Saturday, 5 June 2021

গোলাঘাটৰ ৮ টা উন্নয়ন খণ্ড আৰু ১০২খন গাঁও পঞ্চায়ততে বিশ্ব পৰিৱেশ দিৱস পালন

05 Jun, 2021

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৮৬/২০২১

গোলাঘাটৰ ৮ টা উন্নয়ন খণ্ড আৰু ১০২খন গাঁও পঞ্চায়ততে বিশ্ব পৰিৱেশ দিৱস পালন
গোলাঘাট, ৫ জুন : গোলাঘাট জিলাৰ ৮টা উন্নয়ন খণ্ড আৰু ১০২ খন গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ উদ্যোগত আজি বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হয় । এই উপলক্ষে গছপুলি ৰোপনৰ লগতে কেতবোৰ ঠাইত চাফাই অভিযানো চলোৱা হয় । গোলাঘাট ইষ্ট ব্লকত জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়াই অংশ লৈ গছপুলি ৰোপন কৰে । পৰিৱেশ দিৱস উপলক্ষে গোলাঘাটৰ কাকডোঙাৰ নেঘেৰিটিং গাঁও পঞ্চায়তৰ অধীনৰ কচাৰীলাইন প্ৰাথমিক বিদ্যালয়, দেৰগাঁও উত্তৰ খণ্ডৰ মধ্য মিছামৰা গাঁও পঞ্চায়ত আৰু বোকাখাত পশ্চিম খণ্ডৰ মৰিধনশ্ৰী গাঁও পঞ্চায়তত গছপুলি ৰোপন আৰু চাফাই অভিযান কাৰ্যসূচী ৰূপায়ন কৰা হয় । গোলাঘাটৰ বীৰাংগনা সাধনী কলাক্ষেত্ৰ পৰিচালনা সমিতিৰ উদ্যোগতো কলাক্ষেত্ৰ চৌহদত কেইবাটাও সাঁচি গছৰ পুলি ৰোপন কৰা হয় । এই গছপুলি ৰোপন কাৰ্যসূচীত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী আৰু সমিতিৰ সদস্য-সচিব তথা সহকাৰী আয়ুক্ত ময়ুৰাক্ষী দত্তৰ লগতে কলাক্ষেত্ৰৰ ভালেসংখ্যক বিষয়া-কৰ্মচাৰী উপস্থিত আছিল । বিশ্ব পৰিবেশ দিৱসৰ সৈতে সংগতি ৰাখি গোলাঘাট জিলাৰ খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই কণ কণ ল'ৰা-ছোৱালীক গছ পুলি ৰোপন কৰি কেনেকৈ প্ৰতিপালন কৰিব লাগে সেই বিষয়ে শিকোৱাৰ লগতে কেইবাটাও মূল্যবান গছৰ পুলি ৰোপন কৰে । পৰিবেশ দিৱস উপলক্ষে গোলাঘাট জিলাৰ পশ্চিম বৰপথাৰ গাওঁ পঞ্চায়তত আয়োজিত গছপুলি ৰোপনৰ কাৰ্যসূচীত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে অংশগ্ৰহণ কৰে । 

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

গোলাঘাট জিলাত বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰি আনি ক'ভিডৰ প্ৰতিষেধক প্ৰদান

05 Jun, 2021

জনসংযোগ, গোলাঘাট প্ৰেছ  বিজ্ঞপ্তি নং : ৮৫/২০২১
 
গোলাঘাট জিলাত বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰি আনি ক'ভিডৰ প্ৰতিষেধক প্ৰদান
প্ৰতিটো ৰাজহ চক্ৰৰ অধীনত স্থাপন কৰা হৈছে আদৰ্শ প্ৰতিষেধক কেন্দ্ৰ

