Friday, 21 May 2021

21 May, 2021 BREAKING NEWSমনত ৰাখিব | আজিৰ পৰা ১৫ দিনৰ বাবে স্থগিত থাকিবলগীয়া আন্তঃজিলা পৰিবহন সেৱা আৰু জনসাধাৰণৰ আন্তঃজিলা যাতায়ত, ২১ মে'ৰ পুৱা ৫ বজাৰ পৰা কাৰ্যকৰী হৈছে।

21 May, 2021

 BREAKING NEWS

মনত ৰাখিব |  আজিৰ পৰা ১৫ দিনৰ বাবে স্থগিত থাকিবলগীয়া আন্তঃজিলা পৰিবহন সেৱা আৰু জনসাধাৰণৰ আন্তঃজিলা যাতায়ত, ২১ মে'ৰ পুৱা ৫ বজাৰ পৰা কাৰ্যকৰী হৈছে।

21May, 2021Covid Update Assam Covid19 Assam and actions taken as on 20/05/2021.

21May, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 20/05/2021.

Thursday, 20 May 2021

সমগ্ৰ ভাৰত বৰ্ষতে ত্ৰাসৰ সৃষ্টিকাৰি ক’ভীড-১৯ ভাইৰাছৰ প্ৰতিৰোধৰ বাবে দিনৰ ১১ বজাৰ পৰাই জনসূণ্য হৈ পৰে গোলাঘাট চহৰ ৷

20 May, 2021

গোলাঘাট জিলাত কভিড-১৯ প্ৰতিষেধক দিয়া হয় :: একলাখ চৌদ্ধহেজাৰ দুশ বাসত্তৰ (১.১৪; ১৭২)গৰাকীক                                                                                                                                                                        ২৪ ঘন্টাত ১ জনৰ  মৃত্যু



  গোলাঘাট :২০ মে'


সমগ্ৰ ভাৰত বৰ্ষতে ত্ৰাসৰ সৃষ্টিকাৰি ক’ভীড-১৯ ভাইৰাছৰ প্ৰতিৰোধৰ বাবে দিনৰ ১১ বজাৰ পৰাই জনসূণ্য হৈ পৰে গোলাঘাট চহৰ ৷ প্ৰায় লক ডাউন সদৃশ সতৰ্কতাৰ বাবে গোলাঘাটত এই ভাইৰাছৰ প্ৰকোপ কিছূ কমিব ধৰিছে ৷ এই পয্যন্ত ১;১৪;২৭২ গৰাকীক চকাৰিভাবে প্ৰতিষেধক প্ৰদান কৰা হয় ৷ বৃহস্পতিবাৰে জিলাখনৰ বিভিন্ন ঠাইত১৮ ৰ পৰা৪৪ বছৰলৈকে ১১৫০গৰাকী আৰু ৪৫ বছৰ বয়সৰ উদ্ধৰ ২০১ গৰাকীক প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷ আনহাতে সেহতিয়াকৈ অনলাইন বুকিং কৰিবলৈ বোন্দাপৰ দিও সৰহসংখ্যকেই সফল নোহোৱাৰ অভিযোগ উঠিছে ৷ ৱেৱচাইট খুলিলেই ছেকেণ্ডৰ ভিতৰতে বুকিং সমাপ্ত হোৱাত যুৱক যুৱতী সকল বিমুখ  হৈছে বুলি জানিবপৰা গৈছে  ৷
গোলাঘাট জিলাত কভিড পৰিস্থিতিয়ে ক্ৰমাৎ উপসম হব ধৰিছে । জিলাখনত এতিয়া দৈনিক কভিড আক্ৰান্তৰ সংখ্যা  কিছূ কম হোৱাৰ লগে লগে মৃত্যুৰ সংখ্যাও কমিব ধৰিছে  ।   অন্যহাতে,আজিৰ তাৰিখত গোলাঘাট জিলাত নতুনকৈ  ২১০ জনকৈ লোকৰ শৰীৰত কভিডৰ অবস্থিতি ধৰা পৰিছে । ইয়াৰ ভিতৰত অবশ্যে  ।  আজি জিলাখনৰ বিভিন্ন স্থানত ২৯০০ গৰাকী লোকৰ ৰেপিড এন্টিজেন টেষ্ট আৰু ১৯১গৰাকীৰ আৰ টি পি চি আৰ পৰীক্ষা কৰা হয় ৷ বৃহস্পতিবাৰৰ মৃত্যুৰ সংখ্যা ১ । হোম আইছ’লোচনত ৬২৯ গৰাকী আৰু হস্পিতালত ১৭১ গৰাকীয়ে চিকিৎসা গ্ৰহণ কৰি আছে । ::

