Friday, 14 May 2021

একোটা ভুৱা বাতৰিয়ে ৰাইজক বিভ্ৰান্ত কৰিব পাৰে ।

14 May, 2021

মেৰাপানী নিউজ নেটৱৰ্ক নামৰ ৱেব পৰ্টেল এটাই কাছমাৰী আদৰ্শ চিকিৎসালয়ক কণটেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা বুলি প্ৰচাৰ কৰা বাতৰি সম্পূৰ্ণৰূপে মিছা । সংকটৰ সময়ত এনে ভুৱা বাতৰি প্ৰকাশ কৰাৰ পৰা বিৰত থাকক । জিলা প্ৰশাসন আৰু গোলাঘাট স্বাস্থ্য বিভাগে দিনে নিশাই ক'ভিড পৰিস্থিতিৰ জোৰা মৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে । এনে পৰিস্থিতিত একোটা ভুৱা বাতৰিয়ে ৰাইজক বিভ্ৰান্ত কৰিব পাৰে । এনে ভুৱা বাতৰি প্ৰচাৰ কৰা লোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জিলা উপায়ুক্তই সকীয়াই দিছে ।এনে কাৰ্য কৰা লোকৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উপায়ুক্ত ডাঙৰীয়াই স্পষ্ট কৰি দিছে ।
জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

14 May, 2021মাননীয় প্ৰধানমন্ত্ৰী দ্বাৰা PMKisanSammanNidhi আঁচনিৰ অধীনত আজি লাভান্বিত হোৱা কৃষকৰ সংখ্যা আৰু পুঁজিৰ বিৱৰণ ৰাজ্য অনুসৰি। PMKisanNORTHEAST NEWS INDIA

14 May, 2021

মাননীয় প্ৰধানমন্ত্ৰী  দ্বাৰা PMKisanSammanNidhi আঁচনিৰ অধীনত আজি লাভান্বিত হোৱা কৃষকৰ সংখ্যা আৰু পুঁজিৰ বিৱৰণ ৰাজ্য অনুসৰি। 

PMKisan

NORTHEAST NEWS INDIA

আয়ুষ সঞ্জীৱনী এপৰ দ্বাৰা আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ পুৰণি আয়ুৰ্বেদ জ্ঞানৰ বিষয়ে সকলো শিকক!

উপযুক্ত আচৰণৰ COVID19 অনুসৰণ কৰাৰ উপৰিও, চিকিৎসা বিশেষজ্ঞসকলে পুনৰ এজনৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

আয়ুষ সঞ্জীৱনী এপৰ দ্বাৰা আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ পুৰণি আয়ুৰ্বেদ জ্ঞানৰ বিষয়ে সকলো শিকক!
এতিয়া ডাউনলোড কৰক:

 https://t.co/US6k7JKQ2z https://t.co/jkkAuY9BnY

NORTHEAST NEWS INDIA

গোলাঘাটৰ ক'ভিড পৰিস্থিতিৰ বুজ ল'লে কৃষিমন্ত্ৰী অতুল বৰাই

14 May, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ৭৪/২০২১

গোলাঘাটৰ ক'ভিড পৰিস্থিতিৰ বুজ ল'লে কৃষিমন্ত্ৰী অতুল বৰাই
অক্সিজেনৰ যোগান নিয়মীয়া কৰাৰ নিৰ্দেশ

