Wednesday, 9 June 2021

নগাঁও জিলা প্ৰশাসনে জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত জিলাখনত ক'ভিড-১৯ মহামাৰীৰ টিকাকৰণ অভিযান তীব্রতৰ কৰি তুলিছে।

09 Jun, 2021

নগাঁও জিলা প্ৰশাসনে জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত জিলাখনত ক'ভিড-১৯ মহামাৰীৰ টিকাকৰণ অভিযান তীব্রতৰ কৰি তুলিছে। এই অনুসৰি জিলাখনত বৰ্তমান চলি থকা গোপীনাথ দেৱগোস্বামী বাণিজ্যিক মহাবিদ্যালয়, নগাঁও মহাবিদ্যালয়, নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰ'টাৰী ক্লাৱৰ উপৰিও নতুনকৈ হয়বৰ গাঁও আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়, নগাঁও চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু খাগৰিজান মহাবিদ্যালয়ত ১০-০৬-২০২১ তাৰিখৰ পুৱা ৯ বজাৰ পৰা ক'বিডৰ টিকাকৰণৰ ব্যৱস্থা কৰা হৈছে। এই টিকাকৰণ কেন্দ্ৰ সমূহত ১৮ বছৰৰ পৰা ৪৪ বছৰৰলৈকে ব্যক্তি সকলক COVISHIELD ৰ প্ৰথম পালি  ভেকচিন প্ৰদান কৰা হব। ইয়াৰ বাবে অনলাইন বুকিং ৯-০৬-২০২১ তাৰিখৰ বিয়লি ৪ বজাৰ পৰা মুকলি কৰি দিয়া হৈছে। 

Directorate of Information and Public Relations, Assam
Nagaon District Administration
National Health Mission Nagaon

09 Jun, 2021Sites for Covid Vaccination on 10th June,2021District Administration, Jorhat Directorate of Information and Public Relations, Assam

09 Jun, 2021

Sites for Covid Vaccination on 10th June,2021

District Administration, Jorhat 
Directorate of Information and Public Relations, Assam

09 Jun, 2021Golaghat Covid-19🦠 Update

09 Jun, 2021

Golaghat Covid-19🦠 Update

09 Jun, 2021

গোলাঘাটত এসপ্তাহৰ ভিতৰত ৰাজহ চক্ৰ বিষয়াসকলে চিনাক্ত কৰিব লাগিব খাদ্য সুৰক্ষা আইনৰ ৰেচন কাৰ্ডৰ ভুৱা হিতাধিকাৰীক*

09 Jun, 2021

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৯২/২০২১

 *গোলাঘাটত এসপ্তাহৰ ভিতৰত ৰাজহ চক্ৰ বিষয়াসকলে চিনাক্ত কৰিব লাগিব খাদ্য সুৰক্ষা আইনৰ ৰেচন কাৰ্ডৰ ভুৱা হিতাধিকাৰীক* 
 *অত্যধিক মূল্যবৃদ্ধি আৰু অনৈতিক তথা বেআইনী কাৰ্যকলাপৰ বিৰুদ্ধে অভিযোগ দাখিলৰ বাবে হেল্পলাইন নম্বৰ মুকলি* 

গোলাঘাট, ৯ জুন :  গোলাঘাটৰ বিভিন্ন স্থানত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন-২০১৩ৰ অধীনত সুলভ মূল্যৰ দোকানসমূহৰ পৰা ৰেচন কাৰ্ড লাভ কৰি থকা যোগ্যতাবিহীন হিতাধিকাৰী সকলক চিনাক্ত কৰাৰ বাবে গাওঁবুঢ়াসকলক সত্যাসত্য নিৰূপনৰ দায়িত্ব দিবলৈ জিলা প্ৰশাসনে ৰাজহ চক্ৰ বিষয়াসকলক নিৰ্দেশ দিছে । জিলা প্ৰশাসনে গোলাঘাট, দেৰগাঁও, খুমটাই আৰু মৰঙিৰ ৰাজহ চক্ৰ বিষয়ালৈ এই সন্দৰ্ভত জাৰি কৰা এটা নিৰ্দেশনাত কোৱা হৈছে যে চৰকাৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত কোনো ভুৱা হিতাধিকাৰী যাতে উপকৃত নহয় সেইয়া সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰিছে । জিলা খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্তই জাৰি কৰা নিৰ্দেশনাটোত এই নিৰ্দেশ লাভ কৰাৰ ৭ দিনৰ ভিতৰত গাওঁবুঢ়া আৰু সুলভ মূল্যৰ দোকানীৰ স্বাক্ষৰসম্বলিত সত্যাসত্য নিৰূপন কৰা হিতাধিকাৰীৰ তালিকা দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । উল্লেখযোগ্য যে ইয়াৰ পুৰ্বে প্ৰশাসনে জাৰি কৰা এখন গোহাৰিত সকলো চৰকাৰী চাকৰিয়াল, পেঞ্চনভোগী পৰিয়াল, বাৰ্ষিক আয় এক লাখ টকাৰ ওপৰৰ বে-চৰকাৰী চাকৰিয়াল, স্বচ্ছল ব্যৱসায়ী, স্বচ্ছল খেতিয়কৰ লগতে চাৰিচকীয়া বাহন থকা পৰিয়াল আৰু আৰ চি চি বিল্ডিং থকা পৰিয়ালক অতি সোনকালে মহকুমা যোগান বিভাগৰ কাৰ্যালয়ত ৰেচন কাৰ্ডসমূহ ওভতাই দিবলৈ নিৰ্দেশ দিয়া হৈছিল । অন্যথা প্ৰশাসনৰ নিজাববীয়া অনুসন্ধানত এনে পৰিয়ালে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰি থকা বুলি প্ৰমাণ হ'লে অত্যাৱশ্যকীয় সামগ্ৰী আইন ১৯৫৫ আৰু ভাৰতীয় দণ্ডবিধিৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি স্পষ্ট কৰি দিয়া হৈছিল । ইফালে গোলাঘাট মহকুমাত জিলা উপায়ুক্তৰ নিৰ্দেশক্ৰমে অত্যধিক মূল্যবৃদ্ধি আৰু ব্যৱসায়ত অনৈতিক তথা বেআইনী কাৰ্যকলাপ আদিৰ বিষয়ে অভিযোগ দাখিল কৰাৰ বাবে এটা হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে । গ্ৰাহকসকলে ০৩৭৭৪-২৮৩২৮২ নম্বৰত ফোন কৰি গোলাঘাট মহকুমাৰ অধীনৰ এলেকাৰ এই সম্পৰ্কীয় ওজৰ-আপত্তি দাখিল কৰিব পাৰিব । গ্ৰাহকে বিভাগৰ কাৰ্যালয়ত লিখিত অভিযোগো দাখিল কৰিব পাৰিব ।

