Monday, 23 November 2020
23 November, 2020 গোলাঘাট জিলা অস্হায়ী স্বাস্থ্য কৰ্মী সন্থাৰ কেইবাটাও সমস্যাৰ দাবীত গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত আজি এক সংবাদ মেল অনুষ্ঠিত কৰে । চিকিৎসালয় পৰিচালনা সমিতিয়ে নিয়ুক্তি দিয়া অস্থায়ী কৰ্মচাৰী সকলক চৰকাৰে শীঘ্ৰে স্থায়ী নিযুক্তি দিয়া,উপযুক্ত দৰমহা প্ৰদান কৰাৰ লগতে অস্থায়ী কৰ্মচাৰীক সকলক যিকোনো কাৰণ দেখুৱাই দৰমৰা কৰ্তন বন্ধ কৰা,ছুটি ল'লে দৰমহা কৰ্তন বন্ধ কৰা ,স্বাস্থ্য বিভাগৰ বৰমূৰীয়া সকলে যিকোনো সময়ত কৰি অত্যাচাৰ বন্ধ কৰা আদি কৰি কেইবাটাও দাবীত সংবাদমেল অনুষ্ঠিত কৰে ।সংবাদমেলত গোলাঘাট জিলা অস্থায়ী স্বাস্থ্য কৰ্মীৰ সন্থাৰ সভাপতি বাবুল দাস,সম্পাদক সোনমনি হাজৰিকা,কেন্দ্ৰীয় সমিতিৰ সভাপতি আব্দুল কালাম লগতে গোলাঘাট জিলা চিকিৎসালয়ৰ সমূহৰ পৰিচালনা সমিতিয়ে নিযুক্তি দিয়া অস্থায়ী কৰ্মচাৰী সকলৰ উপস্থিত থাকে।আনহাতে সংবাদমেলত পাছতে সংগঠনটোৰ সভাপতি বাবুল দাসৰ সভাপতিত্বত এখনি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।সভাত সংগঠনটো আন্দোলনৰ কাৰ্যসূচী লোৱাৰ কথা ঘোষণা কৰে ।:: প্ৰকাশ শৰ্মা গোলাঘাট
23 November, 2020
গোলাঘাট জিলা অস্হায়ী স্বাস্থ্য কৰ্মী সন্থাৰ কেইবাটাও সমস্যাৰ দাবীত গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত আজি এক সংবাদ মেল অনুষ্ঠিত কৰে । চিকিৎসালয় পৰিচালনা সমিতিয়ে নিয়ুক্তি দিয়া অস্থায়ী কৰ্মচাৰী সকলক চৰকাৰে শীঘ্ৰে স্থায়ী নিযুক্তি দিয়া,উপযুক্ত দৰমহা প্ৰদান কৰাৰ লগতে অস্থায়ী কৰ্মচাৰীক সকলক যিকোনো কাৰণ দেখুৱাই দৰমৰা কৰ্তন বন্ধ কৰা,ছুটি ল'লে দৰমহা কৰ্তন বন্ধ কৰা ,স্বাস্থ্য বিভাগৰ বৰমূৰীয়া সকলে যিকোনো সময়ত কৰি অত্যাচাৰ বন্ধ কৰা আদি কৰি কেইবাটাও দাবীত সংবাদমেল অনুষ্ঠিত কৰে ।সংবাদমেলত গোলাঘাট জিলা অস্থায়ী স্বাস্থ্য কৰ্মীৰ সন্থাৰ সভাপতি বাবুল দাস,সম্পাদক সোনমনি হাজৰিকা,কেন্দ্ৰীয় সমিতিৰ সভাপতি আব্দুল কালাম লগতে গোলাঘাট জিলা চিকিৎসালয়ৰ সমূহৰ পৰিচালনা সমিতিয়ে নিযুক্তি দিয়া অস্থায়ী কৰ্মচাৰী সকলৰ উপস্থিত থাকে।আনহাতে সংবাদমেলত পাছতে সংগঠনটোৰ সভাপতি বাবুল দাসৰ সভাপতিত্বত এখনি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।সভাত সংগঠনটো আন্দোলনৰ কাৰ্যসূচী লোৱাৰ কথা ঘোষণা কৰে ।:: প্ৰকাশ শৰ্মা গোলাঘাট
