Monday, 12 July 2021

*গোলাঘাট জিলাত সুলভ মূল্যৰ দোকানত সংঘটিত অনিয়মৰ বিৰুদ্ধে যোগান বিভাগৰ ব্যাপক অভিযান* *অস্তিত্বহীন দোকানৰ নামত চৰকাৰী সামগ্ৰী সংগ্ৰহ, সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে গোচৰ*

12 July, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ১১৯ জনসংযোগ, গোলাঘাট

*গোলাঘাট জিলাত সুলভ মূল্যৰ দোকানত সংঘটিত অনিয়মৰ বিৰুদ্ধে যোগান বিভাগৰ ব্যাপক অভিযান* 

*অস্তিত্বহীন দোকানৰ নামত চৰকাৰী সামগ্ৰী সংগ্ৰহ, সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে গোচৰ* 

গোলাঘাট, ১২ জুলাই : গোলাঘাট জিলাৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ এটা দলে আজি জিলাখনৰ মৰঙিৰ শ'লমৰা টোপ অঞ্চলৰ মঃ ফইজুদ্দিন আহমেদ নামৰ এজন লোকৰ সুলভ মূল্যৰ দোকানত অভিযান চলায় ৷ এই অভিযানত সুলভ মূল্যৰ দোকানখনত ভালেমান বিসংগতি তথা অনিয়ম সংঘটিত কৰাৰ তথ্য পোহৰলৈ আহে । অভিযানকাৰী দলটোৱে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ চাউল আৰু ৰাজসাহায্যযুক্ত কেৰাচিন মজুতকৰণৰ পঞ্জীয়ন বহী নৰখা, ১৪ জনতকৈ অধিক ৰেচন কাৰ্ড থকা হিতাধিকাৰীক চাউল বিতৰণ নকৰা, অন্যান্য অনুজ্ঞাপত্ৰ নথকাকে আদি কৰি দোকানীজনৰ বিৰুদ্ধে বিভিন্ন দফা উলংঘনৰ ভালেমান তথ্য লাভ কৰে । ইয়াৰোপৰি, তেওঁ ৰংদৈ মহিলা সমবায় নামেৰে এখন অস্তিত্বহীন সুলভ মূল্যৰ দোকান চলাই আছিল । কোনোধৰণৰ অনুজ্ঞাপত্ৰ নোহোৱাকৈ এই সুলভ মূল্যৰ দোকানখনৰ নামত লোকজনে বিভাগৰ পৰা সামগ্ৰী সংগ্ৰহ কৰি বিতৰণ কৰি আহিছিল ৷ বিভাগে লোকজনৰ বিৰুদ্ধে আচাম পাব্লিক ডিষ্ট্ৰিবিউচন অৱ আৰ্টিকলছ অৰ্ডাৰ, ১৯৮২ ৰ ২৩ নং দফা উলংঘন কৰাৰ অভিযোগত এটা গোচৰ ৰুজু কৰে ৷ লগতে বিহীত চৰকাৰী প্ৰক্ৰিয়া অনুসৰি বিভাগে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ ৫.৮০ কুইন্টল চাউল জব্দ কৰে ৷ উল্লেখযোগ্য যে খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী শ্ৰীযুত ৰঞ্জিত কুমাৰ দাসে বিভাগটোত হৈ থকা অনিয়মসমূহ দূৰ কৰাৰ উদ্দেশ্যে ভুৱা হিতাধিকাৰী আৰু ভুৱা সুলভ মূল্যৰ দোকান আদিৰ বিৰুদ্ধে ব্যাপক অভিযান চলাবলৈ বিভাগৰ বিষয়া-কৰ্মচাৰীসকলক নিৰ্দেশ দিছিল । সেই অনুসৰি গোলাঘাট জিলাত বিভাগৰ উদ্যোগত এনে অনিয়ম সংঘটিত কৰা লোকৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তোলা হৈছে । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

12 July, 2021https://pmevents.ncog.gov.in/.

12 July, 2021


https://pmevents.ncog.gov.in/.

*গোলাঘাট জিলাত ১৩ আৰু ১৪ জুলাইত গেলামালৰ দোকানকে ধৰি সকলো ব্যৱসায় প্ৰতিষ্ঠান বন্ধ ঘোষণা প্ৰশাসনৰ* *সকলোৱে সহযোগ কৰক, সন্মিলিত প্ৰচেষ্টাতহে আমি ক'ভিডক পৰাজিত কৰিব পাৰিম : উপায়ুক্ত*

12 July, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ১১৮ জনসংযোগ, গোলাঘাট

*গোলাঘাট জিলাত ১৩ আৰু ১৪ জুলাইত গেলামালৰ দোকানকে ধৰি সকলো ব্যৱসায় প্ৰতিষ্ঠান বন্ধ ঘোষণা প্ৰশাসনৰ* 

*সকলোৱে সহযোগ কৰক, সন্মিলিত প্ৰচেষ্টাতহে আমি ক'ভিডক পৰাজিত কৰিব পাৰিম : উপায়ুক্ত* 

