Thursday, 30 July 2020
Wednesday, 29 July 2020
29 July, 2020 আজি মাননীয় স্বাস্থ্য মন্ত্রী হিমন্ত বিশ্ব শৰ্মা ই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ৰ অধ্যক্ষ, মাইক্ৰ'বায়োল'জি, বায়োকেমিষ্ট্ৰি বিভাগ তথা ব্লাড বেংকৰ ফেকাল্টিসকলৰ সৈতে এই সুবিধা কিদৰে অধিক বৃদ্ধি কৰিব পৰা যায়, সেই সম্পৰ্কে আলোচনাৰ অৰ্থে এখন বৈঠকত মিলিত হয়। অতিকৈ আনন্দৰ কথা যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ত নতুনকৈ স্থাপিত প্লাজমা বেংকটো আমাৰ সন্মিলিত আশা আৰু কৰুণাৰ কেন্দ্ৰবিন্দুস্বৰূপ হৈ উঠিছে বুলি স্বাস্থ্য মন্ত্রী গৰাকীয়ে আশা ব্যক্ত কৰে।
29 July, 2020 আজি জনতা ভৱনত 'মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা'ৰ অধীনত প্ৰস্তাৱিত বিভিন্ন আঁচনিৰ পৰ্যালোচনা কৰে মাননীয় কৃষি মন্ত্রী অতুল বৰা ই। অসমত পশুপালন আৰু পশুধন ক্ষেত্ৰখনৰ সৈতে জড়িত ৰাইজক চৰকাৰীভাৱে প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত আমাৰ চৰকাৰখনে যথেষ্ট গুৰুত্ব দিছে বুলি ব্যক্ত কৰে। এই দিশটোলৈ লক্ষ্য ৰাখিয়েই ৷ বৈঠকত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বিষয়াসকলক অসমৰ দুগ্ধ, মাংস আৰু কণীৰ বাণিজ্যিক দিশটোৰ বিকাশ তথা প্ৰসাৰত মনোনিৱেশ কৰিবলৈ নিৰ্দেশ দিয়ে। পশুপালনৰ লগত জড়িত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ আত্মসহায়ক গোটসমূহক বিভাগীয় সা-সুবিধা প্ৰদান কৰি অধিক মুনাফা লাভৰ পথ দেখুওৱা প্ৰসংগক লৈও আলোচনা কৰে ৷ বৈঠকত বিভাগীয় বিষয়াসকলক ভিন্ন প্ৰান্তত ধানৰ মিল, মিনি ক'ল্ড ষ্ট'ৰেজ স্থাপনৰ লগতে পশুপালন আৰু পশুধন ক্ষেত্ৰত ব্যক্তিগত বিনিয়োগ অধিক সম্প্ৰসাৰণত গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে। বৈঠকত উপস্থিত আছিল পশুপালন আৰু পশু চিকিৎসা বিভাগৰ আয়ুক্ত তথা সচিব শ্ৰী শ্যাম জগন্নাথন, সচিব শ্ৰী ৰবিনছন মুছাহাৰীৰ লগতে বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকল।
29 July, 2020 অসম চৰকাৰৰ 'ৰাজ্যিক স্বঅগ্ৰাধিকাৰ উন্নয়ন পুঁজি'ৰ অধীনত গড়মূৰত অৱস্থিত জলসম্পদ বিভাগৰ নৱনির্মিত অতিথি আৱাস গৃহ আৰু মাজুলী জলসম্পদ সংমণ্ডল কাৰ্যালয় চৌহদৰ নৱনির্মিত ভৱনৰ শুভ উদ্বোধন কৰে। মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে গৃহ সমষ্টি মাজুলীত । একেটা অনুষ্ঠানত তেখেতে 'মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা'ৰ অধীনত হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে ট্ৰেক্টৰ প্ৰদান কৰে আৰু শিপিনীসকলৰ মাজত তাঁতশাল বিতৰণ কৰে। অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী শ্ৰী কেশৱ মহন্ত, সাংসদ শ্ৰী প্ৰদান বৰুৱা, বিধায়ক শ্ৰী বিমল বৰা আৰু বিষয়ববীয়া উপস্থিত থাকে।
Subscribe to:
Posts (Atom)
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...

