গোলাঘাট জিলাত এতিয়ালৈকে ১,৩১,৫৭৯ পালি প্ৰতিষেধক প্ৰদান

গোলাঘাট, ৫ জুন : ক'ভিড প্ৰতিষেধকক লৈ অব্যাহত থকা ভ্ৰান্ত ধাৰণা দূৰ কৰাৰ উদ্দেশ্যে তথা প্ৰতিষেধক গ্ৰহণৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্যৰে গোলাঘাট জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত গোলাঘাট জিলাৰ প্ৰতিটো ৰাজহ চক্ৰৰ অধীনত বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক প্ৰতিষেধক কেন্দ্ৰলৈ আমন্ত্ৰণ কৰি আনি ক'ভিডৰ প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । তাৰেই অংশৰূপে আজি গোলাঘাট আৰু দেৰগাঁৱত কেইবাগৰাকীও ব্যক্তিক প্ৰতিষেধক প্ৰদান কৰা হয় । তেওঁলোকক ফুলাম গামোচা আৰু বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি একোটা গছপুলি উপহাৰ হিচাপে প্ৰদান কৰি সম্ভাষণ জনোৱা হয় । গোলাঘাটৰ জিলা স্পৰ্টছ কম্প্লেক্সত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ শিল্পী মহম্মদ নৱাব আলতাব আলী আহমেদ, সাংবাদিক পেঞ্চনাৰ দুগ্ধ দত্ত আৰু যুৱ ক্ৰীড়াবিদ কীৰ্তি চন্দ্ৰ গগৈক প্ৰথম পালি প্ৰতিষেধক প্ৰদান কৰা হয় ।প্ৰতিষেধক প্ৰদানৰ এই কাৰ্যসূচীত অতিৰিক্ত উপায়ুক্ত পল্লৱী গগৈ আৰু কুলদ্বীপ হাজৰিকাৰ লগতে স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তও উপস্থিত আছিল । উল্লেখযোগ্য যে গোলাঘাট জিলাত ক'ভিডৰ প্ৰতিষেধক গ্ৰহণৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে ইতিমধ্যে প্ৰতিটো ৰাজহ চক্ৰৰ অধীনত আদৰ্শ ক'ভিড প্ৰতিষেধক কেন্দ্ৰ স্থাপন কৰা হৈছে । আনহাতে জিলাখনত আজি ১৭৬০ জন লোকক প্ৰতিষেধক প্ৰদান কৰা হয় । ইয়াৰে ১৭৪৩টা প্ৰথম পালি আৰু ১৭টা দ্বিতীয় পালি । যোৱা ১৬ জানুৱাৰীৰ পৰা আজিৰ দিনটোলৈকে গোলাঘাট জিলাত ১,৩১,৫৭৯ পালি ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে । ইয়াৰে ১,০৪,৪৬৫ টা প্ৰথম পালি আৰু ২৭,১১৪টা দ্বিতীয় পালি প্ৰতিষেধক । 

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

কমাৰবন্ধাত অবৈধভাৱে মজুত কৰা ৰন্ধন গেছৰ চিলিণ্ডাৰ, পেট্ৰলিয়ামজাত সামগ্ৰী আৰু অবৈধ সুৰা জব্দ

05 Jun, 2021

জনসংযোগ, গোলাঘাট প্ৰেছ  বিজ্ঞপ্তি নং : ৮৪/২০২১

কমাৰবন্ধাত অবৈধভাৱে মজুত কৰা ৰন্ধন গেছৰ চিলিণ্ডাৰ, পেট্ৰলিয়ামজাত সামগ্ৰী আৰু অবৈধ সুৰা জব্দ 
গোলাঘাট, ৫ জুন : গোলাঘাট জিলা খাদ্য আৰু অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা বিভাগ, আবকাৰী বিভাগ আৰু কমাৰবন্ধা আৰক্ষীৰ এটা যৌথ অভিযানত আজি বৃহৎ পৰিমাণৰ পেট্ৰলিয়ামজাত সামগ্ৰী, অবৈধভাৱে মজুত কৰা ৰন্ধন গেছৰ চিলিণ্ডাৰ আৰু অবৈধ সুৰা জব্দ কৰা হয় । আজি দিনৰ প্ৰায় চাৰে ১১ বজাত কমাৰবন্ধাৰ ৰেলগেট অঞ্চলত চলোৱা এই অভিযানত ১৫ টা ৰন্ধন গেছৰ চিলিণ্ডাৰ, ৪০০ লিটাৰ অবৈধ সুৰা আৰু পেট্ৰলিয়ামজাত সামগ্ৰী জব্দ কৰা হয় । আবকাৰী বিভাগে ঘটনাস্থলীতে অবৈধ সুৰাখিনি নষ্ট কৰে । 

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

আজি ৫ জুন বিশ্ব পৰিৱেশ দিৱস। এই বিশেষ দিনটো সদায় বিশেষ নহৈ প্ৰতিটো দিনেই হৈ পৰক পৰিৱেশ দিৱস। পৃথিবীৰ সেউজীয়া খিনি সদায় সেউজীয়া হৈ থাকক। এটি গছ পুলি নহয় হাতে হাতে উঠাই লওঁ সেউজীয়া খিনি, গছপুলি ৰোপন কৰিয়েই দায়িত্ব সামৰি নথৈ সেউজীয়া খিনিক সজায় তুলিব খোজো ন ৰূপত আহক।।।

আজি ৫ জুন বিশ্ব পৰিৱেশ দিৱস। এই বিশেষ দিনটো সদায় বিশেষ নহৈ প্ৰতিটো দিনেই হৈ পৰক পৰিৱেশ দিৱস। পৃথিবীৰ সেউজীয়া খিনি সদায় সেউজীয়া হৈ থাকক। এটি গছ পুলি নহয় হাতে হাতে উঠাই লওঁ সেউজীয়া খিনি, গছপুলি ৰোপন কৰিয়েই দায়িত্ব সামৰি নথৈ সেউজীয়া খিনিক সজায় তুলিব খোজো ন ৰূপত আহক।।।

