Wednesday, 26 May 2021

আজি সতী ৰাধিকা স্মৃতি দিৱস।

 26 May, 2021


*লখিমপুৰত সতী ৰাধিকা স্মৃতি দিৱস পালন* Date :- 26/5/21


## আজি সতী ৰাধিকা স্মৃতি দিৱস।



## সমগ্ৰ অসমৰ লগতে লখিমপুৰৰ বিভিন্ন প্ৰান্ততো পালন কৰা হয় সতী ৰাধিকা স্মৃতি দিৱস।


## লখিমপুৰৰ কপহুৱা গাৱৰ বৰ নামঘৰৰ সন্মূখত  অনুসুচিত জাতি যুৱ ছাত্ৰ পৰিষদ, লখিমপুৰ জিলা সমিতি আৰু কপহুৱা যুৱ মঞ্চ সমিতি সহযোগত শান্তি সতী ৰাধিকা আইক শ্ৰদ্ধাঞ্জলি জনোৱা হয়।


## দিনৰ ভাগত বিভিন্ন প্ৰান্তত সাহিত্যি প্ৰতিযোগিতা উপৰিও সন্ধিয়ালৈ কপহুৱা বৰ নামঘৰৰ সন্মূখত সকলোৱে কভিড পতোকল মানি বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয় সতী ৰাধিকা আইক।

Byte :-


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

ক’ভীড-১৯ৰ তাণ্ডৱৰ সময়ত গোলাঘাটৰ দিনদৰিদ্ৰ সকলৰ পানীত হাহঁ নচৰা অৱস্থা হৈছে ৷

 26 May, 2021


ক’ভীড-১৯ৰ তাণ্ডৱৰ সময়ত গোলাঘাটৰ দিনদৰিদ্ৰ সকলৰ পানীত হাহঁ নচৰা অৱস্থা হৈছে ৷


কৰিবলৈ কামনাই ৷ ধন উপাৰ্জন বাবে কোনো বিকল্প নাই সেইবাবেই সাধাৰণশ্ৰেণীৰ লোক সকলে দিক বিদিক হেৰুৱাইছে ৷ এনে অৱস্থাত দৰিদ্ৰ পৰিয়ালক সহায়ৰহাত আগ বঢ়াইছে গোলাঘাটৰ দুজন যুৱকে ৷ গোলাঘাট চহৰৰ দহনং ৱাৰ্ডৰ দুই যুৱক ক্ৰমে মানস প্ৰতীম কৌশিক আৰু ধ্ৰুৱজ্যোতি বৰগোহাইয়ে আশীটা 

দীন দৰিদ্ৰ পৰিয়ালক খাদ্যদ্ৰব্য যোগান ধৰিছে ৷ বেঙেনাখোৱাৰ বৃদ্ধাশ্ৰম শান্তি আলয়ৰ আইটা সকলক সাহায্য দিয়াৰ লগতে গোলাঘাটৰ ৰেল ক্ৰচিংৰ ওচৰত ; তৰফাৎ আহোমগাও আদিৰ দৰিদ্ৰ সকলৰ পেটৰ ক্ষুধা নিবাৰণৰ বাবে খাদ্যৰ যোগান ধৰিছে ৷ কৌশিকে নিজৰ উপাৰ্জনৰ ধনৰ এটা অংশ দৰিদ্ৰক দিয়াৰ লগতে মানসৰ এই কামত সহায় কৰিছে ধ্ৰুৱজ্যোতি বৰগোহাঞিয়ে ৷ :::


 কেমেৰাত বিশ্বজিত নাথৰ সৈতে প্ৰকাশ শৰ্মা গোলাঘাট। নৰ্থইষ্ট নিউজ ইণ্ডিয়া

26 May, 2021Golaghat Covid🦠 update

26 May, 2021

Golaghat Covid🦠 update

১৫ দিনৰ ভিতৰত মেৰামতি সম্পূৰ্ণ কৰাৰ নিৰ্দেশ

26 May, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ৭৮/২০২১

বোকাখাতৰ অগৰাতলীত ব্ৰহ্মপুত্ৰৰ চিগা মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ

১৫ দিনৰ ভিতৰত মেৰামতি সম্পূৰ্ণ কৰাৰ নিৰ্দেশ
নৈপৰীয়া লোকৰ সুৰক্ষা সুনিশ্চিত কৰি বাৰিষাৰ পূৰ্বে সম্পন্ন হ'ব চিগা মথাউৰিৰ মেৰামতিৰ কাম

ঠিকাদাৰসকলক আনুষ্ঠানিক নিৰ্দেশলৈ অপেক্ষা নকৰি প্ৰাৰম্ভিক নিৰ্দেশতে কাম আৰম্ভ কৰাৰ নিৰ্দেশ

