Tuesday, 22 December 2020

22 December, 2020 পানী ৷ নীলাপানী ; সেউজিয়াপানী অদৃশ্য পানী ৷ বিশ্বৰ চৌদিশে জলসংকট ৷ পানীক লৈ মহাযুদ্ধ ৷ পানীক লৈ হবনেকী বিশ্বযুদ্ধ ৷ পানী জীৱৰ প্ৰাণ ৷ পানীৰ বাবেই সমগ্ৰ বিশ্ববাসীয়ে হাহাকাৰ কৰাৰ সময়তে গোলাঘাট জনস্বাস্থ্য কাৰিকৰি বিভাগৰ অকমান্যতাৰ বাবেই গেলাপানী যোৱা দুটা জানত দৈনিক বৈ গৈছে হেজাৰ হেজাৰ লিটাৰ পানী ৷ গোলাঘাটৰ জি এফ ৰোডৰ ৰেলে লেভেল ক্ৰচিংৰ ওচৰৰ এইডাল পানীৰ পাইপত ফুটাওলোৱাত প্ৰায় তিনিবছৰ ধৰি অহৰহ পানীগৈ নষ্ট হোৱাৰ বাতৰি প্ৰকাশ হোৱাৰ পিচত বিভাগৰ নিদ্ৰা ভংগ হয় ৷ পানীৰ পাইপৰ ফুটাও বন্ধ কৰিলে যদিও দুদিনমানৰ পিছতে আকৌ এটা ফুটা ওলালে ৷ এটা গাড়ী ভালকৰা গেৰেজৰ ওচৰত থকা পাইপদালত বাৰেপতি ফুটা ওলোৱা সন্দৰ্ভত গেৰেজৰ কৰ্মচাৰীক প্ৰশ্ন কৰা হৈছিল যদিও ৰহস্যজনক ভাবে কোনেও মুখ খুলিব নোখোজে ৷ আনহাতে এই ঠাইৰ পৰা কিছূ দূৰৈত ৰেললাইনৰ এটা পুলৰ তলেদি অহা একেডাল বিয়াগোম পাইপৰ দুটাকৈ ফুটাৰে ১৫ বছৰো অধিক কাল অহৰহ পানী নষ্ট হৈয়েই আছে ৷ বাগিছা নগৰৰ এই এলেকাত টিউৱেল বহালেও পানী নোলায় সেয়েহে এই পানী ওলোৱা ফুটাটো ৰাইজৰ বাবে আৰ্শীবাদহে হৈছে ৷এই ঠাইৰ পানীনষ্ট হোৱাটো কমাবৰ বাবে ৰাইজে পাইপত পলিঠিন বান্ধি লৈছে ৷ তথাপিও ব্যাপক ভাবে জল নষ্ট হোৱাত ৰাইজে ইয়াত এটা পানীৰ টেপ লগাই দিবলৈ আহ্বান জনাইছে ৷ গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপ’ৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷

 22 December, 2020


পানী ৷ নীলাপানী ; সেউজিয়াপানী অদৃশ্য পানী ৷ বিশ্বৰ চৌদিশে জলসংকট ৷ পানীক লৈ মহাযুদ্ধ ৷ পানীক লৈ হবনেকী বিশ্বযুদ্ধ ৷ পানী জীৱৰ প্ৰাণ ৷ পানীৰ বাবেই সমগ্ৰ বিশ্ববাসীয়ে হাহাকাৰ কৰাৰ সময়তে গোলাঘাট জনস্বাস্থ্য কাৰিকৰি বিভাগৰ অকমান্যতাৰ বাবেই গেলাপানী যোৱা দুটা জানত দৈনিক বৈ গৈছে হেজাৰ হেজাৰ লিটাৰ পানী ৷ গোলাঘাটৰ জি এফ ৰোডৰ ৰেলে লেভেল ক্ৰচিংৰ ওচৰৰ এইডাল পানীৰ পাইপত ফুটাওলোৱাত প্ৰায় তিনিবছৰ ধৰি অহৰহ পানীগৈ নষ্ট হোৱাৰ বাতৰি প্ৰকাশ হোৱাৰ পিচত বিভাগৰ নিদ্ৰা ভংগ হয় ৷ পানীৰ পাইপৰ ফুটাও বন্ধ কৰিলে যদিও দুদিনমানৰ পিছতে আকৌ এটা ফুটা ওলালে ৷ এটা গাড়ী ভালকৰা গেৰেজৰ ওচৰত থকা পাইপদালত বাৰেপতি ফুটা ওলোৱা সন্দৰ্ভত গেৰেজৰ কৰ্মচাৰীক প্ৰশ্ন কৰা হৈছিল যদিও ৰহস্যজনক ভাবে কোনেও মুখ খুলিব নোখোজে ৷

