Monday, 12 July 2021
যোৰহাটত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ ক'ভিড ব্যৱস্থাৱলীৰ সন্দৰ্ভত জৰুৰী বৈঠক
12 July, 2021
জনসংযোগ,যোৰহাট
প্ৰেছ বাৰ্তা নং ৮৫/ ২০২১
যোৰহাটত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ ক'ভিড ব্যৱস্থাৱলীৰ সন্দৰ্ভত জৰুৰী বৈঠক
যোৰহাট, জুলাই ১১: যোৰহাট জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ সভাপতিত্বত আজি আৱৰ্ত্ত ভৱনৰ সভাকক্ষত জিলাখনত ক'ভিড সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত ল'বপৰা ব্যৱস্থাৱলীৰ সন্দৰ্ভত এখন জৰুৰী বৈঠক অনুষ্ঠিত হয়৷সভাত আৰক্ষী অধীক্ষক অংকুৰ জৈন, অতিৰিক্ত উপায়ুক্তসকল, সকলো প্ৰশাসনিক বিষয়া,আৰক্ষী বিষয়া সকল, সহকাৰী আয়ুক্তসকল, থানাসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াসকল উপস্থিত থাকে৷
জিলাখনত ক'ভিড সংক্ৰমণ সম্পূৰ্ণৰূপে ৰোধ কৰাৰ বাবে কাইলৈৰ পৰা ক'ভিড প্ৰট'কল ভঙ্গকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব জিলা আৰু আৰক্ষী প্ৰশাসনে৷ সভাত জিলা উপায়ুক্তই সকলোকে অধিক ক্ষীপ্ৰতাৰে নিজ নিজ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায় ৷ যোৰহাটত অহা দুদিন সম্পূৰ্ণ লকডাউন দিয়াৰ বিষয়ে জিলা উপায়ুক্তই উল্লেখ কৰি কয় যে বিনাকাৰণত জনসাধাৰণক বাহিৰলৈ নোলাবলৈ নিৰ্দেশ দিয়া হৈছে, কেৱল জৰুৰীকালীন সেৱাসমূহহে চলি থাকিব যদিও এইক্ষেত্ৰত সঠিক প্ৰমান পত্ৰ লগত লৈ যাব লাগিব৷ আনহাতে প্ৰাতঃ ভ্ৰমণ আৰু সান্ধ্য ভ্ৰমণৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে৷ গেলামাল শাক পাচলি দোকান দুদিন বন্ধ দিয়া হৈছে। অনুমতি থকা মুষ্টিমেয় দোকান সমূহে হোম ডেলিভাৰী কৰিব পাৰিব। ঔষধ, চিকিৎসা, পানী যোগান, গাখীৰ, সংবাদ মাধ্যম আদি পূৰ্বৰ দৰে খোলা থাকিব। পাইকাৰী গেলামাল পৰ্যন্ত বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে৷
ইয়াৰোপৰি কন্টেইনমেন্ট জ'ন সমূহত ড্ৰোন কেমেৰাৰ দ্বাৰা নিৰীক্ষন কৰাৰ বিষয়ে আৰক্ষী অধীক্ষকে অবগত কৰে৷ কাইলৈ আৰক্ষী আৰু অৰ্দ্ধ সামৰিক বাহিনীয়ে যোৰহাট জিলাৰ কিছু অঞ্চলত টহল দিব।
স্বা: শাৰদী গগৈ
জিলা তথ্য আৰু জনসংযোগ বিষয়া,যোৰহাট
Sunday, 11 July 2021
Subscribe to:
Posts (Atom)
পৃথিৱীৰ ধংশ সমাগত
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
03 December, 2020 GOLAGHAT SUKAFA DIVAS চ্যুকাফা দিবস l চ্যুকাফা দিবস উপলক্ষে বুধবাৰে গোলাঘাট নগৰৰ মাজমজিয়া স্থিত চ্যুকাফা ক্ষেত্ৰত চ্যু...
-
30 November, 2020 সময়ৰ নিৰ্মম সত্য উপলব্ধি কৰো আহক... # উচ্চ শিক্ষিত আৰু কম শিক্ষিতৰ কোনো পাৰ্থক্য নাথাকে চল্লিশ বছৰ বয়সত । উচ্চ শিক্ষিত জন...
-
08 December, 2020 কৃষক আন্দোলনৰ নামত আজি ঘোষণা কৰা হ’ল ভাৰত বন্ধ ৷ কিন্ত আজিৰ বন্ধদিনা দুখিয়া ভোকাতুৰৰ ওচৰত উপস্থিত হ"ল এজন সমাজকৰ্মী ...