23 November, 2020 নাৰী শক্তি জাগ্ৰত কৰাৰ উদ্দেশ্যে গোলাঘাট নগৰৰ ৯ নম্বৰ ৱাৰ্ডত আজি মহিলাৰ দ্বাৰা গঠন কৰা হয় বুথ কমিটি। কমিটীৰ খনৰ মুখ্য লক্ষ্য আৰু উদ্দেশ্য হ'ল গোলাঘাট নগৰৰ প্ৰতিটো ৱাৰ্ডৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ হিতাধিকাৰীসকলে পাব লগীয়া আঁচনি ৰ পৰা যাতে বঞ্চিত নহয় এইয়াই মূল লক্ষ্য আৰু উদ্দেশ্য। গোলাঘাট নগৰ মহিলা মৰ্চাৰ উদ্যোগত অনুষ্ঠিত হোৱা সভা খনত উপস্থিত থাকে নগৰ মহিলা মৰ্চাৰ সভানেত্ৰী জুমি দূৱৰা, উপ সভানেত্ৰী ৰাণু ফুকনকে আদি কৰি গোলাঘাট নগৰৰ ৯ নম্বৰ ৱাৰ্ডৰ লগতে ৫ নম্বৰ ৱাৰ্ডৰ অৰ্ধশতাধিক মহিলা উপস্থিত থাকে। উক্ত সভাতে গোলাঘাট নগৰৰ ৰ ৯নম্বৰ ৱাৰ্ডৰ ১৪ নম্বৰ বুথৰ আৰু ৫ নম্বৰ ৱাৰ্ডৰ ৩২ নম্বৰ বুথৰ লগতে প্ৰতিটো ৱাৰ্ডৰ বুথতে একোখনকৈ মহিলা মৰ্চা কমিটি গঠন কৰা হয়। গোলাঘাট ৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট NORTHEAST NEWS INDIA
23 November, 2020
নাৰী শক্তি জাগ্ৰত কৰাৰ উদ্দেশ্যে গোলাঘাট নগৰৰ ৯ নম্বৰ ৱাৰ্ডত আজি মহিলাৰ দ্বাৰা গঠন কৰা হয় বুথ কমিটি। কমিটীৰ খনৰ মুখ্য লক্ষ্য আৰু উদ্দেশ্য হ'ল গোলাঘাট নগৰৰ প্ৰতিটো ৱাৰ্ডৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ হিতাধিকাৰীসকলে পাব লগীয়া আঁচনি ৰ পৰা যাতে বঞ্চিত নহয় এইয়াই মূল লক্ষ্য আৰু উদ্দেশ্য। গোলাঘাট নগৰ মহিলা মৰ্চাৰ উদ্যোগত অনুষ্ঠিত হোৱা সভা খনত উপস্থিত থাকে নগৰ মহিলা মৰ্চাৰ সভানেত্ৰী জুমি দূৱৰা, উপ সভানেত্ৰী ৰাণু ফুকনকে আদি কৰি গোলাঘাট নগৰৰ ৯ নম্বৰ ৱাৰ্ডৰ লগতে ৫ নম্বৰ ৱাৰ্ডৰ অৰ্ধশতাধিক মহিলা উপস্থিত থাকে। উক্ত সভাতে গোলাঘাট নগৰৰ ৰ ৯নম্বৰ ৱাৰ্ডৰ ১৪ নম্বৰ বুথৰ আৰু ৫ নম্বৰ ৱাৰ্ডৰ ৩২ নম্বৰ বুথৰ লগতে প্ৰতিটো ৱাৰ্ডৰ বুথতে একোখনকৈ মহিলা মৰ্চা কমিটি গঠন কৰা হয়।
গোলাঘাট ৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট NORTHEAST NEWS INDIA
23 November, 2020 শোকস্তব্ধ দেশবাসী। সকলোকে কন্দুৱাই এই পৃথিৱীৰ পৰা বিদায় মাগিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। ৰাজ্যবাসীক শোকস্তব্ধ কৰি আজি সন্ধিয়া ৫:৩৪ বজাত চিৰ বিদায় মাগিলে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। তেওঁৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰে সমগ্ৰ ৰাজ্যতে। NORTHEAST NEWS INDIA চিৰ বিদায় মাগিলে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। তেওঁৰ মৃত্যুত গভীৰ সমবেদনা জনাইছো নৰ্থইষ্ট নিউজ ইণ্ডিয়া ফালৰ পৰা।
