Tuesday, 20 April 2021
DC press meet Lakhimpur _Covid
20 April, 2021
*DC press meet Lakhimpur _Covid
* Date :- 20/4/21
## লক্ষীমপুৰ জিলা প্ৰশাসনৰ তৰফৰপৰা কভিড১৯ৰ সম্পৰ্কীয় যাবতীয় ব্যবস্থা গ্ৰহণ কৰা হৈছে।
## মঙ্গলবাৰে লখিমপুৰ জিলা উপায়ুক্ত খৰ্গেশ্বৰ পেগুৱে সংবাদ কৰ্মী সকলৰ সৈতে এক আলোচনাত মিলিত হয় উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত।
## জিলা খনত বৰ্তমান 54 জন covid আক্ৰান্ত লোকক চিনাক্ত কৰা হৈছে বুলি জানিবলৈ দিয়ে।
## জিলাখনৰ ভিন্ন প্ৰান্তত ৩৭ টা covid পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অব্যাহত ৰখাৰ উপৰিও ১০৬ খন isolation bed সাজু কৰি তোলা হৈছে বুলিও জানিবলৈ দিয়ে।
## বিহু সন্মিলন আৰু সাংস্কৃতি অনুষ্ঠান সমূহৰ ক্ষেত্ৰত প্ৰশাসনৰ তৰফৰপৰা covid protocol মানি চলিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষ নিৰ্দেশ দিয়া হৈছে বুলি জানিবলৈ দিয়ে জিলা উপায়ুক্তই।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
বয়োজ্যেষ্ঠ ব্যক্তিসকলে ক'ৰনা ভাইৰাছ সম্পর্কে লবলগীয়া সাৱধানতাসমূহ :-
২০ এপ্ৰিল,২০২১
বয়োজ্যেষ্ঠ ব্যক্তিসকলে ক'ৰনা ভাইৰাছ সম্পর্কে লবলগীয়া সাৱধানতাসমূহ :-
COVID19 List of Govt. Testing and Screening Centers under Kamrup Metro.
20 April, 2021
COVID19 List of Govt.
Assam Fights Corona
NORTHEAST NEWS INDIA
Covid Update Assam
20 April, 2021
Covid19 Assam and actions taken as on 19/04/2021.
NORTHEAST NEWS INDIA
Monday, 19 April 2021
মই ধনী।
19 April,2021
মই ধনী।
সে মৃত্যু, তুমি মোৰ ওচৰলৈ নাহিবা, মই অমৰ। তুমি জানা মই ধনী, নাই মোৰ অভাৱ, নাই মোৰ ভয়, মই ধনী।
সেই মৃত্যু তুমি জানা মই কেনেকৈ ধনী। মই সকলোকে মিছা প্ৰতিচুৰ্তি আশা দেখুৱাই হৈছো ধনী। মোৰ আছে সকলো, দালান, গাড়ী, ধন, সোণ, মণি, মুকুতা, অট্টালিকা।
যদি মই মৰি যাওঁ, মোৰ সম্পত্তি বোৰ কি হব, মই ইমান কষ্ট কৰি দুখিয়াক ঠগি, পৱঞ্চনাৰে সংগ্রহ কৰা সম্পতি ধনবোৰ। নাই অমৰ।
সে মৃত্যু , যদি মোৰ মৃত্যু হয়, তেন্তে ধনী আৰু দুখিয়াৰ পাথক্য একো নাথাকিব, নাই মই মৰিব নোৱাৰো মই অমৰ। কাৰণ মই ধনী।
সেই মূৰ্খ ধনী। তুমি মোৰ হাতৰ পৰা বাচিৱ নোৱাৰা, মই হলো মৃত্যু। অমৰ মইহে তুমি নহয়। তোমাৰ বহুতো পাৰ্প হ'ল। তোমাক মই নিব আহিছো। মই মৃত্যু।।
হয় তোমাক মই অলপ দিন বেচিকে জীয়াই থাকিব দিৱ পাৰিলো হয়, যদি তুমি সকলো জীৱক সমান চকুৰে দেখিলা হেতেন, সকলো জীৱৰ যে ভোক, পিয়াঁহ একেই, যদি তুমি ধনী হৈ অনুধাবন কৰিলাহেতেন। তেতিয়া মই বুজিলো হেতেন তুমি ধনী।
সেই ধনী, তুমি মিছাতে ধনী ধনী বুলি জহ মাৰিছা।
এই পৃথিবীত তোমাত কৈ দুখিয়া আৰু কোনো নাই। তুমি মিছাতে ঠগ পৱঞ্চনাৰে ধন সংগ্রহ কৰিলা। তুমি যদি সত্য পথেৰে ধন সংগ্রহ কৰিলা হেতেন তুমি ভোগ কৰিৱ পাৰিলা হেতেন।
মোলে চোৱা মই মৃত্যু, নাই মোৰ ধন, নাই মোৰ লোভ মোহ, কাৰণ মই মৃত্যু।।।
মাধৱ গগৈ।
গোলাঘাট।
মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধেও গোলাঘাট নগৰৰ বিভিন্ন প্ৰৱেশ পথত বিহা হ'ব জৰিমনা
19 April, 2021
প্ৰেছ বিজ্ঞপ্তি নং : ৫৪/২০২১
