Friday, 20 November 2020

20 November, 2020 কথাতে কয় ; অচিন কাঠৰ থোৰা নলগাব ৷ হয় এই বাক্যশাৰী অওকান কৰাৰ বাবে প্ৰতাৰিত হ’ল তেজপুৰৰ এজন চফল ডেকা ৷ প্ৰেমত ঘুৰিছে ভূ মণ্ডল ;প্ৰেমত ফুলিছে শতদল ; কিন্ত এই গৰাকী ব্যভিচাৰীনি মহিলাৰ নাম গিতাশ্ৰী গগৈ এও সিদ্ধহস্ত প্ৰেমৰ জাল পেলোৱাত ৷ এইবাৰ তেও জালত পেলালে তেজপুৰৰ দীপজ্যোতি কলিতা নামৰ যুৱক জনক ৷ লকডাউনৰ আগতে দীপজ্যোতিয়ে এদিন সন্ধিয়া দেখাপালে তেজপুৰ চহৰৰ মাজমজিয়াত এগৰাকী যুৱতীয়ে উচুপি কান্দিথকা ৷ ওচৰচাপি যোৱাত যুৱতীয়ে কলে -- তেও এখন সভাৰ বাবে তেজপুৰলৈ আহিছিল ৷গোলাঘাটলৈ যোৱা শেষৰ বাছখনো গলগৈ ৷ সেয়েহে বিপাংত পৰিছে ৷ ২৬ বছৰীয়া কোমল অন্তৰৰ দিপজ্যোতি ; তেও ততালিকে মাকক ফোনকৰি সহায়কৰিবৰ বাবে গীতাশ্ৰীক নিশাটোৰ বাবে নিজৰ ঘৰত আশ্ৰয় দিবলৈ লৈ গ’ল ৷ নিশা অন্তৰঙ্গতা বাঢ়িল ৷ ফোননম্বৰ আদান প্ৰদান হল ৷ আৰু পুৱা সুন্দৰী যুৱতীয়ে নিজৰ ঘৰলৈ বাট ললে ৷ দিন বাগৰিল ফোনত চলিল প্ৰেমলীলা ৷ মাৰ্চমাহৰ এক শুভদিনত শুভক্ষণত দিপজ্যোতিয়ে গোলাঘাটৰ বাচষ্টেণ্ডলৈ আহি কথামতেই গীতাশ্ৰীক পলুৱাই নি জীৱন সংঙ্গিনী কৰিলে ৷ যুগ্ম ভাবে বেলেগ বেলেগ পজত ফটোও ওঠিল ৷ ছোৱালী আনিলে তাতে আকৌ সুন্দৰী সেয়েহে তেজপুৰৰ পুলিচ ৰিজাৰ্ভৰ নিজা বাসউভৱনত পাৰ্টীও দিলে ৷ যুগ্ম জীৱনৰ কেইটামান দিনৰ পিচতে গীতাশ্ৰীয়ে নতুন স্বামীক লগত লৈ গোলাঘাটৰ কছাৰীহাটৰ ঘৰলৈবুলি ১৮ নৱেম্বৰত ওলাই আহিল ৷ লগত দুটাবেগত কাপোৰ সোণৰ নেকলেচ ; টকা ; পাচবুক আদিও ললে ৷গোলাঘাট বাচষ্টেণ্ডত পোৱাৰ পিছত গীতাশ্ৰীয়ে বমিৰভাৱ আহিছেবুলি লগত অনা বেগদুটালৈ আস্থানৰ ৰাজহুৱা টয়লেটৰ দীশে গ’ল ৷ দীপজ্যোতিয়েও ম’বাইল পিতিকি সময় পাৰ কৰিলে ৷ বহু সময় বাগৰিল গীতাশ্ৰী ওভতি নাহিল ৷ দিপজ্যোতিয়ে গীতাশ্ৰীৰ ঘৰৰঠিকনা বিছাৰি কমাৰবন্ধা নতুন শাহুৱেকৰ ঘৰ পালেগৈ ৷ কিন্ত গিতাশ্ৰীৰ ঘৰ বিছাৰি নেপাই গোলাঘাটৰ সাংবাদিকক লগকৰি সকলো কথা আৰক্ষীক জনালে ৷আৰক্ষীক দিয়া এজাহাৰ দিলে ৷ যুগ্মজীৱনৰ প্ৰথমতেই পত্নী বিচ্ছেদৰ বেদনাত আহত হৈ দিপজ্যোতিয়ে পিছদিনা কছাৰীহাটলৈ গৈ যিখিনি কথা গমপালে সেয়াই তেওক হতভম্ব কৰিলে ৷ তেওবোলে চাৰিনম্বৰৰ স্বামীহে ৷ দুনম্বৰৰ স্বামীৰ ফালৰ দুটি লৰা ছোৱালীও আছে ৷ ইয়াতকৈও ভয়ানক কথাযে সুন্দৰী গীতাশ্ৰী নাৰী ব্যৱসায়ী চক্ৰৰ লগতো জড়ীত ৷ অচিন কাঠৰ থোৰা লগাই ৰাম ঠগন খাই হিদয়ত গভীৰ আঘাট লৈ গ’লগৈ তেজপুৰলৈ প্ৰতাৰিত স্বামী দিপজ্যোতি ৷ -- প্ৰকাশ শৰ্মা গোলাঘাট ৷