23 November, 2020
শোকস্তব্ধ দেশবাসী। সকলোকে কন্দুৱাই এই পৃথিৱীৰ পৰা বিদায় মাগিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। ৰাজ্যবাসীক শোকস্তব্ধ কৰি আজি সন্ধিয়া ৫:৩৪ বজাত চিৰ বিদায় মাগিলে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। তেওঁৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰে সমগ্ৰ ৰাজ্যতে।
NORTHEAST NEWS INDIA
চিৰ বিদায় মাগিলে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। তেওঁৰ মৃত্যুত গভীৰ সমবেদনা জনাইছো
নৰ্থইষ্ট নিউজ ইণ্ডিয়া ফালৰ পৰা।
Sunday, 22 November 2020
22 November, 2020 আপোনাৰ নাক কাতি সতিনীৰ যাত্ৰাভঙ্গৰ দৰে কাম কৰিলে এজন প্ৰাক্তন সৈনিকে ৷ দেশৰক্ষা তথা দেশৰ জনগণক সুৰক্ষা দিয়াৰ শপথ খোৱা এইজন প্ৰাক্তন সৈনিক গণেশ নেওগ ৷ এওৰ ঘৰ গোলাঘাটৰ কুঁৱৰীপথাৰ গুৱালটুপত ৷ চাকৰিৰ পৰা অৱসৰ লৈ গুৱালটুপৰ স্থায়ী বাসিন্দা হ’ল ৷ সমাজৰ লগত মিলেৰে থাকি সেহতিয়াকৈ তেও “আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰাভঙ্গৰ” দৰে দুস্কায্যত লীপ্ত হ’ল ৷ সেয়েহে শনিবাৰে তেওৰ ওপৰত স্হানীয় শিৱ মন্দিৰ চৌহদত এখন সভা অনুষ্ঠিত হ"ল ৷ আৰু সভাতেই তেওকৰা দুস্কায্যৰ কথা নিজমুখে স্বীকাৰ কৰি সৈ কঢ়াৰ লগতে ভৱিষ্যতে এনে নকৰাৰ লিখিত প্ৰতিশ্ৰুতি ও দিলে ৷ এতিয়া ঘটনাটো শুনক ৷ গণেশ নেওগে প্ৰাক্তন সৈনিকৰ পেঞ্চন লাভকৰা বাবে গোলাঘাট খাদ্যও অসামৰিক বিভাগে তেওৰ চৰকাৰি ৰেচন কাৰ্ডৰ নাম বাটিল কৰিলে ৷ ইয়াতে খৰ্গহস্তহৈ তেও স্থানীয় সুলভ মূল্যৰ দোকানী ভবেন দাসৰ বিৰুদ্ধে বিভাগত এক অভিযোগ দিলে ৷ ২২ জনীয়া এখন হিতাধিকাৰীৰ তালিকা লিখি দি উল্লেখকৰিলে যে এই সকল ধনী মানুহ ৷ গাড়ী আৰু আন সম্পত্তিৰ অধিকাৰি ৷ সুলভমূল্যৰ দোকানীয়ে এওলোকক চৰকাৰি দুখিয়া হিতাধিকাৰী সজাইছে ৷ এই আবেদন পোৱাৰ পিছতেই বিভাগীয় দায়ীত্বত থকা বিষয়াই আগ পিছ নুগুনি কোনো তদন্ত নকৰাকৈ ২২ গৰাকী দুখিয়া হিতাধিকাৰীৰ ৰেচন কাৰ্ডৰ নাম কাতিলে ৷ ফলত চৰকাৰি সুবিধা বন্ধ হ’ল৷ ২২ টা দুখিয়া পৰিয়ালৰ ৷ বিষয়টো জানিবপাৰি খঙত টিঙিৰিতুলাহৈ ৰাইজে আয়োজন কৰা সভাত দোষ স্বীকাৰ কৰি ক্ষমাখুজিলে এই মহান প্ৰাক্তন সৈনিক জনে ৷::: প্ৰকাশ শৰ্মা গোলাঘাট
