Saturday, 10 July 2021

কৰোনা নিগেটিভ মানেই সুস্থ নহয়,হৃদযন্ত্ৰৰ ওপৰত দৃষ্টি ৰাখক:

কৰোনা নিগেটিভ মানেই সুস্থ নহয়,
হৃদযন্ত্ৰৰ ওপৰত দৃষ্টি ৰাখক:  
                              ডা: নিৰ্মলকান্তি ভট্টাচাৰ্য
(লিখক উত্তৰ-পূৰ্বাঞ্চলৰ বিশিষ্ট হৃদৰোগ  
   বিশেষজ্ঞ। লিখনিটো অসমীয়ালৈ অনুবাদ  
        কৰিছে ড°শিখা বেজবৰুৱা গোস্বামীয়ে)
কৰোনা ভাইৰাছ হ'লে মানুহৰ শৰীৰত এচিই- ২ ৰিচেপ্টৰ' নামৰ একপ্ৰকাৰৰ কেমিকেলে আটাইতকৈ বেছি প্ৰভাৱিত কৰে । কৰোনা ভাইৰাছ এই ৰিচেপ্টৰৰ জৰিয়তে শৰীৰৰ কোষত প্ৰবেশ কৰি  হাওঁফাওঁ আৰু আন আন অংগলৈ বিয়পি পৰে । কৰোনা ভাইৰাছে কাৰ্ডিঅ ভাচকুলাৰ চিষ্টেম অৰ্থাৎ হাৰ্টত যেতিয়া আঘাত কৰে তেতিয়া প্ৰথমে হাৰ্টৰ পাম্প কৰাৰ ক্ষমতা কমি যায় । দ্বিতীয়তে ব্লাড ভেচেল সমূহ ক্ষতিগ্ৰস্ত বা ডেমেজ হৈ যোৱাৰ ফলত হাৰ্টত তেজ গোট মৰাৰ সম্ভাৱনা থাকে অৰ্থাৎ কোৱাগোলেচন ডিজ অৰ্ডাৰ হয় ।এনেদৰে ক্লট বা তেজ গোট মাৰিলে কৰোনা আক্ৰান্ত ৰোগী বা কৰোনাৰ পৰা সুস্থ হোৱা ব্যক্তিৰ হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা থাকে।
  কৰোনা ভাইৰাছ শৰীৰত থিতাপি ল'লে হাৰ্টৰ 'ইলেক্ট্ৰিকেল ডিষ্টাৰবেন্স'হয় । চিকিৎসা বিজ্ঞানত এনে অৱস্থাক 'এবিদমিয়া'বুলি কোৱা হয় । এবিদমিয়াত হাৰ্টৰ স্বাভাৱিক ক্ৰিয়া বাধাগ্ৰস্ত হৈ পৰে।ফলস্বৰূপে হাৰ্ট বিট আৰু ৰিডমৰ পৰিৱৰ্তন আনে । হাৰ্ট বিট কেতিয়াবা বাঢ়ি যায়,কেতিয়াবা কমি যায়।এনে অৱস্থাত হাৰ্টবিট বন্ধ হৈ যোৱাৰো সম্ভাৱনা থাকে । কৰোনাত আক্ৰান্ত হৈ বা কভিডৰ পৰা সুস্হ হৈ উঠাৰ পিছতো গাড়ীৰ বেটেৰী নষ্ট হৈ যোৱাৰ নিচিনাকৈ বহুতৰে হাৰ্টৰ ইলেক্ট্ৰিকেল ডিষ্টাৰবেন্সৰ কাৰণে 'ছাডেন কাৰ্ডিয়েক ডেথ' হ'ব পাৰে।
