Thursday, 22 April 2021

Covid Update Assam

22 April, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 21/04/2021.


NORTHEAST NEWS INDIA

কোভিড আপডেট অসম

22 April, 2021

Covid Update Assam 

কোভিড আপডেট অসম 
ৰাজ্যৰ বাহিৰৰ পৰা বিমান আৰু ৰেলযোগে অহা সকলো যাত্ৰীয়ে বাধ্যতামূলকভাৱে ৭ দিনৰ গৃহ সংৰক্ষণৰ মাজেৰে যাব লাগিব।


NORTHEAST NEWS INDIA

Wednesday, 21 April 2021

ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে গোলাঘাট জিলাত নিম্ন প্ৰাথমিক বিদ্যালয় বন্ধৰ নিৰ্দেশ উপায়ুক্তৰ

21 April, 2021


প্ৰেছ বিজ্ঞপ্তি নং- ৫৭/২০২১

ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে গোলাঘাট জিলাত নিম্ন প্ৰাথমিক বিদ্যালয় বন্ধৰ নিৰ্দেশ উপায়ুক্তৰ

গোলাঘাট, ২১ এপ্ৰিল : ক’ভিড -19ৰ প্ৰাদূৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ শিক্ষাবিভাগে ইতিমধ্যে নিম্ন প্ৰাথমিক বিদ্যালয়সমূহৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা প্ৰদান কৰিছে । গোলাঘাট জিলাতো ক’ভিডত আক্ৰান্তৰ সংখ্যাই ১০০ অতিক্ৰম কৰাৰ প্ৰতি লক্ষ্য ৰাখি জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ, বিভাষ চন্দ্ৰ মোদীয়ে তৎকালীনভাৱে বলৱৎ হোৱাকৈ চৰকাৰী আৰু বেচৰকাৰী সকলো ধৰণৰ নিম্ন প্ৰাথমিক বিদ্যালয় বন্ধ ঘোষণা কৰিছে । ক’ভিডৰ সংক্ৰমণ ৰোধ কৰিবলৈ সতৰ্কতামূলক ব্যৱস্থা হিচাপে জাৰি কৰা এই নিৰ্দেশ অনুসৰি পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত জিলাখনত প্ৰাক্ প্ৰাথমিক শিক্ষানুষ্ঠানকে ধৰি পঞ্চম শ্ৰেণীপৰ্যন্ত  সকলো ধৰণৰ নিম্ন প্ৰাথমিক বিদ্যালয় বন্ধ থাকিব । ধাৰাবাহিক শিকণ প্ৰক্ৰিয়া যাতে অব্যাহত থাকে তাৰবাবে বিদ্যালয় কৰ্তৃপক্ষই এইসকল ছাত্ৰ-ছাত্ৰীৰ অনলাইন শিক্ষাৰ ব্যৱস্থা কৰিব লাগিব । এই নিৰ্দেশ উলংঘা কৰিলে দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ ৰ ৫১(বি) ধাৰা আৰু ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব । 

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

নৰ্থইষ্ট নিউজ ইণ্ডিয়া

21 April, 2021 ORDER NORTHEAST NEWS INDIA

21 April, 2021

ORDER

NORTHEAST NEWS INDIA

21 April, 2021 NOTIFICATION NORTHEAST NEWS INDIA

21 April, 2021

NOTIFICATION

NORTHEAST NEWS INDIA

Covid Update Assam

21 April, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 20/04/2021.


NORTHEAST NEWS INDIA

কোৱিড-19 সম্পৰ্কীয় নিৰ্দেশনা

21 April, 2021

*কোৱিড-19 সম্পৰ্কীয় নিৰ্দেশনা* 

কোৱিড-19ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ভালেমান নিৰ্দেশনা জাৰি কৰিছে । গোলাঘাট জিলাতো এই নিৰ্দেশনাসমূহ কাৰ্যকৰী কৰাৰ বাবে জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীয়ে নিৰ্দেশ দিছে -

১/ ৰেষ্টুৰেণ্ট, ধাবা আৰু অন্য খাদ্য বিপনীসমূহত সন্ধিয়া ৬ বজালৈকেহে গ্ৰাহকে বহি খাদ্য গ্ৰহণ কৰিব পাৰিব । অৱশ্যে এনে খাদ্য বিপনীত খাদ্য গ্ৰহণ কৰিব নোৱাৰিলেও হোম ডেলিভাৰী বা খাদ্য সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত নিয়মীয়া সময়েই কাৰ্যকৰী হ'ব ।
২/ হোটেল বা ৰিজ'ৰ্টৰ ভিতৰত থকা ৰেষ্টুৰেণ্টসমূহে সন্ধিয়া ৬ বজাৰ পাছত বাহিৰৰ গ্ৰাহকক সেৱা আগবঢ়াব নোৱাৰিব । অৱশ্যে হোটেল বা ৰিজ'ৰ্টত থকা লোকক সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত নিয়মীয়া সময়েই কাৰ্যকৰী হ'ব ।
৩/ ই-কমাৰ্চ অৰ্থাৎ অনলাইন ব্যৱস্থাৰে ক্ৰয় কৰা অত্যাৱশ্যকীয় সামগ্ৰী বিয়লি ৬ বজাৰ পাছতো  যোগান ধৰিব পাৰিব ।
৪/ শীতল ভঁৰাল আৰু গুদামসমূহ সন্ধিয়া ৬ বজাৰ পাছতো খোলা ৰাখিব পাৰিব । অৱশ্যে এনে শীতল ভঁৰাল বা গুদামৰ সৈতে সংলগ্ন শ্ব'ৰুম বা বিক্ৰী কেন্দ্ৰ সন্ধিয়া ৬ বজাৰ পাছত বন্ধ কৰিব লাগিব ।
৫/ জৰুৰী আৰু অত্যাৱশ্যকীয় সেৱা হোৱা হেতু ফাৰ্মাচী, হস্পিটেল, পশুৰ যতন কেন্দ্ৰ আৰু পশু চিকিৎসালয়সমূহৰ কাম-কাজ কোনোধৰণৰ নিষেধাজ্ঞা অবিহনে অব্যাহত থাকিব ।

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

নৰ্থইষ্ট নিউজ ইণ্ডিয়া

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...