Wednesday, 23 June 2021

গোলাঘাট জিলাত একেদিনাই ক'ভিডৰ ১৩,৩৯০ পালি প্ৰতিষেধক প্ৰদান*

23 Jun, 2021

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১০৭/২০২১

 *গোলাঘাট জিলাত একেদিনাই ক'ভিডৰ ১৩,৩৯০ পালি প্ৰতিষেধক প্ৰদান* 

গোলাঘাট, ২৩ জুন : গোলাঘাট জিলাত আজি ক'ভিড-19ৰ ১৩,৩৯০ পালি প্ৰতিষেধক প্ৰদান কৰা হয় । ইয়াৰে ১২,৯৩৭ টা প্ৰথম পালি আৰু ৪৫৩ টা দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হয় ।  ইয়াকে লৈ জিলাখনত এতিয়ালৈকে মুঠ ১,৮২,০২২পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে । ইয়াৰে ১,৪৮,৭৯২টা প্ৰথম পালি আৰু ৩৩,২৩০ টা দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হয় । আজি চাহ বাগিচাকে ধৰি জিলাখনৰ বিভিন্ন ঠাইৰ ৬০টা কেন্দ্ৰত ক'ভিডৰ প্ৰতিষেধক প্ৰদান কৰা হয় । উল্লেখযোগ্য যে যোৱা ২১ জুনৰ পৰা দৈনিক কমেও ১২ হাজাৰ লোকক ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰাৰ বাবে জিলা প্ৰশাসন তথা জিলা স্বাস্থ্য বিভাগে লক্ষ্য নিৰ্ধাৰণ কৰিছিল যদিও জিলাখনে প্ৰথম দিনাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে । ইফালে জিলাখনৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে আজি উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত জিলাখনৰ ক'ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে । তেওঁ অধিক সংক্ৰমণ ধৰা পৰা অঞ্চলসমূহত পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰিবলৈ জিলা স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে । লগতে এনে অঞ্চলসমূহত পৰীক্ষাৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে । বৈঠকত অতিৰিক্ত উপায়ুক্ত কুলদ্বীপ হাজৰিকা, পল্লৱী গগৈ আৰু স্বাস্থ্য সেৱা, গোলাঘাটৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তৰ লগতে স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত আছিল ।

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
NORTHEAST NEWS INDIA

23 Jun, 2021পি এম কিষাণ আঁচনিখনৰ সন্দৰ্ভত অসম চৰকাৰৰ কৃষি বিভাগৰ ৰাইজলৈ গোহাৰি।

23 Jun, 2021

পি এম কিষাণ আঁচনিখনৰ সন্দৰ্ভত অসম চৰকাৰৰ কৃষি বিভাগৰ ৰাইজলৈ গোহাৰি।

23 Jun, 2021 সেই মানৱ জাতি কৰ্মক শুদ্ধ পৰ্থত নিয়াৰ ব্যবস্থা কৰক। তেতিয়াহে দেশৰ, ৰাজ্যৰ, তথা মানৱ জাতিৰ, জীৱকোলৰ কল্যাণ হৱ। এই পৃথিবীত তেতিয়াহে শান্তিৰে জীৱন ধাৰণ কৰিৱ পাৰিৱ। আপোনাৰ পিছৰ জীৱকোলৰ কল্যাণ হৱ।।। মাধৱ গগৈ।। গোলাঘাট।।

সেই মানৱ জাতি কৰ্মক শুদ্ধ পৰ্থত নিয়াৰ ব্যবস্থা কৰক। তেতিয়াহে দেশৰ, ৰাজ্যৰ, তথা মানৱ জাতিৰ, জীৱকোলৰ  কল্যাণ হৱ। এই পৃথিবীত তেতিয়াহে শান্তিৰে জীৱন ধাৰণ কৰিৱ পাৰিৱ। আপোনাৰ পিছৰ জীৱকোলৰ কল্যাণ হৱ।।। 

মাধৱ গগৈ।। 
গোলাঘাট।।

ভেক্‌চিন লোৱাৰ পাছত যি কোনো শাৰীৰিক অসুস্থতাত ভুগিলে নিম্নলিখিত মেডিকেল বিষয়া সকলৰ লগত যোগাযোগ কৰিব পাৰিব

