Thursday, 17 June 2021

17 Jun, 2021গোলাঘাট জিলাৰ বোকাখাত ৰাজহ চক্ৰৰ অধীনৰ বেহৰা চাহ বাগিচাৰ বৰলাইনত ১৪ জন লোক ক'ভিডত আক্ৰান্ত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে অঞ্চলটোক মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে । অঞ্চলটোত অকৰ্তৃত্বশীলভাৱে কোনো লোকৰ আহ-যাহ আৰু বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । মাইক্ৰ' কন্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা অঞ্চলটোৰ উত্তৰে এল পি স্কুল , দক্ষিণে মিকিৰ চাং, পূবে চাহ বাগিচা আৰু পশ্চিমে ষ্টাফ লাইনক এই কন্টেইনমেণ্ট জ'নৰ সীমা হিচাপে নিৰ্ধাৰণ কৰা হৈছে । নিৰ্ধাৰিত সীমাৰ ভিতৰত সমগ্ৰ অঞ্চলটোত অকৰ্তৃত্বশীলভাৱে কোনো লোকে আহ-যাহ কৰিব নোৱাৰিব ।

17 Jun, 2021

গোলাঘাট জিলাৰ বোকাখাত ৰাজহ চক্ৰৰ অধীনৰ বেহৰা চাহ বাগিচাৰ বৰলাইনত ১৪ জন লোক ক'ভিডত আক্ৰান্ত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে অঞ্চলটোক মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে । অঞ্চলটোত অকৰ্তৃত্বশীলভাৱে কোনো লোকৰ আহ-যাহ আৰু বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।  মাইক্ৰ' কন্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা অঞ্চলটোৰ উত্তৰে এল পি স্কুল , দক্ষিণে মিকিৰ চাং, পূবে চাহ বাগিচা আৰু পশ্চিমে ষ্টাফ লাইনক এই কন্টেইনমেণ্ট জ'নৰ সীমা হিচাপে নিৰ্ধাৰণ কৰা হৈছে । নিৰ্ধাৰিত সীমাৰ ভিতৰত সমগ্ৰ অঞ্চলটোত অকৰ্তৃত্বশীলভাৱে কোনো লোকে আহ-যাহ কৰিব নোৱাৰিব ।

17 Jun, 2021Golaghat Covid-19 Update

17 Jun, 2021

Golaghat Covid-19 Update

দেৰগাঁৱৰ ৰাংঢালি শইকীয়া চুক এলেকাক মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন ঘোষণাক'ভিডৰ লক্ষণ দেখা পালেই পৰীক্ষা কৰোৱাৰ আহ্বান প্ৰশাসনৰ

17 Jun, 2021

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১০০/২০২১

দেৰগাঁৱৰ ৰাংঢালি শইকীয়া চুক এলেকাক মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন ঘোষণা

ক'ভিডৰ লক্ষণ দেখা পালেই পৰীক্ষা কৰোৱাৰ আহ্বান প্ৰশাসনৰ

গোলাঘাট, ১৭ জুন : গোলাঘাট জিলাৰ দেৰগাঁও ৰাজহ চক্ৰৰ অধীনৰ ৰাংঢালি শইকীয়া চুক গাঁৱৰ ১৪ জন লোক ক'ভিডত আক্ৰান্ত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে অঞ্চলটোক মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে । অঞ্চলটোত অকৰ্তৃত্বশীলভাৱে কোনো লোকৰ আহ-যাহ আৰু বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।  মাইক্ৰ' কন্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা অঞ্চলটোৰ উত্তৰে থলকীয়া গাঁও , দক্ষিণে ৰাংঢালি গাঁও, পূবে পুখুৰিপাৰ সত্ৰ আৰু পশ্চিমে ছুকুৰা আলিক এই কন্টেইনমেণ্ট জ'নৰ সীমা হিচাপে নিৰ্ধাৰণ কৰা হৈছে । নিৰ্ধাৰিত সীমাৰ ভিতৰত সমগ্ৰ অঞ্চলটোত অকৰ্তৃত্বশীলভাৱে কোনো লোকে আহ-যাহ কৰিব নোৱাৰিব । জিলা প্ৰশাসনে জনসমাগম পৰিহাৰ কৰাৰ লগতে ক'ভিডৰ লক্ষণসমূহ দেখা পালে অতি সোনকালে পৰীক্ষা কৰাবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাইছে ।  কাহ, চৰ্দি আৰু জ্বৰ, ডায়েৰীয়া, বমি, ভাগৰ অনুভৱ হোৱা, মূৰ ঘূৰণী আৰু বমি ভাৱ, উশাহ-নিশাহত অসুবিধা, মূৰৰ বিষ, ঠাণ্ডা লগা, চকু ৰঙা পৰা, সোৱাদ আৰু গোন্ধ নোপোৱা, শৰীৰত ৰঙা দাগ, মাংসপেশীৰ বিষ, বুকুৰ বিষ, ডিঙিৰ সুৰসুৰণী ইত্যাদি ক'ভিড 19ৰ লক্ষণ হ'ব পাৰে । যদি এই লক্ষণসমূহৰ এটায়ো দেখা দিছে তেনেহ'লে পলম নকৰি পৰীক্ষা কৰাবলৈ প্ৰশাসনে পুনৰ আহ্বান জনাইছে । লগতে গৃহ আছুটীয়াকৰনৰ নিয়মসমূহ মানি চলিবলৈ তথা এনে সময়ত তেজৰ অক্সিজেনৰ পৰিমাণ ৯৫ শতাংশতকৈ তললৈ নামিলে তাৎক্ষনিকভাৱে চিকিৎসকৰ সহায় ল'বলৈও আহ্বান জনোৱা হৈছে । 

