11 March, 2021
প্ৰেছ বিজ্ঞপ্তি
ভোটগ্ৰহন প্ৰক্ৰিয়াৰ সৈতে জড়িত ৱিষয়াসকলৰ সহায়ৰ বাবে এন্দ্ৰয়ড এপ "প'ল-সম্পৰ্ক" মুকলি
গোলাঘাট, ১১ মাৰ্চ : নেচনেল ইফৰ্মেটিক্স চেণ্টাৰ, গোলাঘাটৰ উদ্যোগত ভোটগ্ৰহন প্ৰক্ৰিয়াৰ সৈতে জড়িত ৱিষয়াসকলৰ সহায়ৰ বাবে তথা নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে এটা বিশেষ এন্দ্ৰয়ড এপ "প'ল-সম্পৰ্ক" বিকশিত কৰা হৈছে । জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া বিভাষ চন্দ্ৰ মোদীয়ে আজি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত আয়োজিত এটা অনুষ্ঠানত এপটো আনুষ্ঠানিকভাৱে মুকলি কৰে । এপটো মুকলি কৰি শ্ৰী মোদীয়ে কয় যে নিৰ্বাচন প্ৰক্ৰিয়াটো চলি থকাৰ সময়ত ভোটগ্ৰহনৰ সৈতে জড়িত প্ৰিজাইডিং আৰু পলিং তথা অন্য বিষয়াসকলক গুৰুত্বপূৰ্ণ তথ্য-পাতি সময়মতে যোগান ধৰিব পৰাকৈ এপটো মুকলি কৰা হৈছে । এপটোত ৱিষয়াসকলে ভোটগ্ৰহন কেন্দ্ৰৰ বিভিন্ন তথ্য-পাতি, সংশ্লিষ্ট ভোটগ্ৰহন কেন্দ্ৰত নিয়োজিত কৰ্মচাৰীৰ সবিশেষ, প্ৰশিক্ষণৰ তথ্য আদি লাভ কৰিব । ভোটগ্ৰহনৰ কামত নিয়োজিত ৱিষয়াসকলে সদৰৰ পৰা ৰাওনা হোৱাৰ সময়ত হোৱা অযথা ভিৰ এই এপটোৱে বহু পৰিমানে নিয়ন্ত্ৰণ কৰিব আৰু ঘৰতে বহি তেওঁলোকে প্ৰয়োজনীয় তথ্য-পাতি লাভ কৰিব । কোৱিড পৰিস্থিতিত ই যথেষ্ট ফলপ্ৰসূ হ'ব বুলি আশা কৰা হৈছে । ডি আই অ' অভিজিত কাকতি আৰু এ ডি আই অ' সুশ্ৰুত ৰাজখোৱাই এই এপটো বিকশিত কৰি উলিয়াইছে । উল্লেখযোগ্য যে গোলাঘাট জিলা প্ৰশাসনে "নিৰ্বাচন গোলাঘাট" নামৰ এটা এপো বিকশিত কৰিছে । এই এপটোৱে নিৰ্বাচনত জড়িত বিষয়াসকলক তথ্য যোগান ধৰাৰ লগতে ৰাজনৈতিক দলসমূহক যানবাহনৰ অনুমতি দিয়া ব্যৱস্থাটোক যথেষ্ট সৰল কৰিছে । আজিৰ অনুষ্ঠানত জিলা পৰিষদৰ চি ই অ' অভিজিৎ বৰুৱা, জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী আৰু অতিৰিক্ত উপায়ুক্ত মুন গগৈ, পল্লৱী গগৈ আৰু কুলদ্বীপ হাজৰিকা উপস্থিত আছিল ।
গোলাঘাট জিলা নিৰ্বাচন প্ৰচাৰ কোষ
নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া