Friday, 29 October 2021

*গোলাঘাট জিলাত প্ৰতিষেধক প্ৰদানৰ সংখ্যা ১০ লাখ অতিক্ৰম ।*

*গোলাঘাট জিলাত প্ৰতিষেধক প্ৰদানৰ সংখ্যা ১০ লাখ অতিক্ৰম ।*

আজিৰ দিনটোত সন্ধিয়া চাৰে ৫ বজালৈকে ক'উইনত আপলোড হোৱা তথ্য অনুসৰি এতিয়ালৈকে ১০,০১,৯৭৮ পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে । ইয়াৰে ৭,০৯,৩২৮ পালি প্ৰথম আৰু ২,৯২,৬৫০ টা দ্বিতীয় পালি প্ৰতিষেধক । আজি ১৩,৫৩৮ জন লোকক প্ৰতিষেধক প্ৰদান কৰা হয় ।
NORTHEAST NEWS INDIA

*গোলাঘাটত ঋণ প্ৰসাৰ কাৰ্যসূচীত ৪৭৭ গৰাকী হিতাধিকাৰী আৰু মহিলা আত্মসহায়ক গোটক ৭.৯৬ কোটি টকাৰ ঋণৰ আৱন্টন পত্ৰ প্ৰদান*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ১৯০

*গোলাঘাটত ঋণ প্ৰসাৰ কাৰ্যসূচীত ৪৭৭ গৰাকী হিতাধিকাৰী আৰু মহিলা আত্মসহায়ক গোটক ৭.৯৬ কোটি টকাৰ ঋণৰ আৱন্টন পত্ৰ প্ৰদান*

গোলাঘাট, ২৯ অক্টোবৰ : ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে গোলাঘাট জিলাতো আজি চৰকাৰৰ বিভিন্ন আঁচনিৰ অধীনত ঋণ প্ৰদান ব্যৱস্থাৰ প্ৰসাৰ তথা ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে লীড বেংক কাৰ্য্যালয়ৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত এটা ঋণ প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হয় । গোলাঘাট জিলা গ্ৰামোন্নয়ন অভিকৰণৰ কাৰ্য্যালয়ৰ সভাকক্ষত আয়োজিত অনুষ্ঠানত বিভিন্ন বেংকে ৪৭৭ গৰাকী হিতাধিকাৰী তথা মহিলা আত্মসহায়ক গোটৰ সদস্যক মুঠ ৭.৯৬ কোটি টকাৰ ঋণৰ আৱন্টন পত্ৰ প্ৰদান কৰে । ইয়াৰে পি এম স্বনিধি আঁচনিৰ অধীনত ৩০জন হিতাধিকাৰীক ৩ লাখ টকা, প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনিৰ অধীনত ১৫জন হিতাধিকাৰীক ১কোটি ২০ লাখ টকা, মুদ্ৰা আঁচনিৰ অধীনত ৩৩ জন হিতাধিকাৰীক ৮৭লাখ টকা, ষ্টেণ্ড আপ ইণ্ডিয়াৰ অধীনত দুজন হিতাধিকাৰীক ৪০লাখ টকা, কিষান ক্ৰেডিট কাৰ্ডৰ অধীনত ৩০০জন খেতিয়কক ৩.৫কোটি টকা,  জে এল জি আঁচনিৰ অধীনত ২৫ জন হিতাধিকাৰীক ২৫ লাখ টকা আৰু ৭২টা মহিলা আত্মসহায়ক গোটক ১.৭১কোটি টকাৰ ঋণৰ আৱণ্টন পত্ৰ বিতৰণ কৰা হয় । 

অনুষ্ঠানত অংশ লৈ জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই বিভিন্ন আঁচনিৰ হিতাধিকাৰী আৰু আত্মসহায়ক গোটৰ মহিলাসকলক নিজৰ নিজৰ আধাৰ কাৰ্ডসমূহ প্ৰস্তুত কৰাৰ বাবে আবেদন কৰিবলৈ আহ্বান জনায় । তেওঁ বিশেষকৈ চাহ বাগিচা অঞ্চলৰ লোকসকলক আধাৰৰ লগতে বেংক একাউণ্ট খুলি চৰকাৰৰ বিত্তীয় অন্তৰ্ভূক্তিৰ লক্ষ্যত উপনীত হোৱাত অৰিহণা যোগাবলৈ পৰামৰ্শ আগবঢ়ায় । তেওঁ কয় যে যি কামৰ কাৰণে ঋণ লোৱা হয় সেই কামৰ লাভৰ অংশৰে ঋণ পৰিশোধ কৰিব পাৰিলেহে চৰকাৰৰ আঁচনিসমূহ সফল হ'ব । 

অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, নাবাৰ্ড আৰু বিভিন্ন বেংক তথা বিভাগৰ মুৰব্বী বিষয়া, আৰছেটি, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু বিভিন্ন আত্মসহায়ক গোটৰ প্ৰতিনিধি আৰু হিতাধিকাৰীসকলে অংশগ্ৰহণ কৰে । অনুষ্ঠানৰ আৰম্ভণিতে লীড জিলা প্ৰৱন্ধক সজীৱ কুমাৰ বৰাই আদৰণি ভাষণ দিয়ে । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Golaghat COVID-19🦠😷 Details

Golaghat COVID-19🦠😷 Details

Thursday, 28 October 2021

এটি বিশেষ ঘোষণা

এটি বিশেষ ঘোষণা

গৃহৰক্ষী উচ্চ প্ৰশিক্ষণ (Adv. Training) গ্ৰহণ কৰা বাহিনীটোৰ জোৱানসকলক ২৯ অক্টোবৰৰ ভিতৰত গোলাঘাটৰ গৃহৰক্ষী বাহিনীৰ কাৰ্যালয়ত তেওঁলোকৰ উচ্চ প্ৰশিক্ষণৰ প্ৰমানপত্ৰসমূহ জমা দিবলৈ বাহিনীটোৰ জিলা সমাদেষ্টাই আহ্বান জনাইছে ।

NORTHEAST NEWS INDIA

*গোলাঘাট জিলাত কেঁচা চাহপাতৰ মূল্য হ্ৰাস পোৱা সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ১৮৯

*গোলাঘাট জিলাত কেঁচা চাহপাতৰ মূল্য হ্ৰাস পোৱা সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক*
গোলাঘাট, ২৮ অক্টোবৰ : গোলাঘাট জিলাত কেঁচা চাহপাতৰ মূল্য ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰা বিষয়টো সন্দৰ্ভত আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত কেইবাটাও চাহ খেতিয়ক সন্থাৰ প্ৰতিনিধিৰ উপস্থিতিত উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাৰ সভাপতিত্বত এখন বৈঠক অনুষ্ঠিত হয় । বৈঠকত ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদ, ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ গোলাঘাট জিলা সমিতি, উত্তৰ-পূৰ্বাঞ্চল চাহ সন্থা, এবিটা আৰু টি এছ'চিয়েশ্যন অৱ ইণ্ডিয়া, যোৰহাটৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে । বৈঠকত জিলাখনত কেঁচা চাহপাতৰ মূল্য ক্ৰমশঃ হ্ৰাস পাবলৈ ধৰাৰ কাৰণসমূহ বিস্তৃতভাৱে পৰ্যালোচনা কৰাৰ অন্তত পৰিলক্ষিত হয় যে, আপত্তি বিহীনতাৰ প্ৰমাণপত্ৰ নথকা এজেন্টেও নীতি বৰ্হিভূতভাৱে অত্যধিক মাত্ৰাত ফেক্টৰীত কেঁচা চাহপাত যোগান ধৰাৰ ফলত চাহপাতৰ গুণগত মান হ্ৰাস পাই আহিছে । এজেন্টসকলে খেতিয়কসকলক ফেক্টৰীৰ মূল্য কমাৰ ফলতো কেঁচা চাহপাতৰ মূল্য হ্ৰাস পাই আহিছে বুলি আভুৱা ভাৰি অহাৰ অভিযোগ উত্থাপন কৰে চাহ খেতিয়ক সন্থাই । সভাত বিস্তৃত আলোচনাৰ অন্তত কেতবোৰ ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাই নিৰ্দেশ দিয়ে । সেই অনুসৰি কেঁচা চাহপাত যোগানকাৰী এজেন্টসকলে অহা সাত দিনৰ ভিতৰত প্ৰশাসনৰ পৰা আপত্তিবিহীনতাৰ প্ৰমাণ পত্ৰ (NOC) সংগ্ৰহ কৰিব লাগিব । প্ৰশাসনৰ পঞ্জীয়নকৃত আপত্তি বিহীনতাৰ প্ৰমাণপত্ৰ (NOC) নথকা এজেন্টে ফেক্টৰীত কেঁচা চাহপাত যোগান ধৰিব নোৱাৰিব । ফেক্টৰীৰ মালিকপক্ষয়ো আপত্তিবিহীনতাৰ প্ৰমাণপত্ৰ (NOC) নথকা এজেন্টৰ পৰা চাহপাত ক্ৰয় কৰিব নোৱাৰিব ।ৰাতি ৮ বজাৰ পিছত ফেক্টৰীয়ে কেঁচা চাহপাত লোৱা কাৰ্য বন্ধ কৰিব লাগিব । অন্যথা আইনমতে দণ্ডনীয় হব । জিলা উপায়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত জিলা উন্নয়ন আয়ুক্ত শ্ৰীযুতা অৰ্পা বাগলাৰীৰ লগতে কেইখনমান চাহবাগিছাৰ পৰিচালকসকল উপস্থিত আছিল ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

