05 May, 2021
Wednesday, 5 May 2021
ক’ভিডৰ দ্ৰুত সংক্ৰমণ ৰোধৰ উদ্দেশ্যে গোলাঘাট জিলাত সকলো শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ উপায়ুক্তৰ
05 May, 2021
প্ৰেছ বিজ্ঞপ্তি নং : ৬৯/২০২১
ক’ভিডৰ দ্ৰুত সংক্ৰমণ ৰোধৰ উদ্দেশ্যে গোলাঘাট জিলাত সকলো শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ উপায়ুক্তৰ
গোলাঘাট, ৫ মে' : ক’ভিড -19ৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ শিক্ষাবিভাগে ৰাজ্যখনৰ প্ৰাক্ প্রাথমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত সকলো চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠান, হোষ্টেল আৰু কোচিং ইনষ্টিটিউচন কাইলৈৰ পৰা বন্ধ ৰখাৰ নিৰ্দেশ দিছে । গোলাঘাট জিলাতো জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ, বিভাষ চন্দ্ৰ মোদীয়ে চৰকাৰী আৰু বেচৰকাৰী সকলো ধৰণৰ শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে । ক’ভিডৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ সতৰ্কতামূলক ব্যৱস্থা হিচাপে ঘোষণা কৰা এই নিৰ্দেশ অনুসৰি পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত জিলাখনত প্ৰাক্ প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব ।ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অনলাইন শিক্ষাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।
জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
NORTHEAST NEWS INDIA
ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ড আৰু চাউল লাভ কৰি থকা যোগ্যতাবিহীন পৰিয়ালসমূহক অচিৰেই কাৰ্ডসমূহ ওভতাই দিয়াৰ নিৰ্দেশ
05 May, 2021
BREAKING NEWS
প্ৰেছ বিজ্ঞপ্তি নং : ৬৮/২০২১
ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ড আৰু চাউল লাভ কৰি থকা যোগ্যতাবিহীন পৰিয়ালসমূহক অচিৰেই কাৰ্ডসমূহ ওভতাই দিয়াৰ নিৰ্দেশ
গোলাঘাট, ৫ মে' : গোলাঘাট জিলাৰ বিভিন্ন স্থানত বহু যোগ্যতাবিহীন পৰিয়ালে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন-২০১৩ৰ অধীনত ৰেচন কাৰ্ড আৰু চাউল লাভ কৰি আছে বুলি বিভিন্ন সময়ত উত্থাপন হৈ অহা অভিযোগৰ ভিত্তিত জিলা প্ৰশাসনে এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । জিলা খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে এই সন্দৰ্ভত জাৰি কৰা জিলা উপায়ুক্তৰ স্বাক্ষৰসম্বলিত এখন গোহাৰিত সকলো চৰকাৰী চাকৰিয়াল, পেঞ্চনভোগী পৰিয়াল, বাৰ্ষিক আয় এক লাখ টকাৰ ওপৰৰ বে-চৰকাৰী চাকৰিয়াল, স্বচ্ছল ব্যৱসায়ী, স্বচ্ছল খেতিয়কৰ লগতে চাৰিচকীয়া বাহন থকা পৰিয়াল আৰু আৰ চি চি বিল্ডিং থকা পৰিয়ালক অতি সোনকালে মহকুমা যোগান বিভাগৰ কাৰ্যালয়ত জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে । অন্যথা প্ৰশাসনৰ নিজাববীয়া অনুসন্ধানত এনে পৰিয়ালে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰি থকা বুলি প্ৰমাণ হ'লে অত্যাৱশ্যকীয় সামগ্ৰী আইন ১৯৫৫ আৰু ভাৰতীয় দণ্ডবিধিৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি স্পষ্ট কৰি দিয়া হৈছে ।
জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
NORTHEAST NEWS INDIA
Subscribe to:
Comments (Atom)
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...