 20 November, 2020


কথাতে কয় ; অচিন কাঠৰ থোৰা নলগাব ৷ হয় এই বাক্যশাৰী অওকান কৰাৰ বাবে প্ৰতাৰিত হ’ল তেজপুৰৰ এজন চফল ডেকা ৷


প্ৰেমত ঘুৰিছে ভূ মণ্ডল ;প্ৰেমত ফুলিছে শতদল ; কিন্ত এই গৰাকী

 ব্যভিচাৰীনি মহিলাৰ নাম

 গিতাশ্ৰী গগৈ এও সিদ্ধহস্ত

 প্ৰেমৰ জাল পেলোৱাত ৷

 এইবাৰ তেও জালত পেলালে  তেজপুৰৰ দীপজ্যোতি কলিতা নামৰ যুৱক জনক ৷ লকডাউনৰ আগতে দীপজ্যোতিয়ে এদিন সন্ধিয়া দেখাপালে তেজপুৰ চহৰৰ মাজমজিয়াত এগৰাকী যুৱতীয়ে উচুপি কান্দিথকা ৷ ওচৰচাপি যোৱাত যুৱতীয়ে কলে -- তেও এখন সভাৰ বাবে তেজপুৰলৈ আহিছিল ৷গোলাঘাটলৈ যোৱা শেষৰ বাছখনো গলগৈ ৷ সেয়েহে বিপাংত পৰিছে ৷ ২৬ বছৰীয়া  কোমল অন্তৰৰ দিপজ্যোতি ; তেও ততালিকে মাকক ফোনকৰি সহায়কৰিবৰ বাবে গীতাশ্ৰীক নিশাটোৰ বাবে নিজৰ ঘৰত আশ্ৰয় দিবলৈ লৈ গ’ল ৷ নিশা অন্তৰঙ্গতা বাঢ়িল ৷ ফোননম্বৰ আদান প্ৰদান হল ৷ আৰু পুৱা সুন্দৰী যুৱতীয়ে নিজৰ ঘৰলৈ বাট ললে ৷ দিন বাগৰিল ফোনত চলিল প্ৰেমলীলা ৷ মাৰ্চমাহৰ এক শুভদিনত শুভক্ষণত দিপজ্যোতিয়ে

 গোলাঘাটৰ বাচষ্টেণ্ডলৈ আহি কথামতেই গীতাশ্ৰীক পলুৱাই নি জীৱন সংঙ্গিনী কৰিলে ৷ যুগ্ম ভাবে বেলেগ বেলেগ পজত ফটোও ওঠিল ৷ ছোৱালী আনিলে তাতে আকৌ সুন্দৰী সেয়েহে তেজপুৰৰ পুলিচ ৰিজাৰ্ভৰ নিজা বাসউভৱনত পাৰ্টীও দিলে ৷ যুগ্ম জীৱনৰ কেইটামান দিনৰ পিচতে গীতাশ্ৰীয়ে নতুন স্বামীক লগত

