Wednesday, 2 June 2021

গোলাঘাট পৌৰ সভাৰ অধীনৰ কৰ আদায় নিদিয়া লোকৰ বিৰুদ্ধে কঠোৰ জিলা প্ৰশাসন

02 Jun, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ৮১/২০২১

গোলাঘাট পৌৰ সভাৰ অধীনৰ কৰ আদায় নিদিয়া লোকৰ বিৰুদ্ধে কঠোৰ জিলা প্ৰশাসন

বাৰে বাৰে জাননী পোৱাৰ পাছতো কৰ আদায় নিদিয়া ব্যৱসায়ীৰ বাতিল কৰা হ'ব অনুজ্ঞাপত্ৰ, বাজেয়াপ্ত কৰা হ'ব সম্পত্তি

কৰ দিবলৈ বাকী থকা লোকসকলৰ নাম জাননী ব'ৰ্ডত লিখি কাৰ্যালয় চৌহদত আঁৰি থোৱাৰ নিৰ্দেশ

সৰ্বাধিক কৰ দিবলৈ বাকী থকা লোকৰ নাম বাতৰি কাকতত বিজ্ঞাপন আকাৰে প্ৰকাশ কৰা হ'ব

গোলাঘাট, ২ জুন : গোলাঘাট জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে আজি গোলাঘাট পৌৰ সভাৰ কাৰ্যালয়ত পৌৰ সভাৰ কাম-কাজৰ পৰ্যালোচনা কৰে । তেওঁ সভাৰ ৰাজহ সংগ্ৰহৰ পৰিমাণ ক্ৰমাৎ নিম্নগামী হোৱাৰ বিষয়টোত উদ্বিগ্নতা প্ৰকাশ কৰি কয় যে পৌৰ সভা এটা স্বতন্ত্ৰ সংস্থা । সেয়েহে চৰকাৰী পুঁজিলৈ বাট চাই নাথাকি কৰ সংগ্ৰহ ব্যৱস্থাটোক অধিক সক্ৰিয় কৰিব লাগিব বুলি উল্লেখ কৰি তেওঁ পৌৰ সভাৰ পৰা জাননী লাভ কৰাৰ পাছতো কৰ আদায় নিদিয়া লোকসকলৰ নাম ৰাজহুৱা কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ কয় যে প্ৰয়োজন হ'লে অত্যধিক পৰিমাণৰ কৰ আদায় নিদিয়াকৈ থকা লোকৰ নাম বাতৰি কাকতত বিজ্ঞাপন আকাৰে প্ৰকাশ কৰিব লাগিব । ইতিমধ্যে জাননী পোৱাৰ পাছতো কৰ দিবলৈ বাকী থকা লোকসকলৰ নাম জাননী ব'ৰ্ডত লিখি কাৰ্যালয় চৌহদত আঁৰি থ'বলৈ তেওঁ নিৰ্দেশ দিয়ে । তেওঁ ক'ভিড পৰিস্থিতি কিছু নিয়ন্ত্ৰনলৈ অহাৰ পাছত অহা জুলাই মাহৰ পৰা কৰ আদায় নিদিয়া ব্যৱসায়ী আৰু অন্য লোকসকলৰ বিৰুদ্ধে জাননী জাৰি কৰিবলৈ নিৰ্দেশ দিয়ে । আনহাতে ইতিমধ্যে ছীল কৰি থোৱা দোকান বা ব্যৱসায় প্রতিষ্ঠানসমূহ অতি শীঘ্ৰে নিলাম কৰি অন্য লোকৰ নামত আৱন্টন দিবলৈ উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে । যিসকল ব্যৱসায়ী বা অন্য লোকে বাৰে বাৰে জাননী জাৰি কৰাৰ পাছতো পৰিষদৰ ওচৰত কৰসমূহ আদায় দিয়া নাই তেনে ব্যৱসায়ীৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ লগতে অনুজ্ঞাপত্ৰ বাতিল কৰা হ'ব বুলি তেওঁ সকীয়াই দিয়ে । তেওঁ কয় যে ৰাইজৰ বাবে ২৪ ঘণ্টাই সেৱা আগবঢ়োৱা পৌৰ সভাৰ ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰি যিসকল ব্যৱসায়ী আৰু অন্য লোকে দিবলগীয়া ন্যূনতম কৰো আদায় দিয়া নাই তেওঁলোকে অতি সোনকালে কৰ আদায় দিব লাগিব । অন্যথা আইন অনুসৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে । আনহাতে গোলাঘাট নগৰখনক পৰিষ্কাৰ কৰি ৰখাৰ বাবে পৌৰকর্মী তথা চাফাই কৰ্মীসকলক সক্ৰিয়ভাৱে কাম কৰি যাবলৈ তেওঁ পৰামৰ্শ আগবঢ়ায় । উপায়ুক্তগৰাকীয়ে নগৰখনৰ ১৩ নম্বৰ ৱাৰ্ড পৰিদৰ্শন কৰি ষ্ট্ৰীট লাইটৰ বৰ্তমানৰ স্থিতিৰো বুজ লয় । 