গোলাঘাট, ২৬ মে' : জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি গোলাঘাট জিলাৰ বোকাখাতৰ অগৰাতলীৰ মৰিয়াহলাৰ পৰা ডিফলু পথাৰলৈ থকা মথাউৰিৰ চিগা অংশ পৰিদৰ্শন কৰে । ব্ৰহ্মপুত্ৰৰ ওপৰত মৰিয়াহলাৰ পৰা ডিফলু পথাৰলৈ থকা ২৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিটোৰ প্ৰায় ৫৫৫মিটাৰ চিগা অংশ মেৰামতি কৰাৰ বাবে তেওঁ ১৫ দিনৰ সময় নিৰ্ধাৰণ কৰি দিয়ে । তেওঁ ঠিকাদাৰসকলক পুঁজিৰ কথা চিন্তা নকৰি নৈপৰীয়া লোকসকলৰ স্বাৰ্থত যুদ্ধকালীন ক্ষিপ্ৰতাৰে কাম কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ কয় যে নৈপৰীয়া লোকসকলে যাতে কোনো কাৰণতে ঘৰ-বাৰী হেৰুৱাবলগীয়া নহয় সেইয়া সুনিশ্চিত কৰিবলৈ বৰ্তমানৰ ৰাজ্য চৰকাৰখনে সকলো ধৰণে প্ৰয়াস চলাব । এই ক্ষেত্ৰত চৰকাৰৰ পৰা নিৰ্ধাৰিত সময়ত কাম সম্পন্ন কৰিব পৰাকৈ সকলো সহায়-সহযোগিতা লাভ কৰিব বুলি তেওঁ আশ্বাস দিয়ে ।  শ্ৰী হাজৰিকাই প্ৰাৰম্ভিক নিৰ্দেশ ওলোৱাৰ লগে লগে মথাউৰি মেৰামতিৰ কাম আৰম্ভ কৰিবলৈ ঠিকাদাৰসকলক নিৰ্দেশ দিয়ে ।  তেওঁ কয় যে কোনো ঠিকাদাৰে যাতে কামৰ বাবে আনুষ্ঠানিক নিৰ্দেশলৈ ৰৈ নাথাকে ।  আনুষ্ঠানিক নিৰ্দেশলৈ অপেক্ষা কৰিলে অযথা বিলম্ব হয় বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যখনৰ সকলো চিগা মথাউৰিৰ মেৰামতি আৰু নিৰ্মাণৰ কাম বাৰিষাৰ পূৰ্বেই সম্পন্ন কৰাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ । তেওঁ সকলোকে দায়বদ্ধতাৰে কাম কৰিবলৈ আহ্বান জনায় ।পৰিদৰ্শন কালত তেওঁৰ সৈতে কৃষিমন্ত্ৰী অতুল বৰা, সাংসদ প্ৰদান বৰুৱা আৰু জিলা তথা আৰক্ষী প্ৰশাসনৰ বিষয়ববীয়াসকল উপস্থিত আছিল । উল্লেখযোগ্য যে আগৰাতলীৰ মথাউৰিৰ এই অংশটো মেৰামতিৰ বাবে এছ ডি আৰ এফৰ অধীনত আঁচনিৰ অধীনত ৫.৫কোটি টকা ধার্য কৰা হৈছে । 

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

গোলাঘাটৰ প্ৰতিষেধক প্ৰদান কেন্দ্ৰ আৰু বোকাখাতৰ ক'ভিড চিকিৎসালয় পৰিদৰ্শন উপায়ুক্তৰ

26 May, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ৭৭/২০২১

গোলাঘাটৰ প্ৰতিষেধক প্ৰদান কেন্দ্ৰ আৰু বোকাখাতৰ ক'ভিড চিকিৎসালয় পৰিদৰ্শন উপায়ুক্তৰ

ক'ভিড চিকিৎসালয়ত ৰোগীৰ বাবে বাতৰি কাকত, আলোচনী আৰু টেলিভিছন আদিৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ

ক'ভিড ৰোগীক পৰ্যাপ্ত আৰু উন্নত মানৰ খাদ্য যোগান ধৰাৰ নিৰ্দেশ

গোলাঘাট, ২৬ মে' :  গোলাঘাট জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে আজি গোলাঘাট স্প'ৰ্টছ কম্প্লেক্স আৰু পাঁচ আলি শিৱ মন্দিৰ ৰাজহুৱা ভৱনত ক'ভিড 19 ৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ বুজ লয় । তেওঁ লগতে বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত স্থাপন কৰা ক'ভিড চিকিৎসালয়ো পৰিদৰ্শন কৰে । তাত তেওঁ চিকিৎসক স্বাস্থ্যকর্মীসকলক ক'ভিড ৰোগীসকলক মানৱীয় দৃষ্টিভঙ্গীৰে সেৱা আগবঢ়াবলৈ স্বাস্থ্যকৰ্মীসকলৰ প্ৰতি আহ্বান জনায় । তেওঁ ক'ভিড ৰোগীসকলে যাতে চিকিৎসালয়ত এটা সুস্থ পৰিৱেশত থাকিব পাৰে তাৰ বাবে চিকিৎসালয়ত ৰোগীৰ বাবে বাতৰি কাকত, আলোচনী আৰু টেলিভিছন আদিৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ চিকিৎসালয়ত যাতে ২৪ ঘণ্টাই চিকিৎসক নাৰ্ছ থাকে সেইয়া সুনিশ্চিত কৰিবলৈও নিৰ্দেশ দিয়ে । উপায়ুক্তগৰাকীয়ে ক'ভিডৰ কৰ্তব্যত নিয়োজিত চিকিৎসক, স্বাস্থ্যকর্মীসকলৰ বাবে খোৱা বোৱাৰ সু ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিয়ে । তেওঁ ক'ভিড ৰোগীক পৰ্যাপ্ত আৰু উন্নত মানৰ খাদ্য যোগান ধৰিবলৈ নিৰ্দেশ দিয়ে । গোলাঘাটৰ প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদর্শনৰ সময়ত উপায়ুক্তগৰাকীৰ সৈতে অতিৰিক্ত উপায়ুক্ত কুলদ্বীপ হাজৰিকা আৰু জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তও উপস্থিত আছিল । আনহাতে বোকাখাতৰ ক'ভিড চিকিৎসালয় পৰিদর্শনৰ সময়ত তেওঁৰ সৈতে বোকাখাতৰ মহকুমাধিপতি বিপুল দাস, আৰু জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তও উপস্থিত আছিল ।

