Monday, 21 December 2020

21 December, 2020 গোলাঘাট একেতা এলেকাতে বাৰেপতি অগ্নিকাণ্ড ২১ডিচেম্বৰ গোলাঘাট চহৰৰ মাজমজিয়াৰ পুৰণা জেইল ৰোডৰ পাচলি বজাৰৰ ওপৰ মহলাৰ ছয়টা কাপোৰৰ গুডামত যোৱানিশা অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত আজি দিনৰ প্ৰায় চাৰিবজাত কাষৰ এটা গুডামত অগ্নিকাণ্ড সংঘটিত হয় ৷ তিনিজন লোকৰ মালিকাধীন এই কাপোৰৰ গুডামত জুলগাৰ পিছত যোৱানিশা পাঁচখন গাভীৰে বহুসময়ধৰি অপ্ৰাণ চেষ্টাৰে জুই নিৰ্বাপিত কৰে ৷ জুইৰ লেলিহান শিখাৰ কবলত ৬ টা কাপোৰৰ গুদাম ধৱংসৰ পিছত একে লাইনতে থকা আন এটা কাপোৰৰ গুডাম চাটাৰ মাৰি ৰখা হৈছিল আৰু কালিৰ জুই স্ফুলিঙ্গ থাকি যোৱাত আজি সেই গুদামতো জুই লগাত পুণৰ হাহাকাৰ লাগে ৷ উল্লেখ্যযে এই কেওটা গুডামত যোৱাবছৰ জানুৱাৰী মাহতো জুই লাগিছিল ৷ এই অগ্নিকাণ্ডত কেইবালাখ টকাৰ কাপোৰ জাহগল ৷ অগ্নিকাণ্ডৰ কাৰণ জানিবপৰা হোৱা নাই ৷ আৰু ৰাইজে এই অগ্নিকাণ্ডত ৰহস্যৰ গোন্ধ পাইছে ৷ গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷

 21 December, 2020


গোলাঘাট একেতা এলেকাতে বাৰেপতি অগ্নিকাণ্ড ২১ডিচেম্বৰ 


 গোলাঘাট চহৰৰ মাজমজিয়াৰ পুৰণা জেইল ৰোডৰ পাচলি বজাৰৰ ওপৰ মহলাৰ ছয়টা কাপোৰৰ গুডামত যোৱানিশা  অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত আজি দিনৰ প্ৰায় চাৰিবজাত কাষৰ এটা গুডামত অগ্নিকাণ্ড সংঘটিত হয় ৷ তিনিজন লোকৰ মালিকাধীন এই কাপোৰৰ গুডামত জুলগাৰ পিছত যোৱানিশা পাঁচখন গাভীৰে বহুসময়ধৰি অপ্ৰাণ চেষ্টাৰে জুই নিৰ্বাপিত কৰে ৷  জুইৰ লেলিহান শিখাৰ কবলত ৬ টা কাপোৰৰ গুদাম ধৱংসৰ পিছত একে লাইনতে থকা আন এটা কাপোৰৰ গুডাম চাটাৰ মাৰি ৰখা হৈছিল আৰু কালিৰ জুই স্ফুলিঙ্গ থাকি যোৱাত আজি সেই গুদামতো জুই লগাত পুণৰ হাহাকাৰ লাগে ৷ উল্লেখ্যযে এই কেওটা গুডামত যোৱাবছৰ জানুৱাৰী মাহতো জুই লাগিছিল ৷ এই অগ্নিকাণ্ডত কেইবালাখ টকাৰ কাপোৰ জাহগল  ৷ অগ্নিকাণ্ডৰ কাৰণ জানিবপৰা হোৱা নাই ৷  আৰু ৰাইজে এই অগ্নিকাণ্ডত ৰহস্যৰ গোন্ধ পাইছে ৷


গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷


Sunday, 20 December 2020

20 December, 2020 গোলাঘাটৰ খুমটাইৰ বিভিন্ন অঞ্চলত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ ।বন্যহস্তীয়ে নিদ্ৰা হৰণ কৰিছে গঞাৰ। চিনাতলি শাওতলী, গৰঙা, শেনচোৱা, আদি অঞ্চলত অব্যাহত আছে হাতী মানুহৰ সংঘাত । প্ৰায় ৩০/৪০ জনীয়া হাতীৰ জাকে মুক্ত বিচৰণৰ ফলত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। ঘৰ এৰি সুৰক্ষিত স্থানত আশ্ৰয় লবলৈ লৰাধপৰা কৰিছে। ধনশিৰী নদী পাৰ হৈ চিনাতলি, গৰঙা, শাওতলী, ভৰদৈগুৰী, আদি স্থানত ধাননি পথাৰ, কলগছৰ খেতি, সৰিয়হ, আদি বিস্তৰ ক্ষতি সাধন কৰিছে হাতীৰ জাকতোৱে। বন বিভাগৰ লোকে হাতীৰ জাকতো খেদিবলৈ চেষ্টা কৰিছে যদিও বিফল হৈছে বন বিভাগ। উল্লেখ যে বিগত কিছু দিনৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা ৩০/৪০ জনীয়া হাতীৰ জাকে সন্ত্ৰাস সৃষ্টি কৰি আহিছে বৃহত্তৰ খুমটাইৰ বিভিন্ন এলেকাত ৷ :: কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

 20 December, 2020


গোলাঘাটৰ খুমটাইৰ বিভিন্ন অঞ্চলত অব্যাহত আছে  বন্যহস্তীৰ তাণ্ডৱ ।বন্যহস্তীয়ে নিদ্ৰা হৰণ কৰিছে গঞাৰ। চিনাতলি শাওতলী, গৰঙা, শেনচোৱা, আদি অঞ্চলত অব্যাহত আছে হাতী মানুহৰ সংঘাত । প্ৰায় ৩০/৪০ জনীয়া হাতীৰ জাকে  মুক্ত বিচৰণৰ ফলত  আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। ঘৰ এৰি সুৰক্ষিত স্থানত আশ্ৰয় লবলৈ লৰাধপৰা কৰিছে। ধনশিৰী নদী পাৰ হৈ চিনাতলি, গৰঙা, শাওতলী, ভৰদৈগুৰী, আদি স্থানত ধাননি পথাৰ, কলগছৰ খেতি, সৰিয়হ, আদি বিস্তৰ ক্ষতি সাধন কৰিছে হাতীৰ জাকতোৱে। বন বিভাগৰ লোকে হাতীৰ জাকতো খেদিবলৈ চেষ্টা কৰিছে যদিও বিফল হৈছে বন বিভাগ। উল্লেখ যে বিগত কিছু দিনৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা ৩০/৪০ জনীয়া হাতীৰ জাকে সন্ত্ৰাস সৃষ্টি কৰি আহিছে বৃহত্তৰ খুমটাইৰ বিভিন্ন এলেকাত ৷

:: কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ  ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷


Saturday, 19 December 2020

19 December, 2020 গোলাঘাট জিলা কংগ্ৰেছৰ কাৰ্যালয় মূখৰিত হ'ল অজন্তা হটাও ধ্বনিৰে। আগদিনা জিলা সভাপতি পদৰ পৰা অজন্তা নেওগক অপসাৰণ কৰাৰ পিছত শনিবাৰে গোলাঘাট জিলা কংগ্ৰেছৰ কাৰ্যালয়ত উপস্থিত হ'ল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অনুসন্ধান দল।প্ৰাক্তন বিধায়ক তথা AICC ৰ সম্পাদক ৰাণা গোস্বামীৰ নেতৃত্বত বিস্মিতা গগৈ,বিধায়ক জাকিৰ হুচেইন চিকদাৰ,জ্যেষ্ঠ কংগ্ৰেছী নেতা হিৰণ্য বৰা,ব্ৰজেন সন্দিকৈ সহ পাঁচজনীয়া অনুসন্ধান দল গোলাঘাট জিলা কংগ্ৰেছৰ কাৰ্যালয়ত তৃণমূল কৰ্মীৰে আলোচনাত মিলিত হয়।আলোচনাৰ অন্তত সাংবাদিকৰ প্ৰশ্নত দলপতি ৰাণা গোস্বামীয়ে সাংসদ গৌৰৱ গগৈৰ নেতৃত্বত গোলাঘাটত কংগ্ৰেছ শক্তিশালী হব বুলি স্পষ্ট কৰে।গোলাঘাটত অনুসন্ধান দল উপস্থিত হৈ অজন্তা নেওগৰ বিজেপি গমনে কংগ্ৰেছৰ কোনো ক্ষতি নকৰে বুলি হুংকাৰ দিলেও বাস্তৱ ছবিখন কিছু বিপৰীত। গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷

