Wednesday, 15 July 2020
Tuesday, 14 July 2020
Monday, 13 July 2020
13 July, 2020 ডিব্ৰুগড় জিলাৰ উপায়ুক্তৰ সভাকক্ষত আয়োজিত এক বৈঠকত মিলিত হয় আজি মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱাল জলসম্পদ বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী কেশৱ মহন্তৰ সৈতে , ডিব্রুগড় আৰু তিনিচুকীয়া জিলাত জলসম্পদ বিভাগে হাতত লোৱা বিভিন্ন কাম-কাজৰ পৰ্যালোচনা কৰাৰ লগতে জিলা দুখনৰ ক'ভিড-১৯ পৰিস্থিতিৰো বুজ লয়। ৰাজ্যৰ বান-গৰাখহনীয়া সমস্যাৰ বিশ্লেষণাত্মক অধ্যয়ন কৰি এই সমস্যাৰ ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিব পৰাকৈ এক গৱেষণা আৰু উন্নয়ন কোষ গঠন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জলসম্পদ বিভাগক নিৰ্দেশ প্ৰদান কৰে। খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে গ্ৰহণ কৰা পাৰ্কুপাইন প্ৰযুক্তিত কিছু নতুনত্ব অনাৰ বাবে এই প্ৰযুক্তিৰ পুনৰীক্ষণৰ উদ্দেশ্যে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ সহায় ল'বলৈও মুখ্যমন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগক আহ্বান জনায়।
13 July, 2020 বোকাখাত মহকুমা প্ৰশাসনৰ। ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত লঘু বাহনৰ চলাচল বন্ধৰ নিৰ্দেশ। বছৰৰ দ্বিতীয়টো বানপানীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংলগ্ন ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথটি কেইবাটাও ঠাইত জলমগ্ন হোৱাৰ বাবে যান-বাহনৰ চলাচলত তীব্ৰ অসুবিধাৰ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত বোকাখাত মহকুমা প্ৰশাসনে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত সৰু যান বাহনৰ চলাচল বন্ধৰ নিৰ্দেশ দিছে।
13 July, 2020 ডিব্ৰুগড় জিলাৰ ৰহমৰীয়াত মাননীয় মুখ্যমন্ত্রী শ্ৰী যুত সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী, সতীৰ্থ মন্ত্ৰী শ্ৰী কেশৱ মহন্ত, বিধায়ক শ্ৰী ঋতুপৰ্ণ বৰুৱা আৰু বিষয়াবৰ্গৰ সৈতে গৰাখহনীয়াত ক্ষতিগ্ৰস্ত অংশসমূহ পৰিদর্শন কৰি অঞ্চলটোৰ সামগ্ৰিক অৱস্থাৰ বুজ লয়। ক্ষিপ্ৰতাৰে যাৱতীয় মেৰামতিৰ কাম সম্পূৰ্ণ কৰাৰ লগতে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা ল'বলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। গৰাখহনীয়া নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আমাৰ চৰকাৰে সকলো প্ৰচেষ্টাই গ্ৰহণ কৰিছে। এই ৰহমৰীয়া অঞ্চলৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে সৰ্বমুঠ ২৫ কোটি টকাৰ তিনিখন নতুন আঁচনি ৰূপায়ণ কৰা হ'ব বুলি মত প্ৰকাশ কৰে। লগতে, বান আৰু গৰাখহনীয়াত ভূমিহীন আৰু গৃহহীন হোৱা লোকসকলৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰপৰা অচিৰেই এক পুনৰ সংস্থাপন নীতি গ্ৰহণ কৰা হ'ব বুলি মাননীয় মুখ্যমন্ত্রীয়ে মত প্ৰকাশ কৰে।
Subscribe to:
Posts (Atom)
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...





























