Saturday, 11 September 2021

ৰাষ্ট্ৰীয় পৰ্যায়ত কিক বক্সিঙত অসমৰ হৈ প্ৰতিনিধিত কৰি গোলাঘাট জিলাৰ আঠগৰাকী খেলুৱৈৰ সোনৰ পদক লাভ

 ৰাষ্ট্ৰীয় পৰ্যায়ত কিক বক্সিঙত   অসমৰ হৈ প্ৰতিনিধিত কৰি গোলাঘাট জিলাৰ আঠগৰাকী খেলুৱৈৰ সোনৰ পদক লাভ



গোৱাৰ মাপছাৰ পেড'ম ষ্টেডিয়ামত যোৱা ৪,৫ আৰু ৬ ছেপ্টেম্বৰত অনুষ্ঠিত কিক বক্সিং খেলত অসমৰ হৈ গোলাঘাট জিলাৰ এটি দলে আঠটাকৈ সোনৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা দলটো আজি পুৱতি নিশা ফৰকাটিং জংচনত ৰে'ল উপস্থিত হোৱাৰ লগে লগে খেলুৱৈ দলটোক স্থানীয় লোক সকলে  শনিবাৰে  আদৰণি  জনায়।সেই অনুসৰি      ৪১ বছৰ অনুৰ্ধ্বৰ পৰুষৰ শাখাত গোলাঘাট লক্ষীবাৰীৰ  উত্তম বল্লভ গোস্বামী,২৫ বছৰ অনুৰ্ধ্বৰ গোলাঘাটৰ মিলন বৰতামুলী,২৪ বছৰৰ অনুৰ্ধ্বৰ গোলাঘাট কাছৰীহাটৰ দেৱাংগ পল্লৱ শইকীয়া,১৬ বছৰ অনুৰ্ধ্বৰ বিশাল গুপ্তা,১৫ বছৰ অনুৰ্ধ্বৰ ফৰকাটিঙৰ ৰঞ্জন নাথে সোনৰ পদক লাভ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে মহিলা শাখাত ১৯ বছৰ অনুৰ্ধ্বৰ গোলাঘাট মানচী পাল ,একে শাখাত ওজন ভিত্তিত ফৰকাটিঙৰ ৰিতুমনি নাথ আৰু লক্ষীবাৰী বৰজানৰ চয়নিকা দত্তই ১৮ বছৰ অনুৰ্ধ্বৰ সোনৰ পদক লাভ কৰিবলৈ সক্ষম হয়।ইফালে সোনৰ পদক লাভ কৰা প্ৰতিজন খেলুৱৈ লৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে বিভিন্ন দল ,সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানে।আনহাতে কিক বক্সিঙৰ দলটোৰ নেতৃত্ব দিছিল ৰাজেশ গুপ্তাই । 


কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

গোলাঘাট আৰক্ষীৰ বৃহৎ সফলতা ।

 গোলাঘাট আৰক্ষীৰ বৃহৎ সফলতা ।


 ১১ চেপ্তেম্বৰ

 ৰাজ্য খনৰ বিভিন্ন স্থানত বেংক  প্ৰৱঞ্চনা চলাই বিভিন্ন জনৰ বেংক একাউণ্টৰ ধন হৰলুকি কৰা‌  তিনিটা দুধৰ্ষ  প্ৰৱঞ্চকক শনিবাৰে  গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হল  গোলাঘাট আৰক্ষীয়ে  । ধৃত প্ৰৱঞ্চক তিনিটা  হ'ল  চায়িদ আহমেদ লস্কৰ ,নুৰ আহমেদ বৰভূঞা আৰু মতিবুৰ ৰহমান চৌধুৰী । ইয়াৰে দুটাক গুৱাহাটী আৰু এটাক হোজাই পৰা গ্ৰেপ্তাৰ কৰে  । উল্লেখযোগ্য যে 

