Thursday, 15 July 2021

গোলাঘাট জিলাত ক'ভিড সম্পৰ্কীয় নতুন নিৰ্দেশনা* *গেলামালৰ দোকান, ফল-মূল আৰু শাক-পাচলিৰ দোকান, পশু খাদ্য, হাঁহ-কুকুৰাৰ খাদ্য আৰু সাৰৰ দোকান দিনৰ ১ বজালৈকে খোলা ৰাখিব পাৰিব* *২৪ঘণ্টাই থাকিব সান্ধ্য আইন*

15 July, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ১২৩ জনসংযোগ, গোলাঘাট

*গোলাঘাট জিলাত ক'ভিড সম্পৰ্কীয় নতুন নিৰ্দেশনা* 

*গেলামালৰ দোকান, ফল-মূল আৰু শাক-পাচলিৰ দোকান, পশু খাদ্য, হাঁহ-কুকুৰাৰ খাদ্য আৰু সাৰৰ দোকান দিনৰ ১ বজালৈকে খোলা ৰাখিব পাৰিব* 

*২৪ঘণ্টাই থাকিব সান্ধ্য আইন*
 
গোলাঘাট, ১৫ জুলাই : গোলাঘাট জিলাত ক'ভিড 19ৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে কেতবোৰ নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে । সেই অনুসৰি জিলাখনত পূৰ্বৰ দৰেই ২৪ ঘণ্টাই সান্ধ্য আইন অব্যাহত থাকিব । গেলামালৰ দোকান, ফল-মূল আৰু শাক-পাচলিৰ দোকান, পশু খাদ্য, হাঁহ-কুকুৰাৰ খাদ্য আৰু সাৰৰ দোকান দিনৰ ১ বজালৈকে খোলা ৰাখিব পাৰিব । সকলো ধৰ্মীয় অনুষ্ঠান, ব্যৱসায় প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়/প্ৰতিষ্ঠান, ৰেষ্টুৰেণ্ট, ধাবা আৰু খাদ্য বিপনী, বিক্ৰী কেন্দ্ৰ, শ্ব' ৰুম, মল আদি বন্ধ থাকিব । শীতল ভঁৰালসমূহ কেৱল মেৰামতিৰ কামত দিনৰ ১ বজালৈকে খোলা ৰাখিব পাৰিব । ই-কমাৰ্চৰ গুদামসমূহ দিনৰ ৩বজালৈকে খুলিব পাৰিব । গেলামালৰ পাইকাৰী দোকান আৰু গুদামসমূহ দিনৰ ২বজালৈকে খুলিব পাৰিব । ফাৰ্মাচী আৰু গাখীৰ বিক্ৰী কেন্দ্ৰসমূহ ২৪ ঘণ্টাই খোলা ৰাখিব পাৰিব । এই নিৰ্দেশ ১৬ জুলাই পুৱা ৫ বজাৰ পৰা কাৰ্যকৰী হ'ব । জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ শ্ৰীযুত মৃগেশ নাৰায়ণ বৰুৱাই জাৰি কৰা নিৰ্দেশনাটোত কোৱা হৈছে যে এইসমূহৰ বাহিৰে অন্য নিৰ্দেশনাসমূহ যোৱা ৬জুলাইৰ নিৰ্দেশনামতেই বাহাল থাকিব ।  *এই সময়ছোৱাত পেট্ৰল পাম্প, গেছ এজেঞ্চি, বেংক, চাহ বাগিচা আৰু অন্য জৰুৰী সেৱাসমূহ পূৰ্বৰ দৰে খোলা থাকিব ।* পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে এই নিৰ্দেশনা বাহাল থাকিব ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

15 July, 2021Order Notifications

15 July, 2021

Order Notifications

15 July, 2021Golaghat Covid🦠 Details

15 July, 2021

Golaghat Covid🦠 Details

15 July, 2021COVID-19🦠😷 Vaccination Session site list Golaghat District. On 16/07/2021

15 July, 2021

COVID-19🦠😷 Vaccination Session site list Golaghat District. On 16/07/2021

15 July, 2021Covid Update Assam Covid19 Assam and actions taken as on 14/07/2021.

15 July, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 14/07/2021.

চৰকাৰ চলোৱা বৰমূৰীয়া সকললৈ , চৰকাৰলৈ আহ্বান।

15 July, 2021

১৫ জুলাই, ২০২১

চৰকাৰ চলোৱা বৰমূৰীয়া সকললৈ , চৰকাৰলৈ আহ্বান। 

যদি কোনো ব্যক্তিৰ ক'ভিড প্ৰতিষেধক লোৱাৰ পিছত যদি কিবা কাৰণত মৃত্যু হয়। 

 সেই ব্যক্তিৰ পৰিয়াললৈ চৰকাৰে এককালীন আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে।

আৰ্থিক সাহায্য হিচাপে ৫০ লাখ টকা ঘোষণা কৰিব লাগে আৰু প্ৰদান কৰিব লাগে।

চৰকাৰলৈ দুখীয়া জনসাধাৰণ কথা চিন্তা কৰিবলৈ আকৌ পুনৰ আহ্বান জনালো। 

দেশ তথা ৰাজ্যলৈ শান্তি ঘুৰি আহক ভগৱানলৈ প্ৰাৰ্থনা জনাইছো। 

ধন্যবাদেৰে। 

মাধৱ গগৈ।।

১৫ জুলাই, ২০২১১/প্ৰকৃততে দেশত বা ৰাজ্যত হৈছে কি ? ২/ইয়াৰ বাবে দায়ী কোন ? ৩/ কাৰ এই পৰিকল্পনা ? সকলোৱে ভালকৈ ভৱাৰ সময় আহি পৰিছে।

১৫ জুলাই, ২০২১

১/প্ৰকৃততে দেশত বা ৰাজ্যত হৈছে কি ? 
২/ইয়াৰ বাবে দায়ী কোন ? 
৩/ কাৰ এই পৰিকল্পনা ? 
সকলোৱে ভালকৈ ভৱাৰ সময় আহি পৰিছে।

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...