 19 December, 2020


গোলাঘাট জিলা কংগ্ৰেছৰ কাৰ্যালয় মূখৰিত হ'ল অজন্তা হটাও ধ্বনিৰে। আগদিনা জিলা সভাপতি পদৰ পৰা অজন্তা নেওগক  অপসাৰণ কৰাৰ পিছত শনিবাৰে গোলাঘাট জিলা কংগ্ৰেছৰ কাৰ্যালয়ত উপস্থিত হ'ল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অনুসন্ধান দল।প্ৰাক্তন বিধায়ক তথা AICC ৰ সম্পাদক ৰাণা গোস্বামীৰ নেতৃত্বত বিস্মিতা গগৈ,বিধায়ক জাকিৰ হুচেইন চিকদাৰ,জ্যেষ্ঠ কংগ্ৰেছী নেতা হিৰণ্য বৰা,ব্ৰজেন সন্দিকৈ সহ পাঁচজনীয়া অনুসন্ধান দল গোলাঘাট জিলা কংগ্ৰেছৰ কাৰ্যালয়ত তৃণমূল কৰ্মীৰে আলোচনাত মিলিত হয়।আলোচনাৰ অন্তত সাংবাদিকৰ প্ৰশ্নত দলপতি ৰাণা গোস্বামীয়ে সাংসদ গৌৰৱ গগৈৰ নেতৃত্বত গোলাঘাটত কংগ্ৰেছ শক্তিশালী হব বুলি স্পষ্ট কৰে।গোলাঘাটত অনুসন্ধান দল উপস্থিত হৈ অজন্তা নেওগৰ বিজেপি গমনে কংগ্ৰেছৰ কোনো ক্ষতি নকৰে বুলি হুংকাৰ দিলেও বাস্তৱ ছবিখন কিছু বিপৰীত।


গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷


19 December, 2020 অজন্তা নেওগক বিজেপিলৈ উস্ম আদৰণি গোলাঘাট জিলা বিজেপিৰ। মেৰাপানীৰ পৰা ৰাজু বৰুৱাৰ ৰিৰ্পত নৰ্থইষ্ট নিউজ ইণ্ডিয়া।

 19 December, 2020


অজন্তা নেওগক বিজেপিলৈ উস্ম আদৰণি গোলাঘাট জিলা বিজেপিৰ।


মেৰাপানীৰ পৰা ৰাজু বৰুৱাৰ ৰিৰ্পত নৰ্থইষ্ট নিউজ ইণ্ডিয়া।


19 December, 2020 নুমলীগড়ত বন্যহাতীৰ উপদ্ৰৱ অব্যাহত ৷ ধাননি পথাৰ উদং হোৱাৰ পিছত এতিয়া গাৱঁৰ বাৰী ঘৰ তহিলং কৰি গৃহহীন হৈ পৰিছে কেবাটাও পৰিয়াল ৷ আজি পুৱতী নিশা মৰঙিৰ পানীকৰা গাৱঁৰ ৫ নং ৱাৰ্ডৰ ৰমেশ পানিকাৰ সম্পূৰ্ণ ঘৰ ভাঙি তহিলং কৰাৰ লগতে নৰেন ঠেঙালৰ ভঁৰালৰ ধান আৰু বাৰীৰ কল নাৰিকল গছ খাই ধাহি মুহি উপদ্ৰৱ চলায় এটা হাতীৰ জাকে ৷ ভয়াবহভাৱে বৃদ্ধি পোৱা হাতীৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী পাৰ কৰিব লগা হৈছে মৰঙিৰ অৰ্ধশতাধিক গাঁৱৰ ৰাইজে ৷ গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷

 19 December, 2020


নুমলীগড়ত বন্যহাতীৰ উপদ্ৰৱ অব্যাহত ৷ ধাননি পথাৰ উদং হোৱাৰ পিছত এতিয়া গাৱঁৰ বাৰী ঘৰ তহিলং কৰি গৃহহীন হৈ পৰিছে কেবাটাও পৰিয়াল ৷ আজি পুৱতী নিশা মৰঙিৰ পানীকৰা গাৱঁৰ ৫ নং ৱাৰ্ডৰ ৰমেশ পানিকাৰ সম্পূৰ্ণ ঘৰ ভাঙি তহিলং কৰাৰ লগতে নৰেন ঠেঙালৰ ভঁৰালৰ ধান আৰু বাৰীৰ কল নাৰিকল গছ খাই ধাহি মুহি উপদ্ৰৱ চলায় এটা হাতীৰ জাকে ৷ ভয়াবহভাৱে বৃদ্ধি পোৱা হাতীৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী পাৰ কৰিব লগা হৈছে মৰঙিৰ অৰ্ধশতাধিক গাঁৱৰ ৰাইজে ৷


গোলাঘাটৰ পৰা কল্পনা ফুকনৰ  ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷


19 December, 2020 *Lakhimpur Tarun Gogoi Sita Bhashmao* Date :- 19/12/2020 ## দুদিনীয়া কাৰ্য্যসূচীৰে উত্তৰ অসমত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভস্ম ও ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অৰ্পণ ও সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা। ## প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম লৈ উত্তৰ অসমৰ বিশ্বনাথ, বিহপুৰীয়া, ধেমাজিৰ লখিমপুৰ আৰু লালুকত পুত্ৰ গৌৰৱ গগৈ। ## লখিমপুৰ ত্যাগক্ষেত্ৰত জননেতা গৰাকীক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। ## বিসৰ্জনৰ পূৰ্বে লখিমপুৰৰ ত্যাগ ক্ষেত্ৰত প্ৰয়াত তৰুণ গগৈৰ প্ৰতিচ্ছবিত দলীয় নেতা-কৰ্মীৰ উপৰি অলেখ গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ## এই অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰকিবুল হুছেইন , প্ৰক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যসভাৰ সাংসদ ৰানী নৰহ, প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ভৰত চন্দ্ৰ নৰহ, মাজুলীৰ প্ৰাক্তন বিধায়ক ৰাজীৱ লোচন পেগু , লখিমপুৰৰ প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁই , জিলা কংগ্ৰেছৰ সভাপতি জয়প্ৰকাশ দাসৰ লগতে বিভিন্ন দ'ল সংগঠনটৰ বিষয়ববীয়াই প্ৰয়াত নেতা গৰাকীক স্মৰণ কৰে। ## ত্যাগ ক্ষেত্ৰৰ পৰা চিতাভষ্ম লৈ প্ৰয়াত তৰুণ গগৈ পুত্ৰ গৌৰৱ গগৈৰ লগতে দলীয় নেতা কৰ্মীয়ে লখিমপুৰ জিলা নগৰৰ মাজেৰে পদযাত্ৰ কৰি ৰঙানদীত বিষৰ্জনৰ কাৰ্যসূচী ৰূপায়ণ কৰে। ## আনহাতে এই অনুষ্ঠানতে প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ আত্মাৰ সদ্গতি কামনা কৰি এক সৰ্ধৰ্বৰ্মীয় প্ৰাৰ্থনা সভাৰো আয়োজন কৰি প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ আত্মজীৱনী বহুকেইখন গণ্ঠ লখিমপুৰ মহাবিদ্যালয়, লখিমপুৰ বালিকা মহাবিদ্যালয় আৰু ঘিলামৰা মহাবিদ্যালয়লৈ প্ৰদান কৰে গৌৰৱ গগৈয়। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 19 December, 2020


*Lakhimpur Tarun Gogoi Sita Bhashmao* Date :- 19/12/2020


## দুদিনীয়া কাৰ্য্যসূচীৰে উত্তৰ অসমত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভস্ম ও ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অৰ্পণ ও সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা।


## প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম লৈ উত্তৰ অসমৰ  বিশ্বনাথ,  বিহপুৰীয়া, ধেমাজিৰ লখিমপুৰ আৰু লালুকত পুত্ৰ গৌৰৱ গগৈ।