গোলাঘাটৰ এখন মহাবিদ্যালয়ৰ অধ্যক্ষৰ বেংক একাউণ্টৰ  পৰা ১৩ লাখ টকা  হেক  কৰিছিল  এই তিনি অপৰাধীয়ে । এ.টি. এমত ধন উলিওৱাৰ সময়ত কৌশলেৰে এ.টি.এম কাৰ্ডৰ জৰিয়তে প্ৰৱঞ্চনা আৰম্ভ কৰিছিল  প্ৰৱঞ্চকৰ দলটোৱে । অধ্যক্ষ জনৰ একাউন্ট পৰা অনলাইন যোগে বেংকৰ পৰা ১৩ লাখ টকা হৰলুকী কৰি বিভিন্ন অনলাইন চাইটত অনলাইন শ্বপিং কৰিছিল প্ৰৱঞ্চক কেইটাই । অধ্যক্ষ গৰাকীৰ ধন হৰলুকী হোৱাৰ  গোচৰৰ ভিত্তিত গোলাঘাট আৰক্ষীয়ে তদন্ত চলাই এই দুধৰ্ষ প্ৰৱঞ্চক কেইটাক গ্ৰেপ্তাৰ কৰিব সক্ষম হয় । প্ৰৱঞ্চক কেইটা ঘৰ হোজাই জিলাত বুলি আৰক্ষীয়ে নিশ্চিত কৰে । এই প্ৰৱঞ্চক কেইটাৰ লগত বহিৰাজ্যৰ প্ৰৱঞ্চকৰ যোগসূত্ৰ থকা বুলি জানিব দিছে  আৰক্ষীয়ে । প্ৰৱঞ্চক কেইটাৰ  পৰা এখন FORD কোম্পানীৰ বিলাসী গাড়ী , বহুতো মোবাইন ফোন, বেংক পাছবুক ,লেপটপ, ৫৯ খন ডেবিট কাৰ্ড, ছিমকাৰ্ডৰ লগতে বহুতো আপত্তিজনক নথি পত্ৰ জব্দ কৰে আৰক্ষীয়ে । ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্যৰ  বাবে সোধ -পোচ কৰিছে প্ৰৱঞ্চক কেইটাক । 

প্ৰৱঞ্চক কেইটাৰ পৰা আৰক্ষীয়ে বৰ্ত্তমান পৰ্যন্ত ৩ লাখ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । 


কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

Friday, 10 September 2021

ঘৰৰ পৰাই লাৰ্ণাৰ্চ লাইচেন্স

Golaghat COVID-19🦠😷 Details

Golaghat COVID-19🦠😷 Details

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ০৯-০৯-২০২১ ইং তাৰিখে অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ০৯-০৯-২০২১ ইং তাৰিখে অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ
[সংবাদ মাধ্যমক অৱগত কৰা অনুসৰি]

➡️ আজিৰ বৈঠকৰ আৰম্ভণিতে কেবিনেটে কালি নিমাতীঘাটৰ সমীপত সংঘটিত শোকাৱহ নাও দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ব্যক্তিৰ আত্মাৰ সদগতিৰ বাবে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷ 

➡️ ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিঙক কালি নিমাতীঘাটত সংঘটিত নাও দুৰ্ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷ অহা এমাহৰ ভিতৰত তেওঁ এই তদন্তৰ প্ৰতিবেদন দাখিল কৰিব৷ উল্লেখযোগ্য যে ইতিমধ্যে যোৰহাট আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত এটা ফৌজদাৰী গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷  

➡️ যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণকাৰ্য যাতে নিদ্ধাৰ্ৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ হৈ উঠে তাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড [এন এইচ আই ডি চি এল] ৰ লগতে দলং নিৰ্মাণৰ লগত জড়িত অন্যান্যসকলৰ সৈতে প্ৰতিমাহে বৈঠকত মিলিত হৈ নিৰ্মাণ কাৰ্যৰ নিয়মীয়া নিৰীক্ষণৰ বাবে আজিৰ কেবিনেটে বিত্তমন্ত্ৰী অজন্তা নেওগক দায়িত্ব অৰ্পণ কৰে৷ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই দলং নিৰ্মাণৰ ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে আনুসংগিক অতিৰিক্ত সহযোগিতা আগবঢ়োৱা হ’ব বুলিও সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

➡️ যোৰহাট-মাজুলীৰ মাজৰ ফেৰী সেৱাকে ধৰি ৰাজ্যখনৰ সামগ্ৰিক জল পৰিবহন ব্যৱস্থাৰ এক বিস্তৃত সংস্কাৰ সাধনৰ বাবে মুখ্যমন্ত্ৰীয়ে অচিৰেই কেতবোৰ স্থায়ী আৰু ফলপ্ৰসূ ব্যৱস্থা ঘোষণা কৰিব বুলি বৈঠকত সিদ্ধান্ত লোৱা হয়৷

➡️ উগ্ৰপন্থী সংগঠন ডিমাছা নেশ্যনেল লিবাৰেশ্যন আৰ্মী [ডি এন এল এ] ই ৬ মাহৰ বাবে ঘোষণা কৰা একপক্ষীয় যুদ্ধবিৰতিৰ প্ৰতি সন্মান জনাই ৰাজ্য চৰকাৰেও পৰৱৰ্তী এমাহৰ বাবে সংগঠনটোৰ বিৰুদ্ধে কোনোধৰণৰ অভিযান নচলোৱাৰ বাবে আজিৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ অৱশ্যে এই সময়ছোৱাত সংগঠনটোৰ সদস্যসকলে অস্ত্ৰ-শস্ত্ৰ লৈ মুকলিকৈ ঘূৰা-পকা কৰিব নোৱাৰিব আৰু ধনদাবীকে ধৰি কোনোধৰণৰ আসামাজিক ঘটনাত লিপ্ত হ’ব নোৱাৰিব৷ 

