Sunday, 9 May 2021

Covid Update Assam

09 May, 2021

Covid Update Assam 
Covid19 Assam and actions taken as on 08/05/2021.

NHM Assam আৰু ৰাজ্যিক স্বাস্থ্য বিভাগৰ বাবে প্ৰফুল্ল সাফল্য।

09 May, 2021

এম.পি.এফ.চি. গোলাঘাট, ভাগ্যপুৰ; ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ দ্বাৰা ৰাষ্ট্ৰীয় Quality নিশ্চয়তা প্ৰমাণপত্ৰৰ অধীনত অসামৰিক চিকিৎসালয় মঙ্গলদৈ আৰু বিপিএইচচি কাথিটোলি, নগাঁওক 'চৰ্তসাপেক্ষে গুণগত মানদণ্ড প্ৰমাণপত্ৰ'ৰে পুৰস্কৃত কৰা হৈছে।
NHM Assam আৰু ৰাজ্যিক স্বাস্থ্য বিভাগৰ বাবে প্ৰফুল্ল সাফল্য। গোটেই দলটোক প্ৰশংসা।

NORTHEAST NEWS INDIA

মাতৃ দিৱসৰ আন্তৰিক শুভেচ্ছা

09  May, 2021

আজি পবিত্র দিনত সকলো মাতৃ তথা পিতৃ সকললৈ মাতৃ দিৱসৰ আন্তৰিক শুভেচ্ছা তথা অভিন্দন জ্ঞাপন জনালো। 
 
শুভেচ্ছাৰে

NORTHEAST NEWS INDIA

Saturday, 8 May 2021

এটা অতি প্ৰাচীন বাংলা ৷

 08 May, 2021


এটা অতি প্ৰাচীন বাংলা ৷


ঐতিহাসিক এই বাংলাটোৰ নিৰ্মাণৰ কাম  ১৯১৬ ৰ পৰা আৰম্ভ কৰি ১৯২০সম্পূৰ্ণ কৰা

 হৈছিল  ৷ অহা২৮ ডিছেম্বৰত এই ঘৰটো     আয়ুসকাল এশ বছৰ পূৰ্ণ হব ৷  ৯০ বছৰীয়া ককা অপূৰ্ব কুমাৰ বৰুৱাই সজীব কৰি ৰাখিছে দেউতাকৰ এই আপুৰুগীয়া স্মৃতি ৷সেই সময়ৰ জননেতা তথা জনপ্ৰীয় উকীল মহেশ্বৰ বৰুৱাই ৰেংগুইন হাইক’টত উকালতি কৰি আছিল ৷এটা গোচৰত চীনা  মিস্ত্ৰি লিং

 লিয়ঙৰ জামিন লৈছিল তেও ৷ সেই সময়ৰ নিয়ম আছিল যে যিজনে অভিযুক্তৰ জামিন লয় তেওঁ অভিয়ুক্তক লগত ৰাখিব লাগে ৷ মহেস্বৰ বৰুৱাইও লিং লিয়ঙক লগতে ৰাখি গোলাঘাটলৈ আনিলে আৰু ইটা তৈয়াৰত পাৰ্গত ৰ’লা সিংৰ লগলাগি লিং লিয়ঙে গোলাঘাটৰ পুৰণা আমোলাপট্টিত মহেস্বৰ বৰুৱাৰ ঘৰটো নিৰ্মাণ আৰম্ভণি কৰিলে ৷ অতি প্ৰখৰ তাপ হোৱাৰ বাবে নামবৰ হাবিৰ পৰা ঔটেঙাগছৰ কাঠ আনি ঘৰৰ কাষতে মাতিৰে

 ইটা সাজি পুৰি ইটা তৈয়াৰ কৰিলে ৷ ঘৰটো এতিয়া ১০০ বছৰীয়া হ’ল ৷ কাষতে মাটিকাতি সৃষ্টি হোৱা পুখুৰীত এতিয়াও মীন পালন কৰা হয় ৷ এই ঘৰতো আন এটা

 ইতিহাসো আছে ৷ ১৯২১ চনৰ ২৬ ডিচেম্বত মহাত্মা গান্ধী ৰেলযোগে গোলাঘাটলৈ আহি ওৱাটিং ৰেল ষ্টেশ্যনত নামে ৷ তেওক সংগ দিয়ে দেশভক্ত তৰুণৰাম ফুকন ; নবীন বৰদলৈ ; কুলধৰ চলিহা ; মহাদেৱ শৰ্মা ; কৃষ্ণ শৰ্মা আৰু তৈবুল্লাই ৷ ওৱাটিং চাহবাগিছাৰ মেনেজাৰ ফনী শৰ্মাৰ গাড়ীৰে গোলাঘাটলৈ আহি গান্ধী সহিতে দলটোৱে উকীল মহেশ্বৰ শৰ্মাৰ এই বাসস্থানতেই জিৰণি লয় ৷ ইফালে সেই সময়ত বৰ্তমানৰ কাৰ্বি আংলং জিলাখন মিকিৰ পাহাৰ  হিচাপে