## লখিমপুৰ ত্যাগক্ষেত্ৰত জননেতা গৰাকীক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।


## বিসৰ্জনৰ পূৰ্বে লখিমপুৰৰ ত্যাগ ক্ষেত্ৰত প্ৰয়াত তৰুণ গগৈৰ প্ৰতিচ্ছবিত দলীয় নেতা-কৰ্মীৰ উপৰি অলেখ  গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।


##  এই অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰকিবুল হুছেইন , প্ৰক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যসভাৰ সাংসদ ৰানী নৰহ, প্ৰাক্তন মন্ত্ৰী তথা  বিধায়ক ভৰত চন্দ্ৰ নৰহ, মাজুলীৰ প্ৰাক্তন বিধায়ক ৰাজীৱ লোচন পেগু ,  লখিমপুৰৰ প্ৰাক্তন বিধায়ক  ঘন বুঢ়াগোহাঁই , জিলা কংগ্ৰেছৰ সভাপতি জয়প্ৰকাশ দাসৰ লগতে বিভিন্ন  দ'ল সংগঠনটৰ বিষয়ববীয়াই প্ৰয়াত নেতা গৰাকীক স্মৰণ কৰে।


## ত্যাগ ক্ষেত্ৰৰ পৰা চিতাভষ্ম লৈ প্ৰয়াত তৰুণ গগৈ পুত্ৰ গৌৰৱ গগৈৰ লগতে  দলীয় নেতা কৰ্মীয়ে লখিমপুৰ জিলা নগৰৰ মাজেৰে পদযাত্ৰ কৰি ৰঙানদীত বিষৰ্জনৰ  কাৰ্যসূচী ৰূপায়ণ কৰে।


## আনহাতে এই অনুষ্ঠানতে প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ আত্মাৰ সদ্গতি কামনা কৰি এক সৰ্ধৰ্বৰ্মীয় প্ৰাৰ্থনা সভাৰো আয়োজন কৰি প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ আত্মজীৱনী বহুকেইখন গণ্ঠ লখিমপুৰ মহাবিদ্যালয়, লখিমপুৰ বালিকা মহাবিদ্যালয় আৰু ঘিলামৰা মহাবিদ্যালয়লৈ প্ৰদান কৰে গৌৰৱ গগৈয়।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Friday, 18 December 2020

