05 Jun, 2021
জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৮৪/২০২১
কমাৰবন্ধাত অবৈধভাৱে মজুত কৰা ৰন্ধন গেছৰ চিলিণ্ডাৰ, পেট্ৰলিয়ামজাত সামগ্ৰী আৰু অবৈধ সুৰা জব্দ
গোলাঘাট, ৫ জুন : গোলাঘাট জিলা খাদ্য আৰু অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা বিভাগ, আবকাৰী বিভাগ আৰু কমাৰবন্ধা আৰক্ষীৰ এটা যৌথ অভিযানত আজি বৃহৎ পৰিমাণৰ পেট্ৰলিয়ামজাত সামগ্ৰী, অবৈধভাৱে মজুত কৰা ৰন্ধন গেছৰ চিলিণ্ডাৰ আৰু অবৈধ সুৰা জব্দ কৰা হয় । আজি দিনৰ প্ৰায় চাৰে ১১ বজাত কমাৰবন্ধাৰ ৰেলগেট অঞ্চলত চলোৱা এই অভিযানত ১৫ টা ৰন্ধন গেছৰ চিলিণ্ডাৰ, ৪০০ লিটাৰ অবৈধ সুৰা আৰু পেট্ৰলিয়ামজাত সামগ্ৰী জব্দ কৰা হয় । আবকাৰী বিভাগে ঘটনাস্থলীতে অবৈধ সুৰাখিনি নষ্ট কৰে ।
জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
NORTHEAST NEWS INDIA