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

26 May, 2021জিলা দুৰ্যোগ ব্যৱস্থাপনাৰ দ্বাৰা আগতে জাৰী কৰা এছ.ও.পি.-ৰ উপৰিও, ডিমা হাচাওৰ সকলো অধ্যক্ষ, পৌৰ পৰিষদ/ নগৰ সমিতিক পৰৱৰ্তী নিৰ্দেশ লৈকে কেৱল অত্যাৱশ্যকীয় সামগ্ৰী আৰু ৱাইন শ্বপৰ শ্ৰেণীৰ অন্তৰ্গত দোকান খোলাটো সীমিত কৰাৰ বাবে এক নিৰ্দেশ জাননী দিয়া হৈছে। কালি পৰিষদত অনুষ্ঠিত হোৱা আকস্মিক বৈঠকত মাননীয় চিইএম, এনচিএইচএচি, শ্ৰীৰ নেতৃত্বত স্বায়ত্তশাসিত পৰিষদৰ সকলো মাননীয় সদস্যৰ সৈতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ডেবোলাল গৰ্লোচা।

26 May, 2021

জিলা দুৰ্যোগ ব্যৱস্থাপনাৰ দ্বাৰা আগতে জাৰী কৰা এছ.ও.পি.-ৰ উপৰিও, ডিমা হাচাওৰ সকলো অধ্যক্ষ, পৌৰ পৰিষদ/ নগৰ সমিতিক পৰৱৰ্তী নিৰ্দেশ লৈকে কেৱল অত্যাৱশ্যকীয় সামগ্ৰী আৰু ৱাইন শ্বপৰ শ্ৰেণীৰ অন্তৰ্গত দোকান খোলাটো সীমিত কৰাৰ বাবে এক নিৰ্দেশ জাননী দিয়া হৈছে। কালি পৰিষদত অনুষ্ঠিত হোৱা আকস্মিক বৈঠকত মাননীয় চিইএম, এনচিএইচএচি, শ্ৰীৰ নেতৃত্বত স্বায়ত্তশাসিত পৰিষদৰ সকলো মাননীয় সদস্যৰ সৈতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
 ডেবোলাল গৰ্লোচা।

সুৰক্ষিত থাকিবলৈ, আপোনাৰ চাৰিওফালৰ লোকসকলক সুৰক্ষিত আৰু কোভিড-19 ভাইৰাছ প্ৰতিৰোধ কৰাত কাৰ্যকৰী কৰি ৰাখিবলৈ, নিজকে টিকাকৰণ কৰাওক

26 May, 2021

অতিৰিক্ত চি.এম.এইচ.ও.-ৰ কাৰ্যালয়ৰ পৰা, ডিমা হাচাও  
 
সুৰক্ষিত থাকিবলৈ, আপোনাৰ চাৰিওফালৰ লোকসকলক সুৰক্ষিত আৰু কোভিড-19 ভাইৰাছ প্ৰতিৰোধ কৰাত কাৰ্যকৰী কৰি ৰাখিবলৈ, নিজকে টিকাকৰণ কৰাওক 
45 বছৰ বা তাতকৈ অধিক সময়ৰ বাবে টিকাকৰণৰ প্ৰথম পালি নিম্নলিখিত স্থানবোৰত সকলো দিনতে অব্যাহত থাকিব।

1. নগৰীয় স্বাস্থ্য কেন্দ্ৰ 
2. হাফলং অসামৰিক চিকিৎসালয় 
3. গুনজুং পিএইচচি
4. দিয়ুংমুখ এমপিএইচচি
5. দিহাংগী এছডি
6. উমৰাংচো চিএইচচি
7. হাৰাংগাজাও এম.পি.এইচ.চি.
৮.জাতিঙ্গা এছডি
9. মাহুৰ ব্লক ডেভেলপমেণ্ট কনফাৰেন্স হল
10. মাইবাং চিএইচচি
11. লেংটিং পিএইচচি। 

এছডি/-
ডাঃ  মেৰিনা এল চাংচান
এডল. মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া, ডিমা হাচাও

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...