Wednesday, 5 May 2021

ক’ভিডৰ দ্ৰুত সংক্ৰমণ ৰোধৰ উদ্দেশ্যে গোলাঘাট জিলাত সকলো শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ উপায়ুক্তৰ

05 May, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ৬৯/২০২১

ক’ভিডৰ দ্ৰুত সংক্ৰমণ ৰোধৰ উদ্দেশ্যে গোলাঘাট জিলাত সকলো শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ উপায়ুক্তৰ

গোলাঘাট, ৫ মে' : ক’ভিড -19ৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ শিক্ষাবিভাগে ৰাজ্যখনৰ প্ৰাক্ প্রাথমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত সকলো চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠান, হোষ্টেল আৰু কোচিং ইনষ্টিটিউচন কাইলৈৰ পৰা বন্ধ ৰখাৰ নিৰ্দেশ দিছে । গোলাঘাট জিলাতো জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ, বিভাষ চন্দ্ৰ মোদীয়ে চৰকাৰী আৰু বেচৰকাৰী সকলো ধৰণৰ শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে । ক’ভিডৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ সতৰ্কতামূলক ব্যৱস্থা হিচাপে ঘোষণা কৰা এই নিৰ্দেশ অনুসৰি পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত জিলাখনত প্ৰাক্ প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব ।ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অনলাইন শিক্ষাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । 

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

Notifications

05 May,2021
Notifications

Notifications

05 May, 2021

Notifications

BREAKING NEWS

05 May, 2021
Breaking news

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ড আৰু চাউল লাভ কৰি থকা যোগ্যতাবিহীন পৰিয়ালসমূহক অচিৰেই কাৰ্ডসমূহ ওভতাই দিয়াৰ নিৰ্দেশ

05 May, 2021
BREAKING NEWS
প্ৰেছ বিজ্ঞপ্তি নং : ৬৮/২০২১

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ড আৰু চাউল লাভ কৰি থকা যোগ্যতাবিহীন পৰিয়ালসমূহক অচিৰেই কাৰ্ডসমূহ ওভতাই দিয়াৰ নিৰ্দেশ

গোলাঘাট, ৫ মে' :  গোলাঘাট জিলাৰ বিভিন্ন স্থানত বহু যোগ্যতাবিহীন পৰিয়ালে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন-২০১৩ৰ অধীনত ৰেচন কাৰ্ড আৰু চাউল লাভ কৰি আছে বুলি বিভিন্ন সময়ত উত্থাপন হৈ অহা অভিযোগৰ ভিত্তিত জিলা প্ৰশাসনে এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । জিলা খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে এই সন্দৰ্ভত জাৰি কৰা জিলা উপায়ুক্তৰ স্বাক্ষৰসম্বলিত এখন গোহাৰিত সকলো চৰকাৰী চাকৰিয়াল, পেঞ্চনভোগী পৰিয়াল, বাৰ্ষিক আয় এক লাখ টকাৰ ওপৰৰ বে-চৰকাৰী চাকৰিয়াল, স্বচ্ছল ব্যৱসায়ী, স্বচ্ছল খেতিয়কৰ লগতে চাৰিচকীয়া বাহন থকা পৰিয়াল আৰু আৰ চি চি বিল্ডিং থকা পৰিয়ালক অতি সোনকালে মহকুমা যোগান বিভাগৰ কাৰ্যালয়ত জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে । অন্যথা প্ৰশাসনৰ নিজাববীয়া অনুসন্ধানত এনে পৰিয়ালে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰি থকা বুলি প্ৰমাণ হ'লে অত্যাৱশ্যকীয় সামগ্ৰী আইন ১৯৫৫ আৰু ভাৰতীয় দণ্ডবিধিৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি স্পষ্ট কৰি দিয়া হৈছে । 

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

Covid Update Assam

05 May, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 04/05/2021.

Tuesday, 4 May 2021

জাগৃত নাৰী শক্তি লখিমপুৰ আৰু ধেমাজি জিলা সমিতিয়ে বিতৰণ কৰে মাক্স ।

 04 May, 2021


*বগীনদীত মাক্স বিতৰণ* Date :- 4/5/21


## লখিমপুৰৰ বগীনদীত সাপ্তাহিক বজাৰৰ লগতে বগীনদী আৰক্ষী থানাত মাক্স বিতৰণ ও কৰোণাৰ সজাগতা বৃদ্ধি ।


## জাগৃত নাৰী শক্তি লখিমপুৰ আৰু ধেমাজি জিলা সমিতিয়ে বিতৰণ কৰে মাক্স ।



 ## সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰতো দিনে দিনে বৃদ্ধি পাইছে কভিড ১৯ ৰ সংখ্যা ।


## সোমবাৰৰ সন্ধিয়া প্ৰয্যন্ত জিলাখনত কভিড পজিটিভৰ সংখ্যা হলগৈ ৬০২ জন ।


## লখিমপুৰত  আজিও ৰাইজ কভিডক লৈ সজাগ নোহোৱা পৰিলক্ষিত হৈছে।


## একাংশ লোকে মুখত মাক্স পৰিধান নকৰাকৈয়ে ঘুৰি আছে।


## সেই সকলক সজাগ কৰি কৰোণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ জাগৃত নাৰী শক্তি লখিমপুৰ আৰু ধেমাজি জিলা সমিতিয়ে লখিমপুৰৰ বগীনদী মঙ্গলবৰীয়া সাপ্তাহিক বজাৰৰ লগতে বগীনদী আৰক্ষী থানাত  মাক্স বিতৰণ কৰাৰ উপৰিও কৰোণাৰ সজাগতা বৃদ্ধি কৰে ।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...