Friday, 25 June 2021

25 Jun, 2021যোৱা ৫ মে', ২০২১ ৰ পৰা ২২ মে', ২০২১ লৈকে ৪৫ বছৰ উৰ্দ্ধৰ যিসকল ব্যক্তিয়ে ক'ভেক্সিনৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছিল তেওঁলোকে অহা ২৬ জুনত তথা কাইলৈ যোৰহাট জিলাৰ বাঘচুঙ ডনবস্ক' স্কুলত দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব৷ Directorate of Information and Public Relations, Assam

25 Jun, 2021

যোৱা  ৫ মে', ২০২১ ৰ  পৰা ২২ মে', ২০২১ লৈকে ৪৫ বছৰ উৰ্দ্ধৰ যিসকল ব্যক্তিয়ে ক'ভেক্সিনৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছিল তেওঁলোকে অহা ২৬ জুনত তথা কাইলৈ যোৰহাট জিলাৰ বাঘচুঙ ডনবস্ক' স্কুলত দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব৷ 
 
Directorate of Information and Public Relations, Assam

25 Jun, 2021Dima Hasao District MEGA Covid vaccination Session Plan on 26/06/2021.

25 Jun, 2021

Dima Hasao District  MEGA Covid vaccination Session Plan on 26/06/2021.

25 Jun, 2021COVID-19🦠 update in Dima Hasao Dist dtd 25-06-2021

25 Jun, 2021

COVID-19🦠  update in 
Dima Hasao Dist dtd 25-06-2021

25 Jun, 2021Golaghat Covid Details

25 Jun, 2021

Golaghat Covid Details

25 Jun, 2021COVID-19🦠😷 Vaccination Session site list Golaghat District. On 26/06/2021

25 Jun, 2021

COVID-19🦠😷 Vaccination Session site list Golaghat District. On 26/06/2021

সাক্ষীবাদীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে জিলা আৰু সত্ৰ ন্যায়াধীশৰ অধ্যক্ষতাত স্থায়ী সমিতি গঠন*

25 Jun, 2021

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১০৮/২০২১

 *সাক্ষীবাদীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে জিলা আৰু সত্ৰ ন্যায়াধীশৰ অধ্যক্ষতাত স্থায়ী সমিতি গঠন* 

গোলাঘাট, ২৫ জুন : গোলাঘাট জিলাত যিকোনো গোচৰৰ ক্ষেত্ৰত সাক্ষীবাদীৰ নিৰাপত্তা আৰু সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে জিলা আৰু সত্ৰ ন্যায়াধীশৰ অধ্যক্ষতাত এখন স্থায়ী সমিতি গঠন কৰা হৈছে । জিলা আইন সেৱা প্ৰাধিকৰণে জাৰি কৰা এই সম্পৰ্কীয় নিৰ্দেশনাত কোৱা হৈছে যে গোলাঘাটৰ জিলা আৰু সত্ৰ ন্যায়াধীশ ভি কে ছন্দকৰ অধ্যক্ষতাত গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰক সদস্য হিচাপে আৰু গোলাঘাটৰ চৰকাৰী অধিবক্তা প্ৰবীণ ঠেঙালক সদস্য সচিব হিচাপে লৈ সমিতিখন গঠন কৰা হৈছে । জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব নাৰায়ণ কুৰীয়ে এই সন্দৰ্ভত কয় যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰস্তুত কৰা সাক্ষীৰ নিৰাপত্তা আঁচনি,২০১৮ (Witness Protection Scheme, 2018) ত উচ্চতম ন্যায়ালয়ে অনুমোদন জনোৱাৰ পাছতে অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে ২০১৯ চনৰ ৩ এপ্ৰিলত এই আঁচনি কাৰ্যকৰী কৰাৰ বাবে নিৰ্দেশ জাৰি কৰিছিল । সেই অনুসৰি আঁচনিখনৰ অনুচ্ছেদ ২(চি) ৰ অধীনত যিকোনো গোচৰৰ ক্ষেত্ৰত সাক্ষী দিব বিচৰা লোকক যাতে ভয়-ভাবুকিৰে কোনেও বিপথে পৰিচালিত কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰিবলৈ যোৱা ১৫ জুনত এই সমিতিখন গঠন কৰা হয় । উল্লেখযোগ্য যে সাক্ষী দিব খোজা লোকে বহু সময়ত প্ৰভাৱশালী চক্ৰৰ ভাবুকিৰ দ্বাৰা ভীতিগ্ৰস্ত হৈ সাক্ষ্যদানৰ পৰা বিৰত থাকিবলগীয়া হয় । এনে পৰিস্থিতিত ন্যায় ব্যৱস্থাটো সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হয় । সেয়ে কোনো সাক্ষ্যদান কৰিবলগীয়া লোকে এনে ঘটনাৰ সন্মুখীন হ'লে এই সমিতিখনৰ ওচৰ চাপিব পাৰিব । তেনে লোকৰ সুৰক্ষাৰ বাবে সমিতিয়ে ব্যৱস্থা গ্ৰহণ কৰিব । এই ক্ষেত্ৰত যিকোনো সহায়ৰ বাবে জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰে । অথবা ৬৯০১২-৮১৬৩১ নম্বৰত ফোন কৰিও সহায় বিচাৰিব পাৰে । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

এটি বিশেষ ঘোষণা

25 Jun, 2021

এটি বিশেষ ঘোষণা

গোলাঘাট জিলা প্ৰশাসনে স্পষ্ট কৰি দিছে যে আধাৰৰ নাম পঞ্জীয়নৰ নামত কোনো এজেঞ্চি বা কোম্পানীয়ে ৰাইজৰ পৰা কোনোধৰণৰ মাচুল আদায় কৰিব নোৱাৰিব । অতিৰিক্ত উপায়ুক্তৰ স্বাক্ষৰসম্বলিত এখন জাননীত এই কথা স্পষ্ট কৰি দিয়া হৈছে । কোনো এজেঞ্চিয়ে এনে কাৰ্য কৰাটো প্ৰমাণিত হ'লে আইনমতে দণ্ডনীয় হ'ব । অৱশ্যে কোনো লোকে নিজৰ ইচ্ছামতে স্মাৰ্ট কাৰ্ড প্ৰস্তুত কৰিব বিচাৰিলে সেয়া সম্পূৰ্ণ ব্যক্তিগত বিষয় হিচাপে বিবেচিত হ'ব । ইয়াৰ বাবে জিলা প্ৰশাসন জগৰীয়া নহয় বুলি জাননীখনত কোৱা হৈছে । আধাৰৰ সৈতে জড়িত সকলো এজেঞ্চি আৰু কোম্পানীয়ে আধাৰ পঞ্জীয়ন কেন্দ্ৰসমূহত জনসাধাৰণৰ দৃষ্টিগোচৰ হোৱাকৈ এই জাননীখন আঁৰি থোৱাৰ ব্যৱস্থা কৰিব লাগিব বুলি প্ৰশাসনে নিৰ্দেশ জাৰি কৰিছে ।

                                                   জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।