আনহাতে এই ঠাইৰ পৰা কিছূ দূৰৈত ৰেললাইনৰ এটা পুলৰ তলেদি অহা একেডাল বিয়াগোম পাইপৰ দুটাকৈ ফুটাৰে ১৫ বছৰো অধিক কাল অহৰহ পানী নষ্ট হৈয়েই আছে ৷ বাগিছা নগৰৰ এই এলেকাত টিউৱেল বহালেও পানী নোলায় সেয়েহে এই পানী ওলোৱা ফুটাটো ৰাইজৰ বাবে আৰ্শীবাদহে হৈছে ৷এই ঠাইৰ পানীনষ্ট হোৱাটো কমাবৰ বাবে ৰাইজে পাইপত পলিঠিন বান্ধি লৈছে ৷ তথাপিও ব্যাপক ভাবে জল নষ্ট হোৱাত ৰাইজে ইয়াত এটা পানীৰ টেপ লগাই দিবলৈ আহ্বান জনাইছে ৷


গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপ’ৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷


Monday, 21 December 2020

21 December, 2020 গোলাঘাট একেতা এলেকাতে বাৰেপতি অগ্নিকাণ্ড ২১ডিচেম্বৰ গোলাঘাট চহৰৰ মাজমজিয়াৰ পুৰণা জেইল ৰোডৰ পাচলি বজাৰৰ ওপৰ মহলাৰ ছয়টা কাপোৰৰ গুডামত যোৱানিশা অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত আজি দিনৰ প্ৰায় চাৰিবজাত কাষৰ এটা গুডামত অগ্নিকাণ্ড সংঘটিত হয় ৷ তিনিজন লোকৰ মালিকাধীন এই কাপোৰৰ গুডামত জুলগাৰ পিছত যোৱানিশা পাঁচখন গাভীৰে বহুসময়ধৰি অপ্ৰাণ চেষ্টাৰে জুই নিৰ্বাপিত কৰে ৷ জুইৰ লেলিহান শিখাৰ কবলত ৬ টা কাপোৰৰ গুদাম ধৱংসৰ পিছত একে লাইনতে থকা আন এটা কাপোৰৰ গুডাম চাটাৰ মাৰি ৰখা হৈছিল আৰু কালিৰ জুই স্ফুলিঙ্গ থাকি যোৱাত আজি সেই গুদামতো জুই লগাত পুণৰ হাহাকাৰ লাগে ৷ উল্লেখ্যযে এই কেওটা গুডামত যোৱাবছৰ জানুৱাৰী মাহতো জুই লাগিছিল ৷ এই অগ্নিকাণ্ডত কেইবালাখ টকাৰ কাপোৰ জাহগল ৷ অগ্নিকাণ্ডৰ কাৰণ জানিবপৰা হোৱা নাই ৷ আৰু ৰাইজে এই অগ্নিকাণ্ডত ৰহস্যৰ গোন্ধ পাইছে ৷ গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷

 21 December, 2020


গোলাঘাট একেতা এলেকাতে বাৰেপতি অগ্নিকাণ্ড ২১ডিচেম্বৰ 


 গোলাঘাট চহৰৰ মাজমজিয়াৰ পুৰণা জেইল ৰোডৰ পাচলি বজাৰৰ ওপৰ মহলাৰ ছয়টা কাপোৰৰ গুডামত যোৱানিশা  অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত আজি দিনৰ প্ৰায় চাৰিবজাত কাষৰ এটা গুডামত অগ্নিকাণ্ড সংঘটিত হয় ৷ তিনিজন লোকৰ মালিকাধীন এই কাপোৰৰ গুডামত জুলগাৰ পিছত যোৱানিশা পাঁচখন গাভীৰে বহুসময়ধৰি অপ্ৰাণ চেষ্টাৰে জুই নিৰ্বাপিত কৰে ৷  জুইৰ লেলিহান শিখাৰ কবলত ৬ টা কাপোৰৰ গুদাম ধৱংসৰ পিছত একে লাইনতে থকা আন এটা কাপোৰৰ গুডাম চাটাৰ মাৰি ৰখা হৈছিল আৰু কালিৰ জুই স্ফুলিঙ্গ থাকি যোৱাত আজি সেই গুদামতো জুই লগাত পুণৰ হাহাকাৰ লাগে ৷ উল্লেখ্যযে এই কেওটা গুডামত যোৱাবছৰ জানুৱাৰী মাহতো জুই লাগিছিল ৷ এই অগ্নিকাণ্ডত কেইবালাখ টকাৰ কাপোৰ জাহগল  ৷ অগ্নিকাণ্ডৰ কাৰণ জানিবপৰা হোৱা নাই ৷  আৰু ৰাইজে এই অগ্নিকাণ্ডত ৰহস্যৰ গোন্ধ পাইছে ৷


গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷


Sunday, 20 December 2020

20 December, 2020 গোলাঘাটৰ খুমটাইৰ বিভিন্ন অঞ্চলত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ ।বন্যহস্তীয়ে নিদ্ৰা হৰণ কৰিছে গঞাৰ। চিনাতলি শাওতলী, গৰঙা, শেনচোৱা, আদি অঞ্চলত অব্যাহত আছে হাতী মানুহৰ সংঘাত । প্ৰায় ৩০/৪০ জনীয়া হাতীৰ জাকে মুক্ত বিচৰণৰ ফলত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। ঘৰ এৰি সুৰক্ষিত স্থানত আশ্ৰয় লবলৈ লৰাধপৰা কৰিছে। ধনশিৰী নদী পাৰ হৈ চিনাতলি, গৰঙা, শাওতলী, ভৰদৈগুৰী, আদি স্থানত ধাননি পথাৰ, কলগছৰ খেতি, সৰিয়হ, আদি বিস্তৰ ক্ষতি সাধন কৰিছে হাতীৰ জাকতোৱে। বন বিভাগৰ লোকে হাতীৰ জাকতো খেদিবলৈ চেষ্টা কৰিছে যদিও বিফল হৈছে বন বিভাগ। উল্লেখ যে বিগত কিছু দিনৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা ৩০/৪০ জনীয়া হাতীৰ জাকে সন্ত্ৰাস সৃষ্টি কৰি আহিছে বৃহত্তৰ খুমটাইৰ বিভিন্ন এলেকাত ৷ :: কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

 20 December, 2020


গোলাঘাটৰ খুমটাইৰ বিভিন্ন অঞ্চলত অব্যাহত আছে  বন্যহস্তীৰ তাণ্ডৱ ।বন্যহস্তীয়ে নিদ্ৰা হৰণ কৰিছে গঞাৰ। চিনাতলি শাওতলী, গৰঙা, শেনচোৱা, আদি অঞ্চলত অব্যাহত আছে হাতী মানুহৰ সংঘাত । প্ৰায় ৩০/৪০ জনীয়া হাতীৰ জাকে  মুক্ত বিচৰণৰ ফলত  আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। ঘৰ এৰি সুৰক্ষিত স্থানত আশ্ৰয় লবলৈ লৰাধপৰা কৰিছে। ধনশিৰী নদী পাৰ হৈ চিনাতলি, গৰঙা, শাওতলী, ভৰদৈগুৰী, আদি স্থানত ধাননি পথাৰ, কলগছৰ খেতি, সৰিয়হ, আদি বিস্তৰ ক্ষতি সাধন কৰিছে হাতীৰ জাকতোৱে। বন বিভাগৰ লোকে হাতীৰ জাকতো খেদিবলৈ চেষ্টা কৰিছে যদিও বিফল হৈছে বন বিভাগ। উল্লেখ যে বিগত কিছু দিনৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা ৩০/৪০ জনীয়া হাতীৰ জাকে সন্ত্ৰাস সৃষ্টি কৰি আহিছে বৃহত্তৰ খুমটাইৰ বিভিন্ন এলেকাত ৷

:: কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ  ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷


Saturday, 19 December 2020

19 December, 2020 গোলাঘাট জিলা কংগ্ৰেছৰ কাৰ্যালয় মূখৰিত হ'ল অজন্তা হটাও ধ্বনিৰে। আগদিনা জিলা সভাপতি পদৰ পৰা অজন্তা নেওগক অপসাৰণ কৰাৰ পিছত শনিবাৰে গোলাঘাট জিলা কংগ্ৰেছৰ কাৰ্যালয়ত উপস্থিত হ'ল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অনুসন্ধান দল।প্ৰাক্তন বিধায়ক তথা AICC ৰ সম্পাদক ৰাণা গোস্বামীৰ নেতৃত্বত বিস্মিতা গগৈ,বিধায়ক জাকিৰ হুচেইন চিকদাৰ,জ্যেষ্ঠ কংগ্ৰেছী নেতা হিৰণ্য বৰা,ব্ৰজেন সন্দিকৈ সহ পাঁচজনীয়া অনুসন্ধান দল গোলাঘাট জিলা কংগ্ৰেছৰ কাৰ্যালয়ত তৃণমূল কৰ্মীৰে আলোচনাত মিলিত হয়।আলোচনাৰ অন্তত সাংবাদিকৰ প্ৰশ্নত দলপতি ৰাণা গোস্বামীয়ে সাংসদ গৌৰৱ গগৈৰ নেতৃত্বত গোলাঘাটত কংগ্ৰেছ শক্তিশালী হব বুলি স্পষ্ট কৰে।গোলাঘাটত অনুসন্ধান দল উপস্থিত হৈ অজন্তা নেওগৰ বিজেপি গমনে কংগ্ৰেছৰ কোনো ক্ষতি নকৰে বুলি হুংকাৰ দিলেও বাস্তৱ ছবিখন কিছু বিপৰীত। গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷

 19 December, 2020


গোলাঘাট জিলা কংগ্ৰেছৰ কাৰ্যালয় মূখৰিত হ'ল অজন্তা হটাও ধ্বনিৰে। আগদিনা জিলা সভাপতি পদৰ পৰা অজন্তা নেওগক  অপসাৰণ কৰাৰ পিছত শনিবাৰে গোলাঘাট জিলা কংগ্ৰেছৰ কাৰ্যালয়ত উপস্থিত হ'ল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অনুসন্ধান দল।প্ৰাক্তন বিধায়ক তথা AICC ৰ সম্পাদক ৰাণা গোস্বামীৰ নেতৃত্বত বিস্মিতা গগৈ,বিধায়ক জাকিৰ হুচেইন চিকদাৰ,জ্যেষ্ঠ কংগ্ৰেছী নেতা হিৰণ্য বৰা,ব্ৰজেন সন্দিকৈ সহ পাঁচজনীয়া অনুসন্ধান দল গোলাঘাট জিলা কংগ্ৰেছৰ কাৰ্যালয়ত তৃণমূল কৰ্মীৰে আলোচনাত মিলিত হয়।আলোচনাৰ অন্তত সাংবাদিকৰ প্ৰশ্নত দলপতি ৰাণা গোস্বামীয়ে সাংসদ গৌৰৱ গগৈৰ নেতৃত্বত গোলাঘাটত কংগ্ৰেছ শক্তিশালী হব বুলি স্পষ্ট কৰে।গোলাঘাটত অনুসন্ধান দল উপস্থিত হৈ অজন্তা নেওগৰ বিজেপি গমনে কংগ্ৰেছৰ কোনো ক্ষতি নকৰে বুলি হুংকাৰ দিলেও বাস্তৱ ছবিখন কিছু বিপৰীত।


গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷


19 December, 2020 অজন্তা নেওগক বিজেপিলৈ উস্ম আদৰণি গোলাঘাট জিলা বিজেপিৰ। মেৰাপানীৰ পৰা ৰাজু বৰুৱাৰ ৰিৰ্পত নৰ্থইষ্ট নিউজ ইণ্ডিয়া।