➡️ চৰকাৰী চাকৰিত যোগদানৰ বাবে এতিয়াৰে পৰা কোনোধৰণৰ পুলিচ ভেৰিফিকেশ্যনৰ প্ৰয়োজন নহ’ব বুলি আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷ চাকৰিৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলে যোগদানৰ পূৰ্বে এই ক্ষেত্ৰত এখন স্ব-ঘোষণা পত্ৰ জমা দিব লাগিব৷ এই ঘোষণা পত্ৰ এটা পৰ্টেলত আপল’ড কৰা হ’ব৷ এই ঘোষণা পত্ৰত সন্নিৱিষ্ট তথ্য সন্দৰ্ভত ভৱিষ্যতে কোনোধৰণৰ অভিযোগ উত্থাপিত হ’লে আৰু সেই অভিযোগ সত্য প্ৰমাণিত হ’লে চাকৰিয়াল গৰাকীৰ বিৰুদ্ধে বিভাগীয় তথা আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ 

➡️ এতিয়াৰে পৰা ৰাজ্যখনৰ নিৱনুৱা যুৱক-যুৱতীসকলে নিয়োগ বিনিময় কেন্দ্ৰত আধাৰ নম্বৰৰ জৰিয়তে অনলাইন যোগে পঞ্জীয়ন কৰিব পাৰিব বুলি আজিৰ কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ অৱশ্যে আধাৰ কাৰ্ড নথকাসকলে অহা ৩১ মাৰ্চ পৰ্যন্ত নিয়োগ বিনিময় কেন্দ্ৰলৈ গৈও পঞ্জীয়ন কৰিব পাৰিব৷ অহা ১ এপ্ৰিল, ২০২১ৰ পৰা এই প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে অনলাইন কৰা হ’ব৷ 

➡️ চৰকাৰী নিৰ্মাণকাৰ্যত বনজ তথা খনিজাত সম্পদ ব্যৱহাৰৰ বাবদ এতিয়াৰে পৰা বন বিভাগক পোনপটীয়াকৈ কোনোধৰণৰ ৰয়েল্টি পৰিশোধ কৰিব নালাগে৷ এই ক্ষেত্ৰত আদায় দিবলগীয়া ৰয়েল্টি নিদ্ধাৰ্ৰিত শতাংশ হিচাপত নিৰ্মাণকাৰ্যত জড়িত ঠিকাদাৰৰ বিল পৰিশোধৰ সময়ত কাটি ৰখা হ’ব৷ আনহাতে, চহৰাঞ্চলত ব্যক্তিগত খণ্ডত গৃহ নিৰ্মাণৰ ক্ষেত্ৰত পৰিশোধ কৰিবলগীয়া এনে ৰয়েল্টি সম পৰিমাণৰ ৪ টা কিস্তিত চৰকাৰী কোষাগাৰত জমা দিব লাগিব৷  

➡️ ৰাজ্য চৰকাৰৰ চাকৰিকে ধৰি অন্যান্য সকলো ক্ষেত্ৰত বিশেষভাৱে সক্ষম লোকসকলৰ বাবে থকা সংৰক্ষণৰ পৰিমাণ পূৰ্বৰ ৩ শতাংশৰ পৰা ৪ শতাংশলৈ বৃদ্ধিৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷

➡️ ৰাজ্যখনত শৈক্ষিক পাঠ্যক্ৰম আগবঢ়োৱা বিভিন্ন বিশ্ববিদ্যালয়ৰ স্বীকৃতিপ্ৰাপ্ত দূৰৱৰ্তী পাঠ্যক্ৰমৰ ডিগ্ৰী, ডিপ্ল’মা, চাৰ্টিফিকেট আদিৰ বৈধতা কায়িকভাৱে শিক্ষাদান কৰা অন্যান্য শৈক্ষিক পাঠ্যক্ৰমৰ প্ৰমাণপত্ৰসমূহৰ সৈতে সম পৰ্যায়ৰ হ’ব বুলি আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷ 

➡️ আজিৰ কেবিনেটে ‘আছাম ষ্টেট অৰ্গেনিক মিছন এজেন্সি’ (Assam State Organic Mission Agency), চমুকৈ ‘অসমা’ নামৰ এটা নতুন সংস্থা গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ ৰাজ্যখনত Mission Organic Value Chain Development (MOVCD) আৰু National Beekeeping and Honey Mission (NBHM) ৰ দৰে অভিযানৰ কাম-কাজ এই সংস্থাৰ তত্ত্বাৱধানত ৰূপায়িত হ’ব৷

গোলাঘাট পৰা মাধৱ গগৈ নৰ্থইষ্ট নিউজ ইণ্ডিয়া।

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...