     আচলতে কৰোনা অহা এক-ডেৰ বছৰ হৈছে যদিও এতিয়াহে আমাৰ সকলোৱে কৰোনাৰ ভয়াবহতা বা ইয়াৰ পৰা মুক্তিৰ উপায় সম্পৰ্কে জানিছে,শিকিছে।এইক্ষেত্ৰত ভুলটো হৈছে কি কভিড পজিটিভ ৰোগী হস্পিতালত ভৰ্তি হৈছে,তেওঁলোকক ঔষধ দিয়া হৈছে।নানাধৰণৰ স্টেৰোইড দিয়া হৈছে।কিছুদিনৰ পিছতে ৰিপোৰ্ট নিগেটিভ অহাৰ লগে লগে ঘৰলৈ গুচি গৈছে।অথবা কিছুদিন হয়তো কোৱাৰেন্টাইন বা আইচলেচনত আছে,সিমানেই।নিগেটিভ হৈয়েই লোকজনে সুস্থ হৈ যোৱা বুলি ভাৱিছে,কথা ইমানতে শেষ বুলি ভাৱিছে।কিন্তু মুঠেই নহয়,কাহিনীৰ আৰম্ভনি এতিয়াৰ পৰা হৈছে।
    খুউৱ স্পষ্টভাৱে সকলোৱে মনত ৰখা উচিত যে লেলাৱতীৰ নমুনা পৰীক্ষাৰ ৰিপোৰ্ট নিগেটিভ অহা মানে শৰীৰৰ পৰা মাত্ৰ ভাইৰাছটোহে নোহোৱা হৈছে।কৰোনা আক্ৰান্ত হোৱাৰ 'আফটাৰ এফেক্ট'অৰ্থাৎ ৰোগৰ পৰৱৰ্তী বা পাৰ্শ্বক্ৰিয়া হিচাপে শৰীৰত বহুতো সমস্যা থাকি যায় । কৰোনাৰ পৰৱৰ্তী সমস্যাই হৃদযন্ত্ৰক মাৰাত্মক ভাৱে প্ৰভাৱিত কৰে।সমীক্ষাৰ পৰা দেখা গৈছে যে ৫০ শতাংশৰো অধিক কৰোনাৰোগীৰ যিসকলে নিগেটিভ হোৱাৰ পিছত হস্পিতালৰ পৰা গুচি গৈছে সেইসকলৰ কিন্তু পোষ্ট শাৰীৰিক জটিলতা থাকি গৈছে।কৰোনাৰ পৰৱৰ্তী বহুতো উপসৰ্গই দেখা দিছে।
     ইয়াৰ ভিতৰত হাৰ্টৰ সমস্যা অন্যতম।আনকি গুৱাহাটী বা অসম মেডিকেল কলেজ হস্পিতালতে বিভিন্ন বয়সৰ বহুতো লোকৰ মৃত্যু ঘটিছে যিসকল কৰোনাৰ পৰা সুস্থ হৈ উঠিছিল । ইয়াকেই কয় "কাৰ্ডিঅ ভাস্কুলাৰ ডেথ'।