 19 December, 2020


অজন্তা নেওগক বিজেপিলৈ উস্ম আদৰণি গোলাঘাট জিলা বিজেপিৰ।


মেৰাপানীৰ পৰা ৰাজু বৰুৱাৰ ৰিৰ্পত নৰ্থইষ্ট নিউজ ইণ্ডিয়া।


19 December, 2020 নুমলীগড়ত বন্যহাতীৰ উপদ্ৰৱ অব্যাহত ৷ ধাননি পথাৰ উদং হোৱাৰ পিছত এতিয়া গাৱঁৰ বাৰী ঘৰ তহিলং কৰি গৃহহীন হৈ পৰিছে কেবাটাও পৰিয়াল ৷ আজি পুৱতী নিশা মৰঙিৰ পানীকৰা গাৱঁৰ ৫ নং ৱাৰ্ডৰ ৰমেশ পানিকাৰ সম্পূৰ্ণ ঘৰ ভাঙি তহিলং কৰাৰ লগতে নৰেন ঠেঙালৰ ভঁৰালৰ ধান আৰু বাৰীৰ কল নাৰিকল গছ খাই ধাহি মুহি উপদ্ৰৱ চলায় এটা হাতীৰ জাকে ৷ ভয়াবহভাৱে বৃদ্ধি পোৱা হাতীৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী পাৰ কৰিব লগা হৈছে মৰঙিৰ অৰ্ধশতাধিক গাঁৱৰ ৰাইজে ৷ গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷

 19 December, 2020


নুমলীগড়ত বন্যহাতীৰ উপদ্ৰৱ অব্যাহত ৷ ধাননি পথাৰ উদং হোৱাৰ পিছত এতিয়া গাৱঁৰ বাৰী ঘৰ তহিলং কৰি গৃহহীন হৈ পৰিছে কেবাটাও পৰিয়াল ৷ আজি পুৱতী নিশা মৰঙিৰ পানীকৰা গাৱঁৰ ৫ নং ৱাৰ্ডৰ ৰমেশ পানিকাৰ সম্পূৰ্ণ ঘৰ ভাঙি তহিলং কৰাৰ লগতে নৰেন ঠেঙালৰ ভঁৰালৰ ধান আৰু বাৰীৰ কল নাৰিকল গছ খাই ধাহি মুহি উপদ্ৰৱ চলায় এটা হাতীৰ জাকে ৷ ভয়াবহভাৱে বৃদ্ধি পোৱা হাতীৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী পাৰ কৰিব লগা হৈছে মৰঙিৰ অৰ্ধশতাধিক গাঁৱৰ ৰাইজে ৷


গোলাঘাটৰ পৰা কল্পনা ফুকনৰ  ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷


19 December, 2020 *Lakhimpur Tarun Gogoi Sita Bhashmao* Date :- 19/12/2020 ## দুদিনীয়া কাৰ্য্যসূচীৰে উত্তৰ অসমত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভস্ম ও ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অৰ্পণ ও সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা। ## প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম লৈ উত্তৰ অসমৰ বিশ্বনাথ, বিহপুৰীয়া, ধেমাজিৰ লখিমপুৰ আৰু লালুকত পুত্ৰ গৌৰৱ গগৈ। ## লখিমপুৰ ত্যাগক্ষেত্ৰত জননেতা গৰাকীক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। ## বিসৰ্জনৰ পূৰ্বে লখিমপুৰৰ ত্যাগ ক্ষেত্ৰত প্ৰয়াত তৰুণ গগৈৰ প্ৰতিচ্ছবিত দলীয় নেতা-কৰ্মীৰ উপৰি অলেখ গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ## এই অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰকিবুল হুছেইন , প্ৰক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যসভাৰ সাংসদ ৰানী নৰহ, প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ভৰত চন্দ্ৰ নৰহ, মাজুলীৰ প্ৰাক্তন বিধায়ক ৰাজীৱ লোচন পেগু , লখিমপুৰৰ প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁই , জিলা কংগ্ৰেছৰ সভাপতি জয়প্ৰকাশ দাসৰ লগতে বিভিন্ন দ'ল সংগঠনটৰ বিষয়ববীয়াই প্ৰয়াত নেতা গৰাকীক স্মৰণ কৰে। ## ত্যাগ ক্ষেত্ৰৰ পৰা চিতাভষ্ম লৈ প্ৰয়াত তৰুণ গগৈ পুত্ৰ গৌৰৱ গগৈৰ লগতে দলীয় নেতা কৰ্মীয়ে লখিমপুৰ জিলা নগৰৰ মাজেৰে পদযাত্ৰ কৰি ৰঙানদীত বিষৰ্জনৰ কাৰ্যসূচী ৰূপায়ণ কৰে। ## আনহাতে এই অনুষ্ঠানতে প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ আত্মাৰ সদ্গতি কামনা কৰি এক সৰ্ধৰ্বৰ্মীয় প্ৰাৰ্থনা সভাৰো আয়োজন কৰি প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ আত্মজীৱনী বহুকেইখন গণ্ঠ লখিমপুৰ মহাবিদ্যালয়, লখিমপুৰ বালিকা মহাবিদ্যালয় আৰু ঘিলামৰা মহাবিদ্যালয়লৈ প্ৰদান কৰে গৌৰৱ গগৈয়। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 19 December, 2020


