Saturday, 3 July 2021

ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত ,অহা ইংৰাজী ০৪/০৭/২০২১ তাৰিখে জিলাখনৰ উল্লেখিত চাহবাগিছাসমূহত অৱস্থিত টীকাকৰণ কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ চাহ বাগিচাৰ বাসিন্দা সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ প্ৰথম পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

03 July, 2021

ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত ,অহা ইংৰাজী ০৪/০৭/২০২১ তাৰিখে জিলাখনৰ উল্লেখিত চাহবাগিছাসমূহত অৱস্থিত টীকাকৰণ কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ চাহ বাগিচাৰ বাসিন্দা সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ  প্ৰথম পালি  টীকা(covishield) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । লগতে উক্ত বয়সৰ লোকসকল, যিসকলৰ প্ৰথম পালি ক'ভিড ১৯ টীকা গ্ৰহণৰ ৮৪ দিন উকলি গৈছে তেওঁলোকে এই কেন্দ্ৰসমূহতে দ্বিতীয় পালি কভিশ্বীল্ড  টীকা গ্ৰহণৰ সুবিধা লাভ কৰিব ।  ইচ্ছুক ব্যক্তিয়ে থলীতে কৰা পঞ্জীয়নৰ যোগেদি এই টীকাকৰণৰ সুবিধা গ্ৰহণ কৰিব পাৰিব । এইক্ষেত্ৰত জিলা প্ৰশাসনে  ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

অহা ইংৰাজী ০৪/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত ব্যাপক ভাবে ক'ভিড ১৯ ৰ টীকাকৰণৰ কাৰ্য্যসূচীৰ অন্তৰ্গত উল্লেখ কৰা স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে ক'ভিড ১৯ ৰ দ্বিতীয় পালি টীকা(Covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

03 July, 2021

অহা ইংৰাজী ০৪/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত ব্যাপক ভাবে ক'ভিড ১৯ ৰ টীকাকৰণৰ কাৰ্য্যসূচীৰ অন্তৰ্গত উল্লেখ কৰা স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ  উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে ক'ভিড ১৯ ৰ  দ্বিতীয় পালি টীকা(Covishield) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । উল্লেখযোগ্য যে, এই টীকা প্ৰদানৰ ক্ষেত্ৰত উক্ত কেন্দ্ৰসমূহত প্ৰথম পালি টীকা গ্ৰহণ কৰাৰ ৮৪ দিন অতিক্ৰম কৰা ব্যক্তিসকলক অগ্ৰাধিকাৰ দিয়া হ'ব। জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

অহা ইংৰাজী ০৪/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ প্ৰথম পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

03 July, 2021

অহা ইংৰাজী ০৪/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ  উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ  প্ৰথম পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । উক্ত বয়সৰ কেৱল ক'মৰ্বিদিতি (Co-morbidity) ৰোগীসকল আৰু সংক্ৰমণৰ পৰিমাণ বাঢ়ি থকা অঞ্চলসমূহৰ বাবে এই বিশেষ প্ৰতিষেধক শিবিৰৰ ব্যৱস্থা কৰা হৈছে । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

03 July, 2021Daily COVID-19🦠😷 bulletin Golaghat

03 July, 2021

Daily COVID-19🦠😷 bulletin Golaghat

ক'ভিড-19ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলাৰ তিনিটা ৰাজহ চক্ৰৰ অধীনৰ ৫টা এলেকাক আজি মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে ।

03 July, 2021

ক'ভিড-19ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলাৰ তিনিটা ৰাজহ চক্ৰৰ অধীনৰ ৫টা এলেকাক আজি মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে । বোকাখাত ৰাজহ চক্ৰৰ অধীনৰ অঞ্চলকেইটা হৈছে  পানবাৰী লাইন, শিলজুৰি ৩ নং লাইন আৰু হাতীখুলি ৬নং লাইন । আনহাতে প্ৰশাসনে মৰঙি ৰাজহ চক্ৰৰ অধীনৰ মুৰফুলনি বাগান গাঁৱক মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে । একেদৰে দেৰগাঁও ৰাজহ চক্ৰৰ অধীনৰ এনাইঘৰীয়া গাঁৱৰ বামুনগাঁও চুক এলেকাক মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে ।

03 July, 2021Golaghat Covid🦠 Details

03 July, 2021

Golaghat Covid🦠 Details

*স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেলৰ গোলাঘাট জিলাৰ ক'ভিড পৰিস্থিতিৰ পৰ্যালোচনা* *বৃহৎ অঞ্চলৰ পৰিৱৰ্তে সৰু সৰু এলেকাক কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰাত গুৰুত্ব আৰোপ* *ক'ভিড কেয়াৰ কেন্দ্ৰত স্বাস্থ্যৰ অৱনতি ঘটা ৰোগীক চিকিৎসালয়লৈ সময়মতে নিয়াটো সুনিশ্চিত কৰাৰ নিৰ্দেশ* *গোলাঘাট জিলাত ৰাজ্যিক গড়তকৈ বৃদ্ধি পোৱা নাই ১৮ বছৰৰ তলৰ লোকৰ সংক্ৰমণৰ হাৰ : গোৱেল*