অধিক ক'ভিড ৰোগী চিনাক্ত কৰিব পৰাকৈ পৰীক্ষাৰ সংখ্যা বৃদ্ধিত গুৰুত্ব আৰোপ

গোলাঘাট, ১৪ মে' : ৰাজ্য চৰকাৰৰ মাননীয় কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াই আজি গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় চৌহদত জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে জিলাখনৰ ক'ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে । তেওঁ ক'ভিড চিকিৎসালয়ত অক্সিজেনৰ নিয়মীয়া যোগান সুনিশ্চিত কৰাৰ বাবে নিৰ্দেশ দিয়ে । লগতে জৰুৰী অৱস্থাত ব্যৱহাৰ কৰিব পৰাকৈ অক্সিজেন মজুত ৰখাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে । এই সন্দৰ্ভত জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীয়ে কয় যে নুমলীগড় শোধনাগাৰ লিমিটেডৰ সৈতে ইতিমধ্যে জিলা প্ৰশাসনে অক্সিজেন উৎপাদন তথা যোগানৰ বাবে আলোচনা সম্পন্ন কৰিছে । মন্ত্ৰী শ্ৰী বৰাই ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধিৰ লগে লগে অভাৱ-অভিযোগ বৃদ্ধি পাব বুলি মতপ্ৰকাশ কৰি কয় যে এই বিষয়সমূহ প্ৰশাসন তথা জিলা স্বাস্থ্য বিভাগে গুৰুত্বসহকাৰে ল'ব লাগিব । আনহাতে অক্সিজেন চিলিণ্ডাৰক লৈ গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত সৃষ্টি হোৱা খেলিমেলি সন্দৰ্ভত তেওঁ এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নঘটে তাৰ বাবে ভৱিষ্যতে সতৰ্ক হ'বলৈ চিকিৎসালয়খনৰ অধীক্ষকক নিৰ্দেশ দিয়ে । মন্ত্ৰীগৰাকীয়ে ক'ভিডৰ নিৰ্দেশনাসমূহক লৈ জিলাখনৰ আইন-শৃংখলা পৰিস্থিতিৰো বুজ লয় । তেওঁ অধিক ৰোগী চিনাক্ত কৰিব পৰাকৈ দৈনিক পৰীক্ষাৰ সংখ্যা বৃদ্ধিৰ বিষয়ত গুৰুত্ব আৰোপ কৰে । এইক্ষেত্ৰত জিলা স্বাস্থ্য বিভাগে মন্ত্ৰীগৰাকীক অৱগত কৰায় যে বৰ্তমান জিলাখনত ছহাজাৰ টা পৰীক্ষা কিট আছে আৰু দৈনিক ৩,৫০০ টা ৰেপিড এন্টিজেন টেষ্ট আৰু ৫০০টা আৰ টি পি চি আৰ কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । শ্ৰী বৰাই চাহ বাগিচা এলেকাৰ কণতেইনমেণ্ট জ'নসমূহৰ বিষয়েও বুজ লয় । জিলা উপায়ুক্তগৰাকীয়ে এই সন্দৰ্ভত কয় যে কনতেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা চাহ বাগিচা এলেকাৰ অধিকাংশ লোকেই দিন হাজিৰা কৰা লোক । সেয়েহে তেওঁলোকক সাহায্য প্ৰদান কৰিব পাৰিলে তেওঁলোকে যথেষ্ট সকাহ পাব । আনহাতে প্ৰতিষেধক প্ৰদানৰ বাবে আহল-বহল ঠাই বাছি ল'বলৈয়ো মন্ত্ৰীগৰাকীয়ে পৰামৰ্শ আগবঢ়ায় । বৈঠকত অংশ লৈ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই   চিনাক্ত হোৱা ক'ভিড ৰোগী আৰু
আৰোগ্য হোৱা ক'ভিড ৰোগীৰ বাবে চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ এম্বুলেন্স সেৱাৰ ব্যৱস্থা কৰাৰ বিষয়টোত গুৰুত্ব আৰোপ কৰে । তেওঁ দিনৰ ১২ বজাৰ ভিতৰত ক'ভিডমুক্ত হোৱা লোকক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়াৰ বাবে পৰামৰ্শ আগবঢ়ায় যাতে সান্ধ্য আইনৰ বাবে তেওঁলোকে যানবাহনৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন নহয় । মানসিকভাৱে সবল কৰি ৰখাৰ ক্ষেত্ৰত এনে সংশয়পূৰ্ণ পৰিস্থিতিত চিকিৎসক- নাৰ্ছসকলৰ এষাৰি মাতেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি তেওঁ মতপ্ৰকাশ কৰে । তেওঁ লগতে অপ্ৰয়োজনীয়ভাৱে কোনো ৰোগীক চিকিৎসাৰ বাবে অন্য উন্নত চিকিৎসালয়লৈ প্ৰেৰণ নকৰিবলৈও পৰামৰ্শ আগবঢ়ায় ।  বৈঠকত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে সৰুপথাৰত ক'ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে গাঁও পৰ্যায়ত আছুতীয়াকৰণ কেন্দ্ৰ স্থাপনৰ পোষকতা কৰে । তেওঁ কয় যে গ্ৰামাঞ্চলৰ বহু লোকে চিকিৎসালয়ৰ পৰিৱৰ্তে ঘৰতে আছুটীয়াকৈ থাকিব বিচাৰে যদিও বহু লোকৰ প্ৰয়োজনীয় আন্তঃগাঁথনি নাই । পাছত তেওঁ জিলা উপায়ুক্ত আৰু স্বাস্থ্য বিভাগ তথা প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ সৈতে এখন সুকীয়া বৈঠকত মিলিত হৈ সৰুপথাৰত ক'ভিড নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰে । ইফালে জিলা উপায়ুক্ত শ্ৰী মোদীয়ে কয় যে ঘৰতে আছুটীয়াকৈ থকা ৰোগীসকলক নিয়মীয়াকৈ নিৰীক্ষণ কৰাৰ বাবে গাঁও, চাহ বাগিচা, ৰাজহ চক্ৰ আৰু ৱাৰ্ডভিত্তিক কেতবোৰ কমিটি গঠন কৰা হৈছে । ঘৰতে আছুটীয়াকৈ থকা তথা লক্ষণ নথকা ৰোগীসকলক গাওঁবুঢ়া, ৱাৰ্ডৰ সদস্য, স্থানীয় শিক্ষক, আশা, এ এন এম আৰু এম পি ডব্লিউসকলে ঘৰে ঘৰে গৈ তেওঁলোকৰ স্বাস্থ্যৰ বুজ ল'ব ।গোলাঘাট ক'ভিড চিকিৎসালয়খন নিয়মীয়াকৈ পৰিষ্কাৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ইতিমধ্যে চিকিৎসালয়খনত ২৪ ঘণ্টাই চিকিৎসক-নাৰ্ছৰ উপস্থিতি সুনিশ্চিত কৰা হৈছে । বৈঠকত আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে জিলাখনৰ আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত আছে বুলি মত প্ৰকাশ কৰে ।  জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তই বৈঠকত অংশ লৈ মন্ত্ৰী শ্ৰী বৰাক ঘৰতে আছুটীয়াকৈ থকা ৰোগীক ঔষধ যোগান ধৰিব পৰাকৈ পৰ্যাপ্ত ঔষধৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনায় । বৈঠকত ক'ভিডৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা ঔষধ ৰেমডিচিবিৰ পৰ্যাপ্ত পৰিমানে উপলব্ধ কৰোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীক অনুৰোধ জনোৱা হয়, যাতে ক'ভিড ৰোগী ৰখা ব্যক্তিগত চিকিৎসালয়সমূহে এইবিধ ঔষধ নথকাৰ বাবে ৰোগীক চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰিবলগীয়া নহয় । আজিৰ বৈঠকত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বহু শীৰ্ষ বিষয়া উপস্থিত আছিল ।