গোলাঘাট, ১২ জুলাই : গোলাঘাট জিলাত ক'ভিড 19ৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে ১৩ জুলাই মঙলবাৰ আৰু ১৪ জুলাই বুধবাৰে জিলাখনৰ সকলো দোকান-পোহাৰ বন্ধ ৰখাৰ নিৰ্দেশ দিছে । এই সময়ছোৱাত গাখীৰ বিক্ৰী কেন্দ্ৰ আৰু ফাৰ্মাচীসমূহৰ বাহিৰে গেলামাল, শাক-পাচলি আৰু ফল-মূলৰ দোকানসমূহকে ধৰি সকলো ব্যৱসায় প্ৰতিষ্ঠান বন্ধ থাকিব । জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ শ্ৰীযুত মৃগেশ নাৰায়ণ বৰুৱাই এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে । অৱশ্যে *এই সময়ছোৱাত পেট্ৰল পাম্প, গেছ এজেঞ্চি, বেংক, চাহ বাগিচা, উদ্যোগ আৰু অন্য জৰুৰী সেৱাসমূহ পূৰ্বৰ দৰে খোলা থাকিব ।* এই নিৰ্দেশ উলংঘা কৰা লোকৰ বিৰুদ্ধে অসম ক'ভিড19 নিয়ন্ত্ৰণ অধিনিয়ম, দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ আৰু ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে । উপায়ুক্তগৰাকীয়ে ক'ভিডবিৰোধী যুঁজখনত সহযোগ কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাইছে । তেওঁ কয় যে কেৱল সন্মিলিত প্ৰচেষ্টাতহে আমি এই যুঁজত জয়লাভ কৰিব পাৰিম । তেওঁ অতি প্ৰয়োজন নহ'লে ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় । অন্যথা প্ৰশাসনৰ নিৰ্দেশ উলংঘা কৰা ব্যৱসায়ী অথবা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেওঁ সকীয়াই দিয়ে । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

Big Breaking

12 July, 2021

12 July, 2021

 12 July, 2021


যোৰহাটত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ ক'ভিড ব্যৱস্থাৱলীৰ সন্দৰ্ভত জৰুৰী বৈঠক

12 July, 2021

জনসংযোগ,যোৰহাট
প্ৰেছ বাৰ্তা নং ৮৫/ ২০২১

যোৰহাটত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ ক'ভিড ব্যৱস্থাৱলীৰ সন্দৰ্ভত জৰুৰী বৈঠক
যোৰহাট, জুলাই ১১: যোৰহাট জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ সভাপতিত্বত আজি আৱৰ্ত্ত ভৱনৰ সভাকক্ষত জিলাখনত ক'ভিড সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত ল'বপৰা ব্যৱস্থাৱলীৰ সন্দৰ্ভত এখন জৰুৰী বৈঠক অনুষ্ঠিত হয়৷সভাত আৰক্ষী অধীক্ষক অংকুৰ জৈন, অতিৰিক্ত উপায়ুক্তসকল, সকলো প্ৰশাসনিক বিষয়া,আৰক্ষী বিষয়া সকল, সহকাৰী আয়ুক্তসকল, থানাসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াসকল উপস্থিত থাকে৷

জিলাখনত ক'ভিড সংক্ৰমণ সম্পূৰ্ণৰূপে ৰোধ কৰাৰ বাবে কাইলৈৰ পৰা ক'ভিড প্ৰট'কল ভঙ্গকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব জিলা আৰু আৰক্ষী প্ৰশাসনে৷ সভাত জিলা উপায়ুক্তই সকলোকে অধিক ক্ষীপ্ৰতাৰে নিজ নিজ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায় ৷ যোৰহাটত অহা দুদিন সম্পূৰ্ণ লকডাউন দিয়াৰ বিষয়ে জিলা উপায়ুক্তই উল্লেখ কৰি কয় যে বিনাকাৰণত জনসাধাৰণক বাহিৰলৈ নোলাবলৈ নিৰ্দেশ দিয়া হৈছে, কেৱল জৰুৰীকালীন সেৱাসমূহহে চলি  থাকিব যদিও এইক্ষেত্ৰত সঠিক প্ৰমান পত্ৰ লগত লৈ যাব লাগিব৷ আনহাতে প্ৰাতঃ ভ্ৰমণ  আৰু সান্ধ্য ভ্ৰমণৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে৷ গেলামাল শাক পাচলি দোকান দুদিন বন্ধ দিয়া হৈছে। অনুমতি থকা মুষ্টিমেয় দোকান সমূহে হোম ডেলিভাৰী কৰিব পাৰিব। ঔষধ, চিকিৎসা, পানী যোগান, গাখীৰ, সংবাদ মাধ্যম আদি পূৰ্বৰ দৰে খোলা থাকিব। পাইকাৰী গেলামাল পৰ্যন্ত বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে৷

ইয়াৰোপৰি কন্টেইনমেন্ট জ'ন সমূহত ড্ৰোন কেমেৰাৰ দ্বাৰা নিৰীক্ষন কৰাৰ বিষয়ে আৰক্ষী অধীক্ষকে অবগত কৰে৷ কাইলৈ আৰক্ষী আৰু অৰ্দ্ধ সামৰিক বাহিনীয়ে যোৰহাট জিলাৰ কিছু অঞ্চলত টহল দিব। 

স্বা: শাৰদী গগৈ
জিলা তথ্য আৰু জনসংযোগ বিষয়া,যোৰহাট

শুভেচ্ছা বাৰ্তা

বিশ্বৰ সমগ্ৰ মানৱ জাতিক আন্তৰিক নতুন বছৰৰ শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। এই নতুন বছৰে মানৱ হৃদয়ত শান্তি, প্ৰেম, সহানুভূতি আৰু ভাতৃত্ববোধ জগ...