 লৈ গোলাঘাটৰ কছাৰীহাটৰ ঘৰলৈবুলি ১৮ নৱেম্বৰত ওলাই আহিল ৷ লগত দুটাবেগত কাপোৰ সোণৰ নেকলেচ ; টকা ; পাচবুক আদিও ললে ৷গোলাঘাট বাচষ্টেণ্ডত পোৱাৰ পিছত গীতাশ্ৰীয়ে বমিৰভাৱ আহিছেবুলি লগত অনা বেগদুটালৈ আস্থানৰ ৰাজহুৱা টয়লেটৰ দীশে গ’ল ৷ দীপজ্যোতিয়েও ম’বাইল পিতিকি সময় পাৰ কৰিলে ৷ বহু সময় বাগৰিল গীতাশ্ৰী ওভতি নাহিল ৷ দিপজ্যোতিয়ে গীতাশ্ৰীৰ ঘৰৰঠিকনা বিছাৰি কমাৰবন্ধা নতুন শাহুৱেকৰ ঘৰ পালেগৈ ৷ কিন্ত গিতাশ্ৰীৰ ঘৰ বিছাৰি নেপাই গোলাঘাটৰ সাংবাদিকক লগকৰি সকলো কথা আৰক্ষীক জনালে ৷আৰক্ষীক দিয়া এজাহাৰ দিলে ৷ যুগ্মজীৱনৰ প্ৰথমতেই পত্নী বিচ্ছেদৰ বেদনাত আহত হৈ দিপজ্যোতিয়ে পিছদিনা কছাৰীহাটলৈ গৈ যিখিনি কথা গমপালে সেয়াই তেওক হতভম্ব কৰিলে ৷ তেওবোলে চাৰিনম্বৰৰ স্বামীহে ৷ দুনম্বৰৰ স্বামীৰ ফালৰ দুটি লৰা ছোৱালীও আছে ৷ ইয়াতকৈও ভয়ানক কথাযে সুন্দৰী গীতাশ্ৰী নাৰী ব্যৱসায়ী চক্ৰৰ লগতো জড়ীত ৷ অচিন কাঠৰ থোৰা লগাই ৰাম ঠগন খাই হিদয়ত গভীৰ আঘাট লৈ গ’লগৈ তেজপুৰলৈ  প্ৰতাৰিত স্বামী দিপজ্যোতি ৷ -- প্ৰকাশ শৰ্মা গোলাঘাট ৷


20 November, 2020 গোলাঘাটৰ যানবাহনশাখাৰ আৰক্ষী সস্তম হৈ৷ পৰিল ৰাজপথত ৷ পিছে কেছটো কি ? কেছটো প্ৰতিদিনে জতিলৰপৰা জতীল হৈ গৈয়েই আছে ৷ কিয়নো অতি সৰু চহৰ গোলাঘাটৰ ৰাজপথত যানবাহনেৰে ঠাহখাই থাকে ৷ সঘনাই সৃষ্টিহয় যানযঁতৰ ৷ সেয়েহে অতিব্যস্তপথ ঢ়োদৰ আলিৰ বল’ৰাম হোটেলৰ দিশৰ পৰা এচোৱা ৱান ৱে কৰিছে ৷ কিন্ত আইন নেমানে একাংশই শুক্ৰবাৰে পুৱা AS-03 W 5003 নম্বৰৰ গাড়ীখন ৰং চাইদত ৰাখিথাৱাত প্ৰায় তিনিঘণ্টা ধৰি আৰক্ষীয়ে গাড়ীৰ মালিকক বিছাৰিব লগা হয় অৱশেষত আৰক্ষীয়ে এই অপৰাধৰ বাবে গাড়ীখনৰ মালিকৰ ৰপৰা জৰিমনা আদায় কৰে ৷ আনহাতে ন’এন্ট্ৰী ; ৱান ৱে ফলকক অমান্য কৰি এচামে ৱেপেৰুৱা ভাবে গাড়ী ; বাইক ৰাখিয়েই থাকে কিছূসংখ্যক দোকানীয়ে ন’এন্ট্ৰী ফলকক আওকান কৰি সামগ্ৰী বোজাইকৰি অধিক যানযঁটৰ সৃষ্টি কৰে ৷ ::: কৃষ্ণাক্ষী বৰা নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

 20 November, 2020


গোলাঘাটৰ যানবাহনশাখাৰ আৰক্ষী সস্তম হৈ৷ পৰিল ৰাজপথত ৷ পিছে কেছটো কি ? 