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

আজিৰ পৰা 18 বছৰৰ অধিক বয়সৰ সকলো নাগৰিকৰ বাবে কোভিড-19 টিকাকৰণ উপলব্ধ কৰা হ'ব।

17 Jun, 2021

আজিৰ পৰা 18 বছৰৰ অধিক বয়সৰ সকলো নাগৰিকৰ বাবে কোভিড-19 টিকাকৰণ উপলব্ধ কৰা হ'ব। এতিয়াৰ পৰা প্ৰথম পালিৰ সন্দৰ্ভত বয়স গোটৰ কোনো পাৰ্থক্য নাথাকিব, যাৰ বাবে পঞ্জীয়ন cowin.gov.in পৰ্টেলত কৰা হ'ব পাৰে বা টিকাকৰণ কেন্দ্ৰত যিকোনো নথিপত্ৰ (পেন কাৰ্ড, এডিএইচআৰ কাৰ্ড, ভোটাৰ পৰিচয় পত্ৰ আদি) লৈ যাব পাৰে আৰু টিকাকৰণ কৰিব পাৰে।

-ডঃ.M চাংচান
এডল. চিফ মেডিকেল আৰু 
স্বাস্থ্য বিষয়া, 
ডিমা হাচাও

17 Jun, 2021 সতৰ্কবাৰ্তাগৰ্মাজ চাৰিআলি, ৰহা, নগাঁওত 4 টা কোভিড19 +ভে সক্ৰিয় ঘটনা ধৰা পৰিছেনিয়ন্ত্ৰণ ক্ষেত্ৰ নিৰ্ধাৰণ কৰা হৈছেআদেশটো 14 দিনৰ বাবে 16.06.2021 ডব্লিউ.এফ. কাৰ্যকৰী হয়তথ্য আৰু জনসম্পৰ্ক সঞ্চালকালয়, অসম

17 Jun, 2021

       সতৰ্কবাৰ্তা

গৰ্মাজ চাৰিআলি, ৰহা, নগাঁওত 4 টা কোভিড19 +ভে সক্ৰিয় ঘটনা ধৰা পৰিছে
নিয়ন্ত্ৰণ ক্ষেত্ৰ নিৰ্ধাৰণ কৰা হৈছে
আদেশটো 14 দিনৰ বাবে 16.06.2021 ডব্লিউ.এফ. কাৰ্যকৰী হয়

তথ্য আৰু জনসম্পৰ্ক সঞ্চালকালয়, অসম

17 Jun, 2021সতৰ্কবাৰ্তানগাঁৱৰ কালিয়াবৰৰ বামুনী গাঁৱত 4 টা কোভিড19 +ভে সক্ৰিয় ঘটনা ধৰা পৰিছেনিয়ন্ত্ৰণ ক্ষেত্ৰ নিৰ্ধাৰণ কৰা হৈছেআদেশটো 14 দিনৰ বাবে 16.06.2021 ডব্লিউ.এফ. কাৰ্যকৰী হয়তথ্য আৰু জনসম্পৰ্ক সঞ্চালকালয়, অসম

17 Jun, 2021

সতৰ্কবাৰ্তা
নগাঁৱৰ কালিয়াবৰৰ বামুনী গাঁৱত 4 টা কোভিড19 +ভে সক্ৰিয় ঘটনা ধৰা পৰিছে
নিয়ন্ত্ৰণ ক্ষেত্ৰ নিৰ্ধাৰণ কৰা হৈছে
আদেশটো 14 দিনৰ বাবে 16.06.2021 ডব্লিউ.এফ. কাৰ্যকৰী হয়

তথ্য আৰু জনসম্পৰ্ক সঞ্চালকালয়, অসম

17 Jun, 2021Covid Update Assam Covid19 Assam and actions taken as on 16/06/2021

17 Jun, 2021

Covid Update Assam  

Covid19 Assam and actions taken as on 16/06/2021

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।