কৃতজ্ঞতা জ্ঞাপন মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

05 Jun, 2021

কৃতজ্ঞতা জ্ঞাপন মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
ক'ভিড-১৯ ৰ টীকাকৰণ অভিযানক জনআন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আৰ্থিক বৰঙণি আগবঢ়োৱা ব্যক্তি তথা অনুষ্ঠানৰ প্ৰতি

05 Jun, 2021Breaking news১৪৪ ধাৰা জাৰি । বানপানীৰ সময়ত বন্যপ্ৰাণী আৰু মানৱ জীৱনৰ সুৰক্ষাৰ বাবে কাজিৰঙাৰ আমগুৰিৰ পৰা বাগৰিলৈকে ।এই ৩ জুন'২০২১ তাৰিখে জাৰি কৰা নিৰ্দেশনা সমূহ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বলবৎ থাকিব।

05 Jun, 2021

Breaking news
১৪৪ ধাৰা জাৰি । 
বানপানীৰ সময়ত বন্যপ্ৰাণী আৰু মানৱ জীৱনৰ সুৰক্ষাৰ বাবে  কাজিৰঙাৰ আমগুৰিৰ পৰা বাগৰিলৈকে

এই ৩ জুন'২০২১ তাৰিখে জাৰি কৰা নিৰ্দেশনা সমূহ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বলবৎ থাকিব।

৬ জুন ২০২১ ইং তাৰিখৰ পৰা ১৬ জুন ২০২১ ইং তাৰিখলৈ গাওঁ আৰু চহৰ উভয়তে প্ৰযোজ্য হোৱাকৈ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ক'ভিড-১৯ সম্পৰ্কে নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে।

05 Jun, 2021

৬ জুন ২০২১ ইং তাৰিখৰ পৰা ১৬ জুন ২০২১ ইং তাৰিখলৈ গাওঁ আৰু চহৰ উভয়তে প্ৰযোজ্য হোৱাকৈ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ক'ভিড-১৯ সম্পৰ্কে নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে।

সেই অনুসৰি - 
১/ দিনৰ ১ বজাৰ পৰা পুৱা ৫ বজালৈ জন-সাধাৰণ লোকৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। 

২/প্ৰতিদিনে দিনৰ ১২ বজাৰ পৰা সকলো দোকান-পোহাৰ আৰু বাণিজ্যিক প্ৰতিষ্ঠান বন্ধ থাকিব। 

৩/ৰেষ্টুৰেন্ট তথা ধাবাসমূহত দিনৰ ১২ বজালৈকেহে গ্ৰাহকক খাদ্য পৰিৱেশন কৰিব পাৰিব। অৱশ্যে এক বজা পৰ্যন্ত ঘৰলৈ নিয়াৰ বাবে খাদ্য বিক্ৰী কৰিব পাৰিব। কিন্তু ১ বজাৰ পিছত কেৱল হোম ডেলিভাৰী কৰিব পাৰিব। 

৪/হোটেল আৰু ৰিজৰ্টত থকা ৰেষ্টুৰা সমূহে দিনৰ ১২  বজালৈকেহে বাহিৰৰ গ্ৰাহকক খাদ্য বিক্ৰী কৰিব পাৰিব। তাৰ পিছত কেৱল হোটেলত থকা গ্ৰাহককহে খাদ্য বিক্ৰী কৰিব পাৰিব। 

৫/শীতল ভঁৰাল আৰু পণ্যাগাৰ সমূহ দিনৰ ১২ বজাৰ পিছতো চলি থাকিব পাৰিব কিন্তু ইয়াৰ সৈতে সংলগ্ন হৈ থকা বিক্ৰী কেন্দ্ৰ, শ্ব'ৰুম আদি দিনৰ ১২ বজাতে  বন্ধ কৰিব লাগিব। 

৬/ চৰকাৰী তথা বেচৰকাৰী সকলো কাৰ্য্যালয় অহা ১৫ জুনলৈ বন্ধ থাকিব। 

৭/ চৰকাৰী/অৰ্ধ চৰকাৰী বিভাগৰ উপ সচিব আৰু তাৰ উৰ্দ্ধতন বিষয়া তথা বেচৰকাৰী খণ্ডৰ জেষ্ঠ কাৰ্যবাহী বিষয়াই জৰুৰী আৰু অত্যাবশ্যকীয় কামৰ বাবে কেৱল অতি প্ৰয়োজনীয় কৰ্মচাৰীকলৈহে কাৰ্যালয়ত কাম কৰিব পাৰিব। কিন্তু অত্যাবশ্যকীয় আৰু জৰুৰী সেৱা, আইন বলৱৎকাৰী সংস্থা আৰু নিৰ্বাচন সম্পৰ্কীয় কামৰ ক্ষেত্ৰত ওপৰোক্ত ৬ আৰু ৭ নং দফা দুটা প্ৰযোজ্য নহ'ব।

৮/আন্তঃজিলা যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ থাকিব।

লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।

      লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।                                              মৃত্যু মৃত্যু জীৱনৰ এটা অবিচ্ছেদ্য সত্য। পৃথিৱী...