18 December, 2020 ২০১৯ বৰ্ষৰ গোলাঘাট জিলাৰ সুৰা ট্ৰেজেডীৰ অন্য এক কৰুণ অধ্যায়। চিকিৎসা অবিহনেই মৃত্যু ঘটিল এগৰাকী কিশোৰীৰ। , ২০১৯ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত দেশৰ ভিতৰতে সৰ্ববৃহৎ সুৰা ট্ৰেজেদী সংঘটিত হৈছিল গোলাঘাট আৰু যোৰহাট জিলাত। ইয়াৰে গোলাঘাটৰ শালমাৰা চাহ বাগিচাত এই বিষাক্ত চুলাই মদে প্ৰাণ লৈছিল সৰ্বাধিক লোকৰ। তেনে এটি অভিসপ্ত পৰিয়াল আছিল গোলাঘাট গ্ৰান্টৰ অজিত গোৱালাৰ। বিষাক্ত চুলাই মদ সেৱন কৰাৰ ফলত প্ৰাণ লৈছিল পৰিয়ালটোৰ মাতৃ আৰু জ্যেষ্ঠ ভাতৃৰ। ইহসংসাৰত থাকি গ'ল তিনিটা সন্তান। ইয়াৰে কন্যা চনিয়া গোৱালা আৰু ফচনু গোৱালাক বোকাখাতৰ এখন আশ্ৰমে তেতিয়াই পোহপালৰ দায়িত্ব লৈ লৈ গৈছিল বোকাখাত লৈ। কিন্তু কিছু মাহৰ পূৰ্বে দুয়োটি সন্তানকে কাকো নজনোৱাকৈয়ে নিজ গাঁৱত এৰি থৈ গৈছিল আশ্ৰমৰ বিষয়ববীয়াই। তাৰপিছত দিশহাৰা হৈ পৰিছিল দুৰ্ভগীয়া সন্তান কেইটা। নিজৰ ঘৰৰ এটা ভেটি থকাৰ পিছতো থাকিবৰ বাবে‍ এখন ঘৰ নোহোৱা হ'ল সন্তান কেইটাৰ৷ যাৰবাবে‍ সন্তান কেইটাই দিনটো অনাই বনাই ঘূৰি ফুৰাৰ পিছত নিশা বিভিন্নজনৰ বাৰণ্ডাতে পাৰ কৰিবলগীয়া হ'ল এক দুৰ্বিসহ জীৱন।৷ বর্তমান এই দুর্ভগীয়া পৰিয়ালটোৰ জীৱনলৈ নামি আহিছে অমানিশা৷ তেঁওলোকৰ একমাত্ৰ ভন্টি চনিয়া গোৱালাৰ কালি হঠাতে মৃত্যু হোৱাৰ পাছতে বহু কথাই পোহৰলৈ আহিছে। আজি কিছুদিনৰ পৰা চনিয়াৰ স্বাস্থ্য অসুস্থ হোৱাত অর্থৰ অভাৱত চিকিৎসা অবিহনেই তেওঁৰ মৃত্যু ঘটে । ৷ উল্লেখ্য যে কণমানিকেইটাক সেইসময়তে চৰকাৰে পৰিয়ালৰ দুজন মৃত্যু হোৱাৰ বাবে দুই লাখ কৈ মুঠ চাৰি লাখ টকা অনুদান দিছিল৷ কিন্তু বহুবাৰ বেংক আৰু বিভিন্ন জনৰ সহায় বিচাৰিও টকাকেইটা লাভ নকৰিলে৷ অৱশেষত চিকিৎসাৰ অভাৱত নিয়তিৰ ওচৰত হাৰ মানিলে একমাত্ৰ ভন্টি চনিয়া গোৱালা৷ বর্তমান বহু প্ৰশ্নই উত্থাপিত হৈছে‍ বোকাখাতৰ কোনখন আশ্ৰম‍ে সন্তান দুটাক নিঠৰুৱা কৰি এৰি গ"ল আৰু কিয় কাকো একো নকোৱাকৈ গাওঁ খনত এৰি থৈ গ'ল হি আদি প্ৰশ্নবোৰে এতিয়া সকলোৰে মন আৱৰি ধৰিছে। নিজৰ ভন্টিৰ চিকিৎসাৰ বাবে কিয় নিজৰ প্ৰাপ্য লাভ নকৰিলে কিশোৰ কেইজনে৷ বর্তমান এগৰাকী আত্মীয়ৰ সহায়ত  চানিয়াৰ অন্তিম কার্যৰ সম্পন্ন কৰিলে কিশোৰ দুজনে। কিন্তু কি হ'ব এতিয়া এই কিশোৰ দুজনৰ ভবিষ্যত - দুৰ্ভগীয়া কিশোৰ দুজনক কোনে এতিয়া জীৱনৰ পথ দেখুৱাব অথবা এই লৈ জিলা প্ৰশাসনৰ ভূমিকা কি হ'ব - এই বোৰ এতিয়া সকলোৰে মনত উদয হোৱা প্ৰশ্ন ! :: প্ৰকাশ শৰ্মা গোলাঘাট

 18 December, 2020


২০১৯ বৰ্ষৰ গোলাঘাট  জিলাৰ সুৰা ট্ৰেজেডীৰ  অন্য এক কৰুণ অধ্যায়।  চিকিৎসা অবিহনেই মৃত্যু ঘটিল এগৰাকী কিশোৰীৰ।