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

গোলাঘাটৰ ক'ভিড ৰোগীৰ বাবে টেলি মেডিচিন সেৱা, বিশেষ হেল্পলাইন নম্বৰ

09 Jun, 2021

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং - ৯১ /২০২১

গোলাঘাটৰ ক'ভিড ৰোগীৰ বাবে টেলি মেডিচিন সেৱা, বিশেষ হেল্পলাইন নম্বৰ

গোলাঘাট, ৯ জুন : ক'ভিড-19 ত আক্ৰান্ত লোকসকলৰ সহায় হোৱাকৈ গোলাঘাট জিলা প্ৰশাসনে কেতবোৰ হেল্পলাইন নম্বৰ মুকলি কৰিছে । এই নম্বৰসমূহত ফোন কৰি যিকোনো লোকেই ক'ভিড সম্পৰ্কীয় তথ্য লাভ কৰিব পাৰিব । ক'ভিডৰ বিৰুদ্ধে যুঁজখনত ৰাইজৰ ওজৰ-আপত্তি সমুহ যাতে ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰিব পৰা যায়, তাৰ প্ৰতি লক্ষ্য ৰাখি তথা ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে জিলা স্বাস্থ্য বিভাগৰ অতিৰিক্ত উপায়ুক্তৰ নেতৃত্বত ইতিমধ্যে জিলা পৰ্যায়ৰ এটা অভিযোগ নিষ্পত্তি কোষ গঠন কৰা হৈছে । ইচ্ছুক ব্যক্তিয়ে  ০৩৭৭৪-২৮৩০০১ নম্বৰত ফোন কৰি তেওঁলোকৰ অভিযোগ তথা ওজৰ-আপত্তিসমুহ জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ কৰাব পাৰিব । আনহাতে ইচ্ছুক ব্যক্তিয়ে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নিয়ন্ত্ৰণ কক্ষৰ ০৩৭৭৪-২৮৩২৮২ অথবা ১০৭৭ নম্বৰতো ফোন কৰিব পাৰিব । ক'ভিড সম্পৰ্কীয় সহায় - সহযোগিতাৰ বাবে ১০৪ সাৰথি সেৱাৰ নম্বৰত ফোন কৰিব পাৰিব । ক'ভিড ৰোগীসকলে টেলি মেডিচিন সেৱাৰ দ্বাৰাও উপকৃত হ'ব পাৰিব । তাৰ বাবে নিৰ্দিষ্ট বাৰত নিৰ্ধাৰিত সময়ত ০৩৭৭৪-২৮১২৮১ নম্বৰত ফোন কৰিলে পোনপটীয়াকৈ চিকিৎসকৰ পৰামৰ্শ লাভ কৰিব । ইতিমধ্যে ইয়াৰ বাবে দুগৰাকী চিকিৎসকক নিয়োগ কৰা হৈছে । প্ৰতি সপ্তাহৰ সোম, বুধ আৰু শুকুৰবাৰে আৰু মাহৰ প্ৰথম আৰু দ্বিতীয় দেওবাৰে পুৱা চাৰে ৯ বজাৰ পৰা বিয়লি ২ বজালৈ ডাঃ শ্যামন্ত শ্যামৰ পৰা পৰামৰ্শ লাভ কৰিব পাৰিব । আনহাতে প্ৰতি সপ্তাহৰ মঙল, বৃহস্পতি আৰু শনিবাৰৰ লগতে মাহৰ তৃতীয় আৰু চতুৰ্থ দেওবাৰে ডাঃ সুদেষ্ণা দত্তই টেলিমেডিচিন সেৱা আগবঢ়াব । 

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

09 Jun, 2021দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাপে অসম চৰকাৰে এক অধিসূচনামৰ্মে ঘোষণা কৰা সৰ্ম্পকে জাৰি কৰা এক প্ৰেছ বাৰ্তা।

09 Jun, 2021

দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাপে অসম চৰকাৰে এক অধিসূচনামৰ্মে  ঘোষণা কৰা সৰ্ম্পকে জাৰি কৰা এক প্ৰেছ বাৰ্তা।

লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।

      লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।                                              মৃত্যু মৃত্যু জীৱনৰ এটা অবিচ্ছেদ্য সত্য। পৃথিৱী...