কৰ্ম কি??
এদিন এজন শিষ্যই #গৌতম_বুদ্ধক সুধিলে.. গুৰুদেৱ , #কৰ্ম মানে কি ...অৰ্থাৎ কৰ্ম কাক বোলে ? তেতিয়া গৌতম বুদ্ধই ক'লে, কৰ্মৰ অৰ্থ বুজিবলৈ মই তোমাক এটা কাহিনী কওঁ...মন দি শুনা...বুদ্ধ দেৱে কোৱা কাহিনীটো উল্লেখ কৰিলোঁ.....
বুলন্দ ৰাজ্যৰ ৰজাই এদিন ঘোঁৰাত উঠি মন্ত্ৰীৰ সৈতে ফুৰি ফুৰি উভতি আহোঁতে এখন দোকানৰ সন্মুখত ৰৈ হঠাৎ মন্ত্ৰীক ক'লে, "মোৰ এই দোকানী জনক ফাঁচি দিবলৈ মন গৈছে মন্ত্ৰীবৰ !! কিয় মই নিজেও নাজানো , কিন্তু মোৰ এনে লাগিছে..মই যেন তেওঁক মৃত্যুদণ্ড দিম...."। মন্ত্ৰীয়ে কিবা কোৱাৰ আগতেই ৰজা আগুৱাই গুছি গ'ল । মন্ত্ৰীজন জ্ঞানী আৰু বুদ্ধিয়ক আছিল; তেওঁ কাৰণটো জানিবৰ বাবে পিছদিনা ৰাতিপুৱা ছদ্মবেশ ধৰি সেই নিৰ্দিষ্ট দোকানখনলৈ গৈ দোকানীজনক সুধিলে , "তোমাৰ এই ব্যৱসায় কেনে চলিছে কোৱাচোন ?? "দোকানী জনে চন্দন কাঠৰ ব্যৱসায় কৰিছিল.... তেওঁ ক'লে, "ব্যৱসায় ভাল নহয়... মানুহবোৰ আহে আৰু চন্দনৰ সুগন্ধি লৈ গুছি যায়....কাঠ নিকিনে ; সেয়ে মই সদায় কামনা কৰি আছো..
আমাৰ ৰাজ্যৰ ৰজা জনৰ যদি সোনকালে মৃত্যু হয়, তেতিয়া মোৰ দোকানৰ বহুত চন্দন কাঠ বিক্ৰী হ'ব আৰু মোৰ ব্যৱসায় তেতিয়াৰ পৰা ভালকৈ চলিব ।""... মন্ত্ৰীৰ বুজিবলৈ বাকী নাথাকিল ; দোকানীজনে মনৰ ভিতৰত ৰজাৰ প্ৰতি বেয়া ভাৱ পোষণ কৰি থকাৰ বাবে তাৰ পৰা উদ্ভৱ হোৱা "Negative Energy"য়ে ৰজাক স্পৰ্শ কৰিছিল আৰু তেওঁৰ মনৰ ভিতৰতো প্ৰভাৱ পেলাইছিল...যাৰ ফলত দোকানীজনক দেখাৰ লগে লগে ৰজাৰ মনৰ ভিতৰতো "নেতিবাচক ভাৱ" (Negative Thought)ৰ সৃষ্টি হৈছিল । মন্ত্ৰীজনে দোকানীজনৰ পৰা অলপ চন্দনৰ কাঠ কিনি ল'লে আৰু ধুনীয়াকৈ বান্ধি লৈ ৰজাৰ ওচৰলৈ গ'ল আৰু ক'লে ,""" মহাৰাজ .. এই চন্দন কাঠখিনি কালিৰ সেই দোকানীজনে আপোনালৈ উপহাৰ স্বৰূপে দি পঠাইছে ।" .... কথাটো শুনি ৰজাৰ বৰ দুখ লাগিল, তেওঁ ভাৱিলে..দোকানীজন আচলতে ভাল মানুহ....মইহে তেওঁৰ বিষয়ে বৰ বেয়াকৈ ক'লো । ৰজাই অলপ সোণৰ মুদ্ৰা মন্ত্ৰীৰ হাততে দোকানীজনলৈ পঠাই দিলে । ৰজাই দিয়া সোনৰ মুদ্ৰাখিনি পাই দোকানীজনে নিজকে দোষী যেন অনুভৱ কৰি ক'লে..."" ইমান দয়ালু ৰজা জনৰ বিষয়ে মই বাৰু কিয় বেয়াকৈ চিন্তা কৰিছিলোঁ ??? ""
......... কাহিনীটো ইমানতে সামৰি বুদ্ধ দেৱে শিষ্যক ক'লে, কৰ্ম কি এতিয়া বুজিলানে ? শিষ্যই ক'লে , "" হয় গুৰুদেৱ...
মানুহৰ শব্দই হৈছে কৰ্ম....চিন্তাই কৰ্ম "".... শিষ্যৰ উত্তৰ শুনি বুদ্ধ দেৱে ক'লে ,"" মানুহৰ ভাৱনা আৰু বিচাৰ বুদ্ধিয়েই হৈছে মানুহৰ আচল কৰ্ম ..... আমি আনৰ বিষয়ে যি দৰে ভাৱিম...যি দৰে বিচাৰ কৰিম...সেই একেধৰণৰ ভাৱ আৰু বিচাৰ আমি প্ৰতিদান স্বৰূপে আনৰ পৰাও পাম "
সেয়ে আমি সদায় চিনাকি -অচিনাকি সকলোৰে প্ৰতি সদায় ভালভাৱ অৰ্থাৎ "ইতিবাচক ভাৱধাৰা" (Positive Thinking to others) মনত পোষণ কৰিব লাগে । মানুহে যেতিয়াই তেওঁৰ ভাৱ-চিন্তাক নিযন্ত্ৰণত ৰাখিব পাৰিব, তেতিয়াই তেওঁ মহৎ ব্যক্তিলৈ পৰিৱৰ্তিত হ'ব । আমি যদি সদায় আমাৰ মনত আনৰ প্ৰতি স্বাৰ্থহীন ভাৱে ভাল ভাৱ পোষণ কৰোঁ ...আনৰ মঙ্গলৰ কথা চিন্তা কৰোঁ, তেন্তে আমাৰ প্ৰতিও আন ব্যক্তিয়ে ভাল ভাৱেই পোষণ কৰিব আমি নজনাকৈয়ে.....॥॥
#সংগৃহীত