Wednesday, 22 September 2021
*গোলাঘাটত ৰপ্তানিযোগ্য সেৱা আৰু সামগ্ৰীৰ প্ৰদৰ্শনী*
Tuesday, 21 September 2021
গোলাঘাট জিলাত ১৪ গৰাকী মাটিৰ দালালক গ্ৰেপ্তাৰ
গোলাঘাট জিলাত ১৪ গৰাকী মাটিৰ দালালক গ্ৰেপ্তাৰ
ৰাজ্যৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় সমূহত চলি থকা মাটিৰ দালালৰাজক সমুলঞ্চে উভালি পেলোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাৰ পাছতে কালি নিশা আৰক্ষীয়ে ৰাজ্যখনত একপ্ৰকাৰৰ বৃহৎ অভিযান চলায় । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লোৱা দৃঢ় প্ৰদক্ষেপ লোৱাৰ পৰিপেক্ষিতত গোলাঘাট জিলাৰ মুঠ ১৪ গৰাকী মাটিৰ দালালক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মাটিৰ দালাল কেইজন হল দেৰগাঁও ৰাজহ চক্ৰ অধীনৰ শম্ভু ৰবিদাস, বিজিত ফুকন ,নৰেন ৰবিদাস, অজিত দত্ত,আচুৰ্য হাজৰিকা আৰু প্ৰভাত বৰা।সৰুপথাৰ ৰাজহ চক্ৰ অধীনৰ
ৰাজেন কোঁৱৰ ,মাণিক ঘোষাল আৰু হীৰালাল শিল। বোকাঘাট ৰাজহ চক্ৰ অধীনৰ লীলাধৰ পাটোৱাৰী, তৰণি বিদ্যা শইকীয়া, যদুমনি খাউণ্ড আৰু দ্ৰোনকান্ত দাস আৰু মৰঙী ৰাজহ চক্ৰৰ অধীনৰ সুমিত তাঁতীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। লক্ষ্যণীয় কথা এয়ে যে , গোলাঘাট ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত দালালে দপদপাই থকাৰ পাছতো আৰক্ষীয়ে এজনকো গ্ৰেপ্তাৰ নকৰা ঘটনাই সম্প্ৰতি বিৰূপ চৰ্চা লাভ কৰিছে ।
কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷
*গোলাঘাট জিলাত সাপ্তাহিক হাট-বজাৰ খোলাৰ অনুমতি*
Monday, 20 September 2021
धरती को पाप मय कर दिया
दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...

-
30 January, 2021 *লখিমপুৰ ফুটবল ৰেফাৰী চেমিনাৰ* Date :- 30/1/21 ## সদৌ অসম ফুটবল ৰেফাৰী কৈল্যাণ সন্থাৰ তত্ত্বৱধানত হাতীলোং ফুটবল ক্'চিং...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...