Tuesday, 21 September 2021

গোলাঘাট জিলাত ১৪ গৰাকী মাটিৰ দালালক গ্ৰেপ্তাৰ

 গোলাঘাট জিলাত ১৪ গৰাকী মাটিৰ দালালক গ্ৰেপ্তাৰ



     


ৰাজ্যৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় সমূহত চলি থকা মাটিৰ দালালৰাজক সমুলঞ্চে উভালি পেলোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাৰ পাছতে কালি নিশা আৰক্ষীয়ে ৰাজ্যখনত একপ্ৰকাৰৰ বৃহৎ অভিযান চলায় । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লোৱা দৃঢ় প্ৰদক্ষেপ লোৱাৰ পৰিপেক্ষিতত গোলাঘাট জিলাৰ মুঠ ১৪ গৰাকী মাটিৰ দালালক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।  আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মাটিৰ দালাল কেইজন হল দেৰগাঁও ৰাজহ চক্ৰ অধীনৰ শম্ভু ৰবিদাস, বিজিত ফুকন ,নৰেন ৰবিদাস, অজিত দত্ত,আচুৰ্য হাজৰিকা আৰু প্ৰভাত বৰা।সৰুপথাৰ ৰাজহ চক্ৰ অধীনৰ

ৰাজেন কোঁৱৰ ,মাণিক ঘোষাল আৰু হীৰালাল শিল। বোকাঘাট ৰাজহ চক্ৰ অধীনৰ লীলাধৰ পাটোৱাৰী, তৰণি বিদ্যা শইকীয়া,  যদুমনি খাউণ্ড আৰু দ্ৰোনকান্ত দাস আৰু মৰঙী ৰাজহ চক্ৰৰ অধীনৰ সুমিত তাঁতীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। লক্ষ্যণীয় কথা এয়ে যে , গোলাঘাট ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত দালালে দপদপাই থকাৰ পাছতো আৰক্ষীয়ে এজনকো গ্ৰেপ্তাৰ নকৰা ঘটনাই সম্প্ৰতি বিৰূপ চৰ্চা লাভ কৰিছে ।


কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

Golaghat COVID-19🦠😷 Details

Golaghat COVID-19🦠😷 Details

*গোলাঘাট জিলাত সাপ্তাহিক হাট-বজাৰ খোলাৰ অনুমতি*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১৬৩

*গোলাঘাট জিলাত সাপ্তাহিক হাট-বজাৰ খোলাৰ অনুমতি* 
গোলাঘাট, ২১ ছেপ্টেম্বৰঃ গোলাঘাট জিলাৰ কেতবোৰ ঠাইত ক'ভিড 19ত আক্ৰান্তৰ হাৰ বৃদ্ধি পাই থকাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে সাপ্তাহিক বজাৰ আৰু হাটসমূহ এবাৰত সৰ্বাধিক ৬ঘণ্টাৰ বাবে খোলাৰ অনুমতি প্ৰদান কৰিছে । জিলা দণ্ডাধীশ তথা জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাই এই সম্পৰ্কে নিৰ্দেশনা জাৰি কৰিছে । ১৯ছেপ্টেম্বৰৰ পুৱা ৫ বজাৰ পৰা এই নিৰ্দেশ কাৰ্যকৰী হৈছে । হাট-বজাৰসমূহত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক । বজাৰৰ ভিতৰত মাস্ক পৰিধান কৰা আৰু সামাজিক ব্যৱধান মানি চলা আদি বিষয়সমূহ হাট বা বজাৰ সমিতি অথবা লেছিসকলে সুনিশ্চিত কৰিব । তেওঁলোকে সমগ্ৰ বজাৰ এলেকাত সকলো ক'ভিড বিধি মানি চলাটোও সুনিশ্চিত কৰিব লাগিব বুলি নিৰ্দেশনাটোত কোৱা হৈছে । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
*NORTHEAST NEWS INDIA*

Monday, 20 September 2021

Agenda

COVID-19🦠😷 Vaccination Session site list Golaghat District. On 21/09/2021

COVID-19🦠😷 Vaccination Session site list Golaghat District. On 21/09/2021

Golaghat COVID-19🦠😷 Details

Golaghat COVID-19🦠😷 Details

*গোলাঘাটত জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ (দিশা) বৈঠক সম্পন্ন**চৰকাৰী নীতি-নিৰ্দেশনা মানি বিভিন্ন আঁচনিৰ পুঁজিৰ উচিত ব্যৱহাৰৰ নিৰ্দেশ সাংসদ গৌৰৱ গগৈৰ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১৬২