      যেতিয়া কোনো এজন ব্যক্তি কৰোনামুক্ত হৈ ঘৰত থাকে আৰু হাৰ্টৰ চিকিৎসা কৰোৱা হয় সেই সময়ছোৱাক 'পোষ্ট কোভিড' বা 'লং কভিড পিৰিয়ড'বোলা হয়।এনে চিকিৎসাৰ তিনিমাহ পৰ্যন্ত সময় লাগিব পাৰে ।এইসময়ছোৱাত বিশেষ সতৰ্কতাৰ প্ৰয়োজন।এইসময়ত কৰোনাৰ পৰা সুস্থ হোৱা লোকসকলক সুধিলেই শুনিবলৈ পোৱা য়ায়-ঠিকেই আছে কিন্তু কিবা এটা ভাল লাগি থকা নাই।অলস লাগে,বুকু ধপধপাই,মূৰ ঘূৰাই ইত্যাদি।এনেধৰণৰ উত্তৰ মানেই কৰোনাৰ পৰৱৰ্তী কিছু সাধাৰণ উপসৰ্গই দেখা দিছে।সীঘ্ৰেই সেইসময়ত উপসৰ্গ অনুযায়ী চিকিৎসা কৰোৱাটো অতি জৰুৰী।ইয়াৰ মাজতে কিছুমান গুৰুতৰ উপসৰ্গ ৰৈ গৈছে যেনে- বুকুৰ বিষ,উশাহ ল'বলৈ কষ্ট পোৱা,কাহ অহা ইত্যাদি।আটাইতকৈ ডাঙৰ উপসৰ্গ হৈছে অস্বাভাৱিক হাৰ্টবিট।তেতিয়াই ছাডেন কাৰ্ডিয়েক ডেথ হৈ যায়।কৰোনাৰ পৰা সুস্থ হৈয়ো একো লাভ নহয়।
     কৰোনা মুক্ত হৈ ঘৰলৈ অহা লোকসকলক দুটা ভাগত ভাগ কৰিব পাৰি।কো-মৰ্বিড আৰু সাধাৰণ।কো-মৰ্বিড মানে যিসকলৰ এইবোৰ ৰোগ আগৰেপৰাই আছে তেওঁলোকৰ সেইসমূহ ৰোগৰ চিকিৎসা কৰাব লাগিব।বহুমূত্ৰ, উচ্চ ৰক্তচাপ আদি ৰোগৰ ঔষধ নিয়মীয়াকৈ খাব লাগিব । বন্ধ কৰিব নালাগিব।
   বাকীসকলৰ কাৰণে মনত ৰাখিব লাগিব যে কৰোনা ভাইৰাছৰ আক্ৰমণত শৰীৰৰ কোষবিলাক আঘাতপ্ৰাপ্ত বা দূৰ্বল হৈ পৰিছে।এই অৱস্থাত যিসকলৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বেছি থাকে সেইসকলৰ চিন্তাৰ কাৰণ নাই।কিন্তু শৰীৰ দূৰ্বল হ'লে নিশ্চিতভাৱে হাৰ্টৰ সমস্যা বাঢ়িবই।তেওঁলোকৰ হাৰ্টৰ চেক আপ কৰোৱাটো দৰকাৰী।
      কৰোনা চিকিৎসাত ৰোগীক অধিক মাত্ৰাৰ ষ্টেৰইড দিয়া হয় যদিও হাৰ্টৰ কোনো ক্ষতি বা ৰোগৰ সৃষ্টি নকৰে।ষ্টেৰইডে ৰক্তচাপ বৃদ্ধি কৰে।গতিকে হাত,মুখ ফুলি যোৱা পৰিলক্ষিত হয়।ষ্টেৰইডে হাৰ্টৰ ইনফ্লেমেচন কমাই দিয়ে।কিন্তু কৰোনাৰ এন্টি ভাইৰেল ঔষধে হাৰ্টৰ ক্ষতি কৰে।ৰেমডিচিভিৰ,লোপানিভাৰ হাড্ৰোক্সি ক্লৰকুইন এইধৰণৰ এন্টিভাইৰেল ঔষধে হাৰ্টৰ ৰোগ বৃদ্ধি কৰে।
