Saturday, 22 May 2021

মানৱেন্দ্ৰ প্ৰতাপ সিঙ(ভা. প্ৰ. সে.)ৰ গোলাঘাট জিলাৰ উপায়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ

22 May, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ৭৬/২০২১

 মানৱেন্দ্ৰ প্ৰতাপ সিঙ(ভা. প্ৰ. সে.)ৰ গোলাঘাট জিলাৰ উপায়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ

দায়িত্ব লৈয়ে নিশাই গোলাঘাট ক'ভিড চিকিৎসালয় পৰিদৰ্শন

দৈনিক ৪ হাজাৰ লোকৰ পৰীক্ষাৰ বাবে লক্ষ্য লোৱাৰ নিৰ্দেশ

চাহ বাগিচা অঞ্চলত জনসংখ্যাৰ ভিত্তিত হ'ব পৰীক্ষা

গোলাঘাট, ২২ মে' : ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া মানৱেন্দ্ৰ প্ৰতাপ সিং ডাঙৰীয়াই যোৱা নিশা গোলাঘাট জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে । অসম অসামৰিক সেৱাৰ বিষয়া তথা জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰীৰ পৰা শ্ৰী সিঙে দায়িত্বভাৰ গ্ৰহণ কৰে । কাৰ্যভাৰ গ্ৰহণৰ পাছতে তেওঁ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে জিলাখনৰ সাম্প্ৰতিক ক'ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে । তেওঁ জিলাখনৰ চাহ বাগিচাসমূহত ক'ভিড-19ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বিষয়টোত উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে এনে অঞ্চলসমূহত জনসংখ্যাৰ ভিত্তিত পৰীক্ষাৰ সংখ্যা বৃদ্ধিত গুৰুত্ব আৰোপ কৰে । তেওঁ কয় যে বহু লোকে জ্বৰ আদিত ভুগি হৈ থাকে যদিও পৰীক্ষা নকৰাৰ ফলত ৰোগ সংক্ৰমণৰ বাহক হৈ পৰে । এনেস্থলত আগতীয়াকৈ চিনাক্ত কৰাটো অত্যন্ত প্ৰয়োজনীয় । তেওঁ দৈনিক পৰীক্ষাৰ সংখ্যা বৰ্তমানৰ ৩,৫০০ ৰ লক্ষ্যৰ পৰিৱৰ্তে ৪,০০০লৈ বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে । তদুপৰি চাহ বাগিচা আৰু গ্ৰামাঞ্চলসমূহ নিয়মীয়াকৈ বীজানুমুক্তকৰণৰ বাবেও বাগিচা কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি চক্ৰ বিষয়াসকলক দৃঢ় ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে । শ্ৰী সিঙে বৰ্তমানৰ সংকটক এটা চিকিৎসাজনিত পৰিস্থিতি বুলি ধৰি নলৈ এটা দুৰ্যোগপূৰ্ণ পৰিস্থিতি হিচাপে গ্ৰহণ কৰি প্ৰতিটো বিভাগক সক্ৰিয়ভাৱে তৃণমূল পৰ্যায়ৰপৰা কাম কৰিবলৈ আহ্বান জনায় । উপায়ুক্তগৰাকীয়ে এই ক্ষেত্ৰত চাহ বাগিচাসমূহত সজাগতা বৃদ্ধিৰ বিষয়তো গুৰুত্ব আৰোপ কৰে । তেওঁ জিলাখনৰ বৰ্তমানৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী, আক্ৰান্তৰ হাৰ, মৃত্যুৰ হাৰ, মৃতদেহ সৎকাৰৰ ব্যৱস্থা আদি সন্দৰ্ভতো বিতংভাৱে আলোচনা কৰে । বৈঠকৰ পাছতে তেওঁ নিশাই গোলাঘাট ক'ভিড চিকিৎসালয় পৰিদৰ্শন কৰে । তেওঁ চিকিৎসালয়খনত ক'ভিড ৰোগীৰ বাবে থকা সা-সুবিধা আৰু বিভিন্ন দিশ পৰ্যবেক্ষন কৰাৰ লগতে পৰিস্থিতিৰ বুজ লয় । বৈঠকত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, জিলা পৰিষদৰ মুখ্য কার্যবাহী বিষয়া অভিজিৎ বৰুৱা, অতিৰিক্ত উপায়ুক্ত মুন গগৈ, ৰক্তিম বৰুৱা, কুলদ্বীপ হাজৰিকা, পল্লৱী গগৈ, জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক অৰুণ চন্দ্ৰ মহন্ত আৰু জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ বহু শীৰ্ষ বিষয়া উপস্থিত আছিল । 