কেছটো প্ৰতিদিনে জতিলৰপৰা জতীল হৈ গৈয়েই আছে ৷ কিয়নো

অতি সৰু চহৰ গোলাঘাটৰ ৰাজপথত যানবাহনেৰে ঠাহখাই থাকে ৷ সঘনাই সৃষ্টিহয় যানযঁতৰ ৷ সেয়েহে অতিব্যস্তপথ ঢ়োদৰ আলিৰ বল’ৰাম হোটেলৰ দিশৰ পৰা এচোৱা ৱান ৱে কৰিছে ৷ কিন্ত আইন নেমানে একাংশই শুক্ৰবাৰে পুৱা AS-03 W 5003 নম্বৰৰ গাড়ীখন ৰং চাইদত ৰাখিথাৱাত প্ৰায় তিনিঘণ্টা ধৰি আৰক্ষীয়ে গাড়ীৰ মালিকক বিছাৰিব লগা হয় অৱশেষত আৰক্ষীয়ে এই অপৰাধৰ বাবে গাড়ীখনৰ মালিকৰ

ৰপৰা জৰিমনা আদায় কৰে ৷ আনহাতে ন’এন্ট্ৰী ; ৱান ৱে ফলকক অমান্য কৰি এচামে ৱেপেৰুৱা ভাবে গাড়ী ; বাইক ৰাখিয়েই থাকে কিছূসংখ্যক দোকানীয়ে ন’এন্ট্ৰী ফলকক আওকান কৰি সামগ্ৰী বোজাইকৰি অধিক যানযঁটৰ সৃষ্টি কৰে  ৷ ::: কৃষ্ণাক্ষী বৰা নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷


20 November, 2020Covid19 Assam and actions taken as on 19/11/2020.

20 November, 2020

Covid19 Assam and actions taken as on 19/11/2020.

Thursday, 19 November 2020

19 November, 2020 এতিয়া পকাধান চপোৱাৰ বতৰ ৷ এনে সময়তে পকা ধানৰ মলমলনিৰে উত্ৰাৱল কৰে বণ্যহস্তি জাকক নুমলীগড়ত প্ৰতিদিনে অব্যাহত আছে হাতী মানুহৰ সংঘাত । ভাঙিচিঙি তহিলং কৰিলে কেইবাটাও বাসগৃহ ।কথমপী প্ৰাণ ৰক্ষা পৰিল বহুকেইগৰাকী লোকৰ ।নুমলীগড়ত দিনে নিশাই অব্যাহত আছে হাতী মানুহৰ ভয়াবহ সংঘাত । যোৱা নিশা হাতীৰ জাকে নুমলীগড়ৰ মিৰিপথাৰ,ঢলাগুৰি অঞ্চলত প্ৰৱেশ কৰি ওৰে নিশা চলাই উপদ্ৰৱ । হাতীৰ বৃহৎ জাকে নিশাৰ পৰা পুৱা পৰ্যন্ত খাই গচকী তহিলং কৰিলে কৃষকে বহু কষ্টৰে কৰা শালি ধানৰ খেতি পথাৰ । লগতে মিৰিপথাৰ এলেকাত ভাঙি তহিলং কৰে কেইবাটাও বাসগৃহ । ওৰে নিশা গাঁও বাসী সকলে উজাগৰে থাকি হাতে হাতে ,বমা,ফটকা জুই লৈ পহৰা দিব লগা হয় নিজৰ খেতি দৰাৰ লগতে নিজৰ ঘৰ খন । খবৰ লবলৈ আহৰি নাই বন বিভাগৰ । এনেদৰেই এতিয়া নুমলীগড়ত দৈনিক অব্যাহত আছে হাতী মানুহৰ সংঘাত । কল্পনা ফুকনৰ ৰিপৰ্ট গোলাঘাট NORTHEAST NEWS INDIA

 19 November, 2020


এতিয়া পকাধান চপোৱাৰ বতৰ ৷ এনে সময়তে পকা ধানৰ মলমলনিৰে উত্ৰাৱল কৰে বণ্যহস্তি জাকক