       আগৰে পৰা হাৰ্টৰ ৰোগ থাকক বা নাথাকক,কৰোণামুক্ত হোৱাৰ পিছত হাৰ্ট সুস্থ 
কৰি ৰাখিবৰ কাৰণে সকলোৱে সতৰ্কতা হিচাপে প্ৰথমে কভিড বিধি মানি  চলিব লাগিব।দ্বিতীয়তে বাধ্যতামূলক ভাৱে ভেকচিন ল'ব লাগিব।এটা কথা সকলোৱে মনত ৰাখিব যে কৰোনা পৰৱৰ্তী শাৰীৰিক উপসৰ্গ তিনিমাহ পৰ্যন্ত থাকিবই।গতিকে সকলোকে ব্ৰিডিং এক্সাৰচাইজ বা শ্বাস-প্ৰশ্বাসৰ ব্যায়াম কৰাব লাগে।
      কৰোনা ৰোগৰ পৰা সুস্থ হৈ উঠা লোকসকলক ঘৰলৈ পঠিওৱাৰ আগতে খুউব ভালকৈ স্বাস্থ্য পৰীক্ষা কৰি নিৰ্ধাৰণ কৰাটো প্ৰয়োজন আৰু সম্পূৰ্ণ সুস্থ হোৱালৈ অপেক্ষা কৰিব লাগিব।চিকিৎসকৰ পৰামৰ্শ মানি চলিব লাগিব।সুস্থ হোৱা মাত্ৰেই প্ৰাতঃভ্ৰমণলৈ যোৱা,ব্যায়াম কৰা,জিমত যোৱা বা দৌৰা এইবোৰ কৰিব নালাগে।কোনো কামেই খবখেদাকৈ কৰিব নালাগে।সামান্য কিছু অসুবিধা হোৱা যেন লাগিলেই চিকিৎসকৰ ওচৰলৈ যাব লাগে।ভাৰতৰ প্ৰাক্তন ক্ৰিকেট অধিনায়ক সৌৰভ গাংগুলী যেতিয়া আক্ৰান্ত হৈছিল তেতিয়াই কৈছিলোঁ যে হাৰ্ট এটেক এতিয়া কাৰো বয়স চাই নাহে।গতিকে ১২-১৪বছৰৰ ল'ৰা-ছোৱালীও যদি কৰোনা আক্ৰান্তৰ পৰা সুস্থ অৱস্থা পায়,তেতিয়াও শ্বাস-প্ৰশ্বাসৰ ব্যায়াম কৰাই থাকিব লাগে।বিগত বৰ্ষত  বয়সস্থ লোকসকল কোভিডত আক্ৰান্ত হৈছিল।কিন্তু এইবছৰ সৰহসংখ্যক মধ্য বয়সৰ লোক এই ৰোগত আক্রান্ত হোৱা পৰিলক্ষিত হৈছে।অনুমান কৰা হৈছে যে কোভিডৰ তৃতীয়টো ঢৌ আহিলে শিশুসকলো সাৰি নাযাব।সেয়েহে কৰোনাৰ পৰা আমি হাৰ্ট বা হৃদযন্ত্ৰৰ ক্ষতি ৰোধ কৰিবৰ কাৰণে প্ৰচেষ্টা হাতত লাগিব।

