Monday, 4 October 2021

*গোলাঘাট জিলাত জল জীৱন অভিযান আৰু মিছন বসুন্ধৰাৰ কাম-কাজৰ বুজ ল'লে অভিভাৱক সচিব অনুৰাগ গোৱেলে*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১৭৬

*গোলাঘাট জিলাত জল জীৱন অভিযান আৰু মিছন বসুন্ধৰাৰ কাম-কাজৰ বুজ ল'লে অভিভাৱক সচিব অনুৰাগ গোৱেলে*
 
গোলাঘাট, ৪ অক্টোবৰ : ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ প্ৰধান সচিব তথা গোলাঘাট জিলাৰ অভিভাৱক সচিব শ্ৰী অনুৰাগ গোৱেলে আজি জিলাখনৰ বিভিন্ন ঠাইত ৰূপায়িত জল জীৱন অভিযানৰ অধীনৰ কেইবাখনো আঁচনি পৰিদৰ্শন কৰি কাম-কাজৰ বুজ লয় । তেওঁ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গোলাঘাট সংমণ্ডলৰ অধীনৰ সৰুপথাৰ উপ সংমণ্ডলৰ মৰঙি ব্লকৰ দুলিয়াগাঁও পানী যোগান আঁচনি, বোকাখাত সংমণ্ডলৰ অধীনৰ বিহৰা বাগিচা পানী যোগান আঁচনি, নুমলীগড় পাঁচ নম্বৰ লাইন পানী যোগান আঁচনি আৰু বৰমহৰী পথাৰ পানী যোগান আঁচনিকেইখন পৰিদৰ্শন কৰে । তেওঁ আচঁনিকেইখনৰ অধীনত পানী যোগান ব্যৱস্থা সন্দৰ্ভত বিতংভাৱে বুজ লোৱাৰ লগতে জল জীৱন আঁচনিৰ সফল ৰূপায়ন সুনিশ্চিত কৰিব পৰাকৈ কাম কৰিবলৈ বিষয়া-কৰ্মচাৰীসকলক নিৰ্দেশ দিয়ে । সচিবগৰাকীয়ে ইয়াৰ পিছতেই গোলাঘাট ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত মিছন বসুন্ধৰাৰ ৰূপায়ণৰ বিভিন্ন দিশ আলোচনা কৰে । তেওঁ এই অভিলাষী আঁচনিৰ সফল ৰূপায়ন সুনিশ্চিত কৰাৰ বাবে ৰাজহ চক্ৰ বিষয়া তথা কাৰ্যালয়টোৰ আন কৰ্মচাৰীসকলক দায়বদ্ধতাৰে কাম কৰিবলৈ পৰামৰ্শ আগবঢ়ায় । তেওঁ গাঁও পঞ্চায়তৰ কাৰ্যালয়সমূহত বিশেষ শিবিৰ অনুষ্ঠিত কৰি জনসাধাৰণৰ ভূমি সম্পৰ্কীয় বিভিন্ন বিষয়ৰ আবেদনপত্ৰসমূহ সংগ্ৰহৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে । বিষয়াগৰাকীয়ে মৰঙি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়তো মিছন বসুন্ধৰাৰ কাম-কাজৰ বুজ লয় । তেওঁ কমাৰগাঁৱত ড্ৰেগন ফলৰ খেতি কৰি সফল হোৱা খেতিয়ক কৰুনাকান্ত হাজৰিকাৰ কৃষি পামখনো পৰিদৰ্শন কৰে । বিষয়াগৰাকীৰ সৈতে আজিৰ এই পৰিদর্শনকালত জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাও উপস্থিত আছিল । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Saturday, 2 October 2021

COVID-19🦠😷 Vaccination Session site list Golaghat District. On 03/10/2021

COVID-19🦠😷 Vaccination Session site list Golaghat District. On 03/10/2021

Golaghat COVID-19🦠😷 Details

Golaghat COVID-19🦠😷 Details

*গোলাঘাটত প্ৰাৰ্থনা আঁচনিৰ অধীনত ক'ভিডত প্ৰাণ হেৰুওৱা ৩২ গৰাকী লোকৰ নিকটাত্মীয়লৈ ১ লাখ টকাৰ চেক*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১৭৫

