09 July, 2021
Friday, 9 July 2021
*উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীৰ গোলাঘাট জিলাৰ ক'ভিড পৰিস্থিতিৰ পৰ্যালোচনা* *দৰিদ্ৰ সীমাৰেখাৰ তলৰ কাৰ্ড নথকা দুখীয়া লোকসকলক ৰেমডিছিবিৰ ঔষধ বিনামূলীয়াকৈ প্ৰদান কৰাৰ নিৰ্দেশ* *ক'ভিডৰ নীতি-নিৰ্দেশনা পালন নকৰা দোকান এসপ্তাহৰ বাবে ছিল কৰি দিয়ক : পাটোৱাৰী* *সমগ্ৰ জিলাতে মাইকৰ সহায়ত ৰাইজক সজাগ কৰাৰ নিৰ্দেশ* *ক'ভিডবিৰোধী যুঁজত জয়ী হ'বলৈ নীতি-নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰাৰ বিকল্প নাই : অতুল বৰা*
09 July, 2021
প্ৰেছ বিজ্ঞপ্তি নং : ১১৬ জনসংযোগ, গোলাঘাট
*উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীৰ গোলাঘাট জিলাৰ ক'ভিড পৰিস্থিতিৰ পৰ্যালোচনা*
*দৰিদ্ৰ সীমাৰেখাৰ তলৰ কাৰ্ড নথকা দুখীয়া লোকসকলক ৰেমডিছিবিৰ ঔষধ বিনামূলীয়াকৈ প্ৰদান কৰাৰ নিৰ্দেশ*
*ক'ভিডৰ নীতি-নিৰ্দেশনা পালন নকৰা দোকান এসপ্তাহৰ বাবে ছিল কৰি দিয়ক : পাটোৱাৰী*
*সমগ্ৰ জিলাতে মাইকৰ সহায়ত ৰাইজক সজাগ কৰাৰ নিৰ্দেশ*
*ক'ভিডবিৰোধী যুঁজত জয়ী হ'বলৈ নীতি-নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰাৰ বিকল্প নাই : অতুল বৰা*
গোলাঘাট, ৯ জুলাই : ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য, পৰিবহন আদি বিভাগৰ মন্ত্ৰী শ্ৰীযুত চন্দ্রমোহন পাটোৱাৰীয়ে আজি গোলাঘাট জিলাৰ ক'ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে জিলাখনৰ ক'ভিড পৰিস্থিতিৰ বুজ ল'বলৈ অহা মন্ত্ৰীগৰাকীয়ে কৃষি মন্ত্ৰী তথা বোকাখাত সমষ্টিৰ বিধায়ক শ্ৰীযুত অতুল বৰা আৰু সৰুপথাৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকনৰ উপস্থিতিত জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ বিষয়া তথা চিকিৎসকসকলৰ সৈতে উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন বৈঠকত মিলিত হয় । মন্ত্ৰীগৰাকীয়ে জিলাখনৰ চৰকাৰী আৰু ব্যক্তিগত ৩খন চিকিৎসালয়ত চিকিৎসাধীন ক'ভিড ৰোগীসকলৰ স্বাস্থ্যৰ বিষয়ে সংশ্লিষ্ট চিকিৎসালয়সমূহৰ মুৰব্বী তথা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকৰ পৰা সবিশেষ বুজ লয় । তেওঁ জিলাখনত শিশুৰ মাজত ক'ভিডৰ সংক্ৰমণ হোৱালৈ চাই আক্ৰান্ত শিশুৰ ভালকৈ যতন ল'বলৈ নিৰ্দেশ দিয়ে । শ্ৰী পাটোৱাৰীয়ে জিলাখনত ঔষধ, এম্বুলেন্স আৰু অক্সিজেন পৰ্যাপ্ত পৰিমানে মজুত আছেনে নাই এই বিষয়েও বুজ লয় । তেওঁ জিলাখনৰ ক'ভিড ৰোগীসকলে যাতে সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে ১০ খন অতিৰিক্ত এম্বুলেন্সৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে । লগতে দৰিদ্ৰ সীমাৰেখাৰ তলৰ কাৰ্ড নথকা দুখীয়া লোকসকলক ৰেমডিছিবিৰ ঔষধ বিনামূলীয়াকৈ প্ৰদান কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে । তেওঁ কয় যে ৰাজ্য চৰকাৰে জিলা প্ৰশাসনক সকলো ধৰণে সহায়-সহযোগিতা আগবঢ়াব, জিলা প্ৰশাসনে কেৱল ৰোগীয়ে যাতে সমস্যা নাপায় সেয়া সুনিশ্চিত কৰিব লাগিব । তেওঁ সংক্ৰমণৰ আশংকা থকা বিভিন্ন অঞ্চল পৰ্যাপ্ত পৰিমানে বীজানুমুক্ত কৰাৰ বিষয়তো গুৰুত্ব আৰোপ কৰে । তেওঁ প্ৰশাসন আৰু আৰক্ষীক ক'ভিড বিধি কঠোৰভাৱে পালন কৰাটো সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে ।এই ক্ষেত্ৰত ক'ভিডৰ নীতি-নিৰ্দেশনা পালন নকৰা দোকান এসপ্তাহৰ বাবে ছিল কৰি দিবলৈও তেওঁ নিৰ্দেশ দিয়ে । তেওঁ কয় যে সকলোৱে মিলিহে এই ৰোগ প্ৰতিৰোধ কৰিব পৰা যাব । মন্ত্ৰীগৰাকীয়ে লগতে জিলা তথ্য আৰু জনসংযোগ বিষয়াক জিলা উপায়ুক্তৰ সৈতে আলোচনা কৰি সমগ্ৰ জিলাখনতে ভ্ৰাম্যমান বাহনেৰে মাইকৰ সহায়ত সজাগতা সৃষ্টি কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ জিলাখনৰ বানপানী সমস্যাৰো বুজ লয় । বিশেষকৈ ধনশিৰি মহকুমাৰ বিভিন্ন সমস্যা মূলতঃ খৰাং সমস্যাৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে আলোচনা কৰে । পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তেওঁ জিলাখনত অব্যাহত থকা ক'ভিডৰ নিষেধাজ্ঞাসমূহ কঠোৰভাৱে পালন কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় ।
অনুষ্ঠানত কৃষি মন্ত্ৰী শ্ৰীযুত অতুল বৰাই কয় যে জিলাখনত ক'ভিড নিয়ন্ত্ৰণ কৰিবলৈ প্ৰশাসন কঠোৰ হ'ব লাগিব । এতিয়া এই যুঁজত জয়ী হ'বলৈ নীতি-নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰাৰ বিকল্প নাই বুলি তেওঁ উল্লেখ কৰে । এইক্ষেত্ৰত ৰাইজ, প্ৰশাসন, আৰক্ষী, চিকিৎসক-স্বাস্থ্যকর্মী কোনেও অৱহেলা কৰা উচিত নহয় বুলি তেওঁ মত প্ৰকাশ কৰে । তেওঁ আৰক্ষী, প্ৰশাসনক ক'ভিড বিধিসমূহ পালন কৰাটো সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে । বৈঠকত জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং, আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্ত আৰু জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ বিষয়াসকল উপস্থিত আছিল ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
09 July, 2021সংসাৰমাধৱ গগৈ।। তাং-০৮ জুলাই, ২০২১দিন হয় বাবেই ৰাতি হয়ৰাতি হয় বাবেই টোপনি হয়টোপনি হয় বাবেই সপোন হয়সপোন হয় বাবেইদিঠক হয়দিঠক হয় বাবেই আমি হয়আমি হয় বাবেই কবিতা সৃষ্টি হয়। কবিতা সৃষ্টি হয় বাবেইসংসাৰৰ মানৱ সুখী হয়মানৱ সুখী হয় বাবেইপ্ৰেম হয়। হয়টো এনেকোৱাই জীৱন।।। গোলাঘাট।।
09 July, 2021
সংসাৰ
মাধৱ গগৈ।।
তাং-০৮ জুলাই, ২০২১
দিন হয় বাবেই ৰাতি হয়
ৰাতি হয় বাবেই টোপনি হয়
টোপনি হয় বাবেই সপোন হয়
সপোন হয় বাবেই
দিঠক হয়
দিঠক হয় বাবেই আমি হয়
আমি হয় বাবেই কবিতা সৃষ্টি হয়। কবিতা সৃষ্টি হয় বাবেই
সংসাৰৰ মানৱ সুখী হয়
মানৱ সুখী হয় বাবেই
প্ৰেম হয়।
হয়টো এনেকোৱাই জীৱন।।।
Subscribe to:
Comments (Atom)
সমাজৰ যুৱক, যুৱতী লৈ আহ্বান
যুৱক আৰু যুৱতী সকললৈ সমাজৰ প্ৰতি আন্তৰিক আহ্বান সমাজৰ যুৱক-যুৱতী সকললৈ আন্তৰিক আহ্বান জনাইছোঁ—আপোনালোকেই হৈছে বৰ্তমানৰ শক্তি আৰু ভৱিষ্যতৰ আ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...