Thursday, 23 July 2020

23 July, 2020 কামৰূপ জিলাৰ ৰঙিয়াত পুঠিমাৰী নৈৰ বানত ক্ষতিগ্ৰস্ত শ'লমাৰী অঞ্চল আজি মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে পৰিদর্শন কৰে আৰু বানৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লয়। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে ৰঙিয়াৰ টি টি কলেজত স্থাপন কৰা সাহায্য শিবিৰলৈ গৈ বানাক্ৰান্তসকলৰ সৈতে মত-বিনিময় কৰে আৰু তেওঁলোকে লাভ কৰা সাহায্যৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে বগৰীবাৰীত পুঠিমাৰী নৈৰ ভঙা অংশ তৎকালে মেৰামতি কৰিবলৈ জলসম্পদ বিভাগক নিৰ্দেশ দিয়া হৈছে বুলি উল্লেখ কৰি ইয়াৰ বাবে ইতিমধ্যে পুঁজি মুকলি কৰি দিয়া বুলিও জনায়। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে বানপানীয়ে ক্ষতিসাধন কৰা দৰঙৰ জনাৰাম চৌকা, শাকতোলা আদি অঞ্চল পৰিদর্শন কৰে। শাকতোলা আৰু ননৈ নৈৰ মথাউৰি ভঙাৰ ফলত সৃষ্টি হোৱা বান আৰু গৰাখহনীয়াৰ বুজ লয়। সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত হোৱা মথাউৰিসমূহ শীঘ্ৰে নিৰ্মাণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জলসম্পদ বিভাগক নিৰ্দেশ প্ৰদান কৰে। মহৰ্ষি বিদ্যা মন্দিৰত স্থাপন কৰা এটা আশ্ৰয় শিবিৰলৈ গৈ মুখ্যমন্ত্ৰীয়ে তাত আশ্ৰয় লৈ থকা লোকসকলৰ সৈতে মত-বিনিময় কৰে।









23 July, 2020 বন্য জীৱ জন্তু বানপানীৰ পৰা পৰিত্ৰাণ বিচাৰি আৱাসিক এলেকালৈ ওলাই আহিলে দায়িত্বশীল হওক। পোনে পোনে বন বিভাগৰ সৈতে যোগাযোগ কৰক।


23 July, 2020 বানপানীৰ শেহতীয়া স্থিতি ৰাজ্যত


23 July, 2020 ২০১৯-২০২০ বর্ষৰ বাৰ্ষিক সাহায্য অনুদান বিতৰণ কৰে আজি মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে অসম অলিম্পিক সন্থাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত জিলা ক্ৰীড়া সন্থা আৰু ৰাজ্যিক ক্ৰীড়া সন্থা সমূহলৈ। আজি ৰাজ্যৰ ২৫ খন জিলা ক্ৰীড়া সন্থাৰ প্ৰত্যেকলৈ ৩৪,৮০০ টকাকৈ আৰু ২৯ খন ৰাজ্যিক ক্ৰীড়া সন্থাৰ প্ৰত্যেকলৈ ৭২,৭৫২ টকাকৈ অনুদান আগবঢ়াই।




23 July, 2020 Notification on inter district transportation today issued by ASDMA


নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।