03 July, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ১১৪ জনসংযোগ, গোলাঘাট

*স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেলৰ গোলাঘাট জিলাৰ ক'ভিড পৰিস্থিতিৰ পৰ্যালোচনা* 

*বৃহৎ অঞ্চলৰ পৰিৱৰ্তে সৰু সৰু এলেকাক কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰাত গুৰুত্ব আৰোপ* 

*ক'ভিড কেয়াৰ কেন্দ্ৰত স্বাস্থ্যৰ অৱনতি ঘটা ৰোগীক চিকিৎসালয়লৈ সময়মতে নিয়াটো সুনিশ্চিত কৰাৰ নিৰ্দেশ* 

*গোলাঘাট জিলাত ৰাজ্যিক গড়তকৈ বৃদ্ধি পোৱা নাই ১৮ বছৰৰ তলৰ লোকৰ সংক্ৰমণৰ হাৰ : গোৱেল* 

গোলাঘাট, ৩ জুলাই : ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেলে আজি গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত জিলাখনৰ ক'ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে । তেওঁ জিলাখনত ক'ভিডৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ বাবে বৃহৎ অঞ্চলৰ পৰিৱৰ্তে মাইক্ৰ কণ্টেইনমেণ্ট জ'ন অৰ্থাৎ সৰু সৰু এলেকাক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে । তেওঁ কয় যে সৰু সৰু কণ্টেইনমেণ্ট জ'ন কৰিলে তাত থকা ৰোগী আৰু অন্য লোকসকল প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ তথা নিৰীক্ষণত থাকিব । তেওঁ লগতে ক'ভিডত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বাবে ক'ভিড কেয়াৰ কেন্দ্ৰত স্বাস্থ্যৰ অৱনতি ঘটা ৰোগীক চিকিৎসালয়লৈ সময়মতে নিয়াটো সুনিশ্চিত কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে । তাৰ বাবে প্ৰয়োজনীয় এম্বুলেন্স মজুত ৰাখিবলৈ তেওঁ নিৰ্দেশ দিয়ে । আনহাতে সংক্ৰমণ বৃদ্ধি পোৱা নিৰ্দিষ্ট এলেকাত পৰীক্ষাৰ সংখ্যা বৃদ্ধিত গুৰুত্ব আৰোপ কৰি তেওঁ অধিক লোকক প্ৰতিষেধক প্ৰদান কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে । তেওঁ কয় যে পৰীক্ষাৰ সংখ্যা বৃদ্ধি জিলাখনত অধিক সংক্ৰমণ ধৰা পৰাৰ অন্যতম কাৰণ । এনেকৈয়ে ব্যাপক পৰীক্ষাৰ দ্বাৰা সংক্ৰমিত লোকসকলক উলিয়াই আনিব পাৰিলে ক'ভিড নিয়ন্ত্ৰণ কৰিব পৰা যাব বুলি তেওঁ মত প্ৰকাশ কৰে । বৈঠকৰ অন্তত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে গোলাঘাট জিলাত ১৮ বছৰৰ তলৰ লোকৰ সংক্ৰমণৰ হাৰ ৰাজ্যিক গড়তকৈ বৃদ্ধি পোৱা নাই । জিলাখনত বৰ্তমান ক'ভিড কেয়াৰ কেন্দ্ৰত বিছনাৰ অভাৱ নাই বুলি উল্লেখ কৰি তেওঁ কয় যে গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত স্থাপন কৰা ১৪০ খন বিছনাৰ কেন্দ্ৰটোও অতি সোনকালে কাৰ্যক্ষম হৈ উঠিব । তেওঁ কয় যে জিলাখনক অতিৰিক্ত ৩০হাজাৰ টেষ্টিং কিট দিয়া হৈছে যাতে পৰীক্ষাৰ ক্ষেত্ৰত কোনো সমস্যাৰ সৃষ্টি নহয় । বৈঠকত অংশ লৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰীয়ে মাইক্ৰ কণ্টেইনমেণ্ট জ'নত থকা ৰোগীক প্ৰথমবাৰ ৰেপিড টেষ্ট কৰাৰ বিপৰীতে ১০ দিনত দ্বিতীয়টো পৰীক্ষা আৰ টি পি চি আৰ কৰিবলৈ পৰামৰ্শ আগবঢ়ায় । মাইক্ৰ কণ্টেইনমেণ্ট জ'নত ১৪ দিন কঠোৰভাৱে নীতি-নিৰ্দেশনাসমূহ পালন কৰিলে ক'ভিড নিয়ন্ত্ৰণ কৰিব পৰা যাব বুলি তেওঁ মত প্ৰকাশ কৰে । আজিৰ বৈঠকত জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং, আৰু স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তৰ লগতে স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ ভালেসংখ্যক বিষয়া উপস্থিত আছিল ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।