22 November, 2020
আপোনাৰ নাক কাতি
সতিনীৰ যাত্ৰাভঙ্গৰ দৰে কাম কৰিলে এজন প্ৰাক্তন সৈনিকে ৷
দেশৰক্ষা তথা দেশৰ জনগণক সুৰক্ষা দিয়াৰ শপথ খোৱা এইজন প্ৰাক্তন সৈনিক গণেশ নেওগ ৷ এওৰ ঘৰ গোলাঘাটৰ কুঁৱৰীপথাৰ গুৱালটুপত ৷ চাকৰিৰ পৰা অৱসৰ লৈ গুৱালটুপৰ স্থায়ী বাসিন্দা হ’ল ৷ সমাজৰ লগত মিলেৰে থাকি সেহতিয়াকৈ তেও “আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰাভঙ্গৰ” দৰে দুস্কায্যত লীপ্ত হ’ল ৷ সেয়েহে শনিবাৰে তেওৰ ওপৰত স্হানীয় শিৱ মন্দিৰ চৌহদত এখন সভা অনুষ্ঠিত হ"ল ৷ আৰু সভাতেই তেওকৰা দুস্কায্যৰ কথা নিজমুখে স্বীকাৰ কৰি সৈ কঢ়াৰ লগতে ভৱিষ্যতে এনে নকৰাৰ লিখিত প্ৰতিশ্ৰুতি ও দিলে ৷ এতিয়া ঘটনাটো শুনক
৷ গণেশ নেওগে প্ৰাক্তন সৈনিকৰ পেঞ্চন লাভকৰা বাবে গোলাঘাট খাদ্যও অসামৰিক বিভাগে তেওৰ চৰকাৰি ৰেচন কাৰ্ডৰ নাম বাটিল কৰিলে ৷ ইয়াতে খৰ্গহস্তহৈ তেও স্থানীয় সুলভ মূল্যৰ দোকানী ভবেন দাসৰ বিৰুদ্ধে বিভাগত এক অভিযোগ দিলে ৷ ২২ জনীয়া এখন হিতাধিকাৰীৰ তালিকা লিখি দি উল্লেখকৰিলে যে এই সকল ধনী মানুহ ৷ গাড়ী আৰু আন সম্পত্তিৰ অধিকাৰি ৷ সুলভমূল্যৰ দোকানীয়ে এওলোকক চৰকাৰি দুখিয়া হিতাধিকাৰী সজাইছে ৷ এই আবেদন পোৱাৰ পিছতেই বিভাগীয় দায়ীত্বত থকা বিষয়াই আগ পিছ নুগুনি কোনো তদন্ত নকৰাকৈ ২২ গৰাকী দুখিয়া হিতাধিকাৰীৰ ৰেচন কাৰ্ডৰ নাম কাতিলে ৷ ফলত চৰকাৰি সুবিধা বন্ধ হ’ল৷ ২২ টা দুখিয়া পৰিয়ালৰ ৷ বিষয়টো জানিবপাৰি খঙত টিঙিৰিতুলাহৈ ৰাইজে আয়োজন কৰা সভাত দোষ স্বীকাৰ কৰি ক্ষমাখুজিলে এই মহান প্ৰাক্তন সৈনিক জনে ৷::: প্ৰকাশ শৰ্মা গোলাঘাট
धरती को पाप मय कर दिया
दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...

-
30 January, 2021 *লখিমপুৰ ফুটবল ৰেফাৰী চেমিনাৰ* Date :- 30/1/21 ## সদৌ অসম ফুটবল ৰেফাৰী কৈল্যাণ সন্থাৰ তত্ত্বৱধানত হাতীলোং ফুটবল ক্'চিং...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
02 July, 2021 প্ৰেছ বিজ্ঞপ্তি নং : ১১২ জনসংযোগ, গোলাঘাট *গোলাঘাট জিলাত ক'ভিড ৰোগীৰ সংস্পৰ্শলৈ অহা লোকৰ পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰাৰ নিৰ্দ...