২০১৯ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত দেশৰ ভিতৰতে সৰ্ববৃহৎ সুৰা ট্ৰেজেদী সংঘটিত হৈছিল গোলাঘাট আৰু যোৰহাট জিলাত। ইয়াৰে গোলাঘাটৰ শালমাৰা চাহ বাগিচাত এই বিষাক্ত চুলাই মদে প্ৰাণ লৈছিল সৰ্বাধিক লোকৰ। তেনে এটি অভিসপ্ত পৰিয়াল আছিল গোলাঘাট গ্ৰান্টৰ অজিত গোৱালাৰ। বিষাক্ত চুলাই মদ সেৱন কৰাৰ ফলত প্ৰাণ লৈছিল পৰিয়ালটোৰ মাতৃ আৰু  জ্যেষ্ঠ ভাতৃৰ। ইহসংসাৰত থাকি গ'ল তিনিটা সন্তান। ইয়াৰে কন্যা চনিয়া গোৱালা আৰু ফচনু গোৱালাক বোকাখাতৰ এখন আশ্ৰমে তেতিয়াই পোহপালৰ দায়িত্ব লৈ লৈ গৈছিল বোকাখাত লৈ। কিন্তু কিছু মাহৰ পূৰ্বে দুয়োটি  সন্তানকে কাকো নজনোৱাকৈয়ে  নিজ গাঁৱত এৰি থৈ গৈছিল আশ্ৰমৰ বিষয়ববীয়াই। তাৰপিছত দিশহাৰা হৈ পৰিছিল দুৰ্ভগীয়া সন্তান কেইটা। নিজৰ ঘৰৰ এটা  ভেটি থকাৰ পিছতো থাকিবৰ বাবে‍ এখন ঘৰ নোহোৱা হ'ল সন্তান কেইটাৰ৷ যাৰবাবে‍ সন্তান কেইটাই দিনটো  অনাই বনাই ঘূৰি ফুৰাৰ পিছত নিশা বিভিন্নজনৰ বাৰণ্ডাতে পাৰ কৰিবলগীয়া হ'ল এক দুৰ্বিসহ জীৱন।৷ বর্তমান এই দুর্ভগীয়া পৰিয়ালটোৰ জীৱনলৈ নামি আহিছে অমানিশা৷ তেঁওলোকৰ একমাত্ৰ ভন্টি চনিয়া গোৱালাৰ কালি হঠাতে মৃত্যু হোৱাৰ পাছতে বহু কথাই পোহৰলৈ আহিছে। আজি কিছুদিনৰ পৰা চনিয়াৰ স্বাস্থ্য অসুস্থ  হোৱাত অর্থৰ অভাৱত চিকিৎসা অবিহনেই তেওঁৰ  মৃত্যু ঘটে । ৷ উল্লেখ্য যে কণমানিকেইটাক সেইসময়তে চৰকাৰে পৰিয়ালৰ দুজন মৃত্যু হোৱাৰ বাবে দুই লাখ কৈ মুঠ চাৰি লাখ টকা অনুদান দিছিল৷ কিন্তু বহুবাৰ বেংক আৰু বিভিন্ন জনৰ সহায় বিচাৰিও টকাকেইটা লাভ নকৰিলে৷ অৱশেষত চিকিৎসাৰ অভাৱত নিয়তিৰ ওচৰত হাৰ মানিলে একমাত্ৰ ভন্টি চনিয়া গোৱালা৷ বর্তমান বহু প্ৰশ্নই উত্থাপিত হৈছে‍ বোকাখাতৰ কোনখন আশ্ৰম‍ে সন্তান দুটাক নিঠৰুৱা কৰি  এৰি গ"ল আৰু কিয় কাকো একো নকোৱাকৈ গাওঁ খনত এৰি থৈ গ'ল হি আদি প্ৰশ্নবোৰে এতিয়া সকলোৰে মন আৱৰি ধৰিছে।  নিজৰ ভন্টিৰ চিকিৎসাৰ বাবে কিয় নিজৰ প্ৰাপ্য লাভ নকৰিলে কিশোৰ কেইজনে৷ বর্তমান এগৰাকী আত্মীয়ৰ  সহায়ত  চানিয়াৰ  অন্তিম কার্যৰ সম্পন্ন কৰিলে  কিশোৰ দুজনে। কিন্তু কি হ'ব এতিয়া এই কিশোৰ দুজনৰ ভবিষ্যত - দুৰ্ভগীয়া কিশোৰ দুজনক কোনে এতিয়া জীৱনৰ পথ দেখুৱাব অথবা এই লৈ জিলা প্ৰশাসনৰ ভূমিকা কি হ'ব - এই বোৰ এতিয়া সকলোৰে মনত উদয হোৱা প্ৰশ্ন ! :: 


প্ৰকাশ শৰ্মা গোলাঘাট?

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...