*অসম অসামৰিক সেৱাৰ বিষয়া মৃগেশ নাৰায়ণ বৰুৱাৰ গোলাঘাট জিলাৰ উপায়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ* *সান্ধ্য আইন উলংঘা কৰি ঘূৰি ফুৰা লোকক ভ্ৰাম্যমান দলে যিকোনো ঠাইতে কৰিব ক'ভিড পৰীক্ষা : বৰুৱা* *গোলাঘাটত চলিব আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ ব্যাপক অভিযান*

10 July, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ১১৭ জনসংযোগ, গোলাঘাট

*অসম অসামৰিক সেৱাৰ বিষয়া মৃগেশ নাৰায়ণ বৰুৱাৰ গোলাঘাট জিলাৰ উপায়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ* 

*সান্ধ্য আইন উলংঘা কৰি ঘূৰি ফুৰা লোকক ভ্ৰাম্যমান দলে যিকোনো ঠাইতে কৰিব ক'ভিড পৰীক্ষা : বৰুৱা* 

*গোলাঘাটত চলিব আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ ব্যাপক অভিযান* 

গোলাঘাট, ১০ জুলাই : ১৯৯৩ চনৰ অসম অসামৰিক সেৱাৰ বিষয়া শ্ৰীযুত মৃগেশ নাৰায়ণ বৰুৱাই আজি গোলাঘাট জিলাৰ উপায়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে । ইয়াৰ পূৰ্বে তেওঁ বজালী জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল । দায়িত্ব গ্ৰহণ কৰিয়ে নৱনিযুক্ত উপায়ুক্তগৰাকীয়ে তেওঁক আদৰণি জনোৱাৰ বাবে আৰু বিদায়ী উপায়ুক্ত শ্ৰীযুত মানৱেন্দ্ৰ প্ৰতাপ সিঙ(ভা: প্ৰ: সে:)ক বিদায় জনাবলৈ উপায়ুক্তৰ কাৰ্য্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ উপস্থিতিত আয়োজন কৰা এখন সভাত অংশগ্ৰহণ কৰে । নৱনিযুক্ত উপায়ুক্তগৰাকীক এখনি ফুলাম গামোচাৰে আদৰণি জনোৱা হয় । আনহাতে বিদায়ী উপায়ুক্তগৰাকীকো ফুলাম গামোচা, শৰাই আৰু উপহাৰেৰে বিদায় সম্ভাষণ জনোৱা হয় । বিদায়ী উপায়ুক্তগৰাকীয়ে কয় যে গোলাঘাট জিলাখনৰ প্ৰতি এটা বিশেষ আকৰ্ষণ তেওঁৰ সদায় থাকিব । তেওঁ যি বিভাগত থাকিলেও গোলাঘাটৰ বাবে ভৱিষ্যতে নিজৰ সাধ্যানুসাৰে কাম কৰিব বুলি শ্ৰীসিঙে মন্তব্য কৰে । আনহাতে নৱনিযুক্ত উপায়ুক্ত শ্ৰীবৰুৱাই কয় যে বৰ্তমান সময়ত গোলাঘাট জিলাখনৰ বাবে ভালেখিনি প্ৰত্যাহ্বান আছে । তেওঁ প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰী ইজন সিজনৰ পৰিপূৰক বুলি উল্লেখ কৰি "টীম গোলাঘাট"ৰ মানসিকতাৰে কাম কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায় । জিলাখনৰ চুলাই মদৰ ঘাটিসমূহ উচ্ছেদ কৰা, প্ৰতিষেধক প্ৰদান, ক'ভিড আক্ৰান্তৰ হাৰ ৰাজ্যিক গড়তকৈ হ্ৰাস কৰা আদি বিষয়সমূহৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে । গোলাঘাটক এটা পুৰণি সংস্কৃতিবান অঞ্চল বুলি উল্লেখ কৰি তেওঁ ক'ভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নীতি-নিৰ্দেশনা মানি প্ৰশাসনৰ প্ৰতি সহায়ৰ হাত আগবঢ়াবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় । তেওঁ লগতে কয় যে ক'ভিডৰ নীতি-নিৰ্দেশনা পালন নকৰা লোকৰ বিৰুদ্ধে কাইলৈ আৰক্ষী আৰু চি আৰ পি এফৰ উদ্যোগত গোলাঘাটত অভিযান চলোৱা হ'ব । লগতে সান্ধ্য আইন উলংঘা কৰি ঘূৰি ফুৰা লোকক ভ্ৰাম্যমান ক'ভিড পৰীক্ষা কৰা দলে যিকোনো ঠাইতে পৰীক্ষা কৰিব । তেওঁ সকলোকে প্ৰতিষেধক গ্ৰহণ কৰিবলৈও আহ্বান জনায় । আজিৰ অনুষ্ঠানতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে অলপতে যোগদান কৰা শ্ৰীযুত ধীৰাজ দাস ( অ: অ: সে:)কো এখনি ফুলাম গামোচাৰে আদৰণি জনোৱা হয় ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

10 July, 2021Advertisement (Vacancy)

10 July, 2021

Advertisement (Vacancy)

10 July, 2021Advertisement (Vacancy

10 July, 2021

Advertisement (Vacancy

10 July, 2021

10 July, 2021অহা ইংৰাজী ১১ আৰু ১২ জুলাই, ২০২১ তাৰিখে দুদিনীয়া কাৰ্য্যসূচীৰে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত উল্লেখিত স্থান/কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ দ্বিতীয় পালি টীকা(Covaxin) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

10 July, 2021

অহা ইংৰাজী ১১ আৰু ১২ জুলাই, ২০২১ তাৰিখে দুদিনীয়া কাৰ্য্যসূচীৰে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত উল্লেখিত স্থান/কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ  উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ  দ্বিতীয় পালি টীকা(Covaxin) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

10 July, 2021Covid Update Assam Covid19 Assam and actions taken as on 09/07/2021.

10 July, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 09/07/2021.

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...