলে www.nvsp.in অথবা ভোটাৰ হেল্পলাইন এপৰ জৰিয়তেও আবেদন কৰিব পাৰিব । এনে আবেদন সংশ্লিষ্ট সমষ্টিৰ নিৰ্বাচন পঞ্জীয়ন বিষয়া, সহকাৰী নিৰ্বাচন পঞ্জীয়ন বিষয়াৰ কাৰ্যালয় বা কৰ্তৃত্বপ্ৰাপ্ত বিষয়াৰ ওচৰত দাখিল কৰিব পাৰিব । ৩০ নৱেম্বৰৰ ভিতৰত পোৱাকৈ ডাকযোগও আৱেদন দাখিল কৰিব পাৰিব । ২০ ডিচেম্বৰৰ ভিতৰত সকলোধৰণৰ ওজৰ-আপত্তি নিষ্পত্তি কৰি অহা বছৰৰ ৫ জানুৱাৰীত চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব ।
উল্লেখযোগ্য যে আজি প্ৰকাশ পোৱা খচৰা ভোটাৰ তালিকা উপায়ুক্তৰ কাৰ্যালয়, দুয়োটা সমষ্টিৰ নিৰ্বাচন পঞ্জীয়ন বিষয়া আৰু সহকাৰী নিৰ্বাচন পঞ্জীয়ন বিষয়াৰ কাৰ্যালয় আৰু প্ৰতিটো ভোটগ্ৰহন কেন্দ্ৰতে প্ৰকাশ কৰা হয় । গোলাঘাট সমষ্টিৰ বাবে গোলাঘাট ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, পদুমনি আৰু গমাৰিগুৰি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়তো ৰখা হয় । একেদৰে খুমটাই সমষ্টিৰ বাবে খুমটাই ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, কঠালগুৰি আৰু দেৰগাঁও খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয় ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
Sunday, 31 October 2021
Saturday, 30 October 2021
*৩০ অক্টোবৰৰ ভিতৰত ক'ভিডৰ প্ৰথম পালি প্ৰতিষেধক ল'বলৈ গোলাঘাট জিলা প্ৰশাসনৰ ৰাইজৰ প্ৰতি আহ্বান*
*৩০ অক্টোবৰৰ ভিতৰত ক'ভিডৰ প্ৰথম পালি প্ৰতিষেধক ল'বলৈ গোলাঘাট জিলা প্ৰশাসনৰ ৰাইজৰ প্ৰতি আহ্বান*
অসম চৰকাৰে ক'ভিড স্বাস্থ্য আচঁনিকে ধৰি ৰাজ্য চৰকাৰৰ আন আঁচনিসমূহৰ সুবিধা লাভ কৰাৰ বাবে ক'ভিডৰ প্ৰতিষেধক গ্ৰহণ কৰাটো বাধ্যতামূলক ঘোষণা কৰিছে । গোলাঘাট জিলা প্ৰশাসনেও জিলাখনৰ এতিয়াও প্ৰতিষেধক গ্ৰহণ কৰিবলৈ বাকী থকা লোকসকলক অচিৰেই প্ৰথম পালি প্ৰতিষেধক ল'বলৈ আহ্বান জনাইছে । ক'ভিড প্ৰতিষেধক প্ৰদান ব্যৱস্থাৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত কুলদীপ হাজৰিকাই জিলাবাসীক অহা ৩০ অক্টোবৰ, শনিবাৰৰ ভিতৰত ওচৰৰ স্বাস্থ্যকেন্দ্ৰত গৈ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে । আনহাতে যিসকল লোকৰ দ্বিতীয় পালিৰ সময় হৈছে বা সময় উকলি গৈছে তেওঁলোকক অতি সোনকালে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ কোৱা হৈছে । তেওঁ কয় যে জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগে ক'ভিড প্ৰতিৰোধৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে । কেৱল প্ৰতিষেধক গ্ৰহনেই ইয়াৰ বিৰুদ্ধে প্ৰধান অস্ত্ৰ বুলি তেওঁ মত প্ৰকাশ কৰে । তেওঁ কোনো উৰা বাতৰিত ভোল নগৈ প্ৰতিষেধক গ্ৰহণ কৰি এই যুঁজৰ অংশীদাৰ হ'বলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় । উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ অৰুণোদয়, প্ৰাৰ্থনা আদি আঁচনিসমূহৰ সা-সুবিধাসমূহ এতিয়াৰে পৰা ক'ভিডৰ প্ৰতিষেধক গ্ৰহণৰ স্থিতিৰ সৈতে সংযুক্ত কৰা হ'ব । প্ৰতিষেধক গ্ৰহণ নকৰা কোনো লোকে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰিব । ইফালে জিলাখনত ২৬ অক্টোবৰলৈকে মুঠ ৯,৭৪,৬৯৪ পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে । ইয়াৰে ৭,০৪,২১৬ টা প্ৰথম পালি আৰু ২,৭০,৪৭৮ টা দ্বিতীয় পালি প্ৰতিষেধক ।
Friday, 29 October 2021
এবাৰ শ্ৰীকৃষ্ণক সুধিছিল অৰ্জুনে, বিহ কি....? হাঁহি হাঁহি উত্তৰ দিছিল,শ্ৰীকৃষ্ণই যিটো প্ৰয়োজনতকৈ অধিক হয় জীৱনতসেইটোৱেই বিহ । লাগিলে সেয়া ক্ষমতাই হওক,ধনেই হওক, ভোকেই হওক, লোভেই হওক, এলাহেই হওক, অভিমানেই হওক নাইবা প্ৰেম যদি অধিক হৈ যায়, সিও বিহ হৈ পৰে |সংগ্ৰহ
এবাৰ শ্ৰীকৃষ্ণক সুধিছিল অৰ্জুনে, বিহ কি....?
হাঁহি হাঁহি উত্তৰ দিছিল,শ্ৰীকৃষ্ণই
যিটো প্ৰয়োজনতকৈ অধিক হয় জীৱনত
সেইটোৱেই বিহ ।
লাগিলে সেয়া ক্ষমতাই হওক,
ধনেই হওক,
ভোকেই হওক,
লোভেই হওক,
এলাহেই হওক,
অভিমানেই হওক নাইবা
প্ৰেম যদি অধিক হৈ যায়,
সিও বিহ হৈ পৰে |
সংগ্ৰহ
Subscribe to:
Comments (Atom)
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...