 প্ৰকাশ শৰ্মা  গোলাঘাট
NORTHEAST NEWS INDIA

নুমলীগড়ত ধোৱাচাঙত পৰিনত ক'ভিড প্ৰ'টকল, দৈগ্ৰোং বেংকত টকা উলিয়াবলৈ গ্ৰাহকৰ ভিৰ।

 20 May, 2021


নুমলীগড়ত ধোৱাচাঙত পৰিনত ক'ভিড প্ৰ'টকল, দৈগ্ৰোং বেংকত টকা উলিয়াবলৈ গ্ৰাহকৰ ভিৰ। 



ৰাজ্যত ইতিমধ্যে সংহাৰী ৰূপ ধাৰণ কৰিছে কৰ'না মহামাৰীয়ে৷ প্ৰতিটো মুহূৰ্ততে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। ৰাজ্য চৰকাৰে ইতিমধ্যে কৰ'না সংক্ৰমন ৰোধৰ বাবে নীতি নিৰ্দেশনা জাৰি কৰিছে যদিও এচামে সেইবোৰ নীতি নিয়ম আওকান কৰি সমবেত হৈছে ৰাজহুৱা স্থানত। অসম গ্ৰামীন বিকাশ বেংক, দৈগ্ৰোং শাখাৰ দৃশ্য এইয়া৷ বেংকৰ পৰা টকা উলিয়াবলৈ ৰাতিপুৱা পৰা ভিৰ কৰিলে একাংশ গ্ৰাহকে৷ মাস্ক পিন্ধিছে যদিও নাই কোনো সামাজিক দূৰত্ব। বেংক কৰ্তৃপক্ষ তথা প্ৰশাসনে কোনোধৰনৰ পদক্ষেপ নোলোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে। এইদৰেই এচামে এতিয়া চৰকাৰী নীতি নিয়ম উলংঘা কৰি বিপদ মাতি আনিছে সৰ্বসাধাৰন ৰাইজৰ বাবে। উল্লেখ্য যে কিছুদিন পূৰ্বেও উক্ত বেংকটোত টকা উলিয়াবলৈ গ্ৰাহকে যথেষ্ট ভিৰ কৰা পৰিলক্ষিত হৈছিল।



প্ৰকাশ শৰ্মা  ৰিপৰ্ট গোলাঘাট

NORTHEAST NEWS INDIA

20 May, 2021 BREAKING NEWSক'উইন আৰু আৰোগ্য সেতু এপত অনলাইনযোগে নাম পঞ্জীয়ন কৰা ১৮ বছৰ বয়সৰ পৰা ৪৫ বছৰ বয়সৰ লোকসকলক কাইলৈ গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।NORTHEAST NEWS INDIA

20 May, 2021

 BREAKING NEWS

ক'উইন আৰু আৰোগ্য সেতু এপত অনলাইনযোগে নাম পঞ্জীয়ন কৰা ১৮ বছৰ বয়সৰ পৰা ৪৫ বছৰ বয়সৰ লোকসকলক কাইলৈ  গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।

NORTHEAST NEWS INDIA

আজি জনসংযোগ মন্ত্রী পীযুষ হাজৰীকাই আপকু, আছাম ইউনিয়ন অৱ ৱৰ্কিং জাৰ্নেলিষ্ট, আছাম ফটো জাৰ্নেলিষ্ট এছ'চিয়েছন আৰু ইলেকট্ৰনিক মিডিয়া ফ'ৰাম, অসমৰ প্ৰতিনিধি সকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

20 May, 2021

আজি জনসংযোগ মন্ত্রী পীযুষ হাজৰীকাই আপকু, আছাম ইউনিয়ন অৱ ৱৰ্কিং জাৰ্নেলিষ্ট, আছাম ফটো জাৰ্নেলিষ্ট এছ'চিয়েছন আৰু ইলেকট্ৰনিক মিডিয়া ফ'ৰাম, অসমৰ প্ৰতিনিধি সকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। 

এই বৈঠকত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিক সকলৰ বিয়োগৰ পাছত পৰিয়াললৈ এককালীন সাহাৰ্য, সাংবাদিক পেঞ্চন আদি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত আলোচনাৰ মাধ্যমেৰে গ্ৰহণ কৰা হয়। 

🔴 আজিৰ বৈঠকৰ বিশেষ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেইটি ক্ৰমেঃ

📌অসম চৰকাৰৰ সাংবাদিক পেঞ্চন ৮ হাজাৰৰ পৰা ১০ হাজাৰ টকালৈ বৃদ্ধি। 

📌 এতিয়াৰে পৰা অকালতে মৃত্যুবৰণ কৰা সাংবাদিকৰ পৰিয়ালে স্বাভাৱিক মৃত্যুৰ ক্ষেত্ৰটো পাব এককালীন সাহাৰ্য। এই সাহাৰ্য এক লাখৰ পৰা তিনি লাখ টকালৈ বৃদ্ধি হ'ব।

20 May, 2021Golaghat Covid update

20 May, 2021

Golaghat Covid update

আহ্বান

।। জয় মা আৰু প্ৰকৃতি।।                👉  অহংকাৰ 👈 সেই মানৱ জাতি অহংকাৰ কৰি  কি পাবা ? কেতিয়াবা শ্মশানলৈ গৈ চাবা। তাত  দেখিবা আপোনাতকৈ ধনী...