*চৰকাৰী চাউল যোগানত অনিয়ম : সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে গোচৰ ৰুজু*

জনসংযোগ গোলাঘাট  প্ৰেছ বিজ্ঞপ্তি নং : ১৮৮

*চৰকাৰী চাউল যোগানত অনিয়ম : সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে গোচৰ ৰুজু* 
গোলাঘাট, ২৮ অক্টোবৰ : গোলাঘাট জিলাৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ এটা অভিযানকাৰী দলে আজি ৰাজহুৱা অভিযোগৰ ভিত্তিত  জিলাখনৰ নলাপাৰৰ আলমীত থকা মেচাৰ্ছ উত্তৰ মৰঙি জি পি এছ এছৰ সুলভ মূল্যৰ ব্যৱসায়ী জানমনি হাজৰিকাৰ দোকানত চলোৱা অভিযানত ভালেমান অনিয়ম পোহৰলৈ আহে । সেই অনুসৰি ব্যৱসায়ীগৰাকীৰ বিৰুদ্ধে প্ৰতিখন ৰেচন কাৰ্ডৰ বিপৰীতে হিতাধিকাৰীৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত পাবলগীয়া চাউলৰ আঢ়ৈ কিলোগ্ৰামকৈ কৰ্তন কৰি ৰখা, খাদ্য সুৰক্ষা আইন আৰু প্ৰধানমন্ত্ৰী গৰীব কল্যান অন্ন যোজনাৰ চাউল আৰু কেৰাচিন তেল মজুতকৰণৰ পঞ্জীয়ন বহী নৰখা, জিলা উপায়ুক্তৰ নিৰ্দেশ উলংঘা কৰি মূল্য আৰু মজুত সামগ্ৰীৰ তথ্যসম্বলিত ব'ৰ্ড ৰাজহুৱাকৈ আঁৰি নোথোৱা আৰু প্ৰশাসনে দোকান খোলা ৰাখিবলৈ নিৰ্ধাৰণ কৰি দিয়া সময়ত দোকান বন্ধ ৰখা আদি বিভিন্ন অভিযোগ সত্য হিচাপে প্ৰমাণিত হয় । ব্যৱসায়ীগৰাকীৰ বিৰুদ্ধে নতুনকৈ ছপা হোৱা ৰেচন কাৰ্ডসমূহ ৰাখি থোৱা আৰু এইসমূহ দিয়াৰ বাবদ গ্ৰাহকৰ পৰা ৫০ টকাকৈ ধন দাবী কৰাৰো অভিযোগ উঠিছে । অভিযানকালত দলটোৱে গ্ৰাহকৰ পৰা কৰ্তন কৰি ৰখা চাউল অন্য ঠাইলৈ প্ৰেৰণ কৰাৰ তথ্য লাভ কৰে । ইতিমধ্যে ঘটনা সংক্ৰান্তত গোচৰ ৰুজু কৰা হৈছে । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Golaghat COVID-19🦠😷 Details

Golaghat COVID-19🦠😷 Details

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।