13 May, 2021
Thursday, 13 May 2021
গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত অক্সিজেন চিলিণ্ডাৰৰ অভাৱ সম্পৰ্কীয় ঘটনা সন্দৰ্ভত জিলা প্ৰশাসনৰ তদন্তৰ নিৰ্দেশ
13 May, 2021
প্ৰেছ বিজ্ঞপ্তি নং : ৭২/২০২১
গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত অক্সিজেন চিলিণ্ডাৰৰ অভাৱ সম্পৰ্কীয় ঘটনা সন্দৰ্ভত জিলা প্ৰশাসনৰ তদন্তৰ নিৰ্দেশ
গোলাঘাট, ১৩ মে' : গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত অক্সিজেন চিলিণ্ডাৰৰ অভাৱ সম্পৰ্কীয় এটা ঘটনা সন্দৰ্ভত জিলা উপায়ুক্তই সমগ্ৰ বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিছে । জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তৰফৰ পৰা জাৰি কৰা এই সম্পৰ্কীয় এটা নিৰ্দেশনাত কোৱা হৈছে যে সমগ্ৰ বিষয়টোৰ তদন্তৰ বাবে অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) পল্লৱী গগৈৰ নেতৃত্বত এখন সমিতি গঠন কৰা হৈছে । সমিতিখনক অহা দুদিনৰ ভিতৰত জিলা উপায়ুক্তৰ ওচৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । সমিতিখনৰ আন সদস্যসকল হ'ল কাৰ্যবাহী দণ্ডাধীশ গৌৰিপ্ৰিয়া দেউৰী, জ্যেষ্ঠ চিকিৎসক ডাঃ ৰূপম দুৱৰা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান গোলাঘাটৰ জিলা প্ৰকল্প প্ৰৱন্ধক অনুস্কা বৰা আৰু জিলা মিডিয়া এক্সপাৰ্ট পূৰ্বালী হাজৰিকা ।
জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
NORTHEAST NEWS INDIA
BREAKING NEWS
13 May, 2021
BREAKING NEWS
ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিছনে (ইউপিএছচি) চি.ও.ভি.আই.ডি. পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি 27 জুন, 2021 তাৰিখে অনুষ্ঠিত হ'বলগীয়া অসামৰিক সেৱা (প্ৰাৰম্ভিক) পৰীক্ষা, 2021 স্থগিত ৰাখে।
পৰীক্ষাটো এতিয়া 10 অক্টোবৰ, 2021 তাৰিখে অনুষ্ঠিত হ'ব।
এটি হৃদয় বিদাৰক খবৰ ।
13 May, 2021
এটি হৃদয় বিদাৰক খবৰ ।
এটি হৃদয় বিদাৰক খবৰ । মানি লবলৈ টান যদিও মৃত্যু অপাৰাজেয়, চিৰ সত্য ।
শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি দেৱৰ বিয়োগত একাজলি অশ্ৰুঞ্জলী নিবেদিছোঁ । তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰা 😢😢🙏🙏
তেওঁৰেই কবিতা এটিৰে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ 🙏🙏🙏।
✍️ৰঞ্জনা পাঠক
নৰ্থইষ্ট নিউজ ইণ্ডিয়া
Subscribe to:
Posts (Atom)
धरती को पाप मय कर दिया
दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...

-
30 January, 2021 *লখিমপুৰ ফুটবল ৰেফাৰী চেমিনাৰ* Date :- 30/1/21 ## সদৌ অসম ফুটবল ৰেফাৰী কৈল্যাণ সন্থাৰ তত্ত্বৱধানত হাতীলোং ফুটবল ক্'চিং...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...