Monday, 19 April 2021

মই ধনী।

19 April,2021

                           মই ধনী। 

সে মৃত্যু, তুমি মোৰ ওচৰলৈ নাহিবা, মই অমৰ। তুমি জানা মই ধনী, নাই মোৰ অভাৱ, নাই মোৰ ভয়, মই ধনী। 

সেই মৃত্যু তুমি জানা মই কেনেকৈ ধনী। মই সকলোকে মিছা প্ৰতিচুৰ্তি আশা দেখুৱাই হৈছো ধনী। মোৰ আছে সকলো, দালান, গাড়ী, ধন, সোণ, মণি, মুকুতা, অট্টালিকা। 

যদি মই মৰি যাওঁ, মোৰ সম্পত্তি বোৰ কি হব, মই ইমান কষ্ট কৰি দুখিয়াক ঠগি, পৱঞ্চনাৰে সংগ্রহ কৰা সম্পতি ধনবোৰ। নাই অমৰ। 

সে মৃত্যু , যদি মোৰ মৃত্যু হয়, তেন্তে ধনী আৰু দুখিয়াৰ পাথক্য একো নাথাকিব, নাই মই মৰিব নোৱাৰো মই অমৰ। কাৰণ মই ধনী। 

সেই মূৰ্খ ধনী। তুমি মোৰ হাতৰ পৰা বাচিৱ নোৱাৰা, মই হলো মৃত্যু। অমৰ মইহে তুমি নহয়। তোমাৰ বহুতো পাৰ্প হ'ল। তোমাক মই নিব আহিছো। মই মৃত্যু।। 

হয় তোমাক মই অলপ দিন বেচিকে জীয়াই থাকিব দিৱ পাৰিলো হয়, যদি তুমি সকলো জীৱক সমান চকুৰে দেখিলা হেতেন, সকলো জীৱৰ যে ভোক, পিয়াঁহ একেই, যদি তুমি ধনী হৈ অনুধাবন কৰিলাহেতেন। তেতিয়া মই বুজিলো হেতেন তুমি ধনী। 

সেই ধনী, তুমি মিছাতে ধনী ধনী বুলি জহ মাৰিছা। 

এই পৃথিবীত তোমাত কৈ দুখিয়া আৰু কোনো নাই। তুমি মিছাতে ঠগ পৱঞ্চনাৰে ধন সংগ্রহ কৰিলা। তুমি যদি সত্য পথেৰে ধন সংগ্রহ কৰিলা হেতেন তুমি ভোগ কৰিৱ পাৰিলা হেতেন। 

মোলে চোৱা মই মৃত্যু, নাই মোৰ ধন, নাই মোৰ লোভ মোহ, কাৰণ মই মৃত্যু।।। 

মাধৱ গগৈ। 
গোলাঘাট।

মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধেও গোলাঘাট নগৰৰ বিভিন্ন প্ৰৱেশ পথত বিহা হ'ব জৰিমনা

19 April, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ৫৪/২০২১

গুৱাহাটীৰ পৰা গোলাঘাটলৈ অহা সকলো বাহনৰ যাত্ৰী, চালক-কৰ্মচাৰীৰ কাইলৈৰ পৰা নুমলীগড়ত কোৱিড পৰীক্ষা

মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধেও গোলাঘাট নগৰৰ বিভিন্ন প্ৰৱেশ পথত বিহা হ'ব জৰিমনা
গোলাঘাট, ১৯ এপ্ৰিল : গোলাঘাট জিলাত কোৱিড-19ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ উদ্দেশ্যে কাইলৈৰে পৰা জিলাখনলৈ গুৱাহাটীৰ পৰা অহা সকলো বাছ, অন্যান্য বাহন আৰু ব্যক্তিগত বাহনৰ যাত্ৰী আৰু চালক-কৰ্মচাৰীৰ কোৱিড পৰীক্ষা কৰোৱা হ'ব । নুমলীগড়ত গুৱাহাটীৰ পৰা অহা বাহনসমূহ ৰখাই ৰেপিড এন্টিজেন টেষ্ট কৰোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে । আজি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত কোৱিড-১৯ৰ স্থিতি আৰু ইয়াৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি সন্দৰ্ভত হোৱা এখন পৰ্যালোচনা বৈঠকত জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীয়ে এই নিৰ্দেশ দিয়ে । তেওঁ ২৪ ঘণ্টাই গুৱাহাটীৰ পৰা অহা বাহনসমূহৰ লোকসকলৰ কোৱিড পৰীক্ষা কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে । তেওঁ কয় যে গুৱাহাটীৰ পৰা অহা অধিকাংশ লোকৰ দেহতে কোৱিডৰ সংক্ৰমণ ধৰা পৰাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । লগতে কাইলৈৰে পৰা গোলাঘাট নগৰৰ বিভিন্ন প্ৰৱেশ পথত মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে এহেজাৰ টকা পৰ্যন্ত জৰিমনা বিহা হ'ব । জিলা উপায়ুক্ত গৰাকীয়ে ইতিমধ্যে জিলাখনৰ বাট-পথ, চিকিৎসালয়, কাৰ্যালয়, বজাৰ আদি সকলো ৰাজহুৱা স্থানত প্ৰতিজন লোকেই তিনিটা তৰপ থকা মাস্ক পিন্ধাটো বাধ্যতামূলক ঘোষণা কৰিছে । মাস্ক নাথাকিলে গামোচা বা অন্য কাপোৰেৰে অন্ততঃ দুটা তৰপ কৰি মুখ আৰু নাক ভালকৈ ঢাকি ল'ব লাগিব । ব্যক্তিগত, চৰকাৰী অথবা ৰাজহুৱা বাহনত ভ্ৰমণ কৰোতেও মাস্ক পৰিধান কৰিব লাগিব । কাৰ্যালয় অথবা যিকোনো কৰ্মস্থলীত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক । কোনো লোকে মাস্ক পৰিধান নকৰিলে  ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব । মাস্ক পৰিধান নকৰা ব্যক্তিয়ে ১০০০ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব । উপায়ুক্তগৰাকীয়ে কয় যে সজাগতাইহে এই ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰিব । মাস্ক নিপিন্ধা লোকক ৰেহাই দিয়া নহ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে সময়ে সময়ে তেওঁ নিজেই গৈ বিভিন্ন স্থান পৰিদৰ্শন কৰিব । ইফালে কোৱিডৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে জিলা স্বাস্থ্য বিভাগেও প্ৰয়োজনীয় প্ৰস্তুতি গ্ৰহণ কৰিছে ।  ৪৫ বছৰ বয়সৰ উৰ্ধৰ লোকসকলক কোৱিড প্ৰতিষেধক গ্ৰহণ কৰিবলৈ উপায়ুক্তগৰাকীয়ে আহ্বান জনায় । বৈঠকত জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক অৰুণ চন্দ্ৰ মহন্ত আৰু জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ ভালেসংখ্যক বিষয়া কৰ্মচাৰী উপস্থিত আছিল । 

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

নৰ্থইষ্ট নিউজ ইণ্ডিয়া

Covid Update Assam

19 April, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 18/04/2021.

NORTHEAST NEWS INDIA

Sunday, 18 April 2021

সকলোকে কভিড ১৯ ৰ পটোকল মানি চলিবলৈ মূখ্যমন্ত্ৰীৰ আহ্বান।

 18 April, 2021


*মূখ্য মন্ত্ৰী লখিমপুৰ* Date :- 18/4/21


## সকলোকে কভিড ১৯ ৰ পটোকল মানি চলিবলৈ মূখ্যমন্ত্ৰীৰ আহ্বান।



## অসমত পুনৰ কভিড১৯ৰ সংক্ৰমণ বৃদ্ধিত সংকিত হৈ পৰিছে ৰাজ্য চৰকাৰ আৰু ৰাইজ।


## দিনে দিনে এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে।


## বহুকেইজন মৃত্যু হৈছে এই ৰোগত।


## জটিলতাৰ সন্ধিক্ষণ অহাৰ আগতে ইয়াৰ লগত যুজঁ দিবলৈ কভিড১৯ক প্ৰতিহত কৰাৰ বাবে  নিয়মসমুহ মানি সামাজিক দুৰত্ব বজাই,মাস্ক পৰিধান কৰি,  বেছি লোকৰ সমাগম পৰিহাৰ কৰিবলৈ আহ্বান জনাই অসমৰ মূখ্যমন্ত্ৰী সবানন্দ সোনোৱালে।