*গোলাঘাটত প্ৰাৰ্থনা আঁচনিৰ অধীনত ক'ভিডত প্ৰাণ হেৰুওৱা ৩২ গৰাকী লোকৰ নিকটাত্মীয়লৈ ১ লাখ টকাৰ চেক*
গোলাঘাট, ২ অক্টোবৰ : ক’ভিডত মৃত্যুক সাৱটি লোৱা ব্যক্তিৰ পৰিয়ালবৰ্গক আৰ্থিক সকাহ প্ৰদানৰ উদ্দেশ্যে অসম চৰকাৰৰ প্ৰাৰ্থনা আঁচনিৰ অধীনত আজি গোলাঘাটত ৩২ জন লোকক এক লাখ টকাকৈ চেক প্ৰদান কৰা হয় । এই উপলক্ষে জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত আয়োজিত এখন সভাত বিত্ত আৰু সমাজ কল্যান বিভাগৰ মন্ত্ৰী শ্ৰীযুতা অজন্তা নেওগে ক'ভিডত মৃত্যু হোৱা লোকৰ নিকটাত্মীয়ক চেকসমূহ বিতৰণ কৰে । অনুষ্ঠানত অংশ লৈ মন্ত্ৰীগৰাকীয়ে কয় যে ক'ভিডত অকালতে প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালৰ কাষত ৰাজ্য চৰকাৰ সদায় আছে । তেওঁ এই জটিল সময়ত এনে পৰিয়ালসমূহক কিছু সকাহ দিয়াৰ বাবে এই আঁচনি গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰে । অনুষ্ঠানত জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱা আৰু জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ বিষয়ববীয়াসকল উপস্থিত আছিল । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

পোষণ অভিযানক সন্মিলিত প্ৰচেষ্টাৰে জন অংশীদাৰী অভিযানত পৰিণত কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ভিডিঅ' বাৰ্তাযোগে আহ্বান* *পোষণ অভিযান কেৱল এটা মাহজোৰা কাৰ্যসূচী নহয়, ই এটা ধাৰাবাহিক জনজাগৰণ প্ৰক্ৰিয়া : অজন্তা নেওগ**গোলাঘাটত কেন্দ্ৰীয়ভাৱে পোষণ মাহৰ সামৰণি অনুষ্ঠান সম্পন্ন**পোষণৰ থীম ছং মুকলি**বিভিন্ন শিতানত কেইবাখনো জিলাক বঁটা প্ৰদান*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১৭৪

*পোষণ অভিযানক সন্মিলিত প্ৰচেষ্টাৰে জন অংশীদাৰী অভিযানত পৰিণত কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ভিডিঅ' বাৰ্তাযোগে আহ্বান*
 
*পোষণ অভিযান কেৱল এটা মাহজোৰা কাৰ্যসূচী নহয়, ই এটা ধাৰাবাহিক জনজাগৰণ প্ৰক্ৰিয়া : অজন্তা নেওগ*