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

22 May, 2021Golaghat Covid🦠 update

22 May, 2021

Golaghat Covid🦠 update

22 May, 2021উমৰাংচো আৰু হাৰাংগাজাওত কোভিড কেয়াৰ চেণ্টাৰ স্থাপনৰ বাবে দাবী ৰখাৰ আদেশ

22 May, 2021

উমৰাংচো আৰু হাৰাংগাজাওত কোভিড কেয়াৰ চেণ্টাৰ স্থাপনৰ বাবে দাবী ৰখাৰ আদেশ

কৃতজ্ঞতা জ্ঞাপন মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

22 May, 2021

কৃতজ্ঞতা জ্ঞাপন মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

ক'ভিড-১৯ ৰ টীকাকৰণ অভিযানক জন আন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আৰ্থিক বৰঙণি আগবঢ়োৱা ব্যক্তি তথা অনুষ্ঠানৰ প্ৰতি ।

ব্লেক ফাংগাছ ( মিওকৰমাইক'চিছ)ক লৈ ইমান আতংকিত হব নালাগে।

22 May, 2021

ব্লেক ফাংগাছ ( মিওকৰমাইক'চিছ)ক লৈ ইমান আতংকিত হব নালাগে। এইবিধ ভেঁকুৰ জাতীয় ৰোগ কোনো নতুন নহয়, আগতেও আছিল; এই বিধ ৰোগৰ ৰোগীৰ লগত আমি ব্যক্তিগত ভাবে বহুবাৰ মুখামুখি হৈছো। এই ভেঁকুৰ বিধ আমাৰ মাটিত সচৰাচৰ থাকেই। কিন্তু এজন সুস্থ মানুহৰ শৰীৰত ই আক্ৰমণ কৰিব নোৱাৰে, আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতাই ইয়াক বাধা দি থয়। ই কিন্তু এবিধ সুবিধাবাদী অনুজীৱ , সুযোগৰ সন্ধানত থাকে ; অনিয়ন্ত্ৰিত বহুমূত্ৰ ৰোগ, দীৰ্ঘ দিন ধৰি ষ্টেৰয়ডৰ ব্যৱহাৰ আৰু অন্যান্য কিছু কাৰকৰ বাবে যেতিয়া আপোনাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা দুৰ্বল হয় তেতিয়াই ই চেগ বুজি আক্ৰমণ কৰে, “হলা গছ দেখিলে বাগী কুঠাৰ মাৰে“৷ ইয়াৰ আক্ৰমণ কিন্তু ভয়ংকৰ। 
সেই বুলি ভয় খাব নালাগে দিয়ক, ইয়াৰ আক্ৰমণৰ পৰা বাছি থকাটো বৰ কঠিন নহয়-
* যদি আপোনাৰ বহুমূত্ৰ ৰোগ আছে তাক নিয়ন্ত্ৰণত ৰাখক।
* চিকিৎসকৰ বিনা পৰামৰ্শত ষ্টেৰয়ড জাতীয় ঔষধ নাখাব।
* কোভিডৰ পৰা পৰা বাচি থাকক, আই চি ইউত থকা কোভিড ৰোগীকহে এ আক্ৰমণৰ লক্ষ্য কৰি লৈছে।
  কোভিডৰ পৰা কেনেকৈ বাচি থাকিব লাগিব এই বিষয়ে আমি ইতিমধ্যে বহুবাৰ আলোচনা কৰিছোৱেই।মাস্কটো ভালকৈ পিন্ধক , কভিড আৰু ব্লেক ফাংগাছ দুয়োটাৰ পৰা বাচিব ৷

Written by Dr Sreemanta Madhab, Associate Professor of Medicine at AMC, Dibrugarh.

22 May, 2021🦠 COVID-19 update in Dima Hasao Dist date 21-05-2021

22 May, 2021

🦠 COVID-19 update in Dima Hasao Dist date 21-05-2021

লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।

      লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।                                              মৃত্যু মৃত্যু জীৱনৰ এটা অবিচ্ছেদ্য সত্য। পৃথিৱী...