নুমলীগড়ত প্ৰতিদিনে

 অব্যাহত আছে হাতী মানুহৰ সংঘাত । ভাঙিচিঙি তহিলং কৰিলে কেইবাটাও বাসগৃহ ।কথমপী প্ৰাণ ৰক্ষা পৰিল বহুকেইগৰাকী লোকৰ ।নুমলীগড়ত দিনে নিশাই অব্যাহত আছে হাতী মানুহৰ ভয়াবহ সংঘাত । যোৱা নিশা হাতীৰ জাকে নুমলীগড়ৰ মিৰিপথাৰ,ঢলাগুৰি অঞ্চলত প্ৰৱেশ কৰি ওৰে নিশা চলাই উপদ্ৰৱ । হাতীৰ  বৃহৎ জাকে নিশাৰ পৰা  পুৱা পৰ্যন্ত  খাই গচকী তহিলং কৰিলে কৃষকে বহু কষ্টৰে কৰা শালি ধানৰ খেতি পথাৰ । লগতে  মিৰিপথাৰ এলেকাত  ভাঙি তহিলং কৰে কেইবাটাও বাসগৃহ । ওৰে নিশা গাঁও বাসী সকলে উজাগৰে থাকি হাতে হাতে  ,বমা,ফটকা জুই লৈ পহৰা দিব লগা হয় নিজৰ খেতি দৰাৰ লগতে নিজৰ ঘৰ খন । খবৰ লবলৈ আহৰি নাই বন বিভাগৰ । এনেদৰেই এতিয়া নুমলীগড়ত দৈনিক অব্যাহত আছে হাতী মানুহৰ সংঘাত ।


কল্পনা ফুকনৰ ৰিপৰ্ট গোলাঘাট

NORTHEAST NEWS INDIA


19 November, 2020Covid19 Assam and actions taken as on 18/11/2020.

19 November, 2020

Covid19 Assam and actions taken as on 18/11/2020.

Wednesday, 18 November 2020

18 November, 2020 : সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক মনোৱাৰ হুছেইন পদত্যাগ । জিলাৰ বাতৰি দিওতা গোলাঘাট সদৌ অসম সন্থাৰ সহকাৰি সাধাৰণ সম্পিদক মনোৱাৰ হুছেইনে সোমবাৰে সন্ধিয়া আছূৰ পৰা পদত্যাগ কৰে ৷ তেও সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি/সাধাৰণ সম্পাদকলৈ পদত্যাগ প্ৰত্ৰ প্ৰেৰণ কৰিছে । পত্ৰখনত তেও উল্লেখ কৰে যে যোৱা ৫ বছৰে সদৌ অসম ছাত্র সন্থাত চলোৱা মাফিয়াৰাজত অতিষ্ঠ হৈ এই সিদ্ধান্তলোৱা হল ৷ তেও উল্লেখ কৰেযে সদৌ অসম ছাত্ৰ সন্থা এটা অৰাজনৈতিক সংগঠন আৰু এই অৰাজনৈতিক সংগঠনক দীপাংকৰ নাথ আৰু লুৰিণজ্যোতি গগৈ নিজৰ ৰাজনৈতিক অভিষ্ঠ সিদ্ধিৰ স্বাৰ্থত ব্যৱহাৰ কৰি আহিছে এই কাম কাজৰ বিৰোধীতা কৰিলে বাএনে বিৰোধীতা কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক / সভাপতি লক্ষ্য হৈ পৰে ছাত্র সন্থাৰ নিষ্ঠাবান কৰ্মী । অসম জাতীয় পৰিষদ আৰু ছাত্ৰ সন্থাক একাকাৰ কৰি কাম নকৰাৰ বাবে লক্ষ্য হৈ পৰাৰ অভিযোগ তুলিছে মনোৱাৰ হুছেইনে । তেও বিগত ২৩ বছৰ ধৰি সদৌ অসম ছাত্ৰ সন্থাৰ নিষ্ঠাবান কৰ্মী আছিল । গোলাঘাট জিলা ঘিলাধাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ পৰাই সদৌ অসম ছাত্র সন্থাত ভৰি দিছিল মনোৱাৰ হুছেইনে । মনোৱাৰৰ পদত্যাগয়ে অৰাজনৈতিক চৰিত্ৰ বুলি দাবীকৰা সংগঠনটোৰ আন এটা গোপন দিশ প্ৰকাশ কৰিলে ৷সদৌ অসম ছাত্ৰসন্থাৰ সহকাৰি সম্পাদক মনোৱাৰ হুছেইনে সোমবাৰে পদত্যাগৰ কৰাৰ পিছত গোলাঘাট জিলা ছাত্ৰসন্থাই মনোৱাৰ হুছেইনলৈ প্ৰেৰণ কৰা এখন সকীয়নি পত্ৰ এতিয়া মৱাইলত ভাইৰেল হৈছে ৷ আৰু গোলাঘাট জিলা ছাত্ৰসন্থাৰ সভাপতি নিৰঞ্জন সোনোৱালে এনেদৰে মন্তব্য কৰিলে :: প্ৰকাশ শৰ্মা গোলাঘাট ৷ NORTHEAST NEWS INDIA