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

02 Jun, 2021Golaghat Covid19🦠 update

02 Jun, 2021

Golaghat Covid19🦠 update

কৃতজ্ঞতা জ্ঞাপন মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

02 Jun, 2021

কৃতজ্ঞতা জ্ঞাপন মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
ক'ভিড-১৯ ৰ টীকাকৰণ অভিযানক জনআন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আৰ্থিক বৰঙণি আগবঢ়োৱা ব্যক্তি তথা অনুষ্ঠানৰ প্ৰতি

যিসকলে জনসাধাৰণক সুৰক্ষিত কৰিবলৈ ক'ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে দিনে-নিশাই যুঁজ দি আছে, তেওঁলোকৰ প্ৰতি এনে অসহনীয় আচৰণ কৰাটো চৰম অমানুষিক ঘটনা।

02 Jun, 2021

যিসকলে জনসাধাৰণক সুৰক্ষিত কৰিবলৈ ক'ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে দিনে-নিশাই যুঁজ দি আছে, তেওঁলোকৰ প্ৰতি এনে অসহনীয় আচৰণ কৰাটো চৰম অমানুষিক ঘটনা।

হোজাইৰ উডালি হস্পিতালত কৰ্তব্যৰত  ডাঃ সেউজ কুমাৰ সেনাপতি নামৰ চিকিৎসকগৰাকীক অতি নিৰ্দয় আৰু নিৰ্মমভাৱে আক্ৰমণ কৰা ঘটনাটোক কঠোৰ ভাষাৰে গৰিহণা দিছোঁ।  ঘটনাটো সংঘটিত কৰা প্ৰতিজন দোষীক কঠোৰ শাস্তি বিহিব লাগে।

 ভবিষ্যতে অনাগত দিনত আৰু যাতে এনে দুভাগ্যজনিত ঘটনা সংঘটিত নহয়, তাৰ বাবে সকলো মানৱ জাতিলৈ আহ্বান জনাইছো।জীৱ মাএে ভুল হয়। প্ৰতিটো খোজতে জীৱৰ অপৰাধ আছে। সেয়েহে সকলোকে সমান দৃষ্টিভঙ্গি ৰাখিব লাগে।। 
ধন্যবাদ।।

02 Jun, 2021COVID-19🦠 update in Dima Hasao District date 01-06-2021

02 Jun, 2021

COVID-19🦠  update in
 Dima Hasao District date 01-06-2021

02 Jun, 2021Covid Update Assam Covid19 Assam and actions taken as on 01/06/2021

02 Jun, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 01/06/2021.

Tuesday, 1 June 2021

লখিমপুৰত উপস্থিত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত।

01 Jun, 2021

*Keshab mahanta at Lakhimpur Medical college* Date :- 1/6/21

## লখিমপুৰত উপস্থিত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত।


## আজি লখিমপুৰত virology lab উদ্বোধন কৰিলে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।

## লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত এই পৰীক্ষাগাৰ উদ্বোধন মন্ত্ৰী গৰাকীৰ।

## দৈনিক 500 নমুনা পৰীক্ষণ সম্ভৱ হ'ব এই পৰীক্ষাগাৰত।

## উত্তৰ অসমৰ কোভিড ৰোগীৰ বাসীৰ এই পৰীক্ষাগাৰ হ'ব বিশেষ সকাহৰ কাৰণ।

## ১০ দিনৰ ভিতৰতে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত সম্পূৰ্ণ কৰা হ'ব 20খন ICU bed ৰ কাম।

## মন্ত্ৰীগৰাকীয়ে অসম বাসীক নিচিন্ত থকাৰ আহ্বান জনাই কয় যে COVID পৰিস্থিতি তৎপৰতাৰে মোকাবিলা কৰি যাব স্বাস্থ্য বিভাগে।

## ভেকচিনৰ বাবে ৰাজ্য চৰকাৰৰ ধনৰ অভাৱ নাই’।

## ভাৰত চৰকাৰে যোগান ধৰিলেই ৰাইজে পাব পৰ্য্যাপ্ত ভেকচিন’।

## 'স্বাস্থ্য খণ্ডত জড়িত কৰ্মচাৰীয়ে গাফিলতি কৰিলেই লোৱা হ'ব তাৎক্ষনিক ব্যৱস্থা’।

## পৰীক্ষাগাৰ উদ্ধোধনৰ পিছতে মন্ত্ৰীয়ে পৰিদর্শন কৰে লখিমপুৰ অসামৰিক চিকিৎসালয়।

## পৰৱৰ্তী সময়ত জিলা উপায়ুক্তৰ কার্য্যলয়ৰ সভাগৃহত জিলা  প্ৰশাসন আৰু স্বাস্থ্য খণ্ডৰ বিষয়াৰ সৈতে এখন বৈঠকত  মিলিত হয় কাম কাজৰ বুজ লোৱাৰ লগতে সুকলমে যুদ্ধং দেহী ভাৱে কাম চলাই যাবলৈ নিৰ্দেশ দিয়ে।
Byte :-

লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...