Wednesday, 29 July 2020

29 July, 2020 আজি মাননীয় স্বাস্থ্য মন্ত্রী হিমন্ত বিশ্ব শৰ্মা ই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ৰ অধ্যক্ষ, মাইক্ৰ'বায়োল'জি, বায়োকেমিষ্ট্ৰি বিভাগ তথা ব্লাড বেংকৰ ফেকাল্টিসকলৰ সৈতে এই সুবিধা কিদৰে অধিক বৃদ্ধি কৰিব পৰা যায়, সেই সম্পৰ্কে আলোচনাৰ অৰ্থে এখন বৈঠকত মিলিত হয়। অতিকৈ আনন্দৰ কথা যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ত নতুনকৈ স্থাপিত প্লাজমা বেংকটো আমাৰ সন্মিলিত আশা আৰু কৰুণাৰ কেন্দ্ৰবিন্দুস্বৰূপ হৈ উঠিছে বুলি স্বাস্থ্য মন্ত্রী গৰাকীয়ে আশা ব্যক্ত কৰে।





29 July, 2020 আজি জনতা ভৱনত 'মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা'ৰ অধীনত প্ৰস্তাৱিত বিভিন্ন আঁচনিৰ পৰ্যালোচনা কৰে মাননীয় কৃষি মন্ত্রী অতুল বৰা ই। অসমত পশুপালন আৰু পশুধন ক্ষেত্ৰখনৰ সৈতে জড়িত ৰাইজক চৰকাৰীভাৱে প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত আমাৰ চৰকাৰখনে যথেষ্ট গুৰুত্ব দিছে বুলি ব্যক্ত কৰে। এই দিশটোলৈ লক্ষ্য ৰাখিয়েই ৷ বৈঠকত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বিষয়াসকলক অসমৰ দুগ্ধ, মাংস আৰু কণীৰ বাণিজ্যিক দিশটোৰ বিকাশ তথা প্ৰসাৰত মনোনিৱেশ কৰিবলৈ নিৰ্দেশ দিয়ে। পশুপালনৰ লগত জড়িত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ আত্মসহায়ক গোটসমূহক বিভাগীয় সা-সুবিধা প্ৰদান কৰি অধিক মুনাফা লাভৰ পথ দেখুওৱা প্ৰসংগক লৈও আলোচনা কৰে ৷ বৈঠকত বিভাগীয় বিষয়াসকলক ভিন্ন প্ৰান্তত ধানৰ মিল, মিনি ক'ল্ড ষ্ট'ৰেজ স্থাপনৰ লগতে পশুপালন আৰু পশুধন ক্ষেত্ৰত ব্যক্তিগত বিনিয়োগ অধিক সম্প্ৰসাৰণত গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে। বৈঠকত উপস্থিত আছিল পশুপালন আৰু পশু চিকিৎসা বিভাগৰ আয়ুক্ত তথা সচিব শ্ৰী শ্যাম জগন্নাথন, সচিব শ্ৰী ৰবিনছন মুছাহাৰীৰ লগতে বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকল।






29 July, 2020 অসম চৰকাৰৰ 'ৰাজ্যিক স্বঅগ্ৰাধিকাৰ উন্নয়ন পুঁজি'ৰ অধীনত গড়মূৰত অৱস্থিত জলসম্পদ বিভাগৰ নৱনির্মিত অতিথি আৱাস গৃহ আৰু মাজুলী জলসম্পদ সংমণ্ডল কাৰ্যালয় চৌহদৰ নৱনির্মিত ভৱনৰ শুভ উদ্বোধন কৰে। মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে গৃহ সমষ্টি মাজুলীত । একেটা অনুষ্ঠানত তেখেতে 'মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা'ৰ অধীনত হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে ট্ৰেক্টৰ প্ৰদান কৰে আৰু শিপিনীসকলৰ মাজত তাঁতশাল বিতৰণ কৰে। অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী শ্ৰী কেশৱ মহন্ত, সাংসদ শ্ৰী প্ৰদান বৰুৱা, বিধায়ক শ্ৰী বিমল বৰা আৰু বিষয়ববীয়া উপস্থিত থাকে।







