Thursday, 20 May 2021

সমগ্ৰ ভাৰত বৰ্ষতে ত্ৰাসৰ সৃষ্টিকাৰি ক’ভীড-১৯ ভাইৰাছৰ প্ৰতিৰোধৰ বাবে দিনৰ ১১ বজাৰ পৰাই জনসূণ্য হৈ পৰে গোলাঘাট চহৰ ৷

20 May, 2021

গোলাঘাট জিলাত কভিড-১৯ প্ৰতিষেধক দিয়া হয় :: একলাখ চৌদ্ধহেজাৰ দুশ বাসত্তৰ (১.১৪; ১৭২)গৰাকীক                                                                                                                                                                        ২৪ ঘন্টাত ১ জনৰ  মৃত্যু



  গোলাঘাট :২০ মে'


সমগ্ৰ ভাৰত বৰ্ষতে ত্ৰাসৰ সৃষ্টিকাৰি ক’ভীড-১৯ ভাইৰাছৰ প্ৰতিৰোধৰ বাবে দিনৰ ১১ বজাৰ পৰাই জনসূণ্য হৈ পৰে গোলাঘাট চহৰ ৷ প্ৰায় লক ডাউন সদৃশ সতৰ্কতাৰ বাবে গোলাঘাটত এই ভাইৰাছৰ প্ৰকোপ কিছূ কমিব ধৰিছে ৷ এই পয্যন্ত ১;১৪;২৭২ গৰাকীক চকাৰিভাবে প্ৰতিষেধক প্ৰদান কৰা হয় ৷ বৃহস্পতিবাৰে জিলাখনৰ বিভিন্ন ঠাইত১৮ ৰ পৰা৪৪ বছৰলৈকে ১১৫০গৰাকী আৰু ৪৫ বছৰ বয়সৰ উদ্ধৰ ২০১ গৰাকীক প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷ আনহাতে সেহতিয়াকৈ অনলাইন বুকিং কৰিবলৈ বোন্দাপৰ দিও সৰহসংখ্যকেই সফল নোহোৱাৰ অভিযোগ উঠিছে ৷ ৱেৱচাইট খুলিলেই ছেকেণ্ডৰ ভিতৰতে বুকিং সমাপ্ত হোৱাত যুৱক যুৱতী সকল বিমুখ  হৈছে বুলি জানিবপৰা গৈছে  ৷
গোলাঘাট জিলাত কভিড পৰিস্থিতিয়ে ক্ৰমাৎ উপসম হব ধৰিছে । জিলাখনত এতিয়া দৈনিক কভিড আক্ৰান্তৰ সংখ্যা  কিছূ কম হোৱাৰ লগে লগে মৃত্যুৰ সংখ্যাও কমিব ধৰিছে  ।   অন্যহাতে,আজিৰ তাৰিখত গোলাঘাট জিলাত নতুনকৈ  ২১০ জনকৈ লোকৰ শৰীৰত কভিডৰ অবস্থিতি ধৰা পৰিছে । ইয়াৰ ভিতৰত অবশ্যে  ।  আজি জিলাখনৰ বিভিন্ন স্থানত ২৯০০ গৰাকী লোকৰ ৰেপিড এন্টিজেন টেষ্ট আৰু ১৯১গৰাকীৰ আৰ টি পি চি আৰ পৰীক্ষা কৰা হয় ৷ বৃহস্পতিবাৰৰ মৃত্যুৰ সংখ্যা ১ । হোম আইছ’লোচনত ৬২৯ গৰাকী আৰু হস্পিতালত ১৭১ গৰাকীয়ে চিকিৎসা গ্ৰহণ কৰি আছে । ::

 প্ৰকাশ শৰ্মা  গোলাঘাট
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

সাধাৰণ জনগণে জনপ্ৰতিনিধি কেনেকৈ বাচনি কৰিব

সাধাৰণ জনগণে জনপ্ৰতিনিধি কেনেকৈ বাচনি কৰিব গণতান্ত্ৰিক সমাজত জনপ্ৰতিনিধি বাচনি কৰাৰ অধিকাৰ জনগণৰ হাততেই থাকে। এই অধিকাৰ সঠিকভাৱে ব্যৱহাৰ কৰ...