 জনাজাত আছিল ৷ নগালেণ্ড খন নগাপাহাৰ হিচাপে জনাজাত ৷ এই দুই পাৰ্বত্য এলেকা গোলাঘাট জিলাত অন্তভূক্ত আছিল ৷ মহাত্মা গান্ধীয়ে এডভোকেট জননেতা মহেশ্বৰ বৰুৱাক গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতিৰ আসনত বহুৱায় ৷ মহাত্মা ৰেলযোগে গোলাঘাটলৈ আহোতে বৰ্তমানৰ ডিমাপুৰ আৰু সেয় সময়ৰ মণিপুৰ ৰেল ষ্টেশ্যনত নগা ৰাণী গাহডালো আৰু তেওৰ দদায়েক আৰু দেউতাককে ধৰি এটা সজাতি দলে আদৰণী জনায় ৷ আৰু তেওৰ লগতে আহে ৷ গোলাঘাটৰ হৰিজন ক’লনিত গান্ধীয়ে অনুষ্ঠিত কৰা সভাত নগা সজাতিদলে গান্ধীক তিনিখন গজাল বিহীন টেবুল উপহাৰ দিছিল ৷ তাৰে এখন গান্ধীয়ে মহেশ্বৰ বৰুৱাক উপহাৰ দিয়াৰ লগতে সেই টেবুলতে বহি তেও সভা অনুষ্ঠিত কৰিছিল ৷ এতিয়াও এই গজাল বিহীন টেবুলখন এই এশবছৰীয়া ঘৰটোত মহেশ্বৰবৰুৱাৰ সুযোগ্য সন্তান     ৯০ বছৰ বয়সীয়া বিশিষ্ট সাংবাদিক অপূৰ্ব কুমাৰ বৰুৱাই সযত্নেৰে সংৰক্ষণ কৰি ৰাখিছ ৷


Bite : অপূৰ্ব কুমাৰ বৰুৱা 


কেমেৰাত বিশ্বজিত নাথৰ সৈতে প্ৰকাশ শৰ্মা গোলাঘাট

NORTHEAST NEWS INDIA

কাইলৈ গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব

08 May, 2021

 BREAKING NEWS

ক'উইন আৰু আৰোগ্য সেতু এপত অনলাইনযোগে নাম পঞ্জীয়ন কৰা ১৮ বছৰ বয়সৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলক কাইলৈ  গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব

NORTHEAST NEWS INDIA

Golaghat Covid update

08 May, 2021

Golaghat Covid update

গোলাঘাট জিলাৰ উপায়ুক্ত বিভাষ চন্দ্র মোডী য়ে সকলো জনসাধাৰণলৈ ক'ভিড ৰ বিধি মানি চলিবলৈ আহ্বান জনাইছে।

 08 May, 2021


BREAKING NEWS


জিলাখনৰ কেতবোৰ ঠাইত বিবাহ অনুষ্ঠানত ক'ভিডৰ স্বাস্থ্য বিধি মানি নচলাটো জিলা প্ৰশাসনৰ দৃষ্টি গোচৰ হৈছে। বিবাহ  অনুষ্ঠানত ক'ভিড বিধি মানি নচলাৰ বাবেই জিলাখনৰ বিভিন্ন ঠাইত এতিয়ালৈকে দুশৰো অধিক লোক এই ভাইৰাছৰ দ্বাৰা সংকমিত হোবাটো উদ্বিগ্নতাৰ বিষয়। বিবাহৰ ক্ষেত্রত সৰ্বাধিক ২০ গৰাকী ব্যক্তিৰ উপস্থিতিত কেৱল ধৰ্মীয় ৰীতি-নীতিহে পালন কৰক। বিবাহৰ আগতে বা পাছত কোনো অৰ্ভ্যথনা অনুষ্ঠানৰ আয়োজন নকৰিব। ধৰ্মীয় স্থানত একে সময়তে কেৱল ৫জন লোকহে সমবেত হওক। স্ব-চিকিৎসাৰ পৰা বিৰত থাকক। ক'ভিডৰ লক্ষণ দেখা পালেই চিকিৎসকৰ কাষ চাপক। ব্যক্তিগত চিকিৎসালয়তো ক'ভিডৰ চিকিৎসা কৰাব পাৰিব। গোলাঘাট জিলাত যোৱা সময়ছোৱাত চিকিৎসা অভাবৰ বাবে নহয়, চিকিৎসালয়লৈ বহু পলমকৈ অহাৰ বাবে কেইবাজনো ৰোগীৰ মৃত্যু হৈছে। ক'ভিডৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজ দিয়া ৰণুৱা চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলৰ ওপৰত আস্হা ৰাখক। তেওঁলোকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰক। ক'ভিডৰ দ্ৰুত সংকমণ ৰোধ কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে দিনে-নিশাই প্ৰয়াস অব্যাহত ৰাখিছে। প্ৰত্যেকেই নিজৰ দায়িত্ব পালন কৰি এই যুঁজত অংশীদাৰ হওক। ক'ভিডৰ বিৰুদ্ধে এই অভিযানত আমি পৰস্পৰে পৰস্পৰৰ সহযোগী হওঁ আহক। ঐক্যবদ্ধভাৱেহে আমি এই যুঁজত সফল হ'ম। 

গোলাঘাট জিলাৰ উপায়ুক্ত বিভাষ চন্দ্র মোডী য়ে সকলো জনসাধাৰণলৈ ক'ভিড ৰ বিধি মানি চলিবলৈ আহ্বান জনাইছে।


NORTHEAST NEWS INDIA


धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...