29 July, 2020 লখিমপুৰৰ ঢকুৱাখনা মহাবিদ্যালয়ৰ সমীপৰ চাৰিকড়ীয়া নৈৰ মথাউৰি, মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে পৰিদর্শন কৰি শেহতীয়া পৰিস্থিতিৰ বুজ লয়।




29 July, 2020 বানপানীৰ শেহতীয়া স্থিতি ৰাজ্যত Assam Floods 2020


29 July, 2020 আজি NABARD-এ আয়োজন কৰা NABARDৰ ৩৯সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি জনতা ভৱনত "ক'ভিড-১৯ৰ পিছৰ অসমৰ অৰ্থব্যৱস্থা" শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভিডিঅ' আলোচনা-চক্ৰত অংশ গ্ৰহণ কৰে মাননীয় কৃষি মন্ত্রী অতুল বৰা ই ৷ শেহতীয়াকৈ ক'ভিড-১৯, বানৰ ফলত অসমৰ কৃষি খণ্ড যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে ৷ এনে পৰিস্থিতিত কৃষি অৰ্থনীতি টনকিয়াল কৰিবলৈ বিত্তীয় প্ৰতিষ্ঠানসমূহৰ আৰ্থিক সহায় অপৰিহাৰ্য ৷ এনে পৰিস্থিতিত NABARDৰ লগতে অন্যান্য বিত্তীয় প্ৰতিষ্ঠানসমূহক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনাই ৷ লগতে কৃষকক ঋণ প্ৰদান প্ৰক্ৰিয়া সৰলীকৰণ, বিত্তীয় সাহায্য প্ৰদানৰ ক্ষেত্ৰত থকা বিভিন্ন প্ৰতিবন্ধকতা আঁতৰ কৰাৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিয়ে ৷ অসমৰ কৃষি আৰু আনুষংগিক ক্ষেত্ৰক বিশেষভাৱে গুৰুত্ব দিবলৈ NABARDৰ বিষয়াসকলক আহ্বান জনাই ৷ আলোচনা চক্ৰত অসমৰ কেইবাটাও আত্মসহায়ক গোট, এন জি অ', NABARDৰ পৰা কৃষি ঋণ লৈ উপকৃত হোৱা অসমৰ কেইবাখনো জিলাৰ আদৰ্শ কৃষকৰ সৈতেও মত বিনিময় কৰে ৷ আলোচনা-চক্ৰত আছিল মুম্বাইৰ পৰা NABARDৰ পৰিচালন উপ-সঞ্চালক, যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অসম চৰকাৰৰ সমবায় সমিতিসমূহৰ পঞ্জীয়ক শ্ৰী ললিত গগৈ, NABARDৰ গুৱাহাটী চি জে এমৰ লগতে আন কেইবাগৰাকী বিষয়া৷





29 July, 2020 লখিমপুৰৰ হেকেৰাজান অঞ্চলত সোৱণশিৰি নৈৰ গৰাখহনীয়া পৰিদর্শন কৰে মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে আৰু সামগ্ৰিক পৰিস্থিতিৰ বুজ লয়। মেৰামতিৰ লগতে যাৱতীয় সকলো কাম ক্ষিপ্ৰ আৰু নিয়মিতভাৱে তদাৰক কৰিবলৈ বিষয়াবৰ্গক মাননীয় মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। পৰিদর্শনস্থলীত অসম চৰকাৰৰ মন্ত্ৰীদ্বয় শ্ৰী কেশৱ মহন্ত, শ্ৰী নৱ কুমাৰ দলে আৰু সাংসদ শ্ৰী প্ৰদান বৰুৱা উপস্থিত থাকে।





নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।