 18 November, 2020


: সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক মনোৱাৰ হুছেইন পদত্যাগ । 


জিলাৰ বাতৰি দিওতা গোলাঘাট 

সদৌ অসম  সন্থাৰ 

সহকাৰি সাধাৰণ সম্পিদক মনোৱাৰ হুছেইনে সোমবাৰে সন্ধিয়া আছূৰ পৰা পদত্যাগ কৰে ৷ তেও সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি/সাধাৰণ সম্পাদকলৈ পদত্যাগ প্ৰত্ৰ প্ৰেৰণ কৰিছে । পত্ৰখনত তেও উল্লেখ কৰে যে যোৱা ৫ বছৰে  সদৌ অসম ছাত্র সন্থাত চলোৱা মাফিয়াৰাজত অতিষ্ঠ হৈ এই সিদ্ধান্তলোৱা হল ৷ তেও উল্লেখ কৰেযে সদৌ অসম ছাত্ৰ সন্থা এটা অৰাজনৈতিক সংগঠন আৰু এই অৰাজনৈতিক সংগঠনক দীপাংকৰ নাথ আৰু লুৰিণজ্যোতি গগৈ নিজৰ ৰাজনৈতিক অভিষ্ঠ সিদ্ধিৰ স্বাৰ্থত ব্যৱহাৰ কৰি আহিছে এই কাম কাজৰ বিৰোধীতা  কৰিলে বাএনে বিৰোধীতা কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক / সভাপতি লক্ষ্য হৈ পৰে ছাত্র সন্থাৰ নিষ্ঠাবান কৰ্মী । অসম জাতীয় পৰিষদ আৰু ছাত্ৰ সন্থাক একাকাৰ কৰি কাম নকৰাৰ বাবে লক্ষ্য হৈ পৰাৰ অভিযোগ তুলিছে মনোৱাৰ হুছেইনে । তেও বিগত ২৩ বছৰ ধৰি সদৌ অসম ছাত্ৰ সন্থাৰ নিষ্ঠাবান কৰ্মী আছিল  । গোলাঘাট জিলা ঘিলাধাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ পৰাই সদৌ অসম ছাত্র সন্থাত ভৰি দিছিল মনোৱাৰ হুছেইনে ।

মনোৱাৰৰ পদত্যাগয়ে অৰাজনৈতিক চৰিত্ৰ বুলি দাবীকৰা সংগঠনটোৰ আন এটা গোপন দিশ প্ৰকাশ কৰিলে ৷সদৌ অসম ছাত্ৰসন্থাৰ সহকাৰি সম্পাদক মনোৱাৰ হুছেইনে সোমবাৰে পদত্যাগৰ কৰাৰ পিছত গোলাঘাট জিলা ছাত্ৰসন্থাই মনোৱাৰ হুছেইনলৈ প্ৰেৰণ কৰা এখন সকীয়নি পত্ৰ এতিয়া মৱাইলত ভাইৰেল হৈছে ৷ আৰু গোলাঘাট জিলা ছাত্ৰসন্থাৰ সভাপতি নিৰঞ্জন সোনোৱালে এনেদৰে মন্তব্য কৰিলে :: প্ৰকাশ শৰ্মা গোলাঘাট ৷ NORTHEAST NEWS INDIA


