Saturday, 19 September 2020
Friday, 18 September 2020
Thursday, 17 September 2020
17 September, 2020আজি ভাৰতবৰ্ষৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মাননীয় প্ৰধানমন্ত্ৰী তথা ভাৰত মাতৃৰ সুযোগ্য সন্তান দেশৰ সকলোৰে শ্রদ্ধাৰ মাননীয় প্ৰধানমন্ত্ৰী Narendra Modi দেৱক ৭০ সংখ্যক জন্ম দিন উপলক্ষে আজিৰ এই পৱিত্র দিনত তেখেতলৈ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেখেতৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি নেদেখা জনৰ ওচৰত প্রাৰ্থনা জনাইছোঁ যাতে ভাৰতবৰ্ষক আগুুৱাই লৈ যাবলৈ তেখেতক আৰু অধিক শক্তি প্রদান কৰে তাৰে কামনাৰেNORTHEAST NEWS INDIA
Breaking news
16 September, 2020
O. C. : গোলাঘাটৰ থুৰামুখত বন্যহস্তীৰ উপদ্ৰৱ। উপদ্ৰৱী বন্যহস্তীৰ দলটোৱে থুৰামুখৰ এখন বিদ্যালয়ত চলাই আক্ৰমণ। বিদ্যালয়ৰ পকী বেৰ, লোহাৰ খিৰিকী দুৱাৰ ভাঙি বিদ্যালয়ৰ ভিতৰত চলাই তাণ্ডৱ। বিদ্যালয়ৰ ভিতৰৰ দৃশ্য প্ৰত্যক্ষ কৰিলে এনে লাগিব বন্যহস্তীৰ দল নহয়, ই কোনো ডকাইটৰ আক্ৰমণ।
V. O. : গোলাঘাটৰ থুৰামুখ অঞ্চল বন্যহস্তীৰ উপদ্ৰৱৰ কোনো নতুন কথা নহয়। পূৰ্বৰে পৰা থুৰামুখত বন্যহস্তী আৰু মানুহৰ সংঘাত চলি আহিছে। এইবাৰ বন্যহস্তীৰ আক্ৰমণ কিছু পৃথক। থুৰামুখ মধ্য ইংৰাজী বিদ্যালয়ৰ পকী বেৰ, খিৰিকী দুৱাৰ ভাঙি বিদ্যালয়ৰ ভিতৰত লণ্ডভণ্ড। বন্যহস্তীৰ এই আক্ৰমণ এনে ভয়ানক আছিল লোৰ খিৰিকী আদি ভাঙোতে বৃহৎ বৃহৎ শব্দ কৰিছিল। কিন্তু বন্যহস্তীৰ জাকটোক খেদি পঠিয়াবলৈ কোনো সাহস গোটাব পৰা নাছিল। কাষতে থকা বন বিভাগৰলোকেও বন্যহস্তীৰ জাকটোক খেদি নপঠিওৱাৰ অভিযোগ উঠিছে। বিদ্যালয়খনৰ কাৰ্যালয়ৰ আচবাব, নথি-পত্ৰ, লোৰ আলমাৰি ভাঙি তচনচ কৰে বন্য হাতীৰ জাকটোৱে।
গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা
Breaking news
16 September, 2020
গোলাঘাট হামদৈ পথাৰত প্ৰকাণ্ড কাছ উদ্ধাৰ। গোলাঘাট হামদৈ পথাৰত হামদৈ হোটেলৰ পিছফালৰ পিটনিৰ পৰা উদ্ধাৰ কৰা হয় কাছটো। হামদৈ হোটেলৰ কৰ্মচাৰীয়ে কাছটো পিটনিৰ সমীপৰ পথটোৰ ওপৰে গৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে। লগে লগে কোনো দুস্কৃতি কাৰীয়ে হানি বিঘিনি ঘটোৱাৰ পূৰ্বে হোটেলৰ কৰ্মচাৰীয়ে প্ৰায় ৪০ কেজি ওজনৰ কাছটো উদ্ধাৰ কৰি গোলাঘাট বনবিভাগক চমজাই দিয়ে। হামদৈ হোটেল কৰ্মচাৰী আৰু হোটেল কৰ্তৃপক্ষই বন বিভাগৰ সহযোগত গোলাঘাট জিলাৰ ঐতিহাসিক আঠখেলীয়া নামঘৰৰ বৰপুখুৰীত কাছটো সংৰক্ষণ কৰা ইচ্ছা প্ৰকাশ কৰিছে। উল্লেখ্য যে, যি সময়ত একাংশই বন্য জীৱ-জন্তু হত্যা কৰি বন্য উল্লাস কৰাৰ লগতে এনে জীৱ জন্তুৰ মাংস ভক্ষণ কৰি আহিছে তেনে সময়ত হোটেল কৰ্তৃপক্ষ তথা কৰ্মচাৰী প্ৰদৰ্শন কৰিলে প্ৰকৃতিপ্ৰেমৰ অন্য এক নিদৰ্শন। ::: গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...