*গোলাঘাটত কেন্দ্ৰীয়ভাৱে পোষণ মাহৰ সামৰণি অনুষ্ঠান সম্পন্ন*

*পোষণৰ থীম ছং মুকলি*

*বিভিন্ন শিতানত কেইবাখনো জিলাক বঁটা প্ৰদান*
গোলাঘাট, ২ অক্টোবৰঃ ৰাষ্ট্ৰীয় পোষণ মাহ-২০২১ৰ সৈতে সংগতি ৰাখি অসমতো যোৱা পহিলা ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা পোষণ মাহৰ সামৰণি অনুষ্ঠান আজি গোলাঘাট নগৰৰ জেনেৰেল ফিল্ডত ৰাজ্যিক পৰ্যায়ত সম্পন্ন হয় । অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এটা ভিডিঅ' বাৰ্তাত কয় যে পুষ্টিহীনতা দূৰ কৰা আৰু পৰিপুষ্টি সন্দৰ্ভত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত পোষণ অভিযান এক বহুমাত্ৰিক কৰ্মযজ্ঞ । এই অভিযানক আমি জনসজাগতাৰ এটা মাধ্যম হিচাপে গ্ৰহণ কৰিব বিচাৰিছো বুলি তেওঁ উল্লেখ কৰে । তেওঁ কয় যে ই এটা জন অংশীদাৰী অভিযানত পৰিণত হ'ব লাগিব । সন্মিলিত প্ৰচেষ্টাৰে অপুষ্টিৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুষ্টিহীনতামুক্ত ভাৰত গঢ় দিয়াত সকলোকে ঐক্যবদ্ধভাৱে প্ৰয়াস চলাবলৈ তেওঁ আহ্বান জনায় ।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সমাজ কল্যান বিভাগৰ মন্ত্ৰী শ্ৰীযুতা অজন্তা নেওগে পোষণ মাহ সফল কৰি তোলাৰ ক্ষেত্ৰত সমাজ কল্যান বিভাগৰ বিষয়া-কৰ্মচাৰী,  আশা-অংগনৱাড়ী কৰ্মী আৰু ইয়াৰ সৈতে জড়িত সকলোকে ধন্যবাদ জ্ঞাপন কৰে । ভাষণৰ আৰম্ভণিতে মহামানৱ মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পোষণ কেৱল এটা চৰকাৰী অভিযান নহয়, বৰং ই মাতৃ আৰু শিশুৰ পৰিপুষ্টি সুনিশ্চিত কৰাৰ ক্ষেত্ৰত সকলোৰে এটা দায়বদ্ধতা । তেওঁ চাহ বাগিচা অঞ্চলত এতিয়াও প্ৰসূতিৰ মৃত্যুৰ ঘটনা সংঘটিত হোৱা বিষয়টোক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে । তেওঁ পোষণ অভিযান কেৱল এটা মাহজোৰা কাৰ্যসূচী নহয় বুলি উল্লেখ কৰি ইয়াক এটা ধাৰাবাহিক জনজাগৰণ প্ৰক্ৰিয়া আখ্যা দিয়ে । তেওঁ কয় যে ৰাজ্য চৰকাৰে ২৫ লাখ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ স্থাপন কৰাৰ বাবে সিদ্ধান্ত লৈছে । লগতে এই কেন্দ্ৰসমূহৰ বাবে চাউল মুকলি বজাৰৰ পৰিৱৰ্তে ভাৰতীয় খাদ্য নিগমৰ পৰা ক্ৰয় কৰাৰ ব্যৱস্থা কৰিছে । ইয়াৰ ফলত ৰাহি হোৱা ধনখিনি অংগনৱাড়ী কেন্দ্ৰসমূহত ব্যয় কৰিব পৰা যাব বুলি তেওঁ মত প্ৰকাশ কৰে । তেওঁ বিধায়ক আৰু পঞ্চায়ত প্ৰতিনিধিসকলক নিজ নিজ এলেকাৰ অংগনৱাড়ী কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি তেওঁলোকৰ সমস্যাসমূহৰ বুজ ল'বলৈ আহ্বান জনায় । ৰাজ্যখনত পুষ্টিহীনতাত ভোগা ৫০ হাজাৰৰো অধিক শিশু আছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে এনে শিশুৰ পৰিপুষ্টিৰ বাবে সকলো খাদ্যপ্ৰাণযুক্ত এটা বিশেষ চকলেট প্ৰস্তুত কৰি উলিয়াইছে । তেওঁ উৎসৰ্গিত মনোভাৱেৰে আৰু এটা সংবেদনশীল মনেৰে শিশু আৰু মহিলাসকলৰ পৰিপুষ্টিৰ ক্ষেত্ৰত আত্মনিয়োগ কৰিবলৈ সমাজ কল্যান বিভাগৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিক আহ্বান জনায় ।

অনুষ্ঠানত ভাগ লৈ সৰুপথাৰ সমষ্টিৰ বিধায়ক শ্ৰী বিশ্বজিৎ ফুকনে কয় যে অংগনৱাড়ী কৰ্মীসকলৰ দায়িত্ব অতি গধুৰ আৰু পৱিত্ৰ । তেওঁ এই কামক কেৱল চাকৰি বুলি নাভাৱি সেৱাৰ মনোভাৱেৰে কাম কৰি যাবলৈ তেওঁলোকৰ প্ৰতি আহ্বান জনায় । তেওঁ কয় যে জনজাতীয় অঞ্চল আৰু চাহ বাগিচা অঞ্চলত শিশু আৰু প্ৰসূতিৰ মৃত্যুৰ হাৰ শূণ্যলৈ নমাই নিব পৰাকৈ সকলোৱে সন্মিলিত প্ৰচেষ্টাৰে কাম কৰিব লাগিব ।