*Lakhimpur Tarun Gogoi Sita Bhashmao* Date :- 19/12/2020


## দুদিনীয়া কাৰ্য্যসূচীৰে উত্তৰ অসমত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভস্ম ও ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অৰ্পণ ও সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা।


## প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম লৈ উত্তৰ অসমৰ  বিশ্বনাথ,  বিহপুৰীয়া, ধেমাজিৰ লখিমপুৰ আৰু লালুকত পুত্ৰ গৌৰৱ গগৈ।


## লখিমপুৰ ত্যাগক্ষেত্ৰত জননেতা গৰাকীক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।


## বিসৰ্জনৰ পূৰ্বে লখিমপুৰৰ ত্যাগ ক্ষেত্ৰত প্ৰয়াত তৰুণ গগৈৰ প্ৰতিচ্ছবিত দলীয় নেতা-কৰ্মীৰ উপৰি অলেখ  গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।


##  এই অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰকিবুল হুছেইন , প্ৰক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যসভাৰ সাংসদ ৰানী নৰহ, প্ৰাক্তন মন্ত্ৰী তথা  বিধায়ক ভৰত চন্দ্ৰ নৰহ, মাজুলীৰ প্ৰাক্তন বিধায়ক ৰাজীৱ লোচন পেগু ,  লখিমপুৰৰ প্ৰাক্তন বিধায়ক  ঘন বুঢ়াগোহাঁই , জিলা কংগ্ৰেছৰ সভাপতি জয়প্ৰকাশ দাসৰ লগতে বিভিন্ন  দ'ল সংগঠনটৰ বিষয়ববীয়াই প্ৰয়াত নেতা গৰাকীক স্মৰণ কৰে।


## ত্যাগ ক্ষেত্ৰৰ পৰা চিতাভষ্ম লৈ প্ৰয়াত তৰুণ গগৈ পুত্ৰ গৌৰৱ গগৈৰ লগতে  দলীয় নেতা কৰ্মীয়ে লখিমপুৰ জিলা নগৰৰ মাজেৰে পদযাত্ৰ কৰি ৰঙানদীত বিষৰ্জনৰ  কাৰ্যসূচী ৰূপায়ণ কৰে।


## আনহাতে এই অনুষ্ঠানতে প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ আত্মাৰ সদ্গতি কামনা কৰি এক সৰ্ধৰ্বৰ্মীয় প্ৰাৰ্থনা সভাৰো আয়োজন কৰি প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ আত্মজীৱনী বহুকেইখন গণ্ঠ লখিমপুৰ মহাবিদ্যালয়, লখিমপুৰ বালিকা মহাবিদ্যালয় আৰু ঘিলামৰা মহাবিদ্যালয়লৈ প্ৰদান কৰে গৌৰৱ গগৈয়।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।

      লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।                                              মৃত্যু মৃত্যু জীৱনৰ এটা অবিচ্ছেদ্য সত্য। পৃথিৱী...