Wednesday, 14 October 2020

Tuesday, 13 October 2020

13 October, 2020*গোলাঘাট নগৰত বাঘে খালে কুকুৰ : আতংকিত বাসিন্দা ৷ গোলাঘাট : ১৩অক্টোবৰ গোলাঘাট নগৰৰ ১১নং ৱাৰ্ডত মঙ্গলবাৰে নিশা এজন লোকৰ ঘৰত বাঘে বিচৰণ কৰি এটা পোহনীয়া কুকুৰ আক্ৰমণ কৰা ঘটনাই আতংকৰ সৃষ্টি কৰিছে চহৰৰৰ উপেন গগৈৰ ঘৰত এই ঘটনা সংঘটিত হয় ৷ বাঘৰ আতংকৰ মাজতে বন বিভাগৰ বাঘৰ সন্ধান বিচাৰি অভিযান চলায় । বাঘৰ খোজ বিচাৰি স্থানীয় ৰাইজ আৰু বন বিভাগৰ লোকে বাঘ অহাটো নিশ্চয় কৰিছে । নিশাই ৰাইজে বাঘটো প্ৰত্যক্ষকৰি চিঞৰবাখৰ কৰাত দেৱাল বগাই আঁতৰি গ'ল বাঘটো। ফলত নিশাৰে পৰাই আতংকিত হৈ পৰিছে গোলাঘাটৰ ৰংপুৰবাসী। উল্লেখযোগ্য যে, চাহ বাগিচা নতুবা কাঠনিত বাঘৰ বিচৰণ, পিঞ্জৰাবদ্ধ কোনো নতুন কথা নহয়। কিন্তু গোলাঘাট নগৰত বাঘৰ সন্ত্ৰাসে চকু কপালত তুলিছে সকলোৰে। নিশা নগৰৰ মাজমজিয়াৰ ৰংপুৰত বাঘৰ মুক্ত বিচৰণ আৰু গৃহস্থৰ পোহনীয়া কুকুৰক আক্ৰমণক লৈ বৰ্তমান হৈ পৰিছে গোলাঘাট বন বিভাগ সস্তম হৈ পৰিছে ৷ : কল্পনা ফুকনৰ ৰিপ’ৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

13 October, 2020

*গোলাঘাট নগৰত বাঘে খালে কুকুৰ : আতংকিত বাসিন্দা ৷
 গোলাঘাট : ১৩অক্টোবৰ

  গোলাঘাট নগৰৰ ১১নং ৱাৰ্ডত মঙ্গলবাৰে নিশা এজন লোকৰ  ঘৰত বাঘে বিচৰণ কৰি এটা পোহনীয়া কুকুৰ আক্ৰমণ কৰা ঘটনাই আতংকৰ সৃষ্টি কৰিছে চহৰৰৰ উপেন গগৈৰ ঘৰত এই ঘটনা সংঘটিত হয় ৷ বাঘৰ আতংকৰ মাজতে বন বিভাগৰ বাঘৰ সন্ধান বিচাৰি অভিযান চলায় । বাঘৰ খোজ বিচাৰি  স্থানীয় ৰাইজ আৰু বন বিভাগৰ লোকে বাঘ অহাটো নিশ্চয় কৰিছে । নিশাই ৰাইজে বাঘটো প্ৰত্যক্ষকৰি চিঞৰবাখৰ কৰাত   দেৱাল বগাই আঁতৰি গ'ল বাঘটো। ফলত নিশাৰে পৰাই আতংকিত হৈ পৰিছে গোলাঘাটৰ ৰংপুৰবাসী। উল্লেখযোগ্য যে, চাহ বাগিচা নতুবা কাঠনিত বাঘৰ বিচৰণ, পিঞ্জৰাবদ্ধ কোনো নতুন কথা নহয়। কিন্তু গোলাঘাট নগৰত বাঘৰ সন্ত্ৰাসে চকু কপালত তুলিছে সকলোৰে। নিশা নগৰৰ মাজমজিয়াৰ ৰংপুৰত বাঘৰ মুক্ত বিচৰণ আৰু গৃহস্থৰ পোহনীয়া কুকুৰক আক্ৰমণক লৈ বৰ্তমান  হৈ পৰিছে গোলাঘাট বন বিভাগ সস্তম হৈ পৰিছে ৷ : কল্পনা ফুকনৰ ৰিপ’ৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া  গোলাঘাট ৷

গোলাঘাটৰ ক’ভিড-১৯১৩অক্টোবৰ ২০২০যোৱা চৌবিশ ঘণ্টাত ৰেপিডটেষ্ট যোগে গৰাকী মুঠ ১০০গৰাকী ক’ভিড পজিটিভ ৰোগীক চিনাক্ত কৰা হয় ৷ প্ৰথমৰ পৰা আজি পয্যন্ত পজিটিভৰোগী মুঠ ৮৩৭৭ গৰাকী ৷ এক্টিভ ৰোগী ৪৯০ গৰাকী ৷ বৰ্তমানলৈকে ৭৭৯২ গৰাকী সুষ্ঠৰোগীক ঘৰলৈ যাবলৈ দিয়া হয় ৷ আজিৰ পজিটিভৰ সংখ্যাই কালিৰ তুলনাত বহু সংখ্যা বৃদ্ধি হোৱা দেখা গৈছে ৷ কালি পজিটিভৰোগীৰ সংখ্যা আছিল মাত্ৰ ২৮ গৰাকী :: প্ৰকাশ শৰ্মা গোলাঘাট ১৩ ১০/২০২০

গোলাঘাটৰ ক’ভিড-১৯
১৩অক্টোবৰ ২০২০

যোৱা চৌবিশ ঘণ্টাত ৰেপিডটেষ্ট যোগে  গৰাকী   মুঠ ১০০গৰাকী ক’ভিড পজিটিভ ৰোগীক চিনাক্ত কৰা হয় ৷  প্ৰথমৰ পৰা আজি পয্যন্ত পজিটিভৰোগী মুঠ ৮৩৭৭ গৰাকী ৷ এক্টিভ ৰোগী ৪৯০ গৰাকী ৷ বৰ্তমানলৈকে ৭৭৯২ গৰাকী সুষ্ঠৰোগীক ঘৰলৈ যাবলৈ দিয়া হয় ৷ আজিৰ পজিটিভৰ সংখ্যাই কালিৰ তুলনাত বহু সংখ্যা বৃদ্ধি হোৱা দেখা গৈছে ৷ কালি পজিটিভৰোগীৰ সংখ্যা আছিল মাত্ৰ ২৮ গৰাকী :: প্ৰকাশ শৰ্মা গোলাঘাট ১৩ ১০/২০২০

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...