23 Jun, 2021

ভেক্‌চিন লোৱাৰ পাছত যি কোনো শাৰীৰিক অসুস্থতাত ভুগিলে নিম্নলিখিত মেডিকেল বিষয়া সকলৰ লগত যোগাযোগ কৰিব পাৰিব

Following are the names and contact numbers of 7 Medical Sector AEFI (Adverse Events Following Immunization) Incharges for consultation in case of adverse effects that may arise after Vaccination:

1) Karatipar MPHC - Dr. Ranjit Kagyung (9101443784)

2) Rangasahi SD - Dr. Amrit Doley (9706576114; 7896278986)

3) Ratanpur Lahon MPHC - Dr. Raja Pegu (8133912910)

4) Ratanpur Miri MPHC - Dr. Nibaran Doley (8474843771; 8638502885)

5) Bongaon SD - Dr. Rumoj Aquaf (9401272771)

6) Dakhinpat SD - Dr. Ritushmita Boruah (7002615371)

7) Jengraimukh MPCH - Dr. Sudhin Sarmah (7002773684)

ইয়াৰ উপৰিও মাজুলী জিলা প্ৰশাসনে ব্যৱস্থা কৰা
জিলা আপাতকালীন কেন্দ্ৰত যোগাযোগ কৰিব পাৰিব : ১০৭৭ (টোল  ফ্ৰি), দূৰভাষ- ৭৬৩৫৯৬১৫২২

Moreover, DEOC (District Emergency Operational Centre) may also be contacted at 1077 (Toll free) & 7635961522

Majuli Fights Covid

23 Jun, 2021Assam Covid Update Covid19 Assam and actions taken as on 22/06/2021.

23 Jun, 2021

Assam Covid Update 

Covid19 Assam and actions taken as on 22/06/2021.

Tuesday, 22 June 2021

গোলাঘাটত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ ক'ভিড প্ৰতিষেধক কেন্দ্ৰ পৰিদৰ্শন ।

 22 Jun, 2021


গোলাঘাটত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ ক'ভিড প্ৰতিষেধক কেন্দ্ৰ পৰিদৰ্শন । 



মঙ্গলবাৰে দুপৰীয়াৰ ভাগত  ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আজি উপস্থিত হয়হি গোলাঘাটত । গোলাঘাটৰ স্প'ৰ্টচ কমপ্লেক্সত থকা ক'ভিড প্ৰতিষেধক টীকাকৰন কেন্দ্ৰ পৰিদৰ্শন কৰি সামগ্ৰীক পৰিস্থিতিৰ বুজ লয় ।

 ক'ভিড প্ৰতিষেধক টিকাকৰন কেন্দ্ৰ পৰ্যবেক্ষণ কৰি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশব মহন্তই।বৰ্তমান ৰাজ্যত ক'ভিডৰ সৈতে মোকাবিলা কৰিবলৈ পৰ্যাপ্ত পৰিমানৰ ভেকচিন,অক্সিজেন মজুত আছে বুলিও জানিবলৈ দিয়ে ।আনহাতে লকডাউন সন্দৰ্ভত গোলাঘাট জিলাখনত আংশিক লকডাউনেই হৈ থাকিব আৰু পুৰ্বতকৈ কঠোৰ হ'ব বুলি জানিবলৈ দিয়ে যদিও সেয়া সম্পুৰ্ণ স্পষ্ট নকৰিলে মন্ত্ৰীগৰাকীয়ে । আজি তেও জিলাখনৰ বহুকেইটা এনে কেন্দ্ৰৰ পৰিদৰ্শন কৰাৰ কাযসূচী আছিল যদিও সময়ৰ অভাৱত ততাতৈয়াকৈ দেৰগাঁৰ দিশে ৰাওণা হয় ৷


প্ৰকাশ শৰ্মা গোলাঘাট

NORTHEAST NEWS INDIA

22 Jun, 2021Golaghat Covid Details

22 Jun, 2021
Golaghat Covid Details

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।