## শনিবাৰে লখিমপুৰ জিলাৰ  নাৰায়ণপুৰত লখিমপুৰ আৰু ধেমাজীৰ উপায়ুক্ত সহ চৰকাৰী বিভাগৰ মুৰব্বী সকলৰ লগত কভিড১৯ৰ ওপৰত এখন পয্যালোচনা সভাত মিলিত হয়।


## নাৰায়নপুৰৰ দেউৰী স্বায়ত পৰিষদৰ অতিথিশালাত অনুস্থিত পয্যালোচনা সভাৰ পাছত সাংবাদিকৰ আগত মূখ্যমন্ত্ৰী সবানন্দ সোনোৱালে কয় যে   সাধাৰণ জনতাৰ লগতে অসমৰ গায়ক শিল্পী সকলেও সকলো কভিড১৯ৰ পটকল মানি চলাৰ বাবে বিহু মঞ্চ সমুহত ৰাইজক সজাগতা কৰিবলৈ আৰু সাংবাদিক সকলকো প্ৰচাৰ কৰাৰ বাবে আহ্বান জনাই।

Byte :-


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

লখিমপুৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷

 17 April, 2021


*Lakhimpur CM* Date :- 17/4/21


## লখিমপুৰত  মুখ্যমন্ত্ৰী সৰ্বানন্দ  সোণোৱাল৷



## নিৰ্বাচনী কৰ্তব্যৰ বাবে লখিমপুৰৰ গৃহৰক্ষী বাহিনীৰ অৰ্ধশতাধিক জোৱান কঢ়িয়াই নিয়া ’প্ৰাণজিত’ নামৰ বাছখন ২৯  মাৰ্চত মেঘালয়ত দুৰ্ঘটনাত পতিত হৈ চালক পাপু ভূঞাৰ লগতে গৃহৰক্ষীৰ যোৱান হেমকান্ত গগৈ মৃত্যু হৈছিল।


## লখিমপুৰৰ পৰা গৃহৰক্ষী বাহিনীৰ জোৱান লৈ কাছাৰ জিলা অভিমুখে গৈছিল যাত্ৰীবাহী নৈশবাছখন ৷


## এটা কেঁকুৰী পাৰ হোৱা সময়তে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় ৯০ ফুট তলত পৰি দুর্ঘটনাগ্ৰস্ত হৈছিল বাছ খন।


## দুৰ্ঘটনাটোত মৃত্যু হোৱা বাছখনৰ চালক জন নাৰায়নপুৰৰ পাপু ভূঞাৰ বাসগৃহত আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল উপস্থিত হোৱাৰ পিছতে লখিমপুৰ বৰচৰীয়া গাঁৱৰ গৃহৰক্ষী জোৱান হেমকান্ত গগৈৰ গৃহত মুখ্যমন্ত্ৰী গৰাকী উপস্থিত হৈ হেমকান্ত গৈগৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷ 


## মুখ্যমন্ত্ৰী গৰাকীয়ে গগৈয় পৰিয়ালটোৰ দ্বায়িত্ব লোৱাৰ লগতে চৰকাৰী চাকৰি প্ৰদানৰ আশ্বাস প্ৰদান কৰে ৷



## মুখ্যমন্ত্ৰীগৰাকীৰ লগত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ তপন কুমাৰ গগৈ, বিধায়ক প্ৰশান্ত ফুকনৰ লগতে স্থানীয় বিজেপি প্ৰাৰ্থী মানৱ ডেকা উপস্থিত থাকে ।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

Covid Update Assam

18 April, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 17/04/2021.

NORTHEAST NEWS INDIA

ঘৰুৱা বিচ্ছিন্নতাৰ অধীনত আৰু অসমৰ লোকসকলৰ বাবে

18 April, 2021

#ATTENTION...!!!

ঘৰুৱা বিচ্ছিন্নতাৰ অধীনত আৰু অসমৰ লোকসকলৰ বাবে #Covid ধনাত্মক ৰোগী। যিকোনো #Covid19 সম্পৰ্কিত চিকিৎসা পৰামৰ্শৰ বাবে #eSanjeevani অ'পিডি এপৰ জৰিয়তে চিকিৎসকৰ সৈতে যোগাযোগ কৰক। সময়- পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈ (সকলো দিন)। 

Assam Fights Corona

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...