গুৱাহাটীৰ পৰা গোলাঘাটলৈ অহা সকলো বাহনৰ যাত্ৰী, চালক-কৰ্মচাৰীৰ কাইলৈৰ পৰা নুমলীগড়ত কোৱিড পৰীক্ষা
মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধেও গোলাঘাট নগৰৰ বিভিন্ন প্ৰৱেশ পথত বিহা হ'ব জৰিমনা
গোলাঘাট, ১৯ এপ্ৰিল : গোলাঘাট জিলাত কোৱিড-19ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ উদ্দেশ্যে কাইলৈৰে পৰা জিলাখনলৈ গুৱাহাটীৰ পৰা অহা সকলো বাছ, অন্যান্য বাহন আৰু ব্যক্তিগত বাহনৰ যাত্ৰী আৰু চালক-কৰ্মচাৰীৰ কোৱিড পৰীক্ষা কৰোৱা হ'ব । নুমলীগড়ত গুৱাহাটীৰ পৰা অহা বাহনসমূহ ৰখাই ৰেপিড এন্টিজেন টেষ্ট কৰোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে । আজি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত কোৱিড-১৯ৰ স্থিতি আৰু ইয়াৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি সন্দৰ্ভত হোৱা এখন পৰ্যালোচনা বৈঠকত জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীয়ে এই নিৰ্দেশ দিয়ে । তেওঁ ২৪ ঘণ্টাই গুৱাহাটীৰ পৰা অহা বাহনসমূহৰ লোকসকলৰ কোৱিড পৰীক্ষা কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে । তেওঁ কয় যে গুৱাহাটীৰ পৰা অহা অধিকাংশ লোকৰ দেহতে কোৱিডৰ সংক্ৰমণ ধৰা পৰাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । লগতে কাইলৈৰে পৰা গোলাঘাট নগৰৰ বিভিন্ন প্ৰৱেশ পথত মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে এহেজাৰ টকা পৰ্যন্ত জৰিমনা বিহা হ'ব । জিলা উপায়ুক্ত গৰাকীয়ে ইতিমধ্যে জিলাখনৰ বাট-পথ, চিকিৎসালয়, কাৰ্যালয়, বজাৰ আদি সকলো ৰাজহুৱা স্থানত প্ৰতিজন লোকেই তিনিটা তৰপ থকা মাস্ক পিন্ধাটো বাধ্যতামূলক ঘোষণা কৰিছে । মাস্ক নাথাকিলে গামোচা বা অন্য কাপোৰেৰে অন্ততঃ দুটা তৰপ কৰি মুখ আৰু নাক ভালকৈ ঢাকি ল'ব লাগিব । ব্যক্তিগত, চৰকাৰী অথবা ৰাজহুৱা বাহনত ভ্ৰমণ কৰোতেও মাস্ক পৰিধান কৰিব লাগিব । কাৰ্যালয় অথবা যিকোনো কৰ্মস্থলীত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক । কোনো লোকে মাস্ক পৰিধান নকৰিলে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব । মাস্ক পৰিধান নকৰা ব্যক্তিয়ে ১০০০ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব । উপায়ুক্তগৰাকীয়ে কয় যে সজাগতাইহে এই ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰিব । মাস্ক নিপিন্ধা লোকক ৰেহাই দিয়া নহ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে সময়ে সময়ে তেওঁ নিজেই গৈ বিভিন্ন স্থান পৰিদৰ্শন কৰিব । ইফালে কোৱিডৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে জিলা স্বাস্থ্য বিভাগেও প্ৰয়োজনীয় প্ৰস্তুতি গ্ৰহণ কৰিছে । ৪৫ বছৰ বয়সৰ উৰ্ধৰ লোকসকলক কোৱিড প্ৰতিষেধক গ্ৰহণ কৰিবলৈ উপায়ুক্তগৰাকীয়ে আহ্বান জনায় । বৈঠকত জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক অৰুণ চন্দ্ৰ মহন্ত আৰু জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ ভালেসংখ্যক বিষয়া কৰ্মচাৰী উপস্থিত আছিল ।
জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
নৰ্থইষ্ট নিউজ ইণ্ডিয়া
Subscribe to:
Comments (Atom)
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...