15 December, 2020
*পশ্বিম বংগ নাট্য উৎসৱ*
## পশ্বিম বংগৰ বীৰভূম জিলাৰ শান্তিনিকেতনৰ পৰা কিছু দুৰৰ দাৰোন্দাৰ চান্ঠাল গাওঁখনত আছে বীৰভূম ব্লোজম থিয়েটাৰৰ এক থিয়েটাৰ গাওঁ।
## নাট পলিচালক পাৰ্থ গুপ্তৰ এই থিয়েটাৰ প্ৰকল্পত ১১,১২ আৰু ১৩ ডিচেম্বৰত অনুস্থিত কৰিছে “থিয়েটাৰ থিয়েটাৰ” নামৰ নাট্য উৎসৱ।
## এই নাট্য উৎসৱৰ প্ৰথম দিনাৰ উদ্ধোধনী অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকি বন্তি প্ৰজ্বলনেৰে শুভ উদ্ধোধন কৰে লখিমপুৰ জিলাৰ অভিনৱ থিয়েটাৰৰ পৰিচালক তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ চিনিয়ৰ ফেল দয়াল কৃষ্ণ নাথে।
## শ্ৰী নাথে ভাষণ প্ৰসংগত কয় যে অসম আৰু পশ্চিম বংগৰ নাটকৰ বহু মিল আছে,যাৰ বাবে দৰ্শকে হৃদয়ংগম কৰাত সমস্যা নহয়।
## ইয়াতেই ৰ্পাথ গুপ্তৰ ৰচিত এখন কবিতা গ্ৰন্থও উন্মোচন কৰা হয়।
## এই অনুস্থানত গোবৰদাংগাৰ নাট পৰিচালক আশিস দাস, বংগৰ প্ৰবীণ পৰিচালক ক্ৰমে সুদীপ গুপ্ত, সৌমিত্ৰ মিত্ৰ,অনামিকা বন্দোপাধ্যায়, মলয় ঘোষকে ধৰি বহুকেইজন আন্তঃ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ নাট পৰিচালক উপস্তিত থাকে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া