আজিৰ অনুষ্ঠানতে পোষণৰ এটা থীম ছং মুকলি কৰা হয় । গীতটোত কণ্ঠদান কৰিছে বিশিষ্ট কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু ৰুবি কলিতাই । ইয়াৰ পূৰ্বে সমাজ কল্যান বিভাগৰ প্ৰধান সচিব শ্ৰী মুকেশ চন্দ্ৰ চাহুৱে আদৰণি ভাষণ দিয়ে । অনুষ্ঠানত কেইবাটাও সংহত শিশু উন্নয়ন প্ৰকল্পৰ মুখ্য সেৱিকা আৰু অংগনৱাড়ী কৰ্মী-সহায়িকাসকলে পৰিপুষ্টি সন্দৰ্ভত সজাগতামূলক পুতলা নাচ, জেং বিহু আৰু নৃত্য পৰিৱেশন কৰে । একেটা অনুষ্ঠানতে পোষণ মাহত ৰাজ্যৰ বিভিন্ন ঠাইলৈ প্ৰেৰণ কৰা সজাগতামূলক বাহনসমূহৰ চালকসকলকো সম্বৰ্ধনা জনোৱা হয় । 

ইফালে আজিৰ অনুষ্ঠানত পোষণ মাহত কৰা প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি কেইবাটাও শিতানত বিভিন্ন জিলাক পুৰস্কৃত কৰা হয় । গুৰুতৰভাৱে তীব্ৰ পুষ্টিহীনতাত ভোগা শিশু আৰু মধ্যমীয়াভাৱে তীব্ৰ পুষ্টিহীনতাত ভোগা শিশুৰ চিনাক্তকৰণ শিতানত বিশ্বনাথ, তিনিচুকীয়া, ডিব্ৰুগড়, মৰিগাঁও, লক্ষীমপুৰ, কামৰূপ আৰু ডিমা হাছাও জিলাক পুৰস্কৃত কৰা হয় । পুষ্টিহীনতাত ভোগা শিশুক পৰিপুষ্টি পুনৰসংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত শোণিতপুৰ, কৰিমগঞ্জ, নলবাৰী, ওদালগুৰি, শিৱসাগৰ আৰু কোকৰাঝাৰ জিলাক পুৰস্কৃত কৰা হয় । আনহাতে গৃহ পৰিদর্শনৰ সৰ্বাধিক সংখ্যা শিতানত যোৰহাট, বাক্সা, কামৰূপ মহানগৰ, গোৱালপাৰা, হোজাই, চিৰাং আৰু পশ্চিম কাৰ্বি আংলঙক বঁটা প্ৰদান কৰা হয় । সৰ্বাধিক পোষণ ভাটিকা শিতানত ধেমাজি, বৰপেটা, কাৰ্বি আংলং, চৰাইদেউ, ধুবুৰী, নগাঁও আৰু দক্ষিণ শালমাৰা জিলাক পুৰস্কৃত কৰা হয় । আনহাতে জিলাভিত্তিক সর্বশ্ৰেষ্ঠ উদ্ভাৱনৰ শিতানত পোষণ পাকঘৰ শীৰ্ষক উদ্ভাৱনৰ বাবে গোলাঘাট জিলাক, ৰক্তহীনতা প্ৰতিৰোধী মাচী শীৰ্ষক কাৰ্যসূচীৰ বাবে হাইলাকান্দি জিলাক, পোষণ দিহা নাম শীৰ্ষক কাৰ্যসূচীৰ বাবে মাজুলীক, পোষণ পুখুৰী শীৰ্ষক উদ্ভাৱনৰ বাবে দৰং জিলাক, প্ৰজেক্ট সম্পূৰ্ণ শীৰ্ষক কাৰ্যসূচীৰ বাবে বঙাইগাঁও জিলাক আৰু পৰবৰিছ অৰ্থাৎ প্ৰতিপালন শীৰ্ষক কাৰ্যসূচীৰ বাবে কাছাৰ জিলাক পুৰস্কৃত কৰা হয় । 

আজিৰ অনুষ্ঠানত সমাজ কল্যান বিভাগৰ সঞ্চালক শ্ৰী বিভাষ চন্দ্ৰ মোডী, জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱা, জিলা বিজেপি আৰু অসম গণ পৰিষদ দলৰ শীৰ্ষ নেতা তথা জিলা প্ৰশাসনৰ বিষয়াসকল আৰু বিভিন্ন জিলাৰ পৰা অহা সমাজ কল্যান বিভাগৰ বিষয়া, কৰ্মচাৰী, অংগনৱাড়ী কৰ্মী-সহায়িকাসকল উপস্থিত আছিল । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।