Sunday, 19 September 2021

গোলাঘাটৰ গোলামপট্টিৰ জানপাৰাৰ বৰনামঘৰত শনিবাৰে নিশা এখনি ভাওনাৰ নাট প্ৰদৰ্শন কৰা হয়

 গোলাঘাটৰ গোলামপট্টিৰ জানপাৰাৰ বৰনামঘৰত শনিবাৰে নিশা এখনি ভাওনাৰ নাট প্ৰদৰ্শন কৰা হয়


৷ এই নৱজ্যোতি বৰনামঘৰত প্ৰতি বছৰে পবিত্ৰ ভাদমাহৰ ভাগৱত সামৰণীৰ দিনা এখনি মহাপুৰুষীয়া ভাওনাৰ নাট প্ৰদৰ্শন কৰা হয় ৷ এইবাৰো স্থানীয় ৰাইজে তুলসীৰ সতীত্ব হৰণ আৰু শঙ্খচূড় বধ নাটখনি প্ৰদৰ্শন কৰে ৷ অতি সুন্দৰ অভিনয়েৰে প্ৰদৰ্শন কৰা এই  নাটখনিত দৰ্শকৰ অভূতপূৰ্ব সহাৰি লাভ কৰে ৷৷


 প্ৰকাশ শৰ্মা গোলাঘাট NORTHEAST NEWS INDIA

COVID-19🦠😷 Vaccination Session site list Golaghat District. On 20/09/2021

COVID-19🦠😷 Vaccination Session site list Golaghat District. On 20/09/2021

Golaghat COVID-19🦠😷 Details

Golaghat COVID-19🦠😷 Details

Friday, 17 September 2021

*গোলাঘাট জিলাৰ ক'ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদর্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ**সমাগত দুৰ্গোৎসৱত মেলামুখী আৰু সাংস্কৃতিক অনুষ্ঠানৰ পৰা বিৰত থাকিবলৈ ৰাইজৰ প্ৰতি আহ্বান**জল জীৱন অভিযান আৰু লোকনিৰ্মাণ বিভাগৰ অধীনত জিলাখনৰ বাহিৰৰ পৰা অহা শ্ৰমিকসকলক প্ৰতিষেধক প্ৰদান সুনিশ্চিত কৰাৰ নিৰ্দেশ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১৬১

*গোলাঘাট জিলাৰ ক'ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদর্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ*

*সমাগত দুৰ্গোৎসৱত মেলামুখী আৰু সাংস্কৃতিক অনুষ্ঠানৰ পৰা বিৰত থাকিবলৈ ৰাইজৰ প্ৰতি আহ্বান*

*জল জীৱন অভিযান আৰু লোকনিৰ্মাণ বিভাগৰ অধীনত জিলাখনৰ বাহিৰৰ পৰা অহা শ্ৰমিকসকলক প্ৰতিষেধক প্ৰদান সুনিশ্চিত কৰাৰ নিৰ্দেশ*

গোলাঘাট, ১৭ ছেপ্টেম্বৰঃ ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী শ্ৰী কেশৱ মহন্তই আজি জিলাখনৰ ৭টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰি ক'ভিডৰ মেগা প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ বুজ লয় । তেওঁ গোলাঘাট নগৰৰ জিলা স্পৰ্টছ কম্প্লেক্সৰ প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰি পিছত সাংবাদিকৰ আগত কয় যে প্ৰতিজন লোককে দুপালি প্ৰতিষেধক দিয়াতো সুনিশ্চিত কৰাৰ বাবে চৰকাৰে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে । তেওঁ সমাগত দুৰ্গা পূজাত কেৱল মাংগলিক অনুষ্ঠানহে পালন কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় । তেওঁ কয় যে অসমৰ ২ কোটি ১০ লাখৰো অধিক লোকক এতিয়ালৈকে ক'ভিডৰ প্ৰতিষেধক দিয়া হৈছে । ক'ভিডৰ তৃতীয় ঢৌ যাতে নাহে তাৰ বাবে সকলো ধৰণে প্ৰচেষ্টা চলোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে । মন্ত্ৰীগৰাকীয়ে সমাগত দুৰ্গোৎসৱত মেলামুখী আৰু সাংস্কৃতিক অনুষ্ঠানৰ পৰা বিৰত থাকিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায় । আনহাতে সাংবাদিকৰ এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ক'ভিডৰ তৃতীয় ঢৌ আহিলেও যুঁজ দিয়াৰ বাবে চৰকাৰ তথা স্বাস্থ্য বিভাগ প্ৰস্তুত আছে । তাৰ পিছতে তেওঁ নগৰখনৰ পাঁচ আলি সেৱা সদন ৰাজহুৱা ভৱনৰ প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰি প্ৰতিষেধক ল'বলৈ অহা লোকসকলৰ সৈতে মত বিনিময় কৰে । তেওঁ জল জীৱন অভিযানৰ লগতে লোকনিৰ্মাণ বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ অধীনত কাম কৰিবলৈ জিলাখনৰ বাহিৰৰ পৰা অহা শ্ৰমিকসকলক চিনাক্ত কৰি ক'ভিডৰ প্ৰতিষেধক প্ৰদান কৰাটো সুনিশ্চিত কৰিবলৈ  জিলাখনৰ উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাক নিৰ্দেশ দিয়ে । ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে বোকাখাত হাইস্কুল, বোকাখাত চাহ বাগিচা, মৰঙি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, ৰঙাজান চাহ বাগিচা আৰু ৰংদৈ চাহ বাগিচা ফেক্টৰীৰ প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰে ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
*NORTHEAST NEWS INDIA*

আজি গোলাঘাটৰ বিভিন্ন ঠাইত শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা অনুষ্ঠিত কৰা হয় ৷

 আজি গোলাঘাটৰ বিভিন্ন ঠাইত শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা অনুষ্ঠিত কৰা হয় ৷


গোলাঘাটৰ অগ্নি ওআপদকালীন সেৱা কেন্দ্ৰ ; জিলা পৰিবহন বিভাগৰ কায্যালয় ;  বাছ আস্থান ; সাংবাদিকসংস্হাৰ কায্যালয় ; আৰু বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত শ্ৰী শ্ৰী বিশ্বকৰ্মা প্ৰতিমূৰ্তিৰ আগত পূজা অৰ্চনা কৰা হয় ৷ :: 


ভিডিঅ জাৰ্নেলিষ্ট বিশ্বজিত নাথৰ সৈতে প্ৰকাশ শৰ্মা গোলাঘাট NORTHEAST NEWS INDIA

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...