18 November, 2020 মাত্ৰ ডেৰবিঘা মাটিতেই জাতিলাও খেটিৰে স্বাৱলম্বী হৈছে দুজন কৃষক । গোলাঘাটৰ শগুণপাৰাত ডেৰবিঘা মাটিতেই জাতিলাও খেতি আৰম্ভণি কৰিছিল কুঁহিয়াৰবাৰীৰ নিৰন নাথ আৰু জান্তু মহন্তই। শগুনপাৰা বিলৰ পাৰৰ সাৰুৱা ভূমীত দুই কৃষকে চৰকাৰি কোনো সাহায্য নোপোৱাকৈ উৎপাদন কৰা জাতিলাও প্ৰতিটোত ২৫ ৰ পৰা ২৭ টকাকৈ বিক্ৰী কৰি সপ্তাহত লাভ কৰে পাচঁহেজাৰৰো অধিক টকা ৷ কপালৰ ঘাম মাটিত পেলাই কৰা খেতি বনৰীয়া হাতীয়ে ধাহি মুহি শেষ কৰে, সেয়েহে নিশা টঙীঘৰত থাকি উজাগৰে কৃষি কৰ্মত ব্যস্ত থাকে নিৰন ;জান্তু ; খগেন ছেত্ৰীৰ দৰে কৃষক সকল ৷ এওঁলোকৰ উৎপাদিত ফচলত ৰাসায়নিক সাৰৰ পৰিৱৰ্তে গৰু আৰু ছাগলীৰ গোৱৰ ; দিয়া হয় বাবেই গ্ৰাহকৰ সংখ্যাও সৰহ ৷ স্থানীয় ওৱাটিংৰ দেওবৰীয়া বজাৰ৷ ; গোলাঘাট চহৰ আদিৰ লগতে যোৰহাট শিৱসাগৰ তিনিচুকীয়া আদিলৈও বেপাৰীয়ে বিক্ৰীৰ বাবে নিয়ে এওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ :: গোলাঘাটৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট NORTHEAST NEWS INDIA

 18 November, 2020


মাত্ৰ ডেৰবিঘা মাটিতেই জাতিলাও খেটিৰে স্বাৱলম্বী হৈছে দুজন কৃষক ।


গোলাঘাটৰ শগুণপাৰাত ডেৰবিঘা মাটিতেই জাতিলাও খেতি আৰম্ভণি কৰিছিল কুঁহিয়াৰবাৰীৰ নিৰন নাথ আৰু জান্তু মহন্তই। শগুনপাৰা বিলৰ পাৰৰ সাৰুৱা ভূমীত দুই কৃষকে চৰকাৰি কোনো সাহায্য নোপোৱাকৈ উৎপাদন কৰা জাতিলাও প্ৰতিটোত ২৫ ৰ পৰা ২৭ টকাকৈ বিক্ৰী কৰি সপ্তাহত লাভ কৰে পাচঁহেজাৰৰো অধিক টকা ৷ কপালৰ ঘাম মাটিত পেলাই কৰা খেতি বনৰীয়া হাতীয়ে ধাহি মুহি শেষ কৰে, সেয়েহে নিশা টঙীঘৰত থাকি উজাগৰে কৃষি কৰ্মত ব্যস্ত থাকে নিৰন ;জান্তু ;  খগেন ছেত্ৰীৰ দৰে কৃষক সকল ৷ এওঁলোকৰ উৎপাদিত ফচলত ৰাসায়নিক সাৰৰ পৰিৱৰ্তে গৰু আৰু ছাগলীৰ গোৱৰ ; দিয়া হয় বাবেই গ্ৰাহকৰ সংখ্যাও সৰহ ৷ স্থানীয় ওৱাটিংৰ দেওবৰীয়া বজাৰ৷ ; গোলাঘাট চহৰ আদিৰ লগতে যোৰহাট শিৱসাগৰ তিনিচুকীয়া আদিলৈও বেপাৰীয়ে বিক্ৰীৰ বাবে নিয়ে এওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ   :: গোলাঘাটৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট

NORTHEAST NEWS INDIA


পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...