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

14 May, 2021Golaghat Covid update

14 May, 2021

Golaghat Covid update

শংকিত নহ'ব, সতৰ্ক হওক । ক'ভিডৰ লক্ষণ দেখা পালেই পৰীক্ষা কৰাওক ।

14 May, 2021

সমগ্র দেশতে ক'ভিডৰ দ্বিতীয়টো ঢৌত এই ৰোগত আক্ৰান্ত হৈয়ো সহস্ৰাধিক লোক সুস্থ হৈ উঠিছে ।

 শংকিত নহ'ব, সতৰ্ক হওক । ক'ভিডৰ লক্ষণ দেখা পালেই পৰীক্ষা কৰাওক । 

 সন্মিলিতভাৱে এই ৰোগৰ বিৰুদ্ধে থিয় দিওঁ আহক । 

ক'ভিড মানেই মৃত্যু নহয় ।

NORTHEAST NEWS INDIA

বোকাখাতৰ নুমলীগড় চাহ বাগিচাক কন্টেইনমেণ্ট জ'ন ঘোষণা

14 May, 2021

BREAKING NEWS

প্ৰেছ বিজ্ঞপ্তি নং : ৭৩/২০২১

বোকাখাতৰ নুমলীগড় চাহ বাগিচাক কন্টেইনমেণ্ট জ'ন ঘোষণা
গোলাঘাট, ১৪ মে' : গোলাঘাট জিলাৰ বোকাখাতৰ নুমলীগড় চাহ বাগিচাত ৭২ জন লোকৰ দেহত ক'ভিডৰ সংক্ৰমণ ধৰা পৰাত ইয়াৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে বাগিচাখনৰ দুটা লাইন কন্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে । কন্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা চাহ বাগিচাখনৰ বৰ লাইন আৰু ৫ নং লাইন এলেকাক ইয়াৰ অধীনত সামৰি লোৱা হৈছে । বৰ লাইনৰ উত্তৰে ফেক্টৰী অফিচ, দক্ষিণে বিষ্ণু মন্দিৰ, পূবে ধনশিৰী নদী আৰু পশ্চিমে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ অঞ্চলক এই কন্টেইনমেণ্ট জ'নৰ সীমা হিচাপে নিৰ্ধাৰণ কৰা হৈছে । আনহাতে ৫ নং লাইনৰ উত্তৰ আৰু দক্ষিণে চাহ বাগিচা, পূবে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু পশ্চিমে চাহ বাগিচা এলেকা ইয়াৰ সীমা হ'ব । সমগ্ৰ অঞ্চলটোত অকৰ্তৃত্বশীলভাৱে কোনো লোকৰ প্ৰৱেশ-প্ৰস্থান আৰু আহ-যাহত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । উল্লেখযোগ্য যে ইয়াকে লৈ জিলাখনত কন্টেইনমেণ্ট জ'নৰ সংখ্যা ৬টালৈ বৃদ্ধি পাইছে । 

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...