*গোলাঘাটত জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ (দিশা) বৈঠক সম্পন্ন*

*চৰকাৰী নীতি-নিৰ্দেশনা মানি বিভিন্ন আঁচনিৰ পুঁজিৰ উচিত ব্যৱহাৰৰ নিৰ্দেশ সাংসদ গৌৰৱ গগৈৰ*

গোলাঘাট, ২০ ছেপ্টেম্বৰঃ গোলাঘাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত আজি জিলা গ্ৰামোন্নয়ন অভিকৰণৰ উদ্যোগত জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ (দিশা) বৈঠক অনুষ্ঠিত হয় । বৈঠকত কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ শ্ৰী গৌৰৱ গগৈ আৰু জিলাখনৰ আটাইকেইটা বিধানসভা সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি উপস্থিত আছিল । সভাত ভাগ লৈ সাংসদ শ্ৰী গৌৰৱ গগৈয়ে বিভিন্ন বিভাগৰ অধীনত জিলাখনত ৰূপায়িত উন্নয়নমূলক আঁচনিসমূহৰ কাম-কাজ তথা অগ্ৰগতিৰ বুজ লয় । বৈঠকত জিলা গ্ৰামোন্নয়ন অভিকৰণৰ দ্বাৰা ৰূপায়িত মহাত্মা গান্ধী এনৰেগা আঁচনিৰ অধীনত জবকাৰ্ড প্ৰদান আৰু অন্যান্য কাম-কাজৰ খতিয়ান দাঙি ধৰা হয় । আনহাতে খৰাংপীড়িত গোলাঘাট আৰু সৰুপথাৰ অঞ্চলত জলসিঞ্চন, ভূমি সংৰক্ষণ আৰু মীন বিভাগে গ্ৰহণ কৰা ব্যৱস্থাৱলী সন্দৰ্ভতো তেওঁ বিতংভাৱে বুজ লয় । তেওঁ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত হৈ থকা কাম-কাজৰো পৰ্যালোচনা কৰে । আনহাতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী ধীৰাজ দাসে চতুৰ্দশ আৰু পঞ্চদশ বিত্ত আয়োগৰ অধীনত পঞ্চায়তসমূহৰ বাবে আবণ্টিত ধন তথা কাম-কাজৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰে । সাংসদ শ্ৰী গগৈয়ে পঞ্চদশ বিত্ত আয়োগৰ ধনৰ ব্যৱহাৰক লৈ যাতে প্ৰশ্ন উত্থাপিত নহয় তাৰ বাবে চৰকাৰী নীতি-নিৰ্দেশনা আৰু নিয়মসমূহ মানি চলি পুঁজিৰ উচিত ব্যৱহাৰৰ নিৰ্দেশ দিয়ে । তেওঁ লোকনিৰ্মাণ (পথ) বিভাগৰ দ্বাৰা প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা, এছ অ' পি ডি, আৰ আই ডি এফ আদি আঁচনিৰ অধীনত বিভিন্ন ঠাইত হৈ থকা পথৰ নিৰ্মাণ তথা উন্নীতকৰণ সন্দৰ্ভতো বুজ লয় । সাংসদগৰাকীয়ে সীমান্তৱৰ্তী গাঁওসমূহৰ বাট-পথৰ উন্নীতকৰণৰ দিশত বিশেষভাৱে গুৰুত্ব আৰোপ কৰি আঁচনিসমূহৰ সফল ৰূপায়ন সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে । আনহাতে জিলাখনৰ ক'ভিড পৰিস্থিতিৰ বুজ লৈ তেওঁ যিসমূহ কেন্দ্ৰত প্ৰতিষেধক গ্ৰহণৰ হাৰ কম তেনে কেন্দ্ৰসমূহৰ ওপৰত বিশেষভাৱে চকু ৰাখিবলৈ পৰামৰ্শ আগবঢ়ায় । তেওঁ জল জীৱন অভিযান, কৃষি, শিক্ষা, শক্তি আদি বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে । বৈঠকত জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱা, জিলা উন্নয়ন আয়ুক্ত শ্ৰীযুতা অৰ্পা বাগলাৰী, জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক শ্ৰী অবিনাশ শইকীয়া আৰু বিভিন্ন বিভাগৰ মুৰব্বীসকল উপস্থিত